হৰ।—মোৰ লগতো জনা-শুনা আছে। তেওঁৰ পৰিবাৰ
আমাৰ তাৰহে।
বলো।—তেন্তে ভালেই। তেওঁৰ তালৈ গৈ সকলো কথা
বুজি লওঁগৈ। তেওঁ উকীলৰ মহৰী যেতিয়া সকলো কথাৰ
চাগৈ গম পায়। কি কৰিব লাগে তেৱেঁই ক’ব পাৰিব।
হৰ।—সেই বাবে লাগিলে দুই চাৰি টকা খৰচো কৰিব
পাৰোঁ।
তেতিয়া দুয়ো সূৰ্য্য বৰাৰ ঘৰলৈ গ’ল আৰু বাটত শুনা
কথাৰ বিষয়ে কি জানে সুধিলে। সূৰ্য্যই ক’লে,—“ময়ো
শুনিছোঁ হে, নিজে তাৰ গম লোৱা নাই। ক’ৰ মানুহ, কি
কথা একো নাজানো।”
তেতিয়া বলো আৰু হৰই কথাটো ভালকৈ বুজি আহিবলৈ
সূৰ্য্যক ধৰিলে, সূৰ্য্যও সন্মত হ’ল।
সূৰ্য্য থানালৈ গ’ল আৰু দাৰোগাৰ ওচৰত ঘটনাটোৰ
সম্ভেদ ল’লে। উকীলৰ মহৰীৰ লগত দাৰোগা-চিপাহীৰ
প্ৰায়ে চিনা-পৰিচয় থাকে। সেই কাৰণে তেওঁ সহজে জানিব-
লগীয়া সকলো কথা জানিব পাৰিলে। সকলো কথা বুজি লৈ
সূৰ্য্য ঘূৰি আহি ক’লে,—“হয়, সেইটো ভগী পণ্ডিতৰ পুতেক
দয়াৰাম।”
হৰ৷-অচল ঘটনাটো কি ?
সূৰ্য্যই নৰাই শৰ্ম্মাই বাবাজীক লগ পোৱাৰে পৰা সকলো
ঘটনাৰ বৰ্ণনা দি ক’লে—“সেই চোৰ বাবাজী বুলিয়েই তাক
পৃষ্ঠা:অদৃষ্ট.pdf/১০৩
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে