সমললৈ যাওক

সত্যনাথ বৰাৰ জীৱন চৰিত

ৱিকিউৎসৰ পৰা
[  ]

 

সত্যনাথ বৰাৰ
জীৱন চৰিত

 

 

শ্ৰীসৰ্ব্বেশ্বৰ শৰ্ম্মা কটকীৰ দ্বাৰা
ৰচিত।

 

 

গুৱাহাটী
১৮৩৯

 



[  ]
 

স্বৰ্গীয় সত্যনাথ বৰাৰ
জীৱন-চৰিত।

 
 

শ্ৰীসৰ্ব্বেশ্বৰ শৰ্ম্মা কটকী
প্ৰণীত।

 

গুৱাহাটী

 

কলিকতা,
৬নং কলেজ-স্কোৱাৰ, সাম্য-প্ৰেছত,
শ্ৰীদেবেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ দ্বাৰা
মুদ্ৰিত ও প্ৰকাশিত।

 

১৮৫০ শঁক

 

বেচ ৸৹ বাৰ অনা।

 

[  ]
 

পাতনি।

 সত্যনাথ বৰা আসামৰ এজন খ্যাতিমন্ত পুৰুষ। তেওঁৰ প্ৰকৃত চৰিত্ৰ আলোচনা কৰিবলৈ এই পুথিত যথাসাধ্য চেষ্টা কৰা হৈছে। ইয়াত নিত্য জীৱনৰ আটাইবোৰ সৰুসুৰা কথাৰ সম্ভেদ দি কিতাপৰ কলেবৰ বৃদ্ধি কৰা নাই। যি কেইটা কথাৰ নিমিত্তে ৺সত্যনাথক আমি আৰ্হি পুৰুষ পাতিব খোজোঁ, সেই কেইটা কথাহে ঘাইকৈ আলচ কৰা হৈছে। হেমচন্দ্ৰ বৰুৱাৰ জীৱনচৰিতো লিখকে সেই একে উদ্দেশ্যে লিখিছিল। সত্যনাথ পুৰুষক সত্যভাবে এই পুথিত গঢ়ি তুলিবলৈ কৰা আমাৰ যত্ন সফল হৈছে নে নাই সি ৰাইজৰ বিচাৰ্য্য। এই পুথিৰ সম্বল গোটাওতে যি সকল সদাশয় লোকে আমাক বিবিধ সংবাদ দি সহায় কৰিছে, সিবিলাকলৈ আমাৰ আন্তৰিক কৃতজ্ঞতা জনালোঁ।

গুৱাহাটী।
১লা মেই ১৯২৯


শ্ৰীসৰ্ব্বেশ্বৰ শৰ্ম্মা কটকী।

 

[  ]

নিৰ্ঘণ্ট।
—:•:—
প্ৰথম অধ্যায়।

বিষয়       পৃষ্ঠা
আৰম্ভণ • • •  • • •  • • •  
সত্যনাথৰ বংশাৱলী • • •  • • •  • • •  ১৫
 ,, জন্ম পত্ৰিকা • • •  • • •  • • •  ১৬
 ,, আদি অৱস্থা • • •  • • •  • • •  ১৭
 ,, ছাত্ৰ অৱস্থা • • •  • • •  • • •  ২১
 ,, সাংসাৰিক অৱস্থা • • •  • • •  • • •  ৩৫
 ,, দেশ ভ্ৰমণ • • •  • • •   • • •  ৪৭
 ,, অন্তিম অৱস্থা • • •  • • •   • • •  ৫০

দ্বিতীয় অধ্যায়।

সত্যনাথৰ সাহিত্য চৰ্চা  • • •  • • •  • • •  ৫৫
গীতাৱলী  • • •  • • •  • • •  ৫৯
সাহিত্য-বিচাৰ  • • •  • • •  • • •  ৬১
সাৰথি • • •  • • •  • • •  ৭১
আকাশ ৰহস্য • • •  • • •  • • •  ৭৫
কেন্দ্ৰ সভা • • •  • • •  • • •  ৭৭
বহল ব্যাকৰণ • • •  • • •   • • •  ৮৪
[  ]
চিন্তাকলি ( অপ্ৰকাশিত ) •••    •••  ৯২
জোনাকী সম্পাদন আৰু অন্যান্য প্ৰবন্ধ  •••  ৯৫


তৃতীয় অধ্যায়।
বিবিধ বিষয়।

সত্যনাথ বৰা আৰু ৰচনা ৰীতি •••  •••  ৯৯
 ,, ,, ,, হেমচন্দ্ৰ বৰুৱা •••  •••  ১০৪
 ,, ,, ,, অসমীয়া ভাষা •••  •••  ১০৫
 ,, ,, ,, ৰাষ্ট্ৰনীতি •••  •••  ১০৭
 ,, ,, ,, ধৰ্ম্মমত •••  •••  ১০৯
লিখক সত্যনাথ আৰু বক্তা •••   •••  ১১০
সত্যনাথ বৰা আৰু ৰাজহুৱা কাম •••  •••  ১১১
 ,, ,, ,, দহ জনৰ কথা •••   •••  ১১৭
সামৰণী  ১৩৬

ওপৰঞ্চি।

১। জোনাকীৰ পৰা আত্ম-কথাৰ আৰ্হি।
২। সত্যনাথে সাহিত্য সম্পৰ্কে লিখা চিঠি পত্ৰ।

⸺⸺

[  ]
 

স্বৰ্গীয় সত্যনাথ বৰা।

 

[ ১১ ]


স্বৰ্গীয় সত্যনাথ বৰাৰ

জীৱন-চৰিত।

⸻⸻

প্ৰথম অধ্যায়।

আৰম্ভণ।

 অসমীয়া ভাষা আৰু সাহিত্যৰ বৰ সৌভাগ্যৰ কথা যে দেশৰ অভাৱ অনুযায়ী সময়ে সময়ে একোজন পুৰুষৰ আবিৰ্ভাৱ হৈ অসমীয়া জাতিটোক ৰক্ষা কৰি আছে। মান মৰাণৰ অত্যাচাৰ সহি বৃটিচৰ শাসনত অসমীয়া জাতিয়ে ঠন ধৰিবলৈ আগুৱান হওঁতেই ভাষাক্ষেত্ৰত অসমীয়াৰ দুৰ্কপালৰ গুণে এক বিভ্ৰাট মিলি দেশাধিকাৰ সকলৰ ভ্ৰমত ভাষাৰূপী গছ জোপাত ৰঘুমলা পৰি ইয়াৰ বাঢ়ণ ঠিহিৰা মাৰিবলৈ ধৰোঁতেই আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱা আদি অসমহিতৈষী লোক সকল আৱিৰ্ভাৱ হৈ অতি কষ্টেৰে ৰঘুমলা আঁতৰাই গছপুলি- টিক লহ্প‌হ্কৈ‌ বাঢ়িবলৈ সুযোগ কৰি দিলে। ভাষাক্ষেত্ৰত [ ১২ ] তেতিয়া এটা ডাঙ্গৰ অভাৱ হল। অসমীয়া ভাষা পুৰণি সাহিত্যেৰে চহকি হলেও উপযুক্ত লোকৰ অভাৱত পুৰণি পুথিবোৰ ধোঁৱাচাঙত এলান্ধুকলীয়া হল; বৰ্ত্তমান সাহিত্যতো লিখকৰ অভাৱত ৰজাঘৰে পুৰস্কাৰ ঘোষণা কৰি আনকি অসমীয়া লৰাক শিক্ষা দিবলৈ স্কুলীয়া কিতাপ ৰচনা কৰাব লগীয়া হল। আসাম বন্ধু, জোনাকী, বিজুলী আদি আলো- চনীৰ জন্ম হল; আৰু আসাম মাতৃৰ বিধি অনুসাৰে পূজাৰ আয়োজন হল। আধুনিক অসমীয়া সাহিত্যৰ উদগতিৰ অৰ্থে অসমৰ আটাইকেইখন জিলাৰ পৰা একে সময়তে অলপৰ অগা পিছাকৈ কেইবাজনো উপযুক্ত কৃতী লিখক সাহিত্যক্ষেত্ৰত নামিল। তাৰে আকৌ কেইজনমান পুত্ৰ- ৰত্নক অসম মাতৃয়ে অকালতে হেৰুৱায়। ৺লম্বোদৰ বৰাই অসমীয়া ভাষাৰ আখৰ জোঁটনি আৰু ৺ আনন্দৰাম বৰুৱাৰ পাতনি পাতোতেই প্ৰাণত্যাগ কৰিলে। ৺ লক্ষেশ্বৰ শৰ্ম্মাই ধোঁৱাচাঙৰ পৰা অষ্টাদশপৰ্ব্ব অসমীয়া মহাভাৰতৰ উদ্যোগপৰ্ব্ব, দ্ৰোণপৰ্ব্ব, ভীষ্মপৰ্ব্ব আদি নমাই আনি পুৰণি পুথিৰ জপা মেলোতেই নিঠুৰ কালে অকালতে হৰি নিলে; জোনাকীৰ পবিত্ৰ পৃষ্ঠাত জিলিকি থকা “চুম্বক লো,” “বিজুলিশক্তি” আদি পদাৰ্থ বিজ্ঞানৰ বহুমূলীয়া প্ৰবন্ধ যি এবেলি লিখি গল সেই বিষয়ে আৰু দ্বিতীয় প্ৰবন্ধ অজিলৈকে প্ৰকাশিত নহল। ৺ৰত্নেশ্বৰ মহন্তই নীতিপূৰ্ণ কবিতা আৰু অসমৰ বুৰঞ্জীমূলক বিষয় ৰচনা কৰিব ধৰোঁতেই কাল সাগৰত বিলীন হল। [ ১৩ ] ই বিলাকৰ লগ ধৰি আৰু কেইবাজনো অদৃশ্য হল। কিন্তু ইফালে যি সকল তিস্থি থাকিল সি সকলৰ যত্ন উদ্যম আৰু পৰিশ্ৰমৰ গুণত অসমীয়া ভাষা আৰু সাহিত্যৰ ভিত্তি স্থাপন হল। ই সকলে পকা কৰি দিয়া ভেটিৰ ওপৰত আজি এমুঠি অসমীয়াই ৰম্য অট্টালিকা সাজোঁ বুলি মন কৰি বিবিধ সজুলিৰ আয়োজন কৰিছে; মৰো-জীউ-সোঁ-আধিকৈ লাগিছে। সেইদিন কেতিয়া আহিব যিদিনা অসমীয়া ভাষাৰ এই ৰম্য অট্টালিকা পৃথিবীৰ ভিতৰত চকুতলগা যাউতিযুগীয়া এটি কীৰ্ত্তি হব পাৰিব; যিদিনা দূৰ বিদেশৰ যাত্ৰী আহি আমাৰ এই মনোৰম অট্টালিকা দেখি নয়ন সাৰ্থক কৰিব পাৰিব; হে ঈশ্বৰ! সেইদিন শীঘ্ৰে মিলোৱা।

 অসমীয়া সাহিত্যৰ দেশহিতৈষী লিখক সকলৰ ভিতৰত কেইজনমানৰ নাম বিশেষ উল্লেখযোগ্য। ৰায় চাহাব পদ্মনাথ গোহাঁই বৰুৱাই স্কুলবিলাকত খাপে খাপে সময় উপযোগী কিতাপ ৰচনা কৰি দি অসমীয়া লৰাৰ শিক্ষাৰ বাট সুচল কৰি দিলে; স্বৰ্গদেৱ গদাধৰ সিংহ আৰু আহোম সতী জয়মতীৰ সতীত্বৰ চিত্ৰ উজ্জ্বলকৈ অঙ্কিত কৰিলে; লগতে উষাৰ অৰুণ কিৰণেৰে তৰুণ অসমক উদ্ভাসিত কৰিলে। শ্ৰীযুত বেণুধৰ ৰাজখোৱাই বিবিধ বিষয়ত কিতাপ ৰচিলে। অসমীয়া খণ্ডবাক্যৰ গ্ৰন্থ ৰচনা কৰি অসমীয়া জতুৱাঠাঁচ আৰু খণ্ড- বাক্যবোৰৰ ভৰাল মুকলি কৰি দিলে। অসমীয়া আৰু বঙ্গলা ভাষাৰ তুলনামূলক পুথি প্ৰণয়ন কৰি অসমীয়া [ ১৪ ] ভাষাক অযথা আক্ৰমণ কৰিব খোজা এক শ্ৰেণী লোকৰ মুখত ছাই পেলালে। অসমৰ স্কট শ্ৰীযুত ৰজনী বৰদলৈয়ে উপন্যাস ৰচনা কৰি অসমীয়াৰ সাজপাৰ, ঘৰ দুৱাৰ, শয়ন ভোজন আৰু ঘৰুৱা নানা কথা লৈ অসমীয়াৰ জাতীয় চৰিত্ৰ হুবহু আঁকি দেখুৱালে। বুৰঞ্জীবিদ পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে অসমীয়া জাতি, অসমীয়া সাহিত্য আৰু অসম দেশখনৰ গৌৰৱ দেশে বিদেশে প্ৰচাৰ কৰিলে; অসমীয়াৰ লুপ্ত ৰত্নবিলাক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিলে; অসমীয়া জাতিটো অতীতত কেনে গৌৰৱময় আছিল তাক দেশবাসীক জ্ঞাত কৰালে আৰু পৰদেশীৰ হতুৱাই প্ৰশংসা গোৱালে। অসমীয়া সাহিত্যক, গীতিযুগ, মন্ত্ৰ আৰু ভণিতাযুগ, প্ৰাগবৈষ্ণৱীযুগ, বৈষ্ণৱীযুগ, বিস্তাৰযুগ, বৰ্ত্তমানযুগ, আদি বিভিন্ন যুগত ভাগ কৰি যুগে যুগে অসমীয়া সাহিত্যৰ গদ্য পদ্য সংগ্ৰহ কৰি সাহিত্য চানেকী নামেৰে বৃহৎ গ্ৰন্থ সঙ্কলন কৰিলে। কোন পৰিব্ৰাজকে কেতিয়া আহি কত কেনেকৈ অসম দেশৰ গুণ গাইছিল, চীন পৰিব্ৰাজক হীৱেনচাঙ্গে অসমৰ কি বিবৰণ লিখিছিল, ভাৰত সম্ৰাট হৰ্ষবৰ্দ্ধনে প্ৰাগজ্যোতিষপুৰৰ অধিপতি কুমাৰ ভাস্কৰবৰ্ম্মাক কিদৰে পঞ্চ বাৰ্ষিক উৎসৱত সম্বৰ্দ্ধনা কৰিছিল, ডাক্তৰ ট্ৰেভেনিয়াৰে অসম সম্পৰ্কে কি কৈছিল, ৰামসিংহই শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ কাৰ্য্য কৌশল কিদৰে প্ৰশংসা কৰি- ছিল। কোন মচলমান কাকতীয়ে ফাৰ্চী সাহিত্যত অসমীয়া জাতি সম্বন্ধে কি লিখি গৈছে, অসমীয়া জাতিটোৰ লক্ষণ আৰু [ ১৫ ] জাতীয় সম্পদ কি, শৰাইঘাটৰ যুদ্ধত দেশপ্ৰেমিক লাছিত ফুকনে কিদৰে অসমৰ ভাগ্যলক্ষ্মীক ৰক্ষা কৰিবৰ অৰ্থে কি নকৰিলে, দেশৰ শিলৰফলি আৰু তামৰফলিবোৰত আমাৰ বুৰঞ্জীৰ কি বোৰত কথাৰ সন্ধান আছে, প্ৰাচীন সাহিত্যত অসমীয়াৰ গৌৰৱ কিমান, কথা বা গদ্য সাহিত্যত অসমীয়াই কেনেকৈ আগভাগৰ উপযুক্ত, কোন ধৰ্ম্মপ্ৰচাৰকে কি ধৰ্ম্ম প্ৰচাৰ কৰিলে আৰু কোন কোন কবিয়ে কি কি কাব্য ৰচনা কৰিলে ইত্যাদি অসমীয়া জাতিৰ সকলো ৰকমৰ গৌৰৱৰ কথা- বোৰ অক্লান্ত পৰিশ্ৰমেৰে উদ্ধাৰ কৰি অসমীয়া জাতিৰ অক্ষয় কীৰ্ত্তি স্থাপন কৰিলে। ইপিনে বিশাল বাহু ব্ৰহ্মপুত্ৰত বাৰিষা যেনেকৈ কেনে ফোটকাৰে প্ৰকাণ্ড গছে বিৰিখে বাণ আহে, তেনেকৈ স্বভাব-সাহিত্যক লক্ষ্মীনাথ বেজবৰুৱাৰ লেখনীয়েও অসমদেশক সাহিত্যৰ বাণেৰে বুৰাই দিলে। গদ্যে পদ্যে নাটে, উপন্যাসে গল্পেৰে, সাধু কথাৰে, খুহুটীয়া ৰসেৰে, লৰা, ডেকা, বুঢ়া সকলেৰে উপযোগী সাহিত্যেৰে অসমীয়াৰ প্ৰাণত নবভাবৰ সঞ্চাৰ কৰিলে আৰু অসমীয়া জাতীয় মহাপুৰুষ শঙ্কৰ মাধৱৰ কীৰ্ত্তি ঘৰে ঘৰে প্ৰচাৰ কৰি দেশী বিদেশীক মুগ্ধ কৰিলে। “কৃপাবৰ বৰবৰুৱা” নাম ধৰি লক্ষ্মীনাথে গোটেই অসমদেশতে অপূৰ্ব্ব ভাব আৰু বসৰ সৃষ্টি কৰিলে। যেতিয়াই কোনো বিদেশীয়ে অসমীয়া ভাষাক বকাসুৰৰ দৰে গিলিবলৈ ঠোঁট মেলি উঠে, তেতিয়াই তপৰ কৰে লক্ষ্মীনাথে দীঘলে দীঘলে তীক্ষ্ণ লেখনীৰে দুফাল কৰি প্ৰাণবায়ু বহিৰ্গত কৰে; [ ১৬ ] আকৌ ৰক্তবীজৰ বংশৰ দৰে সেই বিষয়ত কাৰো আকৌ বংশ বৃদ্ধি হলে বসুমতীত ৰক্ত পৰিব নিদিয়াকৈ ওপৰতে আলাঙ্গে আলাঙ্গে প্ৰাণনাশ কৰে। এনে শক্তিশালী লক্ষ্মীনাথৰ সেই লেখনী অস্ত্ৰ তাহানি বংশীবদনে মুৰুলী ধ্বনিৰে গোপবালাৰ প্ৰাণ মোহিত কৰি ব্ৰজবাসীক যিদৰে আনন্দ বৰ্দ্ধন কৰিছিল, সেইদৰে লক্ষ্মীনাথেও অমিয় মধুৰ মুৰুলী বজাই দেশবাসীক সাহিত্য ৰসেৰে উৰলীকৃত কৰিছে। এনেদৰে আৰু কত জনে অসম-মাতৃৰ ৰাতুল চৰণত অৰ্ঘ্য দিছে।

 স্বৰ্গীয় সত্যনাথ বৰা এই শ্ৰেণীৰ সাহিত্যিক সকলৰ এটি উজ্জ্বল ৰত্ন আছিল। সত্যনাথ বৰাৰ বৰণ বগা, শৰীৰ আটিল আৰু দেখাত ওখ আৰু সুশ্ৰী আছিল। তেওঁৰ চকুত জেউতি, মুখত হাঁহি আৰু বদনত পুণ্যৰ আভা আছিল। তেওঁৰ মুখশ্ৰীত চিন্তাশূন্য আৰু শান্তিপ্ৰিয় ভাব ফুটি ওলাইছিল | তেওঁৰ স্বভাৱ গহীন, প্ৰকৃতি জুৰ, হৃদয় উদাৰ আৰু মন প্ৰশান্ত আছিল। তেওঁৰ বচন মধুৰ, মগজু শীতল আৰু উদ্ভাবিকা শক্তি কম নাছিল। তেওঁৰ মাত বক্তৃতাত গলগলীয়া আৰু নিত্য আলাপত নিয়মীয়া আছিল। অধৈৰ্য্য বা উচ্ছৃঙ্খল ভাব কোনো অৱস্থাতে প্ৰকাশ নাপাইছিল। সংসাৰ বিনন্দবিলাসৰ স্থান, কৰ্ত্তব্যপালন জীৱনৰ অমিয়া, উদগতি সাধন মনুষ্য জীৱনৰ লক্ষ্য—এইবোৰ যেন তেওঁৰ জীৱন পালনৰ নীতি আছিল। গৃহস্থ স্বৰূপে গৃহস্থীৰ ধৰ্ম্ম সুকলমে পালন কৰিছিল। তেওঁ খৰছৰ হিছাপ তহুতহুকৈ [ ১৭ ] ৰাখিছিল। কেতিয়াও কাৰো ওপৰত অসন্তুষ্ট হবৰ কাৰণ নাছিল। কোনো অবস্থাতে তিতা মাত মাতিব নেলাগিছিল। ঈশ্বৰৰ অনুগ্ৰহতে হবলা ঘৰ খনত বিশেষ জঞ্জাল নাছিল। তেওঁ সদাই শাৰীৰিক পীড়া ভুগি অসুস্থ নহৈছিল। শয়ন ভোজনত নিয়মীয়া আছিল। আৰু আহাৰ নিৰ্দ্ধাৰিত সময়ত কৰিছিল। তেওঁ অযথা জুতিলগা আহাৰ কৰিবলৈ ভাল নাপাইছিল। অসমীয়া জুতিৰ আহাৰত তেওঁৰ বেচি ৰতি আছিল। কঠিন শয্যাত শয়ন কৰিছিল আৰু লাহবিলাসৰ ভাবে তেওঁক ছুব নোৱাৰিছিল। তেওঁৰ সাজপাৰ ধুন-পেছ নোহোৱা আৰু নিকা আছিল। কছাৰীলৈ যাওঁতে চোগা চাপকন আৰু আন সনয়ত বাজলৈ ওলাওঁতে চুৰিয়া, চোলা, চেলেং ব্যৱহাৰ কৰিছিল। ১৯১৭ চনত শিৱসাগৰলৈ আসাম এচোচিয়েচনৰ সভাপতি হৈ যাওঁতে তেওঁৰ সাধাৰণ সাজ- পাৰ দেখি দৰ্শক সকল আচৰিত হৈছিল। সত্যনাথ বৰাই দুখীয়াক যথাসাধ্য সহায় কৰিবলৈ, ৰাজহুৱা কামত যথাশক্তি দান দিবলৈ, মানুহৰ বিপদত উচিত বিবেচনা কৰিলে অৰ্থ সাহায্য কৰিবলৈ পিছ নুহুহকিছিল। তেওঁ অযথা মানুহৰ লগত বেচি ঘনিষ্ঠতা নাৰাখিছিল। তেওঁ এনেকৈ অতি সাৱধানে আৰু সুচল ভাবে চলাৰ কাৰণে জীৱনত সৰহ আলৈ অহুকাল পোৱা নাছিল। শ্ৰীযুত বেণুধৰ ৰাজখোৱা ডাঙ্গৰীয়াই কয় যে, “সত্যনাথ বৰাৰ অমায়িকতা আৰু সৰলতাত মুগ্ধ নোহোৱা মানুহ নাছিল। প্ৰকৃততে তেওঁৰ [ ১৮ ] শত্ৰু নাছিল। তেওঁক অজাত শত্ৰু বুলিব পাৰি। তেওঁৰ অটল দেশভক্তি আছিল। তেওঁৰ কাৰ্য্যপদ্ধতিত বিদ্বেষৰ ভাব নাছিল। সকলো সম্প্ৰদায়ৰ মানুহে তেওঁৰ পৰামৰ্শ লৈছিল। তেওঁ সৰবৰহী আৰু স্থিৰবুদ্ধি বুলি বিখ্যাত আছিল। দকৈ নভবাকৈ কোনো কথাতে ওপৰে ওপৰে মত নিদিছিল। বৰা ডাঙ্গৰীয়া দৰাচলে এজন সাধু পুৰুষ আছিল।” শ্ৰীযুত ৰজনীকান্ত বৰদলৈ দেৱে কয় যে, সত্যনাথ বৰা “অমায়িক আৰু উদাৰ চৰিত্ৰৰ আছিল; তেওঁ মিতব্যয়ী আছিল; তেওঁ বৰ শান্তিপ্ৰিয় অথচ ধীৰ, স্থিৰ, সৎসাহ আদি গুণেৰে সুশোভিত আছিল”।

 ওকালতি ব্যৱসায়ত সত্যনাথৰ কম যশস্যা নাছিল। আইন অধ্যয়নে মানুহৰ বুদ্ধি চোকা কৰে আৰু চিন্তা গধুৰ কৰে; ই তৰ্কত পণ্ডিত আৰু যুক্তিত জ্ঞানী কৰে; কি কথাৰে এজনক আক্ৰমণ কৰিব পাৰি আৰু কি কথাৰে এজনৰ পক্ষ সমৰ্থন কৰিব পাৰি, তাৰ সম্যক জ্ঞান জন্মায়; আনে নভবা নিচিন্তা কথাৰ হেতু উলিয়াব পৰা কৰে। সকলোবোৰ ব্যৱহাৰিক ব্যৱসায়ৰ ভিতৰত ওকালতি এটি মহৎ ব্যৱসায়। উকীল সত্যনাথ এই সকলো সজ গুণৰ আধাৰ আছিল। তেওঁ অযথা তৰ্ক বা জেৰা নকৰিছিল। তেওঁ গোচৰীয়া পদকীয়াক সঁচা মিছা ছৱাল জবাব কৰিবলৈ শিকাই নিদিছিল; জ্ঞান বিশ্বাসমতে যি গোচৰ মিছা বুলি জানিছিল সেই মোকৰ্দ্দমাৰ তেওঁ পক্ষ সমৰ্থন নকৰিছিল। তেওঁ অন্যায় মিছা জাল, [ ১৯ ] জুৱাচোৰ ইত্যাদিৰ চাৰি সীমাত ভৰি নিদিছিল। সেই বাবেই তেওঁৰ সহকৰ্ম্মী উকীল বাবু মহেন্দ্ৰ মোহন লাহিড়ীয়ে কয় যে, "He was most honourable in his profession" ন্যায়- পথে থাকি প্ৰথম শ্ৰেণীৰ উকীল হৈ তেওঁ যথেষ্ট উপাৰ্জ্জন কৰিছিল, আৰু সংসাৰ যাত্ৰাৰ সকলো সুখৰ আহিলা গোটাই লৈ সুকলমে জীৱন যাপন কৰিছিল।

 ১৯১৪ চনৰ পৰা আৰ্ল ল কলেজত সত্যনাথ বৰা আইনৰ অধ্যাপক নিযুক্ত হৈছিল আৰু কটন কলেজত অসমীয়াৰ অধ্যাপক আছিল। অধ্যাপক স্বৰূপে ছাত্ৰ সকলক তেওঁ হৃদয়গ্ৰাহী বক্তৃতা দিব পাৰিছিল, জটিল আওপকীয়া কথা- বোৰ উজুভাষাত বুজাব পাৰিছিল আৰু পাঠ্য বিষয়বোৰৰ সকলোবোৰ কথা চুক কাণ মাৰি তন্ন তন্নকৈ কব পাৰিছিল। তেওঁৰ শিক্ষাদান কাৰ্য্যত কৰ্ত্তব্যপৰায়ণতা, সময়নিষ্ঠা আৰু ঔৎসুক্যতাৰ বিষয় সকলোৱে এক মুখে শলাগ লৈছিল।

 কোনোৱে কোনোৱে স্কুল কলেজ শিক্ষা সাং কৰি অধ্যয়ন কৰা অভ্যাস একেবাৰে পৰিত্যাগ কৰে। কোনোৱে বা এই অভ্যাসৰ সলনি আন আমোদ-প্ৰমোদৰ অভ্যাস কৰি কোনোৱে বা নানা অসুচলৰ কাৰণে মন থাকিলেও অধ্যয়ন কৰা অভ্যাস ৰাখিব নোৱাৰে। সত্যনাথে অধ্যয়ন অভ্যাস অন্তিমকাললৈকে ৰাখিছিল। জীৱনৰ বয়স লাহ দিয়াত “থিয়লজি” বা তত্ত্বজ্ঞান সম্বন্ধীয় কিতাপ আগ্ৰহেৰে পঢ়িছিল। বাতৰি কাকতখনত নিতৌ এবাৰ চকু নুফুৰালে [ ২০ ] জ্ঞান অসম্পূৰ্ণ থকা যেন বোধ কৰিছিল। তেওঁৰ ঘৰত বাতৰি কাকত কিনিবলৈ দৈনিক বজাৰ খৰছৰ লগত এক অনা পয়চাৰ ব্যৱস্থা কৰা আছিল।

 সত্যনাথৰ গহীন প্ৰকৃতি আৰু সকলো কথাতে গহিনালি ভাব দেখি এনেটো সহজে অনুমান হয় যে, এনে এজন গহীন গম্ভীৰ লোকৰ গাত ধেমেলিয়া বা ঘঁহি উঠা কথাৰ ছাঁ মাত্ৰও নাই। কিন্তু, মজাছে পেটুৱা পেট ভৰিয়া খা, খাব মজা আলু ভজা, পকা খৰিছা। শুন্ছা‌হনে আপিগিলা খাজনা বাৰেইছি; দিবা নল্লি নিবোক ধৰি প্যাদা লগেই দি। হাঁয়ৰে মোৰ কাপাল খান বল্লা ভাত কিমান খাম ইত্যাদি মনত তৃপ্তিসাধক বাক্যৰ সঙ্গতি আৰু জীৱনৰ ছয় ঋতু, ভকতীয়া ব্যাকৰণ, খ্যাতিমতী বুঢ়ী আদি ধেমেলীয়া খণ্ড ৰচনাবোৰ পাঠ কৰিলে গম্ভীৰ ৰসযুক্ত সত্যনাথক চেপি চৌ চৌ কৰে হাস্যৰস উলিয়াব পাৰি। সেইবাবে আমি কব নোৱাৰোনে যে সত্যনাথ আমটো এপিনে চুন যেন টেঙ্গা আৰু আনপিনে মৌ যেন মিঠা। সত্যনাথ বৰাই ধেমেলীয়া কথাবোৰ ডেকাকালতে ৰচনা কৰিছিল। “বৰা ডাঙ্গৰীয়াৰ প্ৰশান্ত মূৰ্ত্তি আৰু তেওঁৰ কথাবাৰ্ত্তাৰ পৰা কোনোৱে ভাবিব নোৱাৰিছিল যে, তেওঁ ধেমেলীয়া গীত বা প্ৰবন্ধ লিখিবৰ লায়কৰ মানুহ, অথচ তেওঁৰ লিখিত কেইবাটাও তেনে গীত আৰু প্ৰৱন্ধ অসমীয়া সাহিত্য সমাজত সুপৰিচিত।”

 অসমীয়া সাহিত্যত সত্যনাথৰ আসন অতি ওখত। কি [ ২১ ] ৰচনা ৰীতিত, কি ভাষাৰ লালিত্যত, কি ভাবৰ গাম্ভীৰ্য্যত সকলোতে সত্যনাথৰ এটা নিজা সুকীয়া ব্যক্তিত্ব প্ৰকাশ পাইছে। অসমীয়া ভাষাৰ এনে শুদ্ধতা, নিৰ্ম্মলতা আৰু স্বাভাবিকতা ৰক্ষা কৰা অসমীয়া লিখক সত্যনাথে তেওঁৰ ৰচিত পুথিবোৰৰ পাতে পাতে সত্যনাথময় হৈ জিলিকি আছে। সত্যনাথ সদাই শুদ্ধতা আৰু নিৰ্ম্মলতাৰ পক্ষপাতী আছিল। তেওঁৰ এই শুদ্ধতা কি সাহিত্য চৰ্চ্চাত, কি গৃহস্থালী কামত, কি সামাজিক অৱস্থাত সকলোতে প্ৰতিফলিত হৈছিল। যথাৰ্থতে শ্ৰীযুত ৰজনী বৰদলৈয়ে কয় যে, “অসমীয়া সাহিত্যত সত্যনাথৰ ঠাই অতি ওখ আছিল। তেওঁৰ সাহিত্য-বিচাৰ, সাৰথি, আকাশ-ৰহস্য আৰু শেহৰ বহল ব্যাকৰণেই তাৰ সাক্ষী দিছে আৰু তেওঁৰ নাম যুগমীয়া কৰি থৈছে। ভাষাৰ পবিত্ৰতা, ভাবৰ পবিত্ৰতা আৰু চৰিত্ৰৰ পবিত্ৰতা এই সকলো- বিধ পবিত্ৰতাত তেওঁ আদৰ্শ পুৰুষ আছিল। অসমীয়া ভাষাৰ সাহিত্যিক স্বৰূপে বিশেষ শব্দৰ মূল আৰু ব্যাকৰণ এই দুই বিষয়ত তেওঁৰ ঠাই বৰ ওখ—আমাৰ আটাইবিলাকতকৈ ওখ বুলি মই কব পাৰোঁ।” শ্ৰীযুত বেণুধৰ ৰাজখোৱায়ো ঠিক একেদৰে কয় যে, “অসমীয়া সাহিত্যত বৰা ডাঙ্গৰীয়াৰ ঠাই বহুত ওখত।”

 সত্যনাথ বৰাই অসমীয়া লিখকৰ ওপৰত যথেষ্ট প্ৰভাৱ চলালে। তেওঁ ভাষাটো যাতে বিজাতৰীয়া নহয় তাৰ বাবে অসমীয়া ৰচনাত, অসমীয়া শব্দেৰে, অসমীয়া ঠাঁচেৰে অসমীয়া [ ২২ ] গঢ়গতি লগাবলৈ সৰ্ব্বতোভাবে প্ৰাণপণে চেষ্টা কৰিছিল। তেওঁৰ ৰচিত পুথিবোৰ দেখি অসমীয়া লিখকৰ চকু গজিল যে, সংস্কৃত শব্দ পাৰ্য্যমানে পৰিত্যাগ কৰিও অসমীয়া ৰচনা যুগুত কৰিলে শুৱলা হয়। তেওঁৰ নিভাঁজ, নিখুত, বিশুদ্ধ অসমীয়া ৰচনাই আন অসমীয়া লিখকক বিজাতৰীয়া নহবলৈ সতৰ্ক কবি দিলে। শ্ৰীযুত শৰৎচন্দ্ৰ গোস্বামীয়ে সেই দেখি কব খোজে, “অসমীয়া সাহিত্যই এই কথা পাহৰিব নোৱাৰে যে, সত্যনাথৰ প্ৰভাৱ নোহোৱা হলে অসমীয়া বাক্যৰ ঠাঁচ আৰু বেচি পৰিমাণে বিজাতৰীয়া হলহেঁতেন।”

 অসমীয়া সাহিত্যৰ খ্যাতনামা অধিনায়ক হেমচন্দ্ৰ বৰুৱাই অসমীয়া ভাষাটোৰ উদগতি হলে এই ভাষাৰ ব্যাকৰণ সম্বন্ধে লৰচৰ কৰিব লাগিব বুলি কৈছিল। সত্যনাথে হেমচন্দ্ৰই কৰিবলগীয়া বাকী কাম বহল ব্যাকৰণ ৰচনা কৰি সমাধা কৰিলে। সেই বাবে হেমচন্দ্ৰই অসমীয়া ভাষাৰ অভিধান আৰু ব্যাকৰণ ৰচনা কৰি অসমীয়া জাতিৰ যেনে গৌৰৱৰ ভাজন হৈছে, সত্যনাথেও হেমকোষৰ শব্দবোৰৰ যথাবিধি ব্যৱহাৰ কৰি ব্যাকৰণৰ অঙ্গ পূৰ্ণ কৰি কম গৌৰৱৰ পাত্ৰ হোৱা নাই। ইংৰাজী সাহিত্যত ডাক্তৰ জন্সনে আৰু এডিচনে যি কাম কৰিলে অসমীয়া সাহিত্যতো আমাৰ দেশৰ অৱস্থা চাই হেমচন্দ্ৰ আৰু সত্যনাথে একে কামকে কৰিলে। সেই বাবে হেমচন্দ্ৰক অসমীয়া ভাষাৰ ডাক্তৰ জন্সন আৰু সত্যনাথক এডিচন বুলিলে বোধ কৰো অতিৰঞ্জিত নহব। [ ২৩ ]  এনেকৈ সত্যনাথ বৰাই জীৱনত সকলোপিনে কৃতকাৰ্য্য হৈছিল। এক শ্ৰেণীৰ মানুহে কব খোজে যে, সত্যনাথ কোনো লেঠালগা বিষয়ত নোসোমাইছিল; সেই বাবে তেওঁৰ কাৰো লগত ঠেকাঠেকি নেলাগিছিল বা কোনো লোকে সৈতে মনোমালিন্য হবৰ কাৰণ নাছিল। আৰু সেই গুণে তেওঁৰ জীৱন মান জঞ্জালশূন্য। কিন্তু যেয়ে ঢৌতে খঁৰ মাৰি, হাই উৰুমিৰ মাজত সোমাই, লেঠালগা কথাত হাত দিও নিজৰ কৃতিত্ব দেখুৱাব পাৰে, তেৱেহে আচল মানুহ। আমি কওঁ সত্যনাথ সাৰথিয়ে সংসাৰ ৰথখন এনে সুচলকৈ চলাই নিলে যে, ৰথৰ গতি বন্ধ নোহোৱাকৈ অথচ কাকো কতো ঠেলা- হেঁচা নামাৰি জীৱন-যুদ্ধত জয়লাভ কৰিলে। এই জয়লাভ কৰা কৃতিত্ব সত্যনাথৰ নে অন্য লোকৰ?

 সত্যনাথৰ জন্মস্থান গুৱাহাটীৰ ভৰলুমুখত। ভৰলুনৈ সত্যনাথৰ চোতালৰ আগেদি বৈ গৈছে। গুৱাহাটী এখন পুৰণি ঠাই। ইয়াৰ চাৰিওফালৰ দৃশ্য ইমান মনোৰম আৰু ইয়াত যতবোৰ তীৰ্থ আৰু বুৰঞ্জীৰ তথ্য আছে, লিখক মাত্ৰেই সেইবোৰৰ বৰ্ণনাৰ লোভ সামৰিব নোৱাৰে।

 এনে ঐতিহাসিক তথ্যেৰে, পুণ্য তীৰ্থেৰে আৰু প্ৰাকৃতিক সৌন্দৰ্য্যেৰে পৰিপূৰ্ণ ঠাইত জন্মগ্ৰহণ কবি, অসম মাতৃক বিবিধ উপচাৰেৰে পূজা কবি, চাৰিও ফালৰ পৰা কি সাহিত্যিক স্বৰূপে, কি উকীল স্বৰূপে, কি অসমীয়া ভাষা আৰু আইনব অধ্যাপক স্বৰূপে, কি গৃহস্থ স্বৰূপে, কি মনুষ্য স্বৰূপে সত্যনাথ [ ২৪ ] বৰাই এনে সুকলমে সুখ্যাতিৰে সংসাৰযাত্ৰা নিৰ্ব্বাহ কৰিলে যে, সেই বিষয় ভাবিলে সত্যনাথক অসমীয়াৰ এজন খ্যাতিমন্ত কৃতী আদৰ্শ পুৰুষ বুলিবলৈ কোনো অসমীয়াই সঙ্কোচ কৰিব নোৱাৰে, অসমীয়া সাহিত্যৰ অৰ্থে কৰা তেখেতৰ এদনীয়া দানৰ সাৰ্থকতা কোনোৱে নুই কৰিব নোৱাৰে আৰু অসমীয়া সাহিত্যৰ প্ৰতি সত্যনাথৰ আন্তৰৰ আগ্ৰহ, উৎসাহ, আৰু একনিষ্ঠ আজীৱন সেৱাক অসম সন্তানে অস্বীকাৰ কৰিব নোৱাৰে।

[ ২৫ ]
 

সত্যনাথৰ বংশাৱলী।

 
কালীৰাম
থোলাই
কমলাকান্ত
নিৰণনিৰাময়নিৰঞ্জননিৰ্ব্বিকাৰ
হলিৰাম আঠগঞা বৰাজীউনাথ বৰ বৰাশম্ভুনাথদেবনাথলক্ষ্মীৰাম বাঢ়ন্তি বৰাবয়া
দুৰ্গাৰামযজ্ঞৰামজগতৰামভোগৰামভকতৰা
বাঞ্চিতৰামসাধিৰামসোণাৰাম পেস্কাৰ
জাতিৰাম
জয়দত্তৰাধানাথ (মানৰ দিনত বৰ ৰজা)
ৰূপনাথদয়ানাথ বৰ বৰা
লক্ষ্মীনাথসত্যনাথ
শ্ৰীচন্দ্ৰনাথ
শ্ৰীঅম্বিকানাথশ্ৰীজ্ঞাননাথ
 

[ ২৬ ]
 

