এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অদৃষ্ট
লুকাই-লুকায়েই ফুৰিব লাগিব। ইয়াত আৰু পলম নকৰোঁ৷ মই যাওঁ।
সুভদ্ৰাৰ মাত-বোল হৰিল! বাবাজীৰ সাজটো পিন্ধি দয়াৰাম ওলাই গ’ল আৰু আন্ধাৰৰ লগত মিহলি হৈ পৰিল। দয়াৰাম গ’লত সুভদ্ৰা আৰু কপাহীয়ে চকুলো টুকিবলৈ ধৰিলে। তেওঁলোকৰ কপালত নো বিধাতাই এনেকৈয়ে লিখিলে নে। যেনি খোজ দিব খোজে তেনিয়েই কাঁইট!
সেই ৰাতি মাক-জীয়েক কাৰো টোপনি নাহিল।