ৰাই অানিলে। ঠিক এনে সময়েতে এই ফালৰ পৰা এজন
মানুহ যাওক। তেওঁ ছোৱালীজনীক কেনোবা গুণ্ডাই বলেৰে
নিবলৈ ধৰিছে বুলিয়েই নে কি দিলে সৌকাৰ লাখুটিৰে মাৰ
শোধাই। ই তেতিয়াই বাগৰ খাই পৰি সটং জুৰিলে।
ঘৈণীয়েকে তেতিয়া কান্দি কান্দি মানুহ মাতিবলৈ ধৰিলে।
চিঞৰ শুনি মই লৰ মাৰি গলোঁ, আৰু তিনিজন মানুহো
অাহি পালে। আমি যোৱা দেখিয়েই বাটৰুৱাজন কেনিবা
পলাল। আমি মানুহটো মৰিল বুলি জানিছিলোঁ। ঘটনাটোৰ
কথা ঘৈণীয়েকৰ পৰা শুনি আমি বাটৰুৱাজনক বিচাৰিবলৈ
অাৰু থানাত জনাবলৈ কাৰবাৰ কৰিলোঁ। এনেতে দেখোন
সি কাণমূৰ লৰাই চকু মেলিলে আৰু লাহে লাহে উঠি বহিল।
অামি সুধিলত সি ক’লে যে মাৰ খোৱাৰ পাচত কি হৈছিল
সি ক’ব নোৱাৰে। অলপ সময়ৰ পাচত সি সম্পূৰ্ণ সুস্থ হ’ল
অাৰু ঘৈণীয়েকেৰে সৈতে ঘৰলৈ গ’ল। কথাটোত কিবা
ৰহস্য থকা যেন লগাত পিচ দিনা তাক মই অকলৈ পাই
সুধিলোঁ। সি ক’লে সি হেনো বেচি দুখ পোৱা নাছিল,
ঘৈণীয়েকক ভয় খুৱাবলৈ হে মৰা ভাও জুৰিছিল।”
ঘটনাটো শুনি সকলোৱে হাঁহিলে আৰু বুধুৰ বুদ্ধিটোৰ
প্ৰশংসা কৰিলে। বলো আৰু হৰই দয়াৰামৰ হত্যাকাণ্ডৰ
আচল তথ্যটো পাই আনন্দ পালে। তেওঁলোকৰ এটা ডাঙৰ
চিন্তা আঁতৰ হ’ল। দুয়ো দোকানৰ পৰা ওলাই গন্তব্য স্থানলৈ
খোঁজ ল’লে।
পৃষ্ঠা:অদৃষ্ট.pdf/৯৮
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে