কিজানি কিবা হকা-বধাকে কৰে ! কিজানি তেওঁলোকৰ মত
নাপায়েই অহা নাই!
তেওঁলোকে এনেদৰে চিন্তা কৰি থাকোতেই হঠাৎ কোনো-
বাই দুৱাৰত খুন্দিয়ালে ।
সুভদ্ৰাই সুধিলে, —“কোন ? ”
বাহিৰৰ পৰা উত্তৰ আহিল,—“আই, মই হে । মই
দয়াৰাম । দুৱাৰখন মেলি দিয়ক ।”
সুভদ্ৰা শোৱাৰ পৰা উঠিল, তুঁহ-জুই ফুৱাই চাকিটো
লগালে । তাৰ পাচত লাহে লাহে দুৱাৰখন মেলি দিলে ।
দুৱাৰ মেলি যি দৃশ্য দেখিলে তাক তেওঁ সমূলি আশা
নাছিল। তেওঁ দেখিলে দীঘল ডাঢ়ি-গোফ আৰু
মুৰেৰে গেৰুৱা কাপোৰ পিন্ধা এজন বাবাজী, তেওঁৰ হাতত
এডাল ত্ৰিশূল । সুভদ্ৰো ভয়ত পিচ হুঁহকি গ’ল ।
ভয় খোৱা দেখি বাবাজীয়ে ক’লে,-“আই ভয় নাখাব
হাই-উৰুমিও নকৰিব, মই দয়াৰাম ।”
এনেকৈ কৈয়েই বাবাজী সোমাই গ’ল আৰু ডাঢ়ি-চুলি
সোলোকাই পেলালে ! সুভদ্ৰাই দেখিলে,-দয়াৰামেই হয় ।
তেওঁ সুধিলে,—“এইটো আকৌ কি ভেশ ? ”
দয়া । আই ! এটা বৰ ডাঙৰ ঘটনা হৈছে । সেইবোৰ
পিচত ক’ম । মোক বৰ ভোক লাগিছে । অাছে যদি ভাত
কেইটামান দিয়ক ।
সুভদ্ৰা । ভাত আছে, কৰ্কৰাহে হ’ল ! হওঁতে ৰন্ধা
পৃষ্ঠা:অদৃষ্ট.pdf/২৬
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