সত্যনাথৰ জন্মপত্ৰিকা।

 সত্যনাথৰ কোষ্ঠি তেওঁৰ পুত্ৰদ্বয়ে পিতৃৰ মৃত্যুৰ পিছত লৌকিকাচাৰ মতে নষ্ট নকৰি ৰক্ষা কৰাৰ কাৰণে এই বিষয় আলোচনা কৰিবলৈ আমাৰ সুচল হল। জ্যোতিষ পণ্ডিতে আৰু আস্থাৱান হিন্দুৱে সত্যনাথৰ জন্মকালীন গ্ৰহবোৰৰ অৱস্থা লগ্ন আৰু তুঙ্গাদি পৰীক্ষা কৰি সত্যনাথৰ ভবিষ্যৎ জীৱন সম্পৰ্কে সকলো কথা বিশদভাবে কোষ্ঠিত লিখি থৈছিল। সত্যনাথৰ জীৱনত সেইবোৰ কথা ভালকৈ ফলিয়াইছিল আৰু সত্যনাথ বৰায়ো জ্যোতিষৰ ভবিষ্যৎ গণনাত বিশ্বাস স্থাপন কৰিছিল।

[ ২৭ ]

সত্যনাথৰ আদি অৱস্থা।

 স্বৰ্গীয় সত্যনাথ বৰাৰ উপৰি পুৰুষসকল তেজপুৰৰ নদুৱাৰ অঞ্চলৰ হোৰাপোৱা গাৱঁত আছিল। তাত সিবিলাকৰ আৰ্থিক অৱস্থা কেনে আছিল আৰু ৰজাঘৰীয়া বিশেষ বাব আছিল নে নাই সেই বিষয় একো জনা নাযায়। মুঠতে আদি পুৰুষ জনৰ নাম কলীৰাম আৰু তেওঁৰ পুত্ৰ পৰিয়ালৰ নাম মাথোন কিছু জনা যায়।

 কলীৰামক ধৰি চাৰি পুৰুষলৈকে সিবিলাক হেৰাপোৱা গাৱঁত আছিল। পিছত জীউনাথৰ দিনত সিবিলাক গুৱাহাটীলৈ উঠি আহে আৰু তেৱেঁই ৰজাঘৰীয়া বৰবৰা বাব পায়। তেতিয়া স্বৰ্গদেৱ গৌৰীনাথ সিংহ অসমত ৰজা আছিল আৰু গুৱাহাটীত বদনচন্দ্ৰ বৰফুকন আছিল। গৌৰীনাথ সিংহই এওঁলোকৰ ঘৰক বৰবৰা পাতি বৰফুকনৰ তত্ত্বাবধানত কাম কৰিবলৈ গুৱাহাটীলৈ আহিবলৈ আদেশ দিয়ে। ৰজাৰ আদেশমতে সিবিলাকে গুৱাহাটীৰ ভৰলুমুখত বসতি কৰে। তেতিয়াৰ দিনত ভৰলুমুখ গুৱাহাটীৰ এখন মুখ্য ঠাই আছিল। Dr. J. P. Wadeএ সেই ভৰলুমুখত এটা ফোৰ্ট (দুৰ্গ) আছিল বুলি উল্লেখ কৰি গৈছে। বৰফুকনৰ ঘাই বিষয়াসকল প্ৰায় সেইবোৰ ঠাইতে আছিল। পুৰণি গুৱাহাটী [ ২৮ ] নগৰৰ বিৱৰণ স্বৰ্গীয় গুণাভিৰাম বৰুৱাই ‘আসাম বন্ধু’ত বিশেষৰূপে বৰ্ণনা কৰি গৈছে।

 গুৱাহাটীত বৰফুকনৰ অধীনত থকা বৰবৰা ঘৰে নগাৱঁৰ কলিয়াবৰৰপৰা গোৱালপাৰা জিলাৰ সোণকোষ নৈলৈকে বিষয় বাব খাইছিল। ৰজাঘৰীয়া টেকেলাবিলাকক যিজনে চলাইছিল সেইজনকে বৰবৰা বোলা হৈছিল।

 এনেকৈ ৰজাই পতা জীউনাথ বৰবৰাৰ পুত্ৰ ৰাধানাথ; তৎপুত্ৰ দয়ানাথ। দয়ানাথৰ পুত্ৰ সত্যনাথ। দয়ানাথ বৰবৰাৰ আৰ্থিক অৱস্থা ভাল নাছিল। বৰবৰাৰ ঘৰৰ যি পুৰণি সাই- সম্পত্তি আছিল, সকলো দুঘৰ ভাই-ককাইৰ ভিতৰ কাজিয়া লাগি মোকৰ্দ্দমা আদিত লয় পালে; মাথোন ভৰলুমুখৰপৰা ৭ মাইলমান দূৰত দক্ষিণ পাৰে ধাৰাপুৰ নামে গাৱঁত কেই- পুৰামান মাটি আছিল। তাকে চলাই কৰাই পোহ-পাল গৈছিল। সত্যনাথ বৰাৰ মাতৃৰ নাম আছিল অময়া। তেওঁলোকৰ অৱস্থা যদিও বেয়া আছিল, দুখীয়াৰ দুঃখিত ভাবে কৰা হিন্দুৰ পূজাসেৱা তেঁওলোকৰ ঘৰত চলি আছিল। নগাৱঁৰ চামগুৰি সত্ৰৰ তেওঁলোক শিষ্য আছিল। দয়ানাথ বৰবৰাৰ স্বভাৱ গহীন আছিল আৰু গাৱঁৰ সকলো মানুহে সৈতে মিলাপ্ৰীতিৰ ভাব আছিল। মাকৰ নাম যেনে অময়া আছিল, মানুহে তেনে সাদৰী আৰু মৰমিয়াল আছিল আৰু দুখীয়াক পুতৌ কৰিছিল। দয়ানাথ বৰবৰাৰ কেইবাটিও লৰা হৈছিল। কিন্তু এটিও সৰহ দিন জীয়াই [ ২৯ ] নাথাকে। কোনোটো পানীকে চুৱাত, কোনোটো ঠিয়দঙ্গা দিওঁতে, কোনোটোৰ মাত ফুটোতে, কোনোটোবা লৰি- ধাপৰি ফুৰিবপৰা হওঁতেই অকালতে মৃত্যুৰ মুখত পৰে। সেই বাবে লৰা-ছোৱালী নথকাত দুয়োৰে মনত বৰ দুখ। সদায় হা-হুমুনিয়াৰে দুখে-বেজাৰে দিন নিয়াবলৈ ধৰিলে। দয়নাথ বৰবৰাৰ পুৰোহিতৰ ঘৰ কামৰূপ জিলাৰ ডিঙডিঙি গাৱঁত। তেওঁলোকৰ পুৰোহিত বৰ নৈষ্ঠিক আৰু ক্ৰিয়া- কাণ্ডতহে অকল পটু আছিল এনে নহয়, সংস্কৃত চৰ্চ্চাতো পুৰোহিতৰ ঘৰৰ বিশেষ বাপ আছিল। সেই পুৰোহিতে দয়ানাথৰ সন্তান-সন্ততি জীয়াই নথকাৰ গুণে তেওঁক সত্যনাৰায়ণ পূজা কৰিবলৈ কয়। হিন্দুৰ সত্যনাৰায়ণ পূজাত বৰ আস্থা। এই পূজাৰ ফলৰ কথা মানুহে মুখে মুখে এই দৰে কয়—

“সত্যনাৰায়ণ হৰি সত্যনাৰায়ণ,
অপুত্ৰৰ পুত্ৰ হোৱে, নিধনীৰ ধন
অন্ধজনে চক্ষু পাৱে বন্ধ বিমোচন॥”

 বোধ কৰোঁ এনে বিশ্বাস থকাৰ গুণে পুৰোহিতৰ উপদেশ শিৰোধাৰ্য্য কৰি মহাপুৰুষীয়া গুৰুঘৰত ডঁৰ ভৰিও দয়ানাথ বৰবৰাই এভাগ সত্যনাৰায়ণ পূজা কৰায়। এই পূজাৰ পিছত যথাসময়ত শুভক্ষণত ১৭৮২ শকত এটি পুত্ৰ জন্ম হয়। সত্যনাৰায়ণ পূজা কৰি পুত্ৰলাভ হোৱা বুলি এই পুত্ৰৰ নাম দয়ানাথে সত্যনাথ ৰাখিলে। গ্ৰহবিপ্ৰক আনি পুত্ৰৰ মাঙ্গলিক [ ৩০ ] লক্ষণ আদি গণনা কৰি এই পুত্ৰৰপৰা বংশ উজ্জ্বল হব আৰু পুত্ৰ দীৰ্ঘজীৱি হব বুলি শুনি পিতৃ-মাতৃ উভয়ৰে অপাৰ আনন্দ হল। সন্তান জন্ম পালে হিন্দুৱে ব্ৰাহ্মণ-সজ্জনক দান-দক্ষিণা দিয়ে। দয়ানাথেও এই নিয়মানুবৰ্ত্তী হৈ দুঃখিতভাৱে পুত্ৰৰ জন্মত দেশৰ এই আচাৰ অতি আগ্ৰহে পালন কৰিলে। অসমীয়াৰ ভবিষ্যত প্ৰবীণ সাহিত্যিক সত্যনাথ বৰাই আঠীয়া কল চচা আৰু লুথুৰি খাই ( আজিকালিৰ চাগু বালি Virol বা গ্লাক্সো নহয়) দিনে দিনে বাঢ়ি আহিবলৈ ধৰিলে। কিন্তু পুত্ৰৰ ৬।৭ বছৰ হওঁতেই মাতৃৰ মৃত্যু হয় আৰু এই ঘটনাৰ দু বছৰৰ পিছত পিতৃ দয়ানাথ বৰবৰায়ো ইহলীলা সম্বৰণ কৰে। ঘৰখনত কেৱল বাকী ৰল গুৱাহাটীৰ মজিন্দাৰ বৰুৱাৰ জীয়াৰী একমাত্ৰ বুঢ়ীমাক সূৰ্য্যা বৰবৰাণী আৰু ৯ বছৰীয়া সত্যনাথ আৰু তেওঁৰ ৪ বছৰীয়া ভনীয়েক হেমকান্তি। এইদৰে পিতৃ- মাতৃয়ে সত্যনাথক দলনিত পোনা মেলি গল।

 হলিৰাম আঁঠগঞা বৰাৰ ঠালৰ সোণাৰাম বৰা এজন আঢ্যৱন্ত লোক আছিল। সোণাৰাম বৰাই কছাৰিতে পেস্কাৰ কাম কৰিছিল। মানুহে তেওঁক সোণাৰাম পেস্কাৰ নামেৰেহে বেছিকৈ চিনি পায়। কছাৰিত পেস্কাৰ কামত বাজেও তেওঁৰ ধন ঘটাৰ বহুত উপায় আছিল। মাটিবাৰি বয়-বস্তুৰে যোত্ৰৱন্ত আছিল। তেওঁ আগেয়ে মহাপুৰুষীয়া আছিল; কিন্তু গুৱাহাটীৰ ৺কালীকুমাৰ বৰুৱাৰ পৰা মন্ত্ৰ লৈ শাক্ত হয়। আৰু তেতিয়াৰেপৰা শক্তিৰ উপাসক হয়। কামৰূপৰ [ ৩১ ] কামাখ্যা দেৱালয়ৰ ভুবনেশ্বৰী মন্দিৰৰ ওপৰৰ কলচীটো বহুত টকা খৰচ কৰি তেখেতে সোণেৰে বন্ধাই দিয়ে। যিদিনা কলচী লগোৱা কাম সমাধা হয়, সেইদিনা মন্দিৰৰ কলচী প্ৰতিষ্ঠাৰ হোম আদি নানা পৱিত্ৰ অনুষ্ঠান হয়। আৰু সেই অনুষ্ঠানলৈ গুৱাহাটীৰ গণ্যমান্য লোকসকল নিমন্ত্ৰিত হৈছিল। সোণাৰাম বৰাৰ সহধৰ্ম্মিণী বৰ ধৰ্ম্মপৰায়ণা আছিল। পূজাসেৱা, দেৱদেবীলৈ বলি বিধান আদি সততে দি আছিল। শেষত প্ৰায় ওঠৰ বছৰ কাশীবাস কৰি দেহত্যাগ কৰে। সোণাৰাম বৰাৰ ঘৰ আৰু সত্যনাথ বৰাৰ ঘৰ একে হাউলীতে আছিল।

সত্যনাথৰ ছাত্ৰ অৱস্থা।

 সত্যনাথ বৰাৰ ৪।৫ বছৰত বিদ্যাৰম্ভ হয়। এই কালত সত্যনাথে ওজাদেৱৰ হাতত কিদৰে মাৰ-কিল খাইছিল তাৰ বিৱৰণ এটি লিখকে লিখি থোৱা আছে, “তহানি লৰাকালত ক-খ পঢ়া অৱস্থাত ওজাদেৱে মাৰিছিল। প্ৰথম দিনা মাৰোতে ভাবিছিলোঁ,-এওঁ মোক মাৰিছেহে, মই আজি আইৰ আগত কৈ দিম, আয়ে এওঁক এশিকনি দিব, ককাইটিয়ে বা ভাইটিয়ে মাৰিলে মই আইত গোচৰ দিছিলোঁ, আৰু আয়ে অমুকক কিয় মাৰিছিলি বুলি সিহঁতক মাৰিছিল, আইৰ মাৰ [ ৩২ ] খাই সিহঁতে মোক নমৰা হৈছিল। ওজাদেৱে মৰাতো আয়ে ওজাদেৱক মাৰি দিব বুলি ভাবিছিলোঁ; আৰু সেই বিশ্বাসতে আইত গোচৰ দিছিলোঁ; কিন্তু আয়ে দেখোঁ ওজাদেৱক মাৰক ছাৰি মোকেহে চকু পোন্দাই ধৰিছিল। মোক মৰা বাবে তেখেতে ওজাদেৱৰ শলাগহে লৈছিল। মই ভাবিছিলোঁ ওজাদেও গেৰা মহটো যেন শকত, আয়ে ভয় কবে, এইবাৰ দেউতাকে কৈ দিম। কলোঁও কিন্তু আইতকৈ দেউতাৰ খং চাৰ হল। মই কথা কবলৈহে পালোঁ, মোক আগৰ পৰা ডবিয়াই খেদি দিলে। এইদৰে সিবিলাকৰ কোনোজনৰ ওচৰত মুখ নাপাই সেই দিনাৰ পৰা ওজাদেৱৰ মাৰ-কিল সহি থাকিবলৈ ধৰিলোঁ”। তেওঁৰ লৰাকাল আৰু ডেকাকাল নামে দুটা কবিতাতো লৰালিৰ আত্মস্মৃতিৰ উল্লেখ আছে।

ৰাতি পুৱা ৰঙ্গা ৰদ পিঠিত লগাই,
তুলি থোৱা চেঁচা ভাত দুটামান খাই।
হাত মছি তপিলাত,
ছকঠীয়া লৈ গাত,
লগৰীয়াৰ লগ-লাগি ফুৰো নাছি বাগি,
এতিয়া দেখোন হলো বিষাদৰ ভাগি।
*     *     *   *    *
*     *     *   *    *
নিজান ভৰলু দাঁতি
বহি তাতে কাণ পাতি

[ ৩৩ ]

শুনিছিলো কলকলি প্ৰখৰ সোঁতৰ,
লৈছিলো সুশীতল বাও আনন্দৰ।

 পিছত আখৰ চিনি পাওঁতেই গুৱাহাটীৰ ছাত্ৰবৃত্তি স্কুলত সত্যনাথক নাম লগাই দিয়া হল। অসমৰ স্কুলবিলাকত তেতিয়া ভুলক্ৰমে বঙ্গলা ভাষাহে চলিছিল। অসমীয়া শিক্ষিত সমাজত কথাবাৰ্ত্তা পাতোতে নাইবা চিঠিপত্ৰ লিখোঁতে মাতৃভাষা অসমীয়া ব্যৱহাৰ কৰা অগৌৰৱৰ কথা বুলি ভাবিছিল। অসমীয়া লৰাই পোনতে আখৰ চিনিবলৈ তেতিয়া হেমচন্দ্ৰ বৰুৱাৰ ‘আদি পাঠ’ নাইবা পানীন্দ্ৰনাথ গগৈৰ ‘লৰাপাঠ’ নাপাইছিল। “শিশুশিক্ষা” আৰু “বৰ্ণ-পৰিচয়” কিতাপেৰে অসমীয়াই ক, খ, শিকিছিল। “লেখা-পঢ়া কৰে যেই গাড়ী ঘোড়া চড়ে সেই” অসমীয়া লৰাৰ মুখে শুনা গৈছিল। সত্যনাথেও এই বঙ্গলা ভাষাকে শিকি ছাত্ৰবৃত্তি স্কুলত কৃতিত্ব দেখুইৱাইছিল। ছাত্ৰবৃত্তি স্কুলখন তেতিয়া বৰ্ত্তমান গুৱাহাটীৰ কলেজিয়েট স্কুলৰ পশ্চিমৰ ফালে থকা দীঘলীয়া ঘৰটোত আছিল। এই স্কুলত তেওঁ এবছৰো কোনো শ্ৰেণীতে নৰৈ সুখ্যাতিৰে পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তেতিয়াৰ দিনত ভাল লৰাবিলাকক পৰীক্ষকে পৰীক্ষাত ভাল পালে কাগজ, কলম, পেঞ্চিল আৰু চিয়াহী বটা দিছিল। সত্যনাথে এনে বটা সততে পাই আছিল। তেওঁ মুঠে গাত এখন চেলেঙ নাইবা লৰা-কাপোৰ এডোখৰ লৈ স্কুল কৰিছিল। খোৱা-বোৱাত অতি কষ্ট পাইছিল। আনকি কেইবা দিনো [ ৩৪ ] ভীম কল খাই স্কুল কৰিছিল। ছাত্ৰবৃত্তি স্কুলত উত্তীৰ্ণ হৈ তেওঁ গুৱাহাটীৰ গৱৰ্ণমেন্ট হাইস্কুলত নাম লগালে। এই হাইস্কুলখন আসামৰ আটাইবোৰ হাইস্কুলতকৈ প্ৰাচীন। ১৮৩৬ খৃঃ ভাবতবৰ্ষৰ গভৰ্ণৰ জেনেৰেল উইলিয়াম বেন্টিঙ্কৰ আদেশ অনুসৰি গোটেই ভাৰতত বহুত স্কুল স্থাপিত হয়। সেই সময়তে অসমতো এইখন স্কুল স্থাপন কৰা হয়। ইয়াৰ প্ৰথম হেড্মা‌ষ্টৰ ডব্লিউ ৰবিনচন নামে এজন সজ প্ৰকৃতিৰ পাদুৰি চাহাব আছিল। তেতিয়াৰ দিনত মাষ্টৰ সকলে আহি অভিভাৱক সকলক লৰা স্কুলত দিবলৈ বুজনি দিছিল। পঢ়োতা লৰাবিলাকে মাচুলটো দিব নেলাগিছিলেই তদুপৰি কিতাপ, কাগজ, কলম আদিও স্কুলৰপৰা দিয়া হৈছিল। ১৮৫৭ খৃষ্টাব্দত কলিকতা বিশ্ববিদ্যালয় স্থাপন হোৱাৰ লগে লগে এই স্কুলখনো বিশ্ববিদ্যালয়ৰ অন্তৰ্ভূত হয় আৰু এণ্ট্ৰেঞ্চ, পৰীক্ষা এই স্কুলৰপৰা দিব পৰাৰ ক্ষমতা প্ৰাপ্ত হয়। ১৮৬৬ খৃষ্টাব্দৰ মেই মাহত এই স্কুলৰ লগত এফ-এ ক্লাছো খোলা হয় আৰু ১৮৭০ খৃষ্টাব্দত এখন ল ক্লাছো ইয়াৰ লগতে দিয়া হয়। কিন্তু ছাত্ৰৰ অভাৱত ১৮৭৬ খৃষ্টাব্দত এফ-এ ক্লাছ আৰু ল ক্লাছ বন্ধ কৰি দি কেৱল এণ্ট্ৰেঞ্চ স্কুল কৰিয়ে ৰখা হয়। বৰ্ত্তমান যি ঠাইত গুৱাহাটী কলেজিয়েট স্কুল আছে আগেয়েও সেই ঠাইতে আছিল। কিন্তু আজিৰ স্কুল ঘৰটো আগৰ সেই ঘৰ নহয়। ইং ১৮৯৭ খৃষ্টাব্দত হোৱা ভাঙৰ ভূমিকম্পৰ পিছত সজা। ৺ বাবু শ্ৰীনাথ সেন, ক্ষেত্ৰমোহন সেন, [ ৩৫ ] জন্মিজয় দাস, অভয়চৰণ শৰ্ম্মা আদি বঙ্গদেশৰ বিশিষ্ট শিক্ষিত লোক সকলৰ হাতত এই স্কুল পৰিচালনাৰ ভাৰ যথাক্ৰমে পৰে। ৺সত্যনাথ বৰাই যেতিয়া এই স্কুলত নাম লগায় তেতিয়া স্কুলৰ হেডমাষ্টৰ আছিল বাবু শ্ৰীনাথ সেন।

 সত্যনাথে স্কুলত দুবছৰ পঢ়োতেই বুঢ়ীমাকৰ মৃত্যু হয়। এতিয়া আৰু সত্যনাথ অকলশৰীয়া হল। স্কুলত পঢ়া দূৰৈত থাওক পেটৰ ভাত মুঠিৰো ঠি ক নোহোৱা হল। খৰছৰ অভাৱত স্কুল এৰি ভগা পজাত ৰাতিটো কটাই দিনৰে দিনটো এনেয়ে নিয়াব ধৰিলে। আহা! সংসাৰত পিতৃ-মাতৃহীন হলে অভিভাৱকৰ অভাৱ হলে এনে কত অসম-সন্তানৰ বিলাই বিপত্তি মিলে, কতজনৰ মানসিক স্বাভাবিক বৃত্তি থকাতো উপযুক্ত ব্যৱহাৰৰ অভাৱত সকলো লোপ পায় তাক কোনো জানে। সত্যনাথ স্কুলত থাকোতে শিক্ষক- সকলৰ বৰ প্ৰিয় আছিল। তেওঁ সহজে কথা মনত ৰাখিছিল, স্বভাৱ-চৰিত্ৰ উত্তম আছিল আৰু মুখত যেন সদায় এটা উজ্জ্বল ভাব ফুটি ওলাইছিল। শিক্ষক সকলে এনেজন ছাত্ৰই খৰছৰ অভাৱত ছাত্ৰজীৱন সামৰিব লগা হোৱা দেখি তেওঁৰ দদায়েক সোণাৰাম বৰাক সত্যনাথৰ গুণৰ কথা কৈ পঢ়ুৱাবলৈ অনুৰোধ কৰিলে। সোণাৰাম বৰায়ো সত্য- নাথৰ ৰেহ-ৰূপ, মনৰ গতিবিধি মনে মনে লক্ষ্য কৰি আছিল। তেওঁৰ মনেও সত্যনাথক শিক্ষা দিবলৈ অভিলাষ কৰি আছিল। এতিয়া শিক্ষকসকলৰ কথা শুনি সোণাৰাম বৰাই সত্যনাথক [ ৩৬ ] পঢ়ুৱাবলৈ গাত ললে আৰু সত্যনাথক স্কুলত পুনৰ নাম লগাই দি নিয়মিতৰূপে স্কুলত পঢ়া-শুনা কৰিবলৈ দদায়েকে ভতিজাকক মৰমেৰে আদেশ দিলে। এই মুহুৰ্ত্তৰপৰা সত্য- নাথৰ ছাত্ৰ-জীৱনৰ বি-এল পঢ়ালৈকে সকলো খৰছ সোণাৰাম বৰাই বহন কৰিলে। আৰু তেখেতৰ যত্নতেই সত্যনাথে উপযুক্ত শিক্ষা লভি দেশৰ সুপ্ৰসিদ্ধ সাহিত্যিক হৈ অসম- মাতৃৰ বয়ান উজ্জ্বল কৰিব পাৰিলে।

 গুৱাহাটীৰ এণ্টেঞ্চ স্কুলত পঢ়াকালডোখৰত সত্যনাথ সদায় শ্ৰেণীত প্ৰথম দ্বিতীয় হৈ প্ৰমোচন পাইছিল। ১৮৮১ চনত প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কলেজৰ উচ্চ শিক্ষা লভিবলৈ কলিকতালৈ যাত্ৰা কৰে। সেই সময়ত কলিকতালৈ পঢ়িবলৈ যোৱা অসমীয়া ছাত্ৰৰ সংখ্যা নিচেই তাকৰ আছিল। সত্যনাথ যি বছৰ কলিকতালৈ ওলাল সেই বছৰ গোটেইখন অসমদেশৰ পৰা মাথোন কেইজনমান ছাত্ৰহে কলিকতালৈ গৈছিল। যোৰহাটৰ শ্ৰীযুত গোপীনাথ বৰদলৈ বি-এল, সত্যনাথৰ সহচৰ হল। গুৱাহাটীৰপৰা দুয়ো একে লগে কলি- কতালৈ উচ্চশিক্ষাৰ বাবে জাহাজত যাত্ৰা কৰিলে। তেতিয়াৰ দিনত কলিকতালৈ যাব লাগিলে প্ৰায় এসপ্তাহ লাগিছিল। আজিকালিৰ দৰে ১৮ বা ২০ ঘণ্টাৰ বাট নাছিল। কিন্তু আনন্দৰাম ঢেকিয়াল ফুকনৰ কলিকতালৈ যাওঁতে যিমান দিন লাগিছিল এতিয়া সত্যনাথৰ দিনত তাতকৈ কম দিন লাগিল। গোপীনাথ বৰদলৈ আৰু সত্যনাথ দুয়ো কলিকতালৈ ৰাওনা [ ৩৭ ] হল। তেওঁ কলিকতাত প্ৰায় ৪।৫ বছৰ আছিল। বিশ্ববিদ্যালয়ৰ পৰা বি, এ, উপাধি লাভ কৰি আইন কলেজত নাম লগায়। তেতিয়াৰ দিনত আইন পৰীক্ষা দুবছৰতে শেষ হৈছিল।

 সত্যনাথৰ আইন বিষয়ত বৰ হেপাহ আছিল আৰু উকীল হবলৈ বৰ ধাউতি আছিল। কিন্তু আইনৰ শেষ পৰীক্ষাটোত কোনো কাৰণত উত্তীৰ্ণ হব নোৱাৰি ফুৰিদপুৰ জিলাত Hindu Academy হিন্দু একাডেমিত এবছৰলৈ হেডমাষ্টৰী কাম কৰে। তাৰ পিছত ১৮৮৯ খৃষ্টাব্দত আইনৰ শেষ পৰীক্ষাত উত্তীৰ্ণ হৈ বি-এল উপাধি ধাৰণ কৰে।

 সত্যনাথ বৰাৰ সহচৰ যোৰহাটৰ উকীল শ্ৰীযুত গোপীনাথ বৰদলৈয়ে আমাৰ বিশেষ অনুৰোধত লিখি দিয়া তেতিয়াৰ দিনৰ কলিকতীয়া জীৱনৰ কথা অপ্ৰাসঙ্গিক নহব বুলি তলত দিয়া হল।

 “ইংৰাজী ১৮৮১ চনৰ জানুৱাৰী মাহত এণ্ট্ৰেঞ্চ পৰীক্ষাৰ ফল ওলাৱাৰ পাচত ৺সত্যনাথ বৰা প্ৰথমতে ৰিভাৰ ষ্টিম নেভিগেচন কোম্পানীৰ এখন বৰ জাহাজত গুৱাহাটীৰ পৰা কলিকতালৈ এফ-এ পঢ়িবলৈ যায়। মই সেই জাহাজতে সেই উদ্দেশ্যেৰেই ডিব্ৰুগড়ৰ পৰা কলিকতালৈ ৰাও কৰি- ছিলোঁ। সেই জাহাজতে সত্যনাথ উঠা বাবে মোৰে সৈতে তেওঁৰ গুৱাহাটীৰ ঘাট এৰি আহোঁতেই প্ৰথম চিনাকী হয় আৰু দুয়োৰে মাজত প্ৰণয় জন্মি উঠে। তেওঁৰ স্বভাৱ গুণেই মোৰে সৈতে প্ৰণয় বেগতে বৃদ্ধি হল। তেওঁ জাহাজত [ ৩৮ ]

যাওঁতেই “গুঞ্জৰে অলি কুসুম কাননে” এই গানটি গাই গাই গৈছিল। তাৰ লগতে অৱশ্যে দুই এটি বঙ্গালী গানো গাইছিল। তেওঁৰ গানত সেই সময়ৰে পৰা ৰাপ আছিল আৰু তেওঁৰ মাত তেনে বেয়া নাছিল।

 সেই সময়ত ইণ্ডিয়ান জেনেৰেল ষ্টিম নেভিগেচন কোম্পানী আৰু ওপৰত উল্লেখ কৰা ৰিভাৰ ষ্টিম নেভিগেচন কোম্পানীৰ জাহাজ আৰু পানচৈ নাওঁৰ বাহিৰে জলপথে দি বঙ্গল দেশৰ ফালৰ পৰা ওপৰ অসম পৰ্য্যন্ত যাতায়াত কৰিবলৈ আৰু অন্য একো উপাই নাছিল। স্থলপথেও খোজকাঢ়ি বা কোনো জানোৱাৰৰ ওপৰত উঠি যাবলৈ উপায় নাছিল। আৰু কোনো ৰেলো নাছিল। এনে অৱস্থাত ডিব্ৰুগড়ৰ পৰা কলিকতালৈ যাবলৈ হলে কোনো জাহাজ বা নাৱত উঠি ধুবুৰী পৰ্য্যন্ত যাব লাগিছিল। ধুবুৰী পাই পুনৰ নাৱত উঠি যাত্ৰাপুৰলৈ গৈ যাত্ৰাপুৰত কি ধুবুৰী গ্ৰামত ৰেলত উঠি কাউনিয়াই দি কলিকতালৈ যাব পাৰিছিল। নতুবা ধুবুৰীত উজানৰ পৰা যোৱা জাহাজতে থাকি গোৱালন্দ পৰ্য্যন্ত জাহাজত গৈ তাৰ পৰা ৰেলত উঠি কলিকতা পাইছিল গৈ। গোৱালৰ পৰা কলিকতা ১৫২ মাইল। তেতিয়া এই ফেৰা বাট ৰেলত যাওঁতে বৰ কষ্ট নাছিল। সেই কাৰণে বেচি ভাগেই গোৱালন্দই দি কলিকতালৈ গৈছিল। কিন্তু যাত্ৰা- পুৰৰ ৰাস্তাই দি কলিকতালৈ গলে উঠা নমাত আৰু ঘাট পাৰ হোৱাত বৰ অসুবিধা আছিল, কিন্তু চমু; এদিনতে [ ৩৯ ] কলিকতা পাইছিল গৈ। সেই বাবে কোনো কোনো মানুহে সেই ৰাস্তাকে প্ৰশস্ত যেন ভাবি কলিকতালৈ গৈছিল।

 সেই সময়ত ডাঙ্গৰ সদাগৰি জাহাজৰ বাহিৰে ডাকনিয়া বা বগাই চলোৱা জাহাজ নাছিল। সেই হেতু ঘাটে ঘাটে মাল লৈ যাওঁতে কোনো কোনো ঘাটত মাল অনুযায়ী জাহাজ ২।৩ দিন বহি থাকিব লাগিছিল। এনেকৈ যাওঁতে যাওঁতে ডিব্ৰুগড়ৰ পৰা গোৱালন্দ পোৱাত ১৯ দিন লাগিছিল। গুৱাহাটী কিমান দিনত পালেগৈ মোৰ মনত নাই। যেই দিনেই পাওঁক নেপাওঁক মই ৺সত্যনাথ বৰাৰ লগত গোৱালনন্দই দি কলিকতা পহুছাত অতি কমেও এ সপ্তাহমান হব পায়। ৰেলত উঠি উভয়ে কলিকতা পাই পোন-প্ৰথমতে ১০৪নং আমহাৰ্ষ্ট ষ্ট্ৰীটত সেই সময়ৰ কলিকতালৈ পঢ়িবলৈ যোৱা অসমীয়া ছাত্ৰই কেৰেয়া কৰি থকা ঘৰত ৺সত্যনাথ বৰা আৰু মই উঠি থাকিলোঁগৈ। সেই ঘৰত ১০/১২ জন ছাত্ৰৰ কাৰণে ঠাই আছিল। আমিও সেই ঘৰতে ঠাই পালোঁগৈ। তেতিয়া কলিকতা বিশ্ববিদ্যালয় মঞ্জুৰি সিটি কলেজ বঙ্গালী বাবু কেইজনমানে প্ৰথম স্থাপিত কৰি প্ৰথম বাৰ্ষিক ক্লাচ খোলে। সেই কলেজতে আমি প্ৰথম নাম লগাওঁ। তেতিয়া আসাম গৱৰ্ণমেণ্টে দিয়া স্কলাৰসিপ্‌ ২।৪টাৰ বাহিৰে কলেজত পঢ়িবলৈ যোৱা অসমীয়া ছাত্ৰ- বিলাকৰ বৃত্তি নাছিল। যদিও ৺সত্যনাথ বৰা এন্ট্ৰেঞ্চ পৰীক্ষাত দ্বিতীয় বিভাগত পাচ হৈছিল তেওঁ বৃত্তি ধৰিব [ ৪০ ] নোৱাৰিলে। মই ডিব্ৰুগড়ৰ পৰা পাচ হৈছিলো দেখি তৃতীয় বিভাগতে ১০্‌ বৃত্তি পাইছিলো। ৺সত্যনাথ বৰাক তেওঁৰ মৰমৰ দদায়েক ৺সোণাৰাম বৰাই সৰুৰে পৰা মাউৰা লৰা দেখি খৰছপাতিৰে সহায় কৰিছিল। তেওঁৰ অনুগ্ৰহৰ বাবে ৺সত্যনাথ বৰাই কলিকতা বিশ্ববিদ্যালয়ৰ বি-এ আৰু বি-এল ডিগ্ৰি সুখ্যাতিৰে লাভ কৰি আৰু মনৰ সুখেৰে থাকি বহুতো ধন উপাৰ্জ্জন কৰি সুযোগ্য় দুটি পুত্ৰ ৰাখি সংসাৰৰ পৰা বিদায় ললে।

 কলিকতাত থাকোঁতে একে ঘৰতে শিৱসাগৰ জিলাৰ ৺ইন্দিবৰ চিৰস্তাদাৰৰ পুতেক ৺মহেন্দ্ৰনাথ বৰুৱা এণ্ট্ৰেঞ্চ পৰীক্ষাত সুখ্যাতিৰে পাচ হৈ আমালোকৰ লগৰীয়া হল। এওঁৰ জ্যেষ্ঠ দদাক শ্ৰীযুত উপেন্দ্ৰনাথ বৰুৱা এতিয়াও এখন স্কুল পাতি খাই বই জীয়াই আছে। এওঁ আমি যাওঁতে ২য় কি ৩য় বাৎসৰিক শ্ৰেণীত সেই ঘৰতে থাকি কলেজত পঢ়িছিল। তেওঁৰ আলমতে ৺মহেন্দ্ৰনাথ বৰুৱা একে ঘৰতে থাকি প্ৰেচিডেন্সি কলেজত নাম লগাই ১ মাহ মান পঢ়িলে। ভাৰ পাচত তেওঁৰ গ্ৰহণী বেমাৰ হৈ সকলো ছাত্ৰবৃন্দকে আন কি তেওঁক পঢ়োৱা বিখ্যাত হেডমাষ্টৰ চন্দ্ৰমোহন গোস্বামী সেই সময়ত একে ঘৰতে থকাত তেওঁকো শোকাকুল অৱস্থাত পেলাই এই জগতৰ পৰা প্ৰস্থান কৰিলে। এওঁৰ বাবে সকলোৱে মনত বৰ দুঃখ পালে কাৰণ তেওঁ আসামৰ এজন বৰ বুদ্ধিমান ছাত্ৰ আছিল। আমি “ত্ৰিগনমেৰ্ট্ৰি” [ ৪১ ] অলপকে নুবুজিছিলোঁ, কিন্তু তেওঁ প্ৰেচিডেন্সি কলেজত পঢ়া বাবে আৰু বুদ্ধি বলেৰে এক মাহৰ ভিতৰতে ভালকৈ বুজি উঠিছিল।

 মহেন্দ্ৰনাথ মৰাত আমিয়ো দুখ বেজাৰ পাই আৰু ভয়ত কেইজনমানে পঢ়াশুনা এৰি ঘৰলৈ ফিৰি অহাৰ প্ৰস্তাব কৰি টালি-টোপোল বান্ধিছিলোঁ। ৺সত্যনাথ বৰাই মনত ভয় নাৰাখি ঘৰলৈ উলটি আহিবলৈ কোনো ভাব প্ৰকাশ নকৰিলে।

 সিটি কলেজ স্থাপন কৰোঁতেই উমেশচন্দ্ৰ দত্ত বুলি এজন গ্ৰেজুয়েট প্ৰিন্সিপাল হৈ আহে। এওঁৰ যত্ন আৰু উদ্যোগত সিটি কলেজে লাহে লাহে উন্নতি কৰিবলৈ ধৰিলে। ইংৰাজীৰ প্ৰফেচাৰ শ্ৰীযুত হেড়ম্বচন্দ্ৰ মৈত্ৰ এতিয়াও জীয়াই আছে। ইয়াৰ অঙ্ক পঢ়োৱা আধা আধি প্ৰফেচাৰ স্বৰূপ আছিল ৺ আনন্দমোহন বসু। ইংৰাজী পঢ়োৱা, প্ৰফেচাৰ আছিল ৺ ঠাকুৰেন্দ্ৰনাথ বানাৰ্জ্জি। এওঁবিলাকৰ শিক্ষা আৰু সজ গুণত ৺ সত্যনাথ বৰায়ো সিটি কলেজত পঢ়াৰেপৰা অমায়িক গুণ শিকিছিল আৰু তেনে আচৰণো কৰিছিল।

 সিটি কলেজত দুই বছৰ পঢ়ি মই আৰু ৺সত্যনাথ বৰাই এফ-এ পৰীক্ষা পাচ কৰি বি-এ ক্লাচলৈ আহিলোঁ, কিন্তু সিটি কলেজত তেতিয়া বি-এ ক্লাচ নোখোলা বাবে তেওঁ আৰু মই সেই কলেজ এৰি আন কলেজত পাঢ়িলোঁ। তেওঁ ইতিহাস বৰ ভাল পাইছিল আৰু পঢ়িছিল। বি-এ দুই বছৰ পঢ়ি [ ৪২ ] পৰীক্ষা দিয়া হল, কিন্তু ভাগ্যবশতঃ উভয়ে পাচ কৰিব নোৱাৰিলোঁ। তেতিয়া কলিকতাৰ কলেজত এনেই এবছৰ নিজ খৰছত থাকিব লগীয়া হোৱাত ৺সত্যনাথ বৰাই ফৰিদ- পুৰত কেইমাহমান মাষ্টৰি কাম সুখ্যাতিৰে কৰি আহি পৰীক্ষাৰ সময়ত কলিকতালৈ পুনৰ ঘুৰি আহি বি-এ পৰীক্ষা দি পাচ কৰিলে।

 এফ-এ শ্ৰেণীত পঢ়োতে ৺সত্যনাথ বৰা কলিকতাৰ চুক কোণ আৰু হোটেল আদিৰ খোজ খবৰ বেচিকৈ ৰাখিছিল। কলেজৰ পৰা ছুটি হৈ গলে গধূলি বেলিকা কলিকতাৰ মৈদান আৰু ইডেন গাৰ্ডেন আদিত ফুৰি চাকি ৰাতি হলে হোটেলত কফি আৰু চাহ খাই, ঘৰলৈ আহি ভাত-পানী খাই, পঢ়া-শুনাৰ চৰ্চ্চা কৰি শুই থাকিছিল। সময়ে সময়ে থিয়েটাৰ চাবলৈ গৈছিল। কলেজ বন্ধ হলে সময়ে সময়ে ৰবিবাৰ চায় তেওঁৰ লগত থকা অন্যবোৰ প্ৰায় অসমীয়া লৰাই তাচ খেলে। সত্যনাথ বৰাৰ কিন্তু সেইবোৰ কামত বৰকৈ ৰতি নাছিল। তেওঁ মিটিং আদিত আৰু অন্যান্য লেক্চা‌ৰ আদিত যোগ দিব ভাল পাইছিল আৰু অসমীয়া ভাষাত দুই চাৰি ফাকি ৰচনা কৰিবলৈ চেষ্টা কৰিছিল।

 ইং ১৮৮৩ চনত কলিকাতাত এখন ডাঙ্গৰ মেলা হৈছিল। সেই মেলাত নানা দেশীয় সূতা-নেতা, কাপোৰ- কানি, বাচন-বৰ্ত্তন, অস্ত্ৰ-শস্ত্ৰ আদি প্ৰজাক দেখুৱা হৈছিল।

সেই মেলা সম্বন্ধে ৺ কৃষ্ণকান্ত গগৈ হাতী বৰুৱা নামেৰে [ ৪৩ ]
 

কলিকতাত ছাত্ৰ ৺ সত্যনাথ বৰা।

 
[ ৪৫ ]

এজন যোৰহাটৰ ভদ্ৰলোকে কলিকতালৈ গৈ ৰিহা সূতাৰ উপযোগিতা আৰু অন্য কিছু বিধ সূতাৰ ব্যৱহাৰ দেখুইৱাছিলগৈ। তেওঁক সেই সময়ত কলিকতাত থকা অসমীয়া ছাত্ৰবিলাকে আদৰ সম্মানেৰে তেওঁৰ আৰু তেওঁক উপলক্ষ্য কৰি অসমীয়া মানুহৰ অস্তিত্ব বুজাবলৈ যত্ন কৰিছিল, অন্য কি এওঁক আসাম গৱৰ্ণমেণ্টৰ প্ৰধান কাৰ্য্যকাৰক চাৰ এলফ্ৰেড লাইএল চাহাবেও উৎসাহ দি কলিকতা নগৰলৈ যাবলৈ সহায় কৰিছিল বুলি আমি শুনিবলৈ পাইছিলোঁ। কলিকতা মিউজিয়মত এওঁৰ গোটেই শৰীৰৰ আকৃতি সাজি ৰখা হৈছিল। সেই আকৃতি আজি-কালিও থাকিব পায়। আৰু সেই মেলাতে আসাম আদি অনেক পৰ্ব্বতীয়া ঠাইৰ অসভ্য আদিম জাতিৰ মানুহৰ আকৃতি মাটিৰে সাজি, পোছাক দি, ধেনু কাঁড় আদি অস্ত্ৰ-শস্ত্ৰ হাতত দি ৰাখিছিল; সেইবোৰ জাতিৰ আকৃতি আজি পৰ্য্যন্ত কলিকতাৰ মিউজিয়মত দেখিবলৈ পোৱা যায়।

 এই মেলা ভগাৰ পাচত কলিকতাৰ অসমীয়া ছাত্ৰই কিছু সময় পাই ইংৰাজী মহাকবি সেক্সপিয়েৰৰ ‘কমোদি অব এবৰচ’ নাটকখন অসমীয়া ভাষাত মোটামুটি ভাবে তৰ্জ্জমা কৰিছিল। এই তৰ্জ্জমাত আৰু ৰচনাত সত্যনাথ বৰাৰো কিছু ভাগ আছিল। এই নাটকখন “ভ্ৰমৰঙ্গ” নামে প্ৰখ্যাত হৈ আজিকালিও অসমীয়া থিয়েটাৰত অভিনীত হৈ থাকে।

 ১৮৮৬ চনৰ মাৰ্চ মাহত বি-এ পৰীক্ষাত ৺সত্যনাথ বৰা [ ৪৬ ] আৰু মই দুয়ো উত্তীৰ্ণ হৈ পুনৰ বি-এল পৰীক্ষা দিবলৈ কলিকতাত থাকি দুই বছৰ লেকচাৰ শুনিবলৈ ধৰিলোঁ। দুবছৰ অতীত হোৱাৰ পাচত বি-এল পৰীক্ষাতো উভয়ে ফেল হলোহঁক। আমালোকে অসমীয়া ছাত্ৰবৃন্দ ১৮৮৬ চনৰ বি-এ পৰীক্ষাত ৬ কি ৭ জন একেবাৰে পাচ হৈছিলোঁ- হক। তেতিয়া আসাম গৱৰ্ণমেণ্টে আটাই কেইজনক এক বছৰলৈ মাহেকত ৫০্‌ কি ৬০্‌ টকা দৰমহাত যেই সেই জিলাৰ অফিচত কাম শিকি পাচত Provincial Serviceত ভৰ্ত্তি কৰিব বুলি আশা দি প্ৰত্যেক গ্ৰেজুয়েটলৈ একোখন চিঠি দিছিলে। কিন্তু দুৰ্ভাগ্য বা সৌভাগ্যবশতঃ কোনো এজনে সেই কামত সোমাবলৈ মন নকৰি চিঠিৰ জবাবত “কাম নকৰোঁ” বুলি উত্তৰ দিলে। ইয়াৰ ভিতৰৰ ৺সত্যনাথ বৰাও এজন আছিল। বি-এ পঢ়োঁতে কলিকতাৰ অসমীয়া ছাত্ৰবৃন্দই “Assamese Students Literary Club” নামেৰে এখন সভা স্থাপন কৰে। সেই সভাত সকলো অসমীয়াই যোগ দি কিছু ৰচনা পাঠ আৰু লেক্চা‌ৰ আদি দি ইংৰাজীৰে কথাবাৰ্ত্তা কৰিবলৈ শিক্ষা কৰিছিল। এই সভাৰ প্ৰধান এজন সভ্য আছিল ৺সত্যনাথ বৰা। তেওঁ এই সভাতে ইংৰাজীৰে বাদানুবাদ কৰি আৰু লেক্চাৰ দি ইংৰাজী কথাৰ অভ্যাস কৰিছিল, আৰু এই সভাতে তেওঁ ইংৰাজী ভাষাত লেক্চাৰ দি পৈণত হৈছিল।

 ১৮৮৬ চনত যেতিয়া কেবাজনো অসমীয়া ছাত্ৰই বি-এ [ ৪৭ ] পাচ কৰিছিল। তেতিয়া কলিকতাৰ মহামান্য হাইকোৰ্টৰ অসমীয়া Translator এজনৰ দৰ্কাৰ হোৱাত সেই কাৰ্য্যত ভৰ্ত্তি কৰিবলৈ পৰীক্ষাৰ জাননী দিছিল এই পৰীক্ষাত ৺সত্য- নাথ বৰাকে আদি কৰি অসমীয়া গ্ৰেজুয়েট কেইজনে পাচ হবলৈ পৰীক্ষা দিছিল। কিন্তু সেই পৰীক্ষাত শ্ৰীযুত ৰমাকান্ত বৰকাকতী প্ৰথম হোৱা বাবে তেওঁকে সেই কামত ভৰ্ত্তি কৰিলে। কাজেই উক্ত বৰকাকতীয়ে সেই কামত ভৰ্ত্তি হোৱা বাবে বি-এল পঢ়িবলৈ এৰি দিলে। ই কেইজনে বি-এল পঢ়ি সময় মতে পাচ কৰি ওকালতি কৰিবলৈ আসামলৈ ফিৰি আহিল আৰু পঢ়া শেষ কৰিলে।”

সত্যনাথৰ সাংসাৰিক অৱস্থা।

 ১৮৮৯ খৃষ্টাব্দত সত্যনাথ বৰা উকীল হৈ গুৱাহাটী পালেহি।

 গুৱাহাটীত সত্যনাথ অসমীয়াৰ ভিতৰত প্ৰথম বি-এল। তেতিয়াৰ উকিলখানাত অসমীয়া উকিল মুক্তিয়াৰৰ ভিতৰত আছিল, ৺মহেশ্বৰ গোস্বামী, শ্ৰীযুত সোণাৰাম ৰাজমেধি, ৺বেণুধৰ বৰুৱা আদি। বি-এল উকীলৰ ভিতৰত আছিল আজিৰ ৰায় বাহাদুৰ কালীচৰণ সেন, বাবু মহেন্দ্ৰমোহন লাহিড়ী, বাবু ললিতমোহন লাহিড়ী আদি। সত্যনাথ বি-এল হৈ অহাত অসমীয়া মানুহে গুৱাহাটীত তেওঁক কেইবা ঠাইতো [ ৪৮ ] অভ্যৰ্থনা কৰিছিল। গুৱাহাটীৰ নতুন উকীল সত্যনাথ কেৱল যে কছাৰীৰ মোকৰ্দ্দমাৰ নিমিত্তেহে আছিল এনে নহয় প্ৰায় সকলোবোৰ কথাতে অসমীয়া মানুহে তেওঁৰ পৰামৰ্শ লৈছিল।

 ভৰলুমুখত সত্যনাথ বৰাৰ ইমান দিনে নিজৰ যি পুৰণি ঘৰ-দুৱাৰ আছিল সেইবোৰ ভাগি ছিগি গল। কেৱল পৈত্ৰিক বাৰী মাটি খিনিহে আছিল। তাত তেওঁ নতুনকৈ ঘৰ সজাই লৈ ওকালতি ব্যৱসায় আৰম্ভ কৰিলে। এই সময়তে তেওঁৰ বিবাহৰ প্ৰস্তাব হল। গুৱাহাটীৰ উজান বজাৰত ৺লক্ষ্মীলাল নামতীয়াল বৰুৱা মন্চুপৰ ঘৰ আছিল। লক্ষ্মীলাল বৰুৱা বৰ্ত্তমান ৰায় বাহাদুৰ কনকলাল বৰুৱা বি-এলৰ পিতৃ। তেওঁ- লোকৰ চাবেক ঘৰ শিৱসাগৰৰ নামতিদলত আছিল। মণি- ৰাম দেৱানৰ বিদ্ৰোহ কালত লক্ষ্মীলাল বৰুৱাৰ পিতৃ দুতিৰাম বৰুৱাৰ ওপৰত কিবা ৰাজনৈতিক সন্দেহ পৰে। আৰু সেই বাবে বৃটিচ গৱৰ্ণমেণ্টে দুতিৰামক নজৰবন্দীত (Intern) গুৱাহাটীত ৰাখে আৰু লগতে গোটেই ঘৰৰ ঘৰোৱাহ গুৱা- হটীয়া হয়হি। লক্ষ্মীলাল বৰুৱাৰ পাঁচজনী কন্যা আৰু দুটি পুত্ৰ আছিল। প্ৰথম কন্যাক ৺হোমশ্বৰ বৰুৱালৈ ( শ্ৰীযুত ভোলানাথ বৰুৱা বি টিৰ পিতৃ ) দ্বিতীয়া কন্যাক মহীনাৰায়ণ বৰালৈ, তৃতীয় কন্যাক অসমৰ ৰাজনীতিজ্ঞ পুৰুষ স্বৰ্গীয় মাণিকচন্দ্ৰ বৰুৱালৈ আৰু পঞ্চম কন্যাক শ্ৰীযুত ৰসিকলাল বৰুৱালৈ বিবাহ দিয়ে। চতুৰ্থা কন্যা ভুবনমোহিনীক [ ৪৯ ] (বৰ্ত্তমান অম্বিকানাথ আৰু জ্ঞাননাথৰ মাতৃ) সত্যনাথ বৰা বি-এলে বিয়া কৰায়। সত্যনাথ বৰাৰ লৰাকালৰ অন্তৰঙ্গ বন্ধু শ্ৰীযুত নবীনৰাম ফুকনৰ উদ্যোগত তেওঁৰ বিয়াৰ শোভাযাত্ৰা অতি সমাৰোহে হৈছিল। আৰু তেওঁৰ বিয়াত অসমীয়া ডেকাই আনন্দ উপভোগ কৰাৰ খুহুতিয়া কথা আজিও লোকসমাজত চলিত আছে, যদিও সেইবোৰ ৰুচিভেদ্য হব বুলি উল্লেখ কৰা নগল। সত্যনাথ বৰাৰ লৰাকালৰ নানাবোৰ ধেমেলীয়া কথা আছে। ডেকাকালৰো ডেকা ধ্বনি লগা অনেক কথা শুনা যায়। যদিও সেইবোৰ বিষয় বহলাই নিলিখি মুঠতে ইয়াকে কব পাৰি যে, তেতিয়াৰ কালত বৃটিচ সভ্যতাৰ কেতবোৰ দোষে শিক্ষিত সমাজক কলঙ্কিত কৰিব খুজি ছিল। সত্যনাথেও তেনেবোৰ দোষৰ ঢৌৰ খুন্দা নোখোৱাকৈ থকা নাছিল। সেই বাবে সত্যনাথে নিজেও কৈছে যে, “লোভ মোহ আদি কৰি দুটা পিশাচে মোক জীৱনৰ আদিতে লগ ধৰিলে, লগ ধৰি যিটো প্ৰলয় ধুমুহা তুলি দিলে মন-সাগৰত একেবাৰে তোলপাৰ লাগি গল। মোৰ জীৱনটো যি ঢৌত পৰিল, তাৰ লগত ৰিজালে নৈৰ ঢৌ কি? একো একো ঢৌ হিমালয় সদৃশ, তাৰ গৰ্জ্জন আৰু আস্ফালন দেখি জীৱ ভয়ত বিতত্‌ হৈ পৰিল। ঢৌৰ কোবত সি এবাৰ হামথুৰি খাই পৰে, এবাৰ চিত হৈ পৰে, এবাৰ সিমূৰলৈ বাগৰি যায়, এবাৰ ইমূৰলৈ বাগৰি আহে। এইদৰে নিকৰুণ পিশাচ কেইটাই মোৰ নিমাখিত নিছলা জীৱটোক জুলুকি জুলুকিকৈ শিকালে। [ ৫০ ] লৰাকালত এই ৰিপুবোৰে অলপকৈ উদ্বহতি কৰিছিল; তেতিয়া খং আছিল খন্তেকীয়া, হিংসা মাথোন দুদিনীয়া, কূৰ্চ্চুট কপটৰ চকুৱেই গজা নাছিল কিন্তু ডেকাকালত সিহঁতৰ উদ্ভণ্ডালি বেচি হল।” সত্যনাথ বৰাই নিজৰ দোষবোৰৰ বিষময় ফল অচিৰেই বুজি মনক এনেদৰে শিলৰ খুটি কৰি বান্ধিলে যে, শেহত তেওঁ অসমীয়াৰ এজন আদৰ্শ বা আৰ্হিপুৰুষ হলগৈ। সত্যনাথৰ শৰীৰক সত্যে সত্যে সকলো সজগুণে সুশোভিত কৰিলে।

 সত্যনাথ বৰা সাংসাৰিক জীৱনত ভাল এজন গৃহস্থ আছিল। তেওঁৰ সাংসাৰিক জীৱন শান্তিপূৰ্ণ আছিল। তেওঁৰ সহধৰ্মিণীও এগৰাকী গুণৱতী মহিলা আছিল। শিপিনীৰ কামত তেখেত অতি পাৰ্গত আছিল। “বিয়াৰ নাম” নামে এখন সম্পূৰ্ণ বিয়াৰ নামৰ কিতাপো তেখেতে লিখি গৈছে। বিয়াৰ নামৰ কিতাপ আগেয়ে কেইবাখনো ছপা হৈ ওলাইছিল। কিন্তু এইখন কিতাপত অসমীয়া বিয়াৰ, বামুণৰ লগুণ দিয়নীৰ আৰু আন মাঙ্গলিক অনুষ্ঠান উপলক্ষে অসমীয়া তিৰোতাই গোৱা আটাইবোৰ নাম ইয়াত ঠাই পাইছে। এই বিয়াৰ নাম সম্পৰ্কে শ্ৰীযুত লক্ষ্মীনাথ বেজ বৰুৱা ডাঙ্গ- ৰীয়াই কয় যে, বিয়াৰ নামৰ গ্ৰন্থকৰ্ত্তৃ শ্ৰীযুতা ভুবনমোহিনী বৰানী, অম্বিকানাথ আৰু জ্ঞাননাথৰ জননী শ্ৰীযুত সত্যনাথ বৰাৰ পত্নী আৰু ৰায় বাহাদুৰ কণকলাল বৰুৱাৰ ভগ্নী, এনে এটি Literary পৰিয়ালৰ পৰা ওলাই অহা কিতাপ অৱশ্যে [ ৫১ ] যে ভাল হব তাত কোনো সন্দেহ নাই। সত্যনাথ বৰাৰ সহধৰ্ম্মিণীয়ে বৰাৰ গৃহস্থালিখন চলাইছিল। অসমীয়া তিৰোতৰ যি ঘৰ চলোৱা কাম, সেই কাম সুন্দৰকৈ চলাই শান্তিপ্ৰিয় সত্যনাথক শান্তি দিছিল। বাৰী পতাত সত্যনাথৰ পত্নী বৰ পটু আছিল। গোপিনী সবাহ ধৰি তেওঁ বৰ প্ৰীতি পাইছিল। সত্যনাথ বৰাৰ মৃত্যুৰ কেই মাহমান আগৰে পৰা তেওঁৰ সহধৰ্ম্মিণীৰ টান নৰীয়া হৈছিল। কিন্তু সত্য- নাথৰ মৃত্যুৰ দুমাহ পিছতহে কলিকতাত বৰ পুত্ৰ অম্বিকা- নাথৰ সুশ্ৰুষাত ৫২ বছৰ বয়সত প্ৰাণত্যাগ কৰিলে। মাতৃৰ অন্ত্যেষ্টিক্ৰিয়াদি কালীঘাটত গঙ্গাৰ পাৰত সমাপন হৈছিল।

 সত্যনাথৰ সাংসাৰিক জীৱনত দুটা আকস্মিক দুৰ্ঘটনা ঘটিছিল। ১৯০৬ খৃষ্টাব্দত সত্যনাথ বৰা এদিনাখন শ্ৰীযুত ৰাধানাথ ফুকন এম, এ বি, এল্ ডাঙ্গৰীয়াৰ লগত উজান বজাৰৰ water works চাবলৈ গৈছিল। সেই water works পৰ্ব্বতৰ পৰা ভৰি পিছলি পৰি তেওঁৰ সোঁ ভৰিখন ভাঙ্গে। এই ভৰি ভগা নৰীয়াত তেওঁ প্ৰায় ৬ মাহমান কষ্ট ভুগিছিল। ভগ। ভৰি যদিও যোৰা লাগিল তথাপি উঠঙ্গা হৈ থাকিল। আৰু এদিন তেওঁৰ এটি দুৰ্ঘটনা মিলিছিল। এদিন গধুলি তেওঁৰ ওচৰচুবুৰীয়া বন্ধু চিন্তাতৰঙ্গিনী, সীতাহৰণ কাব্য প্ৰণেতা শ্ৰীযুত ভোলানাথ দাসৰ ঘৰৰ পৰা আহোঁতে পিছল খাই পৰি তেওঁৰ সোঁ হাতখন গঠিৰ কাষত ভাঙ্গে। এই নৰিয়াতো তেওঁ দুমাহমান কষ্ট ভুগিছিল। ১৯১৬ চনৰ পৰা সত্যনাথৰ [ ৫২ ] শৰীৰ সিমান ভাল নাছিল। তেওঁ ওৱাল্টায়াৰলৈ শৰীৰৰ কাৰণে ফুৰিবলৈ গৈছিল। এইবোৰৰ বাদে তেওঁৰ পৰিয়ালৰ কোনো টান নৰিয়া হৈ কিম্বা নিজে কোনো টান নৰিয়াত পৰি দুঃখ কষ্ট ভোগ কৰা নাছিল। কেতিয়াবা কোনো কোনো গৃহস্থৰ দেখা যায় যে, তেওঁৰ তিৰোতাৰ বেমাৰ, লৰা-ছোৱালীৰ বেমাৰ, সদাই এটা নহয় এটা আসোঁহ ঘৰৰ পৰা নুগুছেই। আৰু সম্পৰ্কীয় মানুহে সৈতেও জঞ্জাল আদিত পৰি নানা আহুকাল ভোগ কৰিব লাগে। সত্যনাথৰ জীৱনত তেনেবোৰ কোনো উপৰুৱা লেঠা অশান্তিৰ কাৰণ হব নোৱাৰিছিল।

 সত্যনাথ বৰাই তেওঁৰ ভৰলুমুখৰ ঘৰত পিতৃৰ ভেটিত মাটি ঠেক হৈছিল বুলি উজান বজাৰলৈ ১৯০৪ চনত মাটি কিনি উঠি আহে। আৰু ইয়াত কেইবছৰমানৰ পিছত তেওঁ আহল বহল নিজৰ উপযোগীকৈ বঙলা সাজি লৈছিল। এই ঘৰ বেচি জাকজমক নাছিল। দামী মেজ চকি বা চৌখিন বস্তুৰে ঘৰ ভৰি থকা নাছিল। নিত্য অৱশ্যকীয় বস্তুখিনিৰেহে তেওঁৰ ঘৰ শোভিত হৈছিল। ঘৰত তেওঁৰ সকলো বস্তু ঠিকঠাককৈ সজোৱা আছিল। যৰ বস্তু তত থাকিব লাগে এনেটো তেওঁ সদাই বিচাৰিছিল। ঘৰত তেওঁ কোনো প্ৰকাৰৰ হাই উৰুমি সহিব নোৱাৰিছিল। সেই বাবে তেওঁৰ ঘৰ সদাই নিৰল আৰু নিস্তব্ধ আছিল।

 সত্যনাথ খোৱালোৱাত নিয়মিত আৰু ভগনত মিতব্যয়ী [ ৫৩ ] আছিল। তেওঁ সদাই নিয়মমতে বৰকৈ আটিপুটিকৈ চলি- ছিল। নিজে উপযুক্ত বিবেচনা কৰা কামত ভাবি চিন্তি খৰচ কৰিছিল। আলপীয়া ব্যঞ্জন আৰু তুৰুপীয়া বস্তু খাই বেচি সন্তোষ পাইছিল।

 বঙলাৰ দক্ষীণ ফালে সত্যনাথৰ শোৱা কোঠালি, উত্তৰৰ কোঠালি তেওঁৰ দুই পুতেকৰ শোৱা আৰু পঢ়া কোঠালি আছিল। আৰু মাজৰ কোঠালিত এখন ঘুৰণীয়া মেজ আছিল। চুকত দুটা আলমাৰী আৰু এখন “ৰেক” আছিল আৰু সত্য- নাথৰ এটি টিনৰ হাত বাকচ আছিল। লগতে দুই চাৰিখনমান কাঠৰ চকি আছিল। এইটিয়ে তেওঁৰ বিশ্ৰামৰ কোঠালি, আৰু সাহিত্য চৰ্চ্চাৰ স্থল আছিল। চুকৰ আলমাৰীত সত্যনাথে কিতাপ পত্ৰ থৈছিল আৰু তেওঁৰ হাত বাকচত কাগজ কলম চিঁয়াহী আৰু টোকা আছিল। কোঠালিটো সোমালেই আড়ম্বৰ বিহীন যেন বোধ হৈছিল। যিখিনি লাগতিয়াল ৰা নহলে নহয় এনে আসন-বসনৰ বাহিৰে আৰু ঘৰ সজাবলৈ থোৱা আন বস্তু তাত নাছিল। ঘৰ শুৱনি কৰিবলৈ বিশেষ কোনো চিত্ৰৰ আয়োজন নাছিল। ভিতৰৰ ফালে এটি ৰান্ধনি ঘৰ আৰু এটা বাহিৰা ঘৰ আছিল। বঙলাৰ সমুখত মুকলি চোতাল আৰু ঘাহনি। ঘৰৰ দাঁতিত দুজোপা সেৱালী আৰু নাহৰ ফুল। বৰ ঘৰৰ পৰা অলপ আঁতৰত আগচোতালৰ একাষে এটি চাৰিচলীয়া খেৰৰ ঘৰ। এই ঘটিয়ে সত্যনাথৰ চৰাঘৰ আৰু অলহী থকা ঘৰ। আলহী আহিলে নিজঞ্জাল [ ৫৪ ] ভাৱে সুকলমে এই ঘৰটিতে থাকিব পাৰিছিল। এই ঘৰটিৰ এচুকত এটি আলমাৰীত সত্যনাথৰ আইনৰ কিতাপ আৰু তেওঁৰ মোকৰ্দ্দমাৰ নথীপত্ৰ থাকে। এই ঘৰটোত এখন ডাঙ্গৰ চাৰিকুনীয়া মেজ, কাষতে এখন ডাঙ্গৰ চালপিৰা আৰু দুখন আওজা বেঞ্চ। এই বোৰত বাদে ঘৰৰ চালে বাৰে আৰু আন একো বস্তু নাই। ইয়াত সোমালে চকুত চাত মাৰি ধৰা চকচকীয়া আয়না বা পেনেল আলমাৰীৰ দৃশ্য নাই, ইংৰাজী ফেচনৰ বিবিধ চকি মেজ নাই, মনপ্ৰাণহৰা ৰমকজমক ছবিয়ো নাই। মাত্ৰ উকীল সত্যনাথৰ উকীলখানা। সত্যনাথৰ বাৰীপতা ধাউতি একেবাৰে নোহোৱা নাছিল। পোনতে তেওঁ যি ডোখৰ মাটি লৈছিল, তাত দুজোপা কি এজোপা পুৰণি গছৰ বাহিৰে আন একো গছগছনি নাছিল। সত্যনাথে তাত অলপ দিনব ভিতৰতে নাৰিকল, তামোল, লেচু, কৰ্দ্দৈ, কল আৰু আন আন শস্যেৰে চনবাৰীখন নদন-বদন কৰিছিল।

 গৃহস্থ স্বৰূপে সত্যনাথ এজন সূচক লোক আছিল। সংসাৰত ন্যায্য উপায়ে যি অৰ্থ উপাৰ্জ্জন কৰিছিল, তাৰেই তেওঁ নিজৰ সংসাৰাত্ৰা চলাই সুকলমে থাকিবলৈ যত্ন কৰিছিল। অৰ্থ ভগনত তেওঁ সদাই সতৰ্ক আছিল। গৃহস্থ হৈ তেওঁ সুন্দৰকৈ জানিছিল যে, ভগনত হাত টান হলে যেনেকৈ কৃপণ নাম পায়, ওচমোচ নিবিচাৰি সৰহকৈ খৰ কৰিলেও তেনেকৈ ধোৱাঁ-খুলীয়া নাম পায়। “কৃপণৰ মতে [ ৫৫ ] উত্তম ভোজন খক, উত্তম পিন্ধন গপ, দান-দক্ষিণা অপব্যয়। কিম্বা এক শ্ৰেণীৰ কৃপণে নিজে মঠা চাউলৰ ভাত খায়, ঢৰিয়া সুতাৰ কাপোৰ পিন্ধি লোকৰ ঘৰত পাচখন আঞ্জা বিচাৰে বা অহঙ্কাৰ দেখুৱায়।” এই বিধ কৃপণলৈ তেওঁৰ ঘৃণা আছিল। তেওঁ আয় অনুসৰি খৰচ কৰিছিল। আয়ৰ জোখেই খৰচৰ জোখ কৰি লৈছিল। অৰ্থ ভগনত তেওঁ এই নিয়ম মানি চলিছিল বুলি অনুমান হয়; “যি মানুহে ধনৰ নাটনি এৰাব খোজে সি তাৰ আয়ৰ পৰা চাৰি ভাগৰ এভাগ সাঁচি ৰখা উচিত। কিন্তু যি ধনৱন্ত হব খোজে, সি আয়ৰ পুৰা আধা সাঁচিব লাগে। এজন পণ্ডিতে কৈছে যে, উৎপন্নৰ আধা সাঁচিলে মানুহ ধনী হব পাবে, আৰু তেহাই সাঁচিলে নিধৰুৱা হৈ সুখেৰে খাই লৈ থাকিব পাৰে।”

 সত্যনাথৰ বৈবাহিক জীৱনৰ ফল স্বৰূপে দুটি পুত্ৰৰ জন্ম হয়। ১৮৮৯ খৃষ্টাব্দত প্ৰথম পুত্ৰ অম্বিকানাথৰ আৰু ১৮৯১ খৃষ্টাব্দত দ্বিতীয় পুত্ৰ জ্ঞাননাথৰ জন্ম হয়। এই দুই পুত্ৰত বাদে সত্যনাথৰ আৰু সন্তান জন্মা নাছিল। প্ৰথম পুত্ৰ শ্ৰীযুত অম্বিকানাথ বৰা এম-এ সম্প্ৰতি কলিকতা বিশ্ববিদ্যালত অসমীয়া ভাষাৰ অধ্যাপক, আৰু দ্বিতীয় পুত্ৰ শ্ৰীযুত জ্ঞাননাথ বৰা বি-এল সম্প্ৰতি কলিকতা হাইকোৰ্টৰ উকীল। এওঁলোক দুয়ো বৰ্ত্তমান কলিকতা নিবাসী।

 সত্যনাথে দুই পুত্ৰৰ বিবাহ গুৱাহাটীত পাতিছিল। পুত্ৰদ্বয়ৰ বিবাহ কাৰ্য্য সত্যনাথৰ গোটেই গৃহস্থ জীৱনৰ [ ৫৬ ] ভিতৰত একমাত্ৰ সামাজিক আৰু ধাৰ্ম্মিক অনুষ্ঠান আছিল। এই দুই কাৰ্য্যত সত্যনাথে ভগনত কুণ্ঠিত ভাৱ দেখুৱা নাছিল। তেওঁ এই কাৰ্য্য নিখুঁত ভাৱে আৰু সুচাৰুৰূপে কৰিবলৈ সকলো আয়োজন কৰিছিল। মানুহক সোধপোছ কৰাত, কিম্বা নিমন্ত্ৰণ কৰাত কিম্বা বিবাহ উপলক্ষে জা-জলপান খুওৱাত কোনোৱে কোনো আহুকাল পোৱা নাছিল। সত্যনাথে সকলো নিমন্ত্ৰিত লোকক নিজমুখে সন্তোষ ভাৱেৰে মাত লগাইছিল। যি জীৱনতো তেওঁৰ বোধকৰো কেতিয়াও মুখৰ মাত পোৱা নাছিল তেনে লোকেও সেই দিনা তেওঁৰ আস্তব্যস্ত ভাৱত সন্তুষ্ট হৈ সত্যনাথৰ যশস্যা নোলোৱাকৈ থকা নাছিল। এয়েহে প্ৰকৃত গৃহস্থৰ লক্ষণ। সত্যনাথৰ পুত্ৰৰ বিবাহৰ দিনা সত্যনাথৰ ব্যৱহাৰত সত্যনাথলৈ দয়া ভক্তি বা সম্মানৰ ভাব সকলো মানুহৰ মনত উপজিছিল। বিয়া উপলক্ষে যিবোৰ জাকজমক বা আড়ম্বৰৰ আয়োজন লাগে, সেইবোৰ আড়ম্বৰ—হীন সত্যনাথে বাদ দিয়া নাছিল। সত্যনাথে পুত্ৰদ্বয়ৰ বিয়াত সমাজৰ লোকাচাৰ মতে বিয়াত দিয়া কোনে বস্তু-বেহনি, কাপোৰ-কানি নিমন্ত্ৰিত লোকৰ পৰা গ্ৰহণ কৰা নাছিল, সেইটো নিমন্ত্ৰণী চিঠিত লিখিও দিছিল।

 সত্যনাথৰ মাটি-বাৰী, বয়-বস্তু, ঘৰ-দুৱাৰ, টকা-কৰি সকলো তেওঁৰ নিজ নামত আছিল। পুত্ৰদ্বয় এই সম্পত্তিৰ অধিকাৰী হবলৈ হলে পিতৃৰ মৃত্যুৰ পিছত আইনমতে [ ৫৭ ] (certificate) চাৰ্টিফিকেট ললেহে সেই সম্পত্তিত হাত দিব পাৰে, এনে কথা উকীল সত্যনাথব জনা আছিল বুলিয়েই হবলা মৃত্যুৰ কিছুদিন আগেয়ে তেওঁ সৰ্ব্ব সম্পত্তিৰ পৰা নিজ নম খাৰিজ কৰি পুত্ৰদ্বয়ৰ নামে জীবিত অৱস্থাতে নাম জাৰী কৰি থৈ গৈছে। কেইজন প্ৰকৃত জ্ঞানী গৃহস্থৰ কাৰ্য্য এনে বিধৰ?

 সত্যনাথে সাংসাৰিক জীৱনত ঘাইকৈ এনে নিয়ম পালন কৰিছিল, “সোণকালে শোৱন আৰু সোণকালে উঠন দুয়ো মিলি আৰোগ্য, জ্ঞান আৰু ধন” এই নীতিবাক্য তেওঁৰ জীৱনত ভালকৈ ফলিয়াইছিল। পুৱাতে তেওঁ শয্যা ত্যাগ কৰিছিল। হাত মুখ ধুই নিয়মিত লঘু আহাৰ কৰি নিজৰ কৰ্ত্তব্য কৰিছিল। তাৰ পিছত বিশ্ৰাম লৈ স্নানাদি কাৰ্য্য সমাধা কৰি কছাৰীলৈ গৈছিল। কছাৰীত কাম সমাধা কৰি আহি আবেলি জলপান কৰি সাধাৰণতঃ বাতৰি কাকত পঢ়িছিল। তাৰ পিছত প্ৰায় ফুৰিবৰ অৰ্থে বাহিৰলৈ ওলাইছিল আৰু সভা-সমিতিত উপস্থিত হৈছিল। গধূলি নিতৌ অধ্যয়ন কৰিছিল, বন্ধত আৰু আজৰি সময়ত সাহিত্য-চৰ্চ্চা কৰিছিল। ‘ল’ কলেজৰ অধ্যাপক নোহোৱাৰ আগেয়ে পুৱা উকীলখানাত ওকালতিৰ কাম কৰিছিল। মোক্কেলবিলাকে তেওঁক আগুৰি ধৰা নাইবা কছাৰীলৈ যাওঁতে পিছে পিছে ফেচ্‌ফে‌চাই কথা সুধি যোৱা তেওঁ ভাল নাপাইছিল। তেওঁৰ চলন ফুৰণত গহীন ভাৱ দেখি মানুহে [ ৫৮ ] সততে কাষ চাপিব লৈও সাহ নকৰিছিল। ইফালে যেয়ে যেতিয়া কোনো পৰামৰ্শৰ বাবে গৈছিল সকলোকে তেওঁ সুপৰামৰ্শ দি মন তোষিছিল। উকীল হৈছে বুলি যে বাদী বিবাদীৰ পক্ষ সমৰ্থন কৰিবই লাগিব এনে ভাব তেওঁৰ নাছিল। যি মোকৰ্দ্দমা তেওঁ জ্ঞান-বিশ্বাসমতে অমূলক, মিছা, জাল, জুৱাচুৰি ইত্যাদি বুলি বুজিছিল, সেই মোকৰ্দ্দমাত তেওঁ উকীল নহৈছিল। সাক্ষী বাদীক মিছাই সঁচাই কথা শিকাই দি বা ছাৱাল জবাব কৈ দি মোকৰ্দ্দমা জিত কৰিবৰ চেষ্টা কৰা বিধৰ তেওঁ উকীল নাছিল। সেই গুণে তেওঁৰ সহকৰ্ম্মী উকীল বাবু মহেন্দ্ৰমোহন লাহিড়ীয়ে কয় যে, He was most honour- able in his proffession. তেওঁ ওকালতি কৰি যথেষ্ট ধন ঘটিছিল। বাবু ললিতমোহন লাহিড়ীৰ কয় যে, সত্যনাথ বৰা, কালীচৰণ সেন, মহেন্দ্ৰমোহন লাহিড়ী, উপেন্দ্ৰনাথ সেন, ইত্যাদি চহৰৰ বিশিষ্ট গণ্যমান্য উকীল সকলে প্ৰায় সমানে ওকালতী ব্যবসায়ত আয় কৰিছিল। যদিও আমাৰ মাজত ৰায় বাহাদুৰ কালীচৰণ সেনে গৱৰ্ণমেণ্টৰ উকীল হৈ থকা বাবে অলপ বেচি আয় কৰিবৰ কাৰণ আছিল। সত্যনাথে এবাৰ এটা মোকৰ্দ্দমাত ১০০০্‌ টকা বায়না পাইছিল। উকীলে বায়না লৈ মোকৰ্দ্দমা মিটমাট হলেও মোক্কেলৰ পৰা পোৱা বায়না সহজে সাধাৰণতঃ ওলোটাই নিদিয়ে। কিন্তু এবেলি কামৰূপৰ ৺নাৰায়ণচন্দ্ৰ ভট্টাচাৰ্য্য দলৈদেৱক মোকৰ্দ্দমাত হাজিৰ হব নলগীয়া হোৱাত দিয়া [ ৫৯ ] বায়না ওলোটাই দিছিল। সাংসাৰিক জীৱনৰ সৰু সুৰা ঘটনাৰ বিশেষ বহল আলোচনা কৰা নহল।

সত্যনাথৰ দেশ ভ্ৰমণ।

 সত্যনাথ বৰাই দেশ-ভ্ৰমণ শিক্ষাৰ এটা ডাঙৰ অঙ্গ বুলি ভাবিছিল দেশ-ভ্ৰমণ সম্বন্ধে তেওঁ নিজে সাৰথিত এইদৰে লিখিছে।—দেশ-ভ্ৰমণ বিশ্ব অধ্যয়নৰ এটা অঙ্গ। নানা দেশৰ নানা বস্তু আৰু নানা মানুহ নেদেখিলে বিশ্ব অধ্যয়ন সম্পূৰ্ণ নহয়। পুথিত যিবিলাক বস্তুৰ কথা পঢ়া যায়, দেশ ফুৰিলে সেইবিলাকৰ বস্তু দেখা যায়। চকুৰে নেদেখিলে কেৱল বৰ্ণনা পঢ়ি সকলো বস্তুৰ তত্ত্ব পোৱা নাযায়।

  *   *   *   *
  *   *   *   *

 পৃথিবীৰ প্ৰধান প্ৰধান বস্তুবোৰ এইদৰে নিজে গৈ চাব পাৰিলে বহুত শিক্ষা পোৱা যায়।

  *   *   *   *

 বিদেশত নুফুৰা মানুহৰ মন নিচেই ঠেক। সিহঁতে ঘৰৰ ঘৰোৱাহ আৰু ওচৰ চুবুৰীয়াৰ বাজে আন কাৰো লগত মিতিৰালি কৰিব নোৱাৰে। বিদেশী মানুহ সিহঁতৰ আশঙ্কাৰ ঠাই। বিদেশী মানুহক সিহঁতে বনৰীয়া জন্তু যেন দেখে, আৰু বিপদত পৰিলে সিহঁতক আশ্ৰয় নিদিয়ে। কিন্তু বিদেশত [ ৬০ ] ফুৰা মানুহৰ স্বভাৱ তেনেকুৱা নহয়, সিহঁতৰ মানত গোটেই জগত স্বদেশ আৰু সকলো মানুহ আপোন।

 এদিন স্বৰ্গীয় হেমচন্দ্ৰ গোস্বামীয়ে সত্যনাথৰ আগত এই বুলি বেজাৰ কৰিছিল বাবে এতিয়াৰ অসমীয়া মানুহে নিলিখে, নিলিখিলে কেনেকৈ সাহিত্যৰ উগতি হব। তাৰ উত্তৰত সত্যনাথে কলে যে, দুই শ্ৰেণীৰ মানুহে লিখিব পাৰে, এক যি নানা ৰকম পুথি সৰহকৈ পঢ়ে আৰু এক যি নানা দেশ-ভ্ৰমণ কৰে, পাচত আমাৰ অসমীয়া মানুহে এটাও নকৰে। নপঢ়ে, অহৰীয়া সময় তাচ, পাশা খেদি কটাই। দেশ-ভ্ৰমণ কৰিবলৈ বহুতৰ ধনেই নাই আৰু যাৰ আছে তাৰ ইচ্ছা বা উৎসাহ নাই। তেওঁ সকলোকে সাধ্যাঅনুসাৰে দেশ-ভ্ৰমণ কৰিবলৈ কৈছিল আৰু দেশ-ভ্ৰমণ কৰা মানুহৰ লগত কথাবতৰা হৈ বৰ সন্তোষ পাইছিলে। ভ্ৰমণ সম্বন্ধে বহুত পুথিও তেখেতে পঢ়িছিল। দক্ষিণ মেৰু ভ্ৰমণ সম্বন্ধে পুথিখন গুৱাহাটীৰ কৰ্জ্জন হল লাইব্ৰেৰিলৈ তেখেতেই অনাই আৰু তেখেতেই সেই পুথি প্ৰথমে পঢ়ে। শ্ৰীযুত তৰুণৰাম ফুকন বিলাতৰ পৰা উলটি আহি সত্যনাথক দেখা কৰিবলৈ যোৱাত তেওঁ ফুকনক ইমানবিলাক কথা ইমান আগ্ৰহেৰে সুধিছিল যে, ডেকা ফুকনে তেওঁৰ এবাৰ বিলাতখন চাই আহহে ভাল বুলি কৈছিল।

 সত্যনাথ বৰাই নিজেও সাধ্য অনুসাৰে সুবিধা পালেই ভ্ৰমণ কৰিছিল। তেওঁ কলিকতাত থকাত ছাত্ৰ অৱস্থাতে [ ৬১ ] চেগ বুজি কলিকতাৰ ওচৰৰ বঙ্গদেশৰ কেইবাখনো নগৰ চাই আহিছিল গৈ। যেতিয়া তেওঁ পাচ কৰি গুৱাহাটীত উকিল হৈ নিজে আৰ্জ্জিবলৈ ধৰিলে তেতিয়া ডেকা দোখৰত প্ৰত্যেক পূজাৰ ছুটিতে দেশ ফুৰিবলৈ গৈছিল। তেওঁ পশ্চিম ভাৰতৰ মুঙ্গেৰ, কাশী, গয়া, প্ৰয়াগ, কাওনপুৰ, লাখ্নৌ‌, আগ্ৰা, মথুৰা, বৃন্দাবন, অযোধ্যা, ফটেহপুৰ, দিল্লি আদি হৰিদ্বাৰলৈকে এটাই কেইখন ডাঙৰ নগৰ আৰু হিন্দুৰ তীৰ্থ ঠাই দুবাৰো চাই আহিছিল। কাশীত তেওঁৰ দদায়েক বাসকৰি থকাত মাজে মাজে সময় বুজি কাশীলৈ গৈছিল। ১৯১৯ চনত তেওঁ পুৰীলৈ যায়, এইবাৰ তেওঁৰ লগত গুৱাহাটীৰ শ্ৰীযুত ভোলানাথ দাসো গৈছিল। ১৯২২ চনত তেওঁ মাদ্ৰাজ আৰু ওৱালটায়াৰলৈ যায় এইবাৰ যোৰ- হাটৰ শ্ৰীযুত কাশীনাথ শয়কীয়াও তেওঁৰ লগৰীয়া আছিল। তেওঁ সাৰথিত ভ্ৰমণ কেনেকৈ কৰিব লাগে, লগত কিমান মানুহ লোৱা উচিত, কিদৰে দেশ চাব লাগে ইত্যাদি কথা তেওঁৰ নিজৰ অভিজ্ঞতাৰ পৰাই লিখিছে। আসাম বেঙ্গল ৰেলৰ লাইন হোৱাৰ আগেয়ে তেওঁ গোটেইখন আসাম উজনিৰ পৰা নামনিলৈকে ফুৰিছে। প্ৰত্যেকখন নগৰতে দুই চাৰিদিনকৈ থাকোতে প্ৰায় এমাহ লাগিছিল। উজনি- খণ্ডত ফুৰোঁতে তেওঁৰ লগৰীয়া আছিল তেওঁৰ কলিকতাৰ ছাত্ৰ-জীৱনৰ বন্ধু শিৱসাগৰৰ উকিল শ্ৰীযুত গুঞ্জানন বৰুৱা বি-এল। [ ৬২ ]

