কিজানি কিবা হকা-বধাকে কৰে! কিজানি তেওঁলোকৰ মত নাপায়েই অহা নাই!
তেওঁলোকে এনেদৰে চিন্তা কৰি থাকোতেই হঠাৎ কোনোবাই দুৱাৰত খুন্দিয়ালে।
সুভদ্ৰাই সুধিলে, —“কোন? ”
বাহিৰৰ পৰা উত্তৰ আহিল,—“আই, মই হে। মই
দয়াৰাম। দুৱাৰখন মেলি দিয়ক।”
সুভদ্ৰা শোৱাৰ পৰা উঠিল, তুঁহ-জুই ফুৱাই চাকিটো লগালে। তাৰ পাচত লাহে লাহে দুৱাৰখন মেলি দিলে। দুৱাৰ মেলি যি দৃশ্য দেখিলে তাক তেওঁ সমূলি আশা নাছিল। তেওঁ দেখিলে দীঘল ডাঢ়ি-গোফ আৰু মুৰেৰে গেৰুৱা কাপোৰ পিন্ধা এজন বাবাজী, তেওঁৰ হাতত এডাল ত্ৰিশূল। সুভদ্ৰো ভয়ত পিচ হুঁহকি গ’ল। সুভদ্ৰাক ভয় খোৱা দেখি বাবাজীয়ে ক’লে,—“আই ভয় নাখাব হাই-উৰুমিও নকৰিব, মই দয়াৰাম।”
এনেকৈ কৈয়েই বাবাজী সোমাই গ’ল আৰু ডাঢ়ি-চুলি সোলোকাই পেলালে! সুভদ্ৰাই দেখিলে,—দয়াৰামেই হয়। তেওঁ সুধিলে,—“এইটো আকৌ কি ভেশ?”
দয়া। আই! এটা বৰ ডাঙৰ ঘটনা হৈছে। সেইবোৰ পিচত ক’ম। মোক বৰ ভোক লাগিছে। আছে যদি ভাত কেইটামান দিয়ক।
সুভদ্ৰা। ভাত আছে, কৰ্কৰাহে হ’ল! হওঁতে ৰন্ধা