সমললৈ যাওক

পৃষ্ঠা:অদৃষ্ট.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
ছদ্মবেশী

বেছি পৰ হোৱা নাই। তোলৈ বাট চাই চাই বহুত ৰাতিকৈহে ৰান্ধিছিলোঁ। ৰন্ধাৰ পাচতো কিজানি আহি পায় বুলি বাট চাইছিলোঁ। আমিও অলপ আগতেহে খালোঁ।

 সুভদ্ৰাই তেতিয়া গা ধুই ভাত বাঢ়ি দিলে। হাত-ভৰি ধুই দয়াৰামে খাবলৈ ধৰিলে আৰু লৰালৰিকৈ খাই গোটেই কাঁহী শেষ কৰিলে।

 খাই উঠি মুহুদি কৰি দয়াৰাম বহিল আৰু বাটত ঘটা ঘটনাটা বৰ্ণনা কৰি ক’লে,—“মই ধৰা নপৰাকৈ তেজপুৰ পালোঁহি, কিন্তু বাটত কোনোবাই দেখিলে মই কলিয়াবৰৰ পৰা আহিছোঁ বুলি জানিব পাৰে, তাৰ পৰা ধৰা পৰাৰ ভয় গাছে। সেই দেখি সাৱধান হৈ আহেঁতে ৰাতি হ’ল। ইয়ালৈকো পোনে পোনে নাহি ঘৰলৈ গ’লো। কিয়নো ইয়াত তেতিয়াও মানুহ শোৱা নাছিল। যদি পুলিচে মই বুলি জানে নিশ্চয় ইয়ালৈকো বিচাৰি আহিব। সেই দেখি কাকো দেখা নিদিয়াকৈ লুকাই থাকিম বুলি ওলাইছোঁ। এইটো সাজ তাহানি থিয়েটাৰত ভাও দিবলৈ কিনিছিলোঁ। তাকে পিন্ধি ভেশ ছন কৰি আহিছোঁ।”

 সুভদ্ৰা। পিচে যাবি কলৈ?
 দয়া। কেইদিনমান অ’ত ত’ত থাকি কিনো হয় চাওঁ। যদি পুলিচে কোনে মাৰিলে উলিয়াব নোৱাৰে আৰু মোক নিবিচাৰে তেন্তে ঘূৰি আহিম। যদি ধৰা পৰাৰ ভয় থাকে