নৰাই শৰ্ম্মাৰ ধন আৰু নোলাল। চোৰ কোন খিনি
পালেগৈ কোনে জানে ! নৰাইৰ এতিয়া সকলোৰে ওপৰত
খং। বাবাজীক লগ পোৱাৰ পাচত তেওঁৰ চেনিৰামৰ ওপৰত
উঠা খং মাৰ গৈছিল, বৰং কৃতজ্ঞতাৰ ভাব হে জন্মিছিল।
এতিয়া সি ওলোটা হৈ পৰিল। তেওঁ ভাবিলে,— ‘এই
চেনিৰামেই মোৰ সৰ্ব্বনাশৰ গুৰি। সি যদি সেই দিনা পুৱা।
মোৰ ঘৰলৈ আহিলহেতেন, মই কেতিযাও ওলাই নগলোঁ-
হেতেন, তেতিয়া বাবাজীয়ে মোৰ ধন-সোণ চুৰ কৰিবলৈ চল
নাপালেহেতেন! এই চেনিৰামকেই কিবা এটা কৰিব
লাগিব।”
কিন্তু কৰিব কি! বহুত ভাবি-চিন্তি তেওঁ চেনিৰামৰ ঘৰ
পালেগৈ। চেনিৰামক মাতি ক’লে,—“মোৰ টকাৰ দৰকাৰ
হৈছে, মোৰ টকাকেইটা দে।”
চেনি।—দে বুলিলেই ক’ব পৰা দিম। বিচাৰি-খোচাৰি
পালেহে দিব পাৰিম।
নৰাই।—মই সেইবোৰ নাজানে।। অাজি নহলেও
কাইলৈ মোক লাগেই। আজিলৈকে দুবছৰ পাঁচ মাহৰ সুত
১৮% অনা আৰু মূলৰ একুৰি গোটেইখিনি লাগে।
চেনি —টকা দিওঁতেই দেখোন আপুনি সুত নালাগে বুলি