নোৱাৰি। যদিও কালিলৈকে বিয়া পতা টান হ’ব, তথাপি
চৌবিশ তাৰিখেই যেনেকৈ হওক বিয়াখন পাতিব লাগিব৷
সেই দিনাও বিয়াৰ দিন আছে। ইয়াৰ ভিতৰতে তিনিজনী
মানৰ খবৰ আহিছে। পিচে মোৰ হ’লে তোমালোকৰ লগত
হে মিতিৰ পাতিবৰ মন৷ যদি মত দিয়া, মই অান ঠাইত
কথা নিদিওঁ।
nbsp; হালি।—মই কেনেকৈ মত দিওঁ। বৌহঁতে মত দিলেহে
পাৰোঁ। তাতে এই তিন দিনৰ ভিতৰত বিয়াৰ যোগাৰ কৰা
জানো সম্ভৱ।
nbsp; মদন।—অসম্ভবেই বা কেনেকৈ! গাখীৰ, গুৰ, কোমল
চাউল, তামোল-পাণ একোকে তোমালোকে গোটাব নালাগে।
সকলো যোগাৰ মই দিম। লাগিলে অান খৰচৰ বাবেও
ডেৰ কুৰি, দুকুৰি টকা দিয়া হ’ব।
nbsp; হালি।—যৌতুকীয়া মালো যি পাৰোঁ গোটাবলৈ সময়
লাগিব। বৌৰ হাতত কিবা টকা-পইচা আছে নে নাই
তাকো ক’ব নোৱাৰোঁ।
nbsp; মদন।—সেই বিষয়ে চিন্তা কৰিব নালাগে। তাকো
ময়ে গোটাই দিবলৈ গাত ল’লো। তুমি মাত্ৰ কথাটো ঠিক
কৰি দিয়াঁ।
nbsp; হালি৷—মই এতিয়াই একো ক’ব নোৱাৰোঁ। আগেয়ে
চেষ্টা কৰি চাওঁ।
nbsp; মদন৷ —মোৰ কথা হৈছে চৌবিশ তাৰিখে বিয়া পাতিমেই,
পৃষ্ঠা:অদৃষ্ট.pdf/৮১
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে