খঙত একো নাই হৈ চেনিৰাম আৰু পণ্ডিতক শাও দি
দি নৰাই অাহি চৰকাৰী অালিত উঠিল। এনেতে তেওঁ আলিয়ে
আলিয়ে আহি থকা বাবাজী এজন দেখা পালে। বাবাজীৰ
দাঢ়ি-গোঁফ দীঘল, চুলি জঁট বন্ধা, গাত লেংটিডালৰ বাহিৰে
আন কাপোৰ-কানি একো নাই । হাতত এডাল চিমটা,
কান্ধত সৰু জোলোঙা এখন ।
নিলগতে বাবাজীক দেখা পাই নৰাইৰ খঙে শাম
কাটিলে। তেওঁৰ মনত পৰিল, এনেকুৱা এজন বাবাজীয়েই
হেনো তাহানি শূলপাণি শৰ্ম্মাক পোতা পুখুৰীৰ পৰা এনাও
ধন উলিয়াই দিছিল । তেতিয়াৰে পৰা শূলপাণিৰ ঘৰ ধনী
মানুহ । এতিয়া এই বাবাজীক সন্তুষ্ট কৰিব পাৰিলে কিজানিব৷
তেওঁৰো কপাল ফুলে। তেওঁ এনেকৈ ভাবি থাকোঁতেই
বাবাজী অাহি তেওঁৰ ওচৰ পালে । নৰায়ে ততালিকে
বাবাজীক আঠু কাঢ়ি সেৱা কৰিলে । বাবাজী সন্তুষ্ট হ’ল
অাৰু আশীৰ্ব্বাদ দি খাব খুজিলে
নৰায়ে সুধিলে —“আপুনি কলৈ যাব?” :
বাবা। কহাঁ জাউগা, উসকা পতা নহীং হৈ ।
নৰাই। আহিছে ক’ৰ পৰা?
পৃষ্ঠা:অদৃষ্ট.pdf/৪১
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে