অভিপ্ৰায় সকলোকে জনালে। দোকানীয়ে বৰ ভাল পালে।
তেওঁ ক’লে,—“মই এতিয়াই সকলো যোগাৰ কৰিম, কিন্তু
কন্যাদানৰ ভোজটো হ’লে ভালকৈ খুৱাব লাগিব।
বলো —সেইটো তুমি ক’বই নালাগে।
দোকানীযে দয়াক গা ধুবলৈ দিলে আৰু নিজৰ কাপোৰ-
কানি দি দৰা সজালে। বিয়াঘৰীয়া লৰা-ডেকাৰ দলটোও
তেওঁ মতাই আনিলে অাৰু সকলো কথা ভাঙি-পাতি কৈ
তেওঁলোকক বৰযাত্ৰী কৰিলে। কেইটামান লৰাই দুটা ঢোল
আৰু দুজোৰ তালো বিচাৰি আনিলে। এই গোটেইখিনি
কাম প্ৰায় পোন্ধৰ মিনিটৰ ভিতৰত হৈ উঠিল।
আযোজন সম্পূৰ্ণ হ’লত দয়াৰামক লৈ সকলোটি সমদলে
কন্যা ঘৰলৈ আগ বাঢ়িল।
“দৰা আহিল, “দৰা আহিল” বুলি কন্যা-ঘৰত হুল-স্থুল লাগিল। দৰা গৈ কলৰ তলত ৰ’ল; হালি আগ বঢ়াবলৈ
আহিল। দৰাক দেখা পাই হালিৰ বিষম খং উঠিল। তেওঁ
ক’লে,-“আকৌ মান-মৰাণৰ দিন হ’ল নেকি? দিন-ডকাইতি
কৰিবলৈ আহিছা। তোমালোক ভালে ভালে ইয়াৰ পৰা
গুচি যোৱাঁ।”
বলো।— আমি গুচি যাবলৈ অহা নাই। তুমি ধনৰ
লোভত, সম্পত্তিৰ লোভত মৰা মানুহক ছোৱালীজনী দিব
খুজিলেই আমিও দিম নে! সেইটো বাৰু নকৱেঁই, দৰা
নাহিলেও অামি ছোৱালীজনী দি আহিবগৈ লাগিব নে!
পৃষ্ঠা:অদৃষ্ট.pdf/১১৪
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১২
অদৃষ্ট
