কৰাবৰে পৰা দেখোন ভায়েৰৰ মতি-গতি বদলি গৈছে ।
আগেয়ে তেও যেন তেন আছিল, মাৰ মৰাৰ পৰা তহঁতক
ক’ৰবাৰ কোনোবা বুলিহে ভাবে । এনেকৈ পেটত কপট ৰাখি
লগ হৈ থকাতকৈ আমি দেখাত বেলেগ হোৱাই ভাল ।
সিহঁতৰ জানো লৰা-ছোৱালী নহ’ব । তেতিয়া সেকাটো পাব
জালিৰ বেলেগ হ’বৰ ইচ্ছা নাছিল। সেই বাবে ভায়েকক
বুজাই-বৰাই ৰাখিবলৈ চেষ্টা কৰিছিল। কিন্তু ভায়েক-বোৱা-
ৰীয়েকহঁতৰ ব্যৱহাৰে দিনে দিনে বেচিকৈহে তিতা লগাবলৈ
ধৰিলে । শেহত অান উপায় নেদেখি এদিন তেওঁ ৰাইজ
গোটাই বয়-বস্তু মাটি-বাৰী সকলো ভাগ বাটি লৈ ভায়েকক
বেলেগাই দিলে । সুমথিৰাই আনন্দ পালে ; তেওঁৰ মূৰৰ
কামোৰ, পেটৰ বিষ আদিও নাইকিয়া হ’ল ।
বেলেগ হোৱাৰ পৰা প্ৰথমতে জালিৰ কিছু অসুবিধা
হৈছিল, কিন্তু লাহে লাহে সেই অসুবিধা আঁতৰি গ’ল ।
এফালে যেনেকৈ তেওঁৰ সন্তানৰ সংখ্যা বাঢ়িল, আনফালে
তেনেকৈয়ে ডাঙৰকেইটাই সৰুকেইটাক চাব পৰা হ’ল ; নানা
কামত বাপেক-মাকৰ সহায় হৈ আহিল ।
হালিৰ কিন্তু ওলোটা হ’ল । নিঃসন্তান থাকেঁতে তেওঁ
একোলৈকে কেৰেপ নকৰিছিল, এতিয়া সন্তান হোৱাৰ লগে
লগে সকলো অসুবিধাই দেখা দিলে। কেচুৱা এৰি সুমথিৰাই
পথাৰত কাম কৰিব নোৱৰাত পৰিল, ভূঁই কবলৈ ৰোৱণী
পৃষ্ঠা:অদৃষ্ট.pdf/১৮
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে