পৃষ্ঠা:অদৃষ্ট.pdf/৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


সৰ্ব্বস্বান্ত


চোকা আছিল অাৰু যি কোনো কামতে মনোযোগ দেখা গৈছিল । ভাওনাত ভাও দিয়াত যেনে পাকৈত আছিল, পঢ়া শুনাতো তেনে চোকা আছিল। বাৰীচুকত শাক-পাচলিৰ খেতি কৰিবলৈকো সৰুৰে পৰা শিকিছিল । প্ৰায় দহ বছৰ বয়সত প্ৰাইমাৰী পৰীক্ষাত উৰ্ত্তীৰ্ণ হৈ তেওঁ বৃত্তি লাভ কৰে আৰু ঘৰৰ পৰা পাঁচ মাইল আঁতৰত থকা এখন মজলীয়া ছাত্ৰবৃত্তি স্কুলত ভৰ্ত্তি হয়। স্কুললৈ তেওঁ সদায় ঘৰৰ পৰাই অহা-যোৱা কৰিছিল । সেই বাবেই হবলা তেওঁ ছাত্ৰবৃত্তিত ভাল ফল দেখুৱাব নোৱাৰিলে, দ্বিতীয় বিভাগতহে পাচ হ’ল ।
   দয়াৰামে মজলীয়া স্কুলত পঢ়ি থাকোঁতেই জখলাবন্ধাৰ হৰনাথ বৰাৰ লগত সেউতীৰ বিয়া হয় । তেতিয়াৰে পৰা ঘৰখনত দয়াৰামেই মাক-বাপেক দুয়োৰে গোটেইখিনি চেনেহৰ ভাগী হয়। ছাত্ৰবৃত্তি পাচ কৰাৰ পাচত ভগীৰামে পুতেকক তেজপুৰত থৈ ইংৰাজী স্কুলত পঢ়াবৰ মন কৰিছিল, কিন্তু একেটি মাথোন লৰাক চকুৰ আগৰ পৰা আঁতৰত ৰাখিবলৈ মাক একো পধ্যে মান্তি নহ’ল । ভগীৰামেও শেহত ঘৈণীয়েকৰ মততেই মত দিলে আৰু পুতেকৰ পঢ়াশলীয়া শিক্ষা ইমানতে শেষ কৰি খেতি-বাতিৰ কাম শিকাবলৈ ধৰিলে ।
   এনেকৈ দুবছৰমান যোৱাৰ পাচত এদিন লোকেল বোৰ্ডৰ ছেয়াৰমেন স্কুলৰ কাষৰ বাটে দি গৈছিল। তেতিয়া চাৰে এঘাৰ বাজিছিল, কিন্তু পণ্ডিত অহা নাছিল ; লৰাবোৰে গোলমাল কৰি আছিল ।ছেয়াৰমেন স্কুললৈ সোমাই গ’ল