ধৰিলে। বলোৱে কাম আছিল বুলি কৈয়েই ভিতৰলৈ গ’ল
অাৰু সুভদ্ৰাক অকলশৰীয়াকৈ মাতি নি দৰাৰ বিষয়ে যি জানে
সকলো ক’লে। তাৰ পাচত ক’লে,—“দয়াৰামক আনিছোঁ,
সি মিছাতে পলাইছিল। সি যিটো মানুহ মাৰিলে বুলি
ভাবিছিল, সি মৰা নাই, দুষ্টালি কৰিহে মৰা ভাও জুৰিছিল।
এতিয়া কথা হৈছে পীতাম্বৰ আজি আহিব নোৱাৰে, তালৈ
বাট চালে আজি বিয়া নহয়। মই ক’বৰ হ’লে দয়াৰামক লৈ
আহোঁ, বিয়াখন হৈ যাওক।”
সুভদ্ৰা।—তেনে কৰিলে মণ্ডলে জানো শুদাই এৰিব।
বলো।-কি কৰিব! আমি ছোৱালী নিদিওঁ বুলি কোৱা
নাই। দৰা নহাৰ বাবে জানো আমি জগৰীয়া! আমি
লগ্নমতে যাৰে লগত হওক বিয়া দিবই লাগিব। জোৰণৰ
বস্তুখিনি লাগে যদি সিহঁতে লৈ যাব, আৰু কি কৰিব।
সুভদ্ৰা।—দদায়েককো এবাৰ সোধা ভাল।
বলো।—তাক সুধিলে কি হ’ব। সিয়েই তহঁতৰ সম্পত্তি
খাবৰ মনেৰে মৰা মানুহ এটালৈ ছোৱালীজনী দিবৰ ফিকিৰ
কৰিছে। আগেয়েই সি দয়াৰামৰ নামকে নুশুনে, এতিয়া
আকোঁ দিবলৈ ক’ব নে!
সুভদ্ৰা।—তেন্তে কি কৰা কৰা।
বলো।—-বাৰু, মই কৰিব লগাটো কৰিম। তই এতিয়া
এইবোৰ কথা কাকো নকবি।মই দৰা লৈ আহোঁ৷
বলো তেতিয়াই দোকানলৈ ঘূৰি গ’ল আৰু তেওঁৰ
পৃষ্ঠা:অদৃষ্ট.pdf/১১৩
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে