সমললৈ যাওক

পৃষ্ঠা:অদৃষ্ট.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰাবৰে পৰা দেখোন ভায়েৰৰ মতি-গতি বদলি গৈছে। আগেয়ে তেও যেন তেন আছিল, মাৰ মৰাৰ পৰা তহঁতক ক’ৰবাৰ কোনোবা বুলিহে ভাবে। এনেকৈ পেটত কপট ৰাখি লগ হৈ থকাতকৈ আমি দেখাত বেলেগ হোৱাই ভাল। সিহঁতৰ জানো লৰা-ছোৱালী নহ’ব। তেতিয়া সেকাটো পাব নহয়”।

 জালিৰ বেলেগ হ’বৰ ইচ্ছা নাছিল। সেই বাবে ভায়েকক বুজাই-বৰাই ৰাখিবলৈ চেষ্টা কৰিছিল। কিন্তু ভায়েক-বোৱাৰীয়েকহঁতৰ ব্যৱহাৰে দিনে দিনে বেচিকৈহে তিতা লগাবলৈ ধৰিলে। শেহত আন উপায় নেদেখি এদিন তেওঁ ৰাইজ গোটাই বয়-বস্তু মাটি-বাৰী সকলো ভাগ বাটি লৈ ভায়েকক বেলেগাই দিলে। সুমথিৰাই আনন্দ পালে; তেওঁৰ মূৰৰ কামোৰ, পেটৰ বিষ আদিও নাইকিয়া হ’ল।

 বেলেগ হোৱাৰ পৰা প্ৰথমতে জালিৰ কিছু অসুবিধা হৈছিল, কিন্তু লাহে লাহে সেই অসুবিধা আঁতৰি গ’ল। এফালে যেনেকৈ তেওঁৰ সন্তানৰ সংখ্যা বাঢ়িল, আনফালে তেনেকৈয়ে ডাঙৰকেইটাই সৰুকেইটাক চাব পৰা হ’ল; নানা কামত বাপেক-মাকৰ সহায় হৈ আহিল।

 হালিৰ কিন্তু ওলোটা হ’ল। নিঃসন্তান থাকেঁতে তেওঁ একোলৈকে কেৰেপ নকৰিছিল, এতিয়া সন্তান হোৱাৰ লগে লগে সকলো অসুবিধাই দেখা দিলে। কেচুৱা এৰি সুমথিৰাই পথাৰত কাম কৰিব নোৱৰাত পৰিল, ভূঁই ৰুবলৈ ৰোৱণী