কিন্তু মনেপিঠিয়ে অটা ছোৱালীজনী হ’লে ভাল হয়। সেই
হে তোমাক ধৰিছোঁ। নহলে অান ছোৱালী যাচিবই লাগিছে।
তুমি যদি মোৰ কথা-মতে বন্দবন্ত কৰি দিব পাৰা, তোমাকো
দুকুৰি টকা দিবলৈ গাত ললোঁ।
nbsp; তেতিয়া মদনক বিদায় দি হালি বৌৱেকৰ ওচৰলৈ আহিল
আৰু বৌৱেকক মাতি ক’লে,—“বৌ! এইখন কৰিছা কি?
বহাগৰ একুৰি চাৰি দিন যোৱাত বিয়া বুলি কৈছিলা। আজি
কুৰি দিন। ক’তা? দেখোন একো উম-ঘামেই নাই। দয়া-
ৰামকো আজি বহুত দিন দেখাই নাই। তুমি একো নোকোৱা
দেখি ইমান দিন নোসোধোঁ বুলিয়েই আছিলোঁ। পিচে
দেখিছো ধাৰে মাৰিলেও কাটে, গাদিয়ে মাৰিলেও কাটে।
ককাই নাই যেতিয়া তোমালোকৰ ভাল-বেয়াৰ বাবে মানুহে
মোকেই দায়ী কৰিব; সেই দেখি সুধিবলৈ আহিছোঁ। বিয়াৰ
কি হ’ল? ”
nbsp; সুভদ্ৰাই চকু-লো মচি ক’লে, —“একো নাই হোৱা।”
nbsp; “হালি।—দয়াৰাম গ’ল কলৈ? তাক দেখোন চকুৰেও
দেখা নাই৷
nbsp; সুভদ্ৰা।—ক’বই নোৱাৰোঁ ক’লৈ গ’ল, বিহুৰ আগতে
ভিনীহিয়েকৰ ঘৰলৈ গৈছিল কিবা-কিবি বিয়াৰ সমল
গোটাবলৈ। এতিয়া ক’লৈ গল, কি হ’ল একো নাজানো।
nbsp; হালি৷ —মই বুজিছোঁ, তাক চপনীয়া চাপিবলৈ ভিনী-
হিয়েকে হাক দিলে। সেই দেখি সি তাপ মাৰিলে। সি যি
পৃষ্ঠা:অদৃষ্ট.pdf/৮২
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮
অদৃষ্ট