যদিও পিচত সকলো গ’ল, তেওঁৰ ভঁৰালত আগৰে অলপ ধান
আছিল, বাৰীত শাক-পাচলি আছিল, আৰু হেনো বাপেকৰ
দিনৰে সাঁচি থোৱা টকাও গোটাচেৰেক আছিল। সেই বোৰ-
ৰেই এই কেইমাহ খাইছিল।
দাৰোগাই অাৰু একো নুসুধিলে। সুভদ্ৰাৰ জবানবন্দী
লিখি লৈ চিপাহী দুটাৰে গুচি গ’ল। পুলিচ গ’লত মানুহ-
বিলাকে নানা কল্পনা-জল্পনা কৰিবলৈ ধৰিলে। দয়াৰামে যে
কিবা এটা ডাঙৰ অপৰাধ কৰিছে তাত সকলোৰে বিশ্বাস
জন্মিল। দাৰোগাৰ লগত দয়াৰামহঁতৰ গাৱঁৰ গাওঁবুঢ়াও
আহিছিল। ঘটনাটো কি তেওঁক সকলোৱে সুধিবলৈ ধৰিলে।
গাওঁবুঢ়াই ক’লে,--“মই একো নাজানো৷ এওঁলোক গৈ
গাৱঁৰ মানুহক দয়াৰামৰ বিষয়ে সুধিছিল। মানুহবিলাকেও
সঁচা কথা যি জানে কৈছিল। কথাৰ মাজতে দয়াৰাম যে
ইয়াত চপনীয়া চপাৰ কথা আছিল তাকে কোনোৱে কোনোৱে
কৈছিল, তাকে শুনি তেওঁলোক ইয়ালৈ আহিব খুজিলে
অাৰু ঘৰখন দেখুৱাই দিবলৈ মোক লৈ আহিল।”
গঞা।—দয়াৰামক কিয় বিচাৰিছে কোৱা নাই নে?
গাওঁবুঢ়া।–নাই। মই সুধিলত ক’লে বোলে তোমাক
সেইবোৰ কথা নালাগে।
মানুহবিলাক গ’লত সুভদ্ৰাই আকাশ-পাতাল ভাবিবলৈ
ধৰিলে। দয়াৰামৰ বিৰুদ্ধে যে পুলিচে প্ৰমাণ পাইছে
বিশ্বাস তেওঁৰ মনত বদ্ধমুল হ’ল। ইয়াৰ অলপ পাচতে
পৃষ্ঠা:অদৃষ্ট.pdf/৯২
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮
অদৃষ্ট