ডোখৰ অান মানুহৰ আাছিল, তথাপি ধন গোট খালেই কিনি
লোৱাৰ বন্দবস্ত কৰি লৈছিল। কেই বছৰমান পাচত কিনি
ল’লেও।
নিলগৰ গাৱঁৰ পৰা অাহি নগৰত থকা মানুহৰ ঘৰত প্ৰায়ে আলহী নুগুচে। নিজৰ গাৱঁৰেই হওক বা ওচৰ-চুবুৰীয়া
গাৱঁৰেই হওক যি কোনো মানুহ নগৰলৈ আহিলে তেওঁৰ
ওচৰলৈকে যায় আৰু অচিনাকী হলেও কিয়া এটা সম্পৰ্ক
উলিয়ায়। কোনোবা আহে আদালত গোচৰ কৰিবলৈ,
কোনোবা আহে কিবা মাল-বস্তু কিনিবলৈ অাৰু কোনোবা
অাহে থিয়েটাৰ, চিনেমা চাবলৈ। এনেকৈ অালহী ৰাখি
বহুতে নিজে কষ্ট ভুগিব লগা হয়। সূৰ্য্যৰ কিন্তু বিশেষ হানি
নহৈছিল। আদালতলৈ অহা অালহীৰ খৰচ দৰ্খাস্ত লিখাত
আৰু উকীল ধৰাত সুদে-মূলে উলিয়াই লয়। কোনো
কোনোৱে আকৌ বজাৰৰ পৰা মাছ-পুঠী, শাক-পাচলি আদিকে
অানে। কোনোৱে অান নহলেও ঘৰৰ পৰা আহোঁতেই
কেইসেৰমান চাউল লৈ আহে । অৱশ্যে ফুটা কড়ি এটাও
নভঙাকৈ তিনি-চাৰি দিন পেট পেলাই খোৱা অালহীও
নোহোৱা নহয়।
নিজে ভালকৈ চলিব পৰা হোৱাত সূৰ্য্যই বিয়া কৰালে।
ঘৈণীয়েক কলিয়াবৰৰ, মণিৰামৰ জেঠায়েকৰ জীয়েক।
তেতিয়াৰে পৰা কলিয়াবৰৰ পৰা অহা মানুহো তেওঁৰ ঘৰত
আলহী হবলৈ ধৰিলে। এই বোৰ আলহীৰ গোচৰ নাথাকে৷
পৃষ্ঠা:অদৃষ্ট.pdf/৫৬
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
