পৃষ্ঠা:অদৃষ্ট.pdf/২১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


মৃতকৰ ইচ্ছা


   জালিয়ে চকুলো টুকি ক’লে,-“মানুহৰ অাশা ভৰসা সকলো মিছা । ঈশ্বৰৰ যি ইচ্ছা সেয়ে হ’ব ৷ তই আকৌ লগ লগাৰ কথা কৈছ, তাত মোৰ মত নাই ৷ ফটা বাঁহ যিমান ভালকৈয়ে জোৰোৱা হওক জোৰা নালাগে । ছোৱালী ধৰিবলৈ মোৰ ওচৰলৈকো মানুহ আহিছে । পিচে মোৰ তাইক উলিয়াই দিবৰ মন নাই। মই ভাবিছোঁ তাইলৈ ভাল লৰা এটা চপাই লওঁ। ঈশ্বৰে যেতিয়া চাইটাকৈ লৰা দিও লৈ গ’ল, এতিয়া তায়েই লৰা, ছোৱালী সকলো । যি আছে সকলো তাইৰ হাততে অৰ্পি দিম বুলি ঠিক কৰিছোঁ৷
   হালিৰ ঘাই উদ্দেশ্য আছিল জালিৰ সম্পত্তিখিনি যাতে আগলৈ তেওঁৰ হাতত পৰে তাৰ ব্যৱস্থা কৰা । জালিৰ কথাত তেওঁ হতাশ হ’ল । জালিয়ে যে তেওঁৰ মনোভাব বুজিছে সেইটোও তেওঁৰ কথাত প্ৰকাশ পালে । তথাপি হালিয়ে নিজৰ কোনো স্বাৰ্থ নথকা যেন দেখুৱাই ক’লে-“সম্পত্তি যাকে দিয়া, যি কৰা সি তোমাৰ ইচ্ছা । মই সেই বিষয়ে ভবা নাই । মই ভাবিছোঁ, ভাল ঘৰৰ ভাল লৰা কেতিয়াও চপনীয়া চাপিবলৈ নাহে । কৰবাৰ খাবলৈ নোপোৱা চোৰ দগাবাজ এটাহে যদি আগ বাঢ়ে । তেনে লৰা জানো আমাৰ ছোৱালীৰ যোগ্য হ’ব ! ইফালে যেয়ে সেয়ে কিবা অলপ লাগিলেই ঢোকা চপনীয়া বুলি হাঁহিব, কথাই কথাই ক’ব,—“মেল নষ্ট কৰে হোকাই, ঘৰ নষ্ট কৰে ঢোকাই ।”