সমললৈ যাওক

পৃষ্ঠা:অদৃষ্ট.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মৃতকৰ ইচ্ছা


 জালিয়ে চকুলো টুকি ক’লে,—“মানুহৰ আশা ভৰসা সকলো মিছা। ঈশ্বৰৰ যি ইচ্ছা সেয়ে হ’ব। তই আকৌ লগ লগাৰ কথা কৈছ, তাত মোৰ মত নাই। ফটা বাঁহ যিমান ভালকৈয়ে জোৰোৱা হওক জোৰা নালাগে। ছোৱালী ধৰিবলৈ মোৰ ওচৰলৈকো মানুহ আহিছে। পিচে মোৰ তাইক উলিয়াই দিবৰ মন নাই। মই ভাবিছোঁ তাইলৈ ভাল লৰা এটা চপাই লওঁ। ঈশ্বৰে যেতিয়া চাইটাকৈ লৰা দিও লৈ গ’ল, এতিয়া তায়েই লৰা, ছোৱালী সকলো। যি আছে সকলো তাইৰ হাততে অৰ্পি দিম বুলি ঠিক কৰিছোঁ৷

 হালিৰ ঘাই উদ্দেশ্য আছিল জালিৰ সম্পত্তিখিনি যাতে আগলৈ তেওঁৰ হাতত পৰে তাৰ ব্যৱস্থা কৰা। জালিৰ কথাত তেওঁ হতাশ হ’ল। জালিয়ে যে তেওঁৰ মনোভাব বুজিছে সেইটোও তেওঁৰ কথাত প্ৰকাশ পালে। তথাপি হালিয়ে নিজৰ কোনো স্বাৰ্থ নথকা যেন দেখুৱাই ক’লে—“সম্পত্তি যাকে দিয়া, যি কৰা সি তোমাৰ ইচ্ছা। মই সেই বিষয়ে ভবা নাই। মই ভাবিছোঁ, ভাল ঘৰৰ ভাল লৰা কেতিয়াও চপনীয়া চাপিবলৈ নাহে। কৰবাৰ খাবলৈ নোপোৱা চোৰ দগাবাজ এটাহে যদি আগ বাঢ়ে। তেনে লৰা জানো আমাৰ ছোৱালীৰ যোগ্য হ’ব! ইফালে যেয়ে সেয়ে কিবা অলপ লাগিলেই ঢোকা চপনীয়া বুলি হাঁহিব, কথাই কথাই ক’ব,—“মেল নষ্ট কৰে হোকাই, ঘৰ নষ্ট কৰে ঢোকাই।”