ধৰি টনা আজোৰা লগাইছে । মানুহজনী মাটিত বহি যোৱাত
মাহটোৱে চোঁচোৰাই আনিছে । মানুহটো ক’লা, অসমীয়া
যেন নেদেখি। তিৰুতাজনী যে অসমীয়া তাক সাজ-পাৰ আৰু
চেহেৰা দেখিলেই বুজা যায় । অস্পষ্ট আলোকত সিহঁতক
দেখি দয়াৰামে ভাবিলে নিশ্চয় এইটো বঙাল, ই অসমীয়া
তিৰোতাজনীক অকলৈ পাই বলেৰে ধৰি নিব খুজিছে । তেওঁ
অলপো নৰৈ ওচৰ চাপি গ’ল আৰু মানুহটোক ক’লে,-“ তই
মানুহজনী টানিছ কেলৈ ? এৰি দে।”
মানুহ৷ নিদিওঁ, তই কি কৰিবি ?
দয়া । এৰ বুলিছোঁ ভালে ভালে ।
মানুহ । নেৰোঁ, তই কি কৰিবি ! এইজনী তোৰ মাৰ
নে ঘৈণীয়েৰ !
“কি ? নেৰ ? "-এই বুলিয়েই, দয়াৰামে মানুহটোৰ
তপিনাতে এটা মাৰ শোধাই দিলে । মানুহটো বাগৰ খাই
পৰিল আৰু অলপ সময় হাত-ভৰি আছাৰি সটং জুৰিলে ।
মানুহজনীযে তাক তুলিবলৈ যত্ন কৰিলে, কিন্তু নোৱাৰিলে । দযাৰামে আলি খাৱৈৰ পৰা কচুপাতেৰে পানী আনি মূৰত দিলে, কিন্তু তাৰ পৰা একো ফল নহ’ল । মানুহটোৰ চকু ঢেল খালে , হাত-ভৰি ঠৰঙা হৈ আহিল। তেতিয়া মানুহ- জনীয়ে “ঔ তেনেয়ে মাৰিলে ঔ !” বুলি চিঞৰি কান্দিবলৈ ধৰিলে । তাইৰ কান্দোন শুনি কেইটামান মানুহ সেই ফাললৈ লৰি আহিল। । দয়াৰামে প্ৰমাদ গণিলে। তেওঁ হতবুদ্ধি