সত্যনাথৰ অন্তিম অৱস্থা

 সত্যনাথ বৰাৰ মৃত্যুৰ চাৰি পাঁচ বছৰ আগৰে পৰা শৰীৰ অসুস্থ হৈ আহিছিল। কিন্তু দেখাকৈ ঢাৰিপাটিত পৰি থাকিব লগীয়া কোনো ৰোগ হোৱা নাছিল। তেওঁ নিয়মমতে নিজ কৰ্ত্তব্য কৰি চলি ফুৰি আছিল। এই শৰীৰ অসুস্থতাৰ কাৰণে এবেলি ওৱাল্টায়াৰলৈ ফুৰিবলৈ গৈছিল। আকৌ মৃত্যুৰ তিনি চাৰি মাহমান আগেয়ে স্বাস্থ্যৰ কাৰণে চিলঙলৈ যাওঁ বুলিছিল। ইমান দিন দীপচকু ব্যৱহাৰ কৰা নাছিল। তেওঁ বহল ব্যাকৰণ লিখা সময়ৰ পৰা চকুত চচ্মা ব্যৱহাৰ কৰিব লগীয়া হৈছিল। সত্যনাথ বৰাই কটন কলেজত আৰু ‘ল’ কলেজত বক্তৃতা দিয়া কাম পোৱা অবধি তেওঁ আদালতৰ কাম বাদ দিছিল বুলিলে বেচি কোৱা নহব। মুঠতে আপীলৰ মোকৰ্দ্দমাৰ বাবেহে জজ কাছাৰীলৈ গৈছিল। শেষত তেওঁৰ শৰীৰ অগত্যা বেয়া হৈ অহাত কটন কলেজৰ অসমীয়া বক্তৃতা দিয়া বাব এৰি দিয়ে। কিন্তু ‘ল’ কলেজৰ কাম অন্তিম অৱস্থাৰ আগলৈকে কৰি আছিল।

 সত্যনাথৰ মৃত্যুৰ আগেয়ে দুই চাৰি মাহৰ পৰা তেওঁৰ সহধৰ্ম্মিণীৰ যোৱাথোৱা নৰিয়া হৈছিল। এই কেইদিন অৱশ্যে তেওঁৰ অলপ উদ্বিগ্নতা বা শান্তিৰ কাৰণ হৈছিল। সেই সময়তে এনে কথা কোৱা আছে যে, তেওঁ অভিলাষ কৰিছিল যেন সহধৰ্ম্মিণীৰ আগতে তেওঁৰ মৃত্যু ঘটে। সহধৰ্ম্মিণীৰ অৱস্থা আগতকৈ অলপ ভাললৈ আহিল। ১৯২৫ চনৰ [ ৬৩ ] ১৩ ডিসেম্বৰৰ দিনা পুৱা সত্যনাথ তেওঁৰ থকা ঘৰৰ মাজৰ কোঠালিৰ মেজত আনদিনাৰ দৰে চাহ খাবলৈ বহে; তেতিয়া সাত বাজিছে, হঠাৎ সত্যনাথে কপালৰ দুই কুমে হাত দি মোৰ মূৰটোত কিবা হৈছে, মোৰ মূৰটোত কিবা হৈছে বুলি কেইবাবাৰো কলে, পিছত কপালত হাতখন মোহাৰি ২।৪ মিনিট মান সত্যনাথে চিত্তৰ অলপ অস্থিৰতাৰ ভাব দেখুৱাইছিল, ঘৰত হুৱাদুৱা লাগিল। সেই সময় তেওঁৰ দ্বিতীয় পুত্ৰ জ্ঞাননাথ গুৱাহাটীত আৰু প্ৰথম পুত্ৰ অম্বিকা- নাথ কলিকতাত। জ্ঞাননাথে ততালিকে ডাক্তৰৰ গুৰিলৈ মানুহ পঠালে। উজান বজাৰত থকা ডেকা উদ্যোগী ডাক্তৰ শ্ৰীযুত ভুবনেশ্বৰ বৰুৱা এম-বি তৎক্ষণাৎ উপস্থিত হলগৈ। সত্যনাথক দাঙ্গি নি ঢাৰিপাটিত দীঘলকৈ শুৱাই থলে। সত্যনাথ মাতবোল বিহীন হল, কেৱল মাথোন দীৰ্ঘনিশ্বাস টানি গভীৰ নিদ্ৰাত নিমগ্ন যেন হৈ ঢাৰিপাটিত পৰি থাকিল, তেতিয়া প্ৰায় পুৱা আঠ বাজিছে। সত্যনাথৰ ঘৰৰ ওচৰত আৰ্ল ল কলেজ। কলেজৰ ছাত্ৰ, প্ৰিঞ্চিপাল জে, বৰুৱা আদি কৰি আন আন অধ্যাপক সকল উপস্থিত হলহি। চহৰৰ আন আন বিজ্ঞ চিকিৎসক সকলো উপ- স্থিত হলহি। চহৰত সত্যনাথ বৰাৰ অৱস্থাৰ কথা ক্ৰমাত প্ৰচাৰ হবলৈ ধৰিলে। তেতিয়া প্ৰায় দিনৰ ১১ মান বাজিছে, সুবিজ্ঞ চিকিৎসক সকল সত্যনাথৰ চিকিৎসাত লাগিল। তেওঁলোকৰ অনুমানত সত্যনাথ “সন্যাস” ৰোগত [ ৬৪ ] আক্ৰান্ত হৈছিল। আকৌ তেওঁলোকৰ অনুমান হল যে, Blood pressure বা শৰীৰত তেজৰ হেঁচা বেচি হৈ এনেকুৱা হৈছে। চিকিৎসকৰ সুবিবেচনা মতে তেজৰ হেঁচা কমাবলৈ অঙ্গ ক্ষত কৰি তেজ উলিয়াই দিয়া হল। তেতিয়া দিনৰ ১ মান বাজিছে। ওচৰচুবুৰীয়া মানুহ—দুনুহ অঙ্গহী-বঙ্গহী আহি সত্যনাথৰ অৱস্থাৰ বুজ লবলৈ ধৰিলে। অহা মানুহবোৰে হাতত সাৰে ভৰিত সাৰে সকলোৱে সত্যনাথৰ বঙলাত সোমাই সত্যনাথক চাই মন পতিয়াই ছিল, কিবা যেন নিস্তব্ধতাই গোটেইখন ঘৰ আৰু হাউলি জিনি পেলাইছিল। সকলোৰে মুখত যেন এটা বিষাদৰ চিনে আহি দেখা দিছিল। তেতিয়া দিনৰ তিনিমান বাজিল। সত্যনাথৰ কোনো পৰিবৰ্ত্তন নাই, উন্নতি নাই, মাতবোল নাই, দীৰ্ঘনিশ্বাস ক্ৰমাৎ কমি আহিল, বহুত পৰৰ অন্তে অন্তে নিশ্বাস লবলৈ ধৰিলে। একেবাৰ নিশ্বাস বিহীন হৈ তলকা মাৰি বহুত পৰলৈ থাকি হঠাৎ আকৌ সাৰ পাই ঘন ঘনকৈ কেইবাৰমান উশাহ লৈ আকৌ নিস্তব্ধ হয়। সকলোৰে মুখ শোকৰ কালিমাই ছাটি পেলালে। তেতিয়া প্ৰায় সাৰে তিনি বাজিল। চিকিৎসক আদি নিৰুৎসাহ হৈ ঘৰলৈ উলটি গল। অসমীয়া সাহিত্যৰ ধৰণী অনন্ত নিদ্ৰাত পৰিল। চাওঁতে চাওঁতে দীঘল নিশ্বাস নাইকিয়া হল। ৬৫ বছৰ বয়সত শান্তিপ্ৰিয় সত্যনাথ চিৰশান্তি ধামলৈ প্ৰয়াণ কৰিলে। চহৰৰ জনা-শুনা মানুহ সকলো আহি উপস্থিত [ ৬৫ ]

ডেকা ৺ সত্যনাথ বৰা আৰু তেওঁৰ পত্নী ৺ ভুবনমোহিনী বৰানী।

[ ৬৭ ]

হলহি। দেশপূজ্য শ্ৰীযুত তৰুণৰাম ফুকন, শ্ৰীযুত কামাখ্যা- ৰাম বৰুৱা, প্ৰিঞ্চিপাল জ্ঞানদাভিৰাম বৰুৱা আদি প্ৰমুখ্যে গণ্যমান্য লোক সকল বিষন্ন ৰদন হল। যথাসময়ত তেওঁৰ মৃতদেহ উজান বজাৰৰ নৱগ্ৰহৰ শ্মশানলৈ নিয়া হল। তাৰু হিন্দুৰ ক্ৰিয়ামতে শৱদাহন কৰা হল। জীৱশূন্য মৃতদেহক অগ্নিয়ে ভস্মীভূত কৰিলে। সত্যনাথৰ ভৌতিক দেহা পঞ্চভূতত মিলি গল।

 সত্যনাথৰ মৃত্যু সম্বাদ অসমত প্ৰচাৰ হল। সকলোৱে মৃত্যুত শোক প্ৰকাশ কৰিলে। তেওঁৰ মৃত্যুত অসমীয়া ভাষাৰ পুৰাব নোৱৰা ক্ষতি হল বুলি সকলোৱে একেমুখে স্বীকাৰ কৰিলে। বাতৰি কাকতত, আলোচনী কাকতত সত্যনাথৰ মৃত্যুত শোক প্ৰকাশ কৰি নানান সম্বাদ প্ৰকাশ পালে, অসমত ঠায়ে ঠায়ে শোক সভা হল। আসামৰ বিশিষ্ট লোক সকলে পুত্ৰদ্বয়লৈ সত্যনাথৰ মৃত্যুত শোক প্ৰকাশ কৰি পত্ৰ দিলে। বাৰ লাইব্ৰেৰীত, কৰ্জ্জন হলত, কামৰূপ অনুসন্ধান সমিতিত আৰু আন আন ৰাজহুৱা গৃহত সত্যনাথৰ মৃত্যুত শোক সভা বহিল। স্থানীয় স্কুল কলেজে সত্যনাথৰ মৃত্যুত শোক প্ৰকাশ কৰিলে। সত্যনাথৰ মৃত্যুত চাৰিও পিনৰ পৰা শোকৰ বাতৰি, শোকত সহানুভূতি প্ৰকাশ কৰা পত্ৰ, আত্মাৰ সদগতিৰ অৰ্থে কৰা প্ৰস্তাৱ আদি বিভিন্ন ঠাইৰ পৰা পুত্ৰদ্বয়ৰ হাতলৈ আহিল।

 মৃত্যুৰ পাচ দিনা অম্বিকানাথ আহি ঘৰ পালে। মাসান্তে [ ৬৮ ] আদ্যশ্ৰাদ্ধ সপিণ্ডন যথাযোগ্য দান-দক্ষিণা আদি হিন্দু বিশ্বাসমতে মৃতকৰ সদগতিৰ অৰ্থে সকলো কৰ্ম্ম সমাপন কৰি জ্ঞাতি-কুটুম্ব, আত্মীয়-স্বজন, বন্ধু-ৱান্ধৱৰ প্ৰতি যথাৰীতি লৌকিকতা পালন কৰি পুত্ৰদ্বয়ে স্বৰ্গগত পিতৃৰ উদ্দেশ্যে সন্তৰ্পণে শ্ৰদ্ধাঞ্জলি প্ৰদান কৰিলে।

[ ৬৯ ]

দ্বিতীয় অধ্যায়।
—:•:—
সত্যনাথ বৰাৰ সাহিত্য চৰ্চ্চা।

 আসামৰ প্ৰবীণ সাহিত্যক স্বৰ্গীয় সত্যনাথ বৰাৰ ছাত্ৰ অৱস্থাৰপৰা অসমীয়া ভাষা আৰু সাহিত্যত ৰাপ আছিল। তেওঁলোকৰ অলপ দিনৰহে আগৰপৰা গৱৰ্ণমেণ্টে আসামত অসমীয়া ভাষা পুনৰ প্ৰচলনৰ আদেশ দিছিল। গতিকে তেতিয়াৰ অসমীয়া ছাত্ৰসকলেহে ঘাইকৈ অসমীয়া সাহিত্যৰ চৰ্চ্চা আৰু শ্ৰীবৃদ্ধি কৰিব লগীয়া হৈছিল। বৰ্ত্তমান সাহিত্য- সংগ্ৰহ পুথিত যিবোৰ উচ্চ ধৰণৰ প্ৰবন্ধ দেখা পাওঁ, সেই আটাইবোৰ অসমীয়াই ছাত্ৰ অৱস্থাতহে লিখা। এণ্ট্ৰেন্স কোৰ্চ, বি-এ আৰু এফ-এ কোৰ্চৰ অসমীয়া প্ৰবন্ধবোৰৰ সৰহভাগ অসমীয়া ছাত্ৰৰ ভাবৰ উচ্ছ্বাস হে মাথোন। অসমীয়া শিক্ষিত ডেকাই তেতিয়াৰ দিনত অসমীয়া সাহিত্যৰ যেন চৰ্চ্চা কৰিবই লাগিব, অসমীয়া ভাষাৰ হকে যাৰ যি শক্তি সেই অনুসাৰে যেন গদ্য পদ্য ৰচনা কৰিবই লাগিব, এনে এটা হেচাম্বদী ভাব সকলোৰে মনত আছিল বুলি অনুমান হয়। ইয়াৰ পিচত হে এই ভাব আকৌ সেমেকা পৰে। ৺সত্যনাথে যদিও ছাত্ৰ অৱস্থাত বঙ্গলা পঢ়িলে তথাপি অসমীয়া [ ৭০ ] ভাষালৈ তেওঁৰ আসক্তি অটুট থাকিল, বৰঞ্চ বেচিহে হল। কলিকতাত থাকোতে ছাত্ৰ অৱস্থাত আগডোখৰত সত্যনাথে প্ৰায় তেতিয়াৰ ইংলিচমেন কাকতত লিখিছিল। তেওঁ ইংৰাজী লিখাতহে সিদ্ধহস্ত আছিল বুলি তেতিয়াৰ অসমীয়া ছাত্ৰ- সমাজত জনাজাত আছিল! এড্‌ভ‌কেট অব্‌ আসামৰ সুযোগ্য সম্পাদক গুৱাহাটীৰ ৺ মথুৰামোহন বৰুৱা যদিও সত্যনাথতকৈ বয়সত সৰু আছিল তথাপি দুয়োৰ বৰ বন্ধুত্ব আছিল। ৺ মথুৰামোহনে কৈছিল যে, সত্যনাথে সদাই ইংৰাজী অভিধান এখন আগত লৈ ভাবি বহি থাকে আৰু সুন্দৰ সুন্দৰ প্ৰবন্ধবোৰ ইংলিচমেন কাকতলৈ লিখে! মথুৰামোহনে সত্যনাথৰ পৰাই ইংৰাজী কাকতত প্ৰথমে লিখিবলৈ শিকে।

 ১৮৮৫ খৃষ্টাব্দত ৰায় গুণাভিৰাম বৰুৱা বাহাদুৰে “আসাম বন্ধু” নামেৰে এখন উচ্চ ধৰণৰ মাহেকীয়া আলোচনী প্ৰকাশ কৰে। তাত সাহিত্য, বিজ্ঞান, বুৰঞ্জী আৰু বিবিধ বিষয়ক লাগতিয়াল প্ৰবন্ধ প্ৰকাশিত হৈছিল। এই ‘আসাম-বন্ধুত’ ৺ সত্যনাথ বৰাই প্ৰথমে অসমীয়াত নানা প্ৰবন্ধ লিখিবলৈ, আৰম্ভ কৰে।

 কলিকতা প্ৰবাসী ছাত্ৰসকলে ১৮৮৯ খৃষ্টাব্দত “জোনাকী” নামেৰে এখন উচ্চ ধৰণৰ আলোচনী প্ৰকাশ কৰিছিল। এই কাকতত ৺ সত্যনাথ বৰাৰ কেইবাটিও মৌলিক প্ৰবন্ধ প্ৰকাশিত হৈছিল। এইবোৰত বাদেও ১৮৯৫ খৃষ্টাব্দত [ ৭১ ] ‘The Times of Assam’ নামেৰে ইংৰাজী বাতৰি কাকত ডিব্ৰুগড়ৰ পৰা প্ৰকাশ পায়। এই কাকত এতিয়ালৈকে জীৱিত আছে। Times of Assamত “Stray thoughts” নাম দি তেওঁ ওকালতী আৰম্ভ কৰা দিন ধৰি অন্তিমকালৰ আগলৈকে ইংৰাজীত আসাম সংক্ৰান্ত নানা বিষয় আলোচনা কৰিছিল। সাহিত্যিক হৈ ৰাষ্ট্ৰ কাৰ্য্য নীৰবে আলোচনা কৰা ইও এটি চিন।

 ইতিহাস প্ৰসিদ্ধ অসম দেশৰ বাণ ৰজাৰ নগৰ শোণিতপুৰৰ ( বৰ্তমান তেজপুৰ) পৰা “উষা” নামেৰে এখন উচ্চ ধৰণৰ মাহেকীয়া আলোচনীৰ জন্ম হয়। ব্ৰিটিচ আমোলত অসমীয়াৰ ভিতৰত সৰ্ব্বপ্ৰথম সাহিত্য পেঞ্চন ভোগ কৰোঁতা আৰু বিবিধ বিষয়ৰ বহুসংখ্যক পুথি ৰচোঁতা ৰায় চাহেব শ্ৰীযুত পদ্মনাথ গোহাঁই বৰুৱা এই কাকতৰ সুযোগ্য সম্পাদক আৰু একমাত্ৰ স্বত্ত্বাধিকাৰী আছিল। জোনাকী বন্ধ হল সঁচা। কিন্তু প্ৰকৃততে যি সকলৰ অসমীয়া ভাষালৈ অন্তৰৰ পৰা অনুৰাগ আছিল, সিবিলাকৰ লেখনী ক্ষান্ত নহল। সিবিলাকৰ লেখনী স্বাভাৱিক গতিত অনুক্ৰমে অগ্ৰসৰ হৈ আছিল। উষাৰ অৰুণ কিৰণত সত্যনাথৰ লেখনীও উদ্ভাসিত হৈছিল। সত্যনাথৰ চিন্তাশীল গধুৰ বিষয়ক প্ৰবন্ধবোৰে স্বভাৱ-সৰলা উষা কুমাৰীক সততে বিনয় মধুৰা কৰি তুলিছিল।

 “১৯০৯ খৃষ্টাব্দত কলিকতা বিশ্ববিদ্যালয়ৰ নতুন নিয়ম মতে অসমীয়া ভাষাই বি-এ আৰু এফ-এ পৰীক্ষাত ঠাই [ ৭২ ] পোৱাত উপযুক্ত পাঠ্য নিৰ্ব্বাচনৰ ভাৰ স্বৰ্গীয় ৰায় মাধৱচন্দ্ৰ বৰদলৈ বাহাদুৰ ডাঙ্গৰীয়াৰ ওপৰত পৰে। অসমীয়া ভাষা বহু পুৰণি আৰু সুকীয়া ভাষা। ইয়াৰ পুথিৰ ভঁৰাল পুৰণি পুথিৰে চহকী। কিন্তু নতুন সাহিত্যেৰে চহকী নহয়। অলপ দিনৰ আগৰ পৰাহে কিছুমান কৃতবিদ্য ডেকাৰ যত্নত আৰু আসামলৈ অহা আমেৰিকান মিশ্যনেৰীসকলৰ সাহায্য আৰু সহানুভূতিত অসমীয়া ভাষাই আকৌ ঠিয়দঙ্গাদি প্ৰায় অভিলষিত ঠাই পাবৰ উপক্ৰম হৈছেহি মাথোন।” এনে অৱস্থাত এফ-এ আৰু বি-এ পৰীক্ষাৰ অসমীয়া পাঠ্য যুগুত কৰাত বিশেষ অভাৱ যে বোধ কৰা হব সেইটো স্বাভাৱিক। কিন্তু সত্যনাথ বৰাৰ লেখনীপ্ৰসূত কেইটিমান চিন্তশীল প্ৰবন্ধই সেই গুৰুতৰ ভাৰ সেই সময়ৰ বাবে আংশিকৰূপে লাঘৱ কৰিলে। অকল সত্যনাথ বৰাৰ সৰহ ভাগ প্ৰবন্ধেৰেই ক্ষুদ্ৰকায় “এ-এ আৰু-বিএ কোৰ্চৰ” কলেৱৰ গঠিত হল। অসমীয়া ছাত্ৰক কেৱল style বা ৰচনা ৰীতি শিকাবৰ অৰ্থেহে তাকৰীয়া প্ৰবন্ধেৰে শ্ৰীযুত পদ্মনাথ বৰুৱা আৰু শ্ৰীযুত ৰাধানাথ ফুকন ডাঙ্গৰীয়া আদি লব্ধপ্ৰতিষ্ঠ লোকসকলৰ পৰামৰ্শমতে সেই কোৰ্চ যুগুত কৰা হৈছিল। ধন আৰু ধনৰ ব্যৱহাৰ, জীৱনৰ অমিয়া, মানৱ মহত্ত্ব, সংসাৰ প্ৰবাহ, অসমীয়া সাহিত্যত আপুৰুগীয়া বস্তু। কি লিখা পদ্ধতি, কি শব্দ গাথনি, কি চিন্তাৰ স্ৰোত আটাই কেউপিনৰ পৰা চালেও আজি পৰিমিত প্ৰকাশিত অসমীয়া সাহিত্যত সেইবোৰৰ [ ৭৩ ] উচ্চ আসনৰ বিষয়ে আৰু দ্বিতীয় মত হব নোৱাৰে। সত্যনাথ বৰাই এনেকৈ অসমীয়া ভাষা আৰু সাহিত্যৰ কেইবা প্ৰকাৰে চৰ্চ্চা কৰি গৈছে। নিজে গ্ৰন্থ ৰচনা কৰি, অসমীয়া আলোচনী কাকত নিজে সম্পাদন কৰি, সাময়িক আলোচনী কাকতবোৰত অসমীয়া প্ৰবন্ধেৰে যোগান ধৰি ছাত্ৰ অৱস্থাৰ পৰা অন্তিমকাললৈকে অসমীয়া সাহিত্যৰ সেৱা কৰি সময় নিয়ালে। “গীতাৱলী, সাহিত্য- বিচাৰ, সাৰথি, আকাশ-ৰহস্য, কেন্দ্ৰ-সভা, চিন্তাকলি, বহল ব্যাকৰণ আদি গ্ৰন্থ ৰচনা কৰি মাতৃভাষা চহকি কৰিলে। তলত গ্ৰন্থবোৰৰ সংক্ষিপ্ত আলোচনা কৰা হল।

গীতাৱলী।

 গীতাৱলী ৺সত্যনাথ বৰাৰ সৰ্ব্বপ্ৰথম পদ্য কিতাপ। ৺ সত্যনাথ বৰাৰ এটা কথাই মনত বৰকৈ খেলাইছিল যে, বাটে-ঘাটে অসমীয়াৰ মুখত কেৱল বঙলা গীতহে, অসমীয়া গীতৰ নাম গোন্ধেই নাছিল। তেওঁ নিজেও এইদৰে কৈছিল, “আজি কালি আসাম দেশৰ মানুহে গীত গাব লাগিলে বঙলা গীতহে গায়। ইয়াৰ কাৰণ বোধ কৰোঁ গীতৰ অভাৱ। অসমীয়া গীত থকাহেঁতেন আসামৰ মানুহে বঙলা গীতত ইমান প্ৰীতি নেদেখুৱালেহেঁতেন। এতিয়াৰ মানুহৰ বঙলা গীতত ৰতি বহিছে, অসমীয়া সিমান [ ৭৪ ] শুনিবলৈ বা গাবলৈ ভাল নেপায়।” সেইবাবে বঙলা গীতৰ সুৰেৰে ২৮টা অসমীয়া গীত ৰচনা কৰি তাত নিজৰ নাম নিদি “এজন অসমীয়াৰ দ্বাৰাই প্ৰণীত” বুলি কলিকতাত ছপা কৰি দি ৺ সত্যনাথ বৰাই ১৮৮২ খৃষ্টাব্দত বৃটিচ আমোলত অসমীয়া গীতৰ সৰ্ব্বপ্ৰথম কিতাপ প্ৰকাশ কৰে। এই ২৮টা গীতৰ সৰহ ভাগেই প্ৰণয় বিষয়ক।

 ইয়াৰ পিচত কামৰূপীয়া গীত নামেৰে আৰু এখন সৰু কিতাপ প্ৰকাশিত হয়। এই কিতাপ দুখনৰ গীতবোৰ তেতিয়া বৰ চলতি হৈছিল, “হায়ৰে মোৰ কাপাল খান্‌ বল্লাভাত কিমান খাম” “মজাচে পেটুৱা পেট ভৰি খ আলুভজা খাব মজা পকা খৰিচা” “শুনচাহনা আপীগিলা খাজনা বাবেইছি দিবা নল্লি নিবোক ধৰি প্যাদা লগেই দি”— ইত্যাদি কেতবোৰ গীতৰ বাক্য মানুহৰ মুখে মুখে হৈছিল। এই কিতাপৰ প্ৰায় আটাইবোৰ গীত অসমীয়াৰ সঙ্গীতবিদ্যা- বিশাৰদ ৺লক্ষীৰাম বৰুৱাৰ দ্বাৰা সম্পাদিত সঙ্গীত কোষত ঠাই পাইছে। অসমীয়া সঙ্গীত পুথিৰ আকাৰে ছপা কৰা উদ্যম এয়ে প্ৰথম। অসমীয়া ভাষাৰ কেইবাখনো কিতাপৰ গ্ৰন্থকাৰ, বিশেষকৈ এই ভাষাৰ অমূল্য গ্ৰন্থ “অসমীয়া খণ্ড বাক্যৰ” বিখ্যাত ৰচয়িতা আৰু ধুবৰীত বহা ১৯২৬ খৃষ্টাব্দৰ আসাম-সাহিত্য-সম্মিলনৰ চিৰস্মৰণীয় নৱম অধিবেশনৰ সভাপতি শ্ৰীযুত বেণুধৰ ৰাজখোৱাই কয় যে, “৺সত্যনাথ বৰাক বৃটিচ যুগত অসমীয়া গীতৰ প্ৰথম প্ৰবৰ্ত্তক বা অসমীয়া [ ৭৫ ] গীতৰ জন্মদাতা বুলিব পাৰি।” এনে অভিমত শ্ৰীযুত কীৰ্ত্তিনাথ বৰদলৈয়ে নতুন কৈ উলিওৱা “সুৰ পৰিচয়” কিতাপৰ ভূমিকাতো ৰাজখোৱা ডাঙ্গৰীয়াই প্ৰকাশ কৰিছে।

সাহিত্য-বিচাৰ।

 সাহিত্য-বিচাৰ পুথি ১৮৮৮ খৃষ্টাব্দত প্ৰকাশ পায়। এই পুথি সত্যনাথে কলিকতাত থাকোঁতেই ৰচনা কৰিছিল। এই কিতাপৰ নিমিত্তে কলেজত পঢ়াকালৰ পৰা সত্যনাথৰ নিজা টোকা আছিল। সাহিত্য-বিচাৰ পুথি তিনি আধ্যায়ত বিভক্ত। সাহিত্য কি, সাহিত্যৰ সাধাৰণ লক্ষণ, গদ্য ৰচনা, মূল কথা, উপকথা, সাধাৰণ উপকথা, অসাধাৰণ উপকথা, পদ্য, নাটক, গীত, চস্পু নৱৰস ইত্যাদি কথাবোৰৰ বিবিধ লক্ষণ, বিশদ বিৱৰণ আৰু সুন্দৰ আলোচনা সাহিত্য-বিচাৰ পুথিত আছে। এই পুথি অসমীয়া লিখক মাত্ৰৰে পঢ়িব লগীয়া। এই পুথি যে অসমীয়া ভাষাতহে নতুন এনে নহয়। সাহিত্য- বিচাৰত যিবোৰ কথা আলোচনা কৰা হৈছে, সেই এটাইখিনি কথা একেলগে কোনো ইংৰাজী বা সংস্কৃত পুথিত পোৱা নাযায়। এই পুথি সত্যনাথৰ বহুত চিন্তা আৰু অধ্যয়নৰ সত্যনাথৰ এটাইবোৰ কিতাপৰ ভিতৰত এইখনেই প্ৰকৃত মৌলিক গ্ৰন্থ। অৱশ্যে এই পুথিৰ অলপ দোষ নোহোৱা নহয়। গদ্য সম্বন্ধে লিখকে ভালকৈ আলোচনা কৰিছে। [ ৭৬ ] কিন্তু পদ্য সম্বন্ধে অতি কম কথা লিখা হৈছে। অসমীয়া সাহিত্যৰ বুৰঞ্জী লিখকে কয় যে, “ই নামত সাহিত্য- বিচাৰ হলেও ইয়াক ব্যাকৰণৰ অন্তৰ্গত বোলা হৈছে।” সাহিত্যৰ লক্ষণ আলোচনা কৰা দ্বিতীয় পুথি আজি পৰিমিত প্ৰকাশ হোৱা নাই।

 সত্যনাথৰ সাহিত্য-বিচাৰ পুথি প্ৰকাশ হওতেই সকলোৱে ইয়াক হাতত ললে। গুণগ্ৰাহী সমালোচক সকলে এই কিতাপৰ গুণৰ সমাদৰ কৰিলে। ই প্ৰকাশিত হোৱা মাত্ৰকে ছাত্ৰবৃত্তি স্কুলৰ বৃত্তি পৰীক্ষাত পাঠ্য কিতাপ স্বৰূপে নিৰ্দ্ধাৰিত হল। ১৯০৪ খৃষ্টাব্দত কলিকতা বিশ্ববিদ্যালয়ৰ চিনেটে কেতবোৰ অসমীয়া প্ৰবন্ধ মনোনীত কৰি এণ্ট্ৰেঞ্চ কোৰ্চ নাম দি গুৱাহাটীৰ মুক্তিয়াৰ স্বৰ্গীয় মহেশ্বৰ গোস্বামীৰ দ্বাৰা প্ৰকাশ কৰায়। সেই সাহিত্য বাচনিৰ কিতাপত “সাহিত্য-বিচাৰ” পুথিৰ একেবাৰে তিনি অধ্যায় বাচনিত উঠে। শেহত ডিব্ৰুগড়ৰ ভট্টাচাৰ্য্য এজেঞ্চিৰ প্ৰোপ্ৰাইটাৰ শ্ৰীযুত শিৱনাথ ভট্টাচাৰ্য্যক সাহিত্য-বিচাৰ ভবিষ্যতে প্ৰকাশ কৰাৰ স্বত্ব গ্ৰন্থকাৰে একেবাৰে এৰি দিয়ে।

 সাহিত্য-বিচাৰ পুথিত সাহিত্যৰ নৱৰসৰ বিচাৰ কৰোঁতে গ্ৰন্থকাৰে বিবিধ ৰসৰ উদাহৰণবোৰ অসমীয়া পুৰণি পুথিব পৰা উদ্ধৃত কৰি দিছে। তেতিয়াৰ ডেকা অৱস্থাতে সত্যনাথ বৰাই অসমীয়াৰ প্ৰাচীন সাহিত্য কেনে মনোযোগেৰে অধ্যয়ন কৰিছিল তাক উদ্ধৃত বাক্যবোৰৰ পৰা ভালকৈ বুজিব [ ৭৭ ] পাৰি। অসমীয়া নৱৰসৰ আস্বাদ দিবলৈ পুৰণি পুথিৰ পৰা উদ্ধৃত উদাহৰণবোৰ পুনৰ উল্লেখ কৰা হল।—

শৃঙ্গাৰ বা আদিৰস।

মনক হৰন্ত গোপ বধূ সমস্তৰ।
মুখত প্ৰকাশে আতি হাসি মনোেহৰ॥
দেখা তাসম্বাৰ সতিনীৰ ৰিষা এৰি।
পঞ্চম উৎসাহে গাৱে মাধৱক বেৰি॥
পুষ্পতলে বহে অতি নৃত্যত ভাগৰি।
আলিঙ্গিয়া কৃষ্ণক জিৰাৱে কণ্ঠে ধৰি॥
মদনে পীৰিত কতো বাতুল আকাৰ।
আগ বাঢ়ি যাচি মাঙ্গে ষোড়শ শৃঙ্গাৰ॥
দেখা দেখা হেৰা সখি কতো গোপিনীৰ।
কৃষ্ণ মুখ চুম্বিতে নয়নে বহে নীৰ॥
কামভাৱে ভজন্ত মাধৱে কত নাৰী।
জন্মে জন্মে হৈবে প্ৰভা তোমাৰ কিঙ্কৰী॥
কত গোপী মাধৱক নমিবাৰ ছলে।
চৰণত স্তন দিয়া মহাকাম ভোলে॥
কীৰ্ত্তন।

বীৰ ৰস।

মোক লাগি বান্ধৈ নকৰিবা চিন্তা ভয়,
কৈত শুনি আছা মোৰ আছে পৰাজয়।

[ ৭৮ ]

নৃপতিগণক মই জানি আছোঁ ভালে,
সিংহক কৰিবে কিবা শৃগালৰ পালে।
হেন লক্ষ ৰাজাক কটাক্ষ মোৰ নাই,
সাজু হুয়া আসি কাৰ উৰুৱাইবে চাই।
পলাইবে শৃগালগণ যেন লাঞ্জ মাৰি,
ৰঙ্গ দেখা খেদাইবোহোঁ লণ্ডাটিকা পাৰি।
ৰুক্মিণী হৰণ।

কৰুণ ৰস।

কান্দে আৰু নৰনাৰী,  অন্তেস পুৰক চানি,
 ক্ৰন্দনৰ উৰ্ম্মি উথলিল।
অনন্তৰে মহাদই,  ক্ষণেক চেতন পাই
 দীৰ্ঘৰাৱে অনেক কান্দিল।
পুত্ৰশোকে দহে গাৱ,  হিয়ে হানে মুষ্টিঘাৱ,
 হাঁ হাবিয়াসৰ পুতাই।
কৃষ্ণ জমাই যমদূত,  হুয়া তোক নিলে পুত
 মোক শোক সাগৰে পেলাই॥
জাতিগণে দিলে হাক,  তোক দণ্ড কৰিবাক
 নুশুনিলা কিনে স্বতন্তৰ।
ওলাই গৈলি নাচিবাগি,  পুত্ৰ ই জন্মক লাগি
 উলটিয়া নপশিলি ঘৰ॥
পাঞ্চোপুত্ৰ ভৈলোঁ সুখী  আছিলাঁ সুবৰ্ণ কুক্ষি
 সিও নাম খণ্ডাইলি কুমৰ।

[ ৭৯ ]

কিনো ভৈল হৃদিশোক,   বিধতা ডণ্ডিলে মোক
 যমপুৰে আমাক সুমৰ॥
ৰাজাৰ কুমাৰীগণে,  তোক সেৱে সৰ্ব্বক্ষণে
 শীতল শয্যাত থাকা শুই।
আজি বাপু প্ৰাণ এৰি, কোন স্থানে আছা পৰি
 কাক শৃগালৰ ভক্ষ হুই॥
ৰুক্মিণী হৰণ।


অদ্ভুত ৰস।

নন্দক আৱৰি,  বোলে গোপ-গোপী,
 পৰম মনে বিস্ময়।
তোমাৰ পুত্ৰৰ,  যেন যেন কৰ্ম্ম,
 মনুষ্য এন্ত নহয়॥
সাত বৰিষৰ,  শিশু কৃষ্ণ ইটো,
 দেখা কেন কৰি লীলা।
ছত্ৰাকৃতি কৰি,  এক হাতে তুলি
 পৰ্ব্বতক উল্লসিলা॥
কীৰ্ত্তন।

দোভাইক ৰথে থৈয়া তৰুতলে।
নামিলা গৈয়া যমুনাৰ জলে॥
বুৰ দিয়া মন্ত্ৰ জপিলা পাচে।
দেখন্ত ৰাম কৃষ্ণ ঐত আছে॥

[ ৮০ ]

ৰথত নাহিক বুলি উঠিলা।
দোভাইক ৰথতে দুনাই দেখিলা॥
পূৰ্ব্বৱতে বসি আছন্ত দুই।
দুনাই বুৰ দিলা বিস্ময় হুই॥
জলৰ মাজত দেখন্ত পাচে।
সহস্ৰেক ফণে অনন্ত আছে॥
*   *  *  *
পৰম পুৰুষ আছন্ত বসি
প্ৰকাশে মুখ যেন পূৰ্ণ শশী।”

কীৰ্ত্তন।


হাস্যৰস।

ডাঙ্গৰ দীঘল ভুনি মৰা মূৰত ডাঙ্গৰ পাগ
বিয়ায় সভায় ডাঙ্গৰ চৰুত পায় ডাঙ্গৰ ভাগ।
ডাঙ্গৰ জাপিৰ তলত যায়, ডাঙ্গৰ পিৰাত বহে
ডাঙ্গৰ হোকাত ধঁপাত খায়, ডাঙ্গৰ ডাঙ্গৰ কাহে।
ডাঙ্গৰ খাহি ডাঙ্গৰ মাছ ডাঙ্গৰ ভেটি ভাৰ।
গোচৰ শোধাত জগৰ ভঙ্গাত সদাই লাগে তাৰ।
ডাঙ্গৰ ঘৈনীক চুলিত ধৰি মাৰে ডাঙ্গৰ চৰ।
ডাঙ্গৰ চাউলৰ ভাত দিয়ে তাঁতশালত ঘৰ।
বন্দীক মাৰে খুটাত বান্ধি ডাঙ্গৰ বাঢ়ণীৰে
খৰমৰ কোব লগুৱাৰ মূৰত দিনে ৰাতি পৰে।

[ ৮১ ]

ডাঙ্গৰ ডাবিত লৰা-লুৰি পলায় লৰা-লৰি,
ডাঙ্গৰ বেতৰ কোবত কেও কান্দে বা চিয়ঁৰি।
ডাঙ্গৰ ডিঙ্গিৰ ডাঙ্গৰ হাতৰ ডাঙ্গৰ ধুম্‌ধুমনি,
ই মূৰৰ পৰা সি মূৰলৈকে গোটেই গাওঁতে শুনি।
ডাঙ্গৰ চৰাত ডাঙ্গৰ খুটাত ডাঙ্গৰ গাৰু পাৰি,
পাটি ঢাৰিত খাই দাই উঠি বহে ভেম্ মাৰি।
ডাঙ্গৰ ডগ্‌ড‌গিত পানী ডাঙ্গৰ বটাত পান,
ওচৰতে থয় হোকা, চৰিয়া পিকদান।
ডাঙ্গৰ বিছনিৰ বা জুৰ লাগি পৰে,
চকু মুদি ডাঙ্গৰ ডাঙ্গৰ হোঁতৰণি মাৰে।
পিন্ধা-উৰাত ভেম ডাঙ্গৰ কথাত ডাঙ্গৰ গপ,
তলে তলে কথা ডাঙ্গৰ পুৱা ডাঙ্গৰ জপ।
 মৌ।


ভয়ানক

ডেৰ প্ৰহৰৰ পথ জুৰি নিৰন্তৰ
চূৰ্ণীকৃত কৰিলেক বৃক্ষ নিৰন্তৰ।
ঘোৰৰূপ দেখি প্ৰজা কৰে উসমিস
তড়িয়াছে দন্ত যেন লাঙ্গলৰ ইষ।
নাকৰ ভিতৰ যেন পৰ্ব্বত গহ্বৰ
ভয়ঙ্কৰ শিলা সম তনু থুলন্তৰ।
অতি কুৰুকুটা কেশ বিকৃত কুৰূপ
চক্ষুৰ কোটৰ যেন দুই অন্ধকূপ।

[ ৮২ ]

হাত ভৰি তড়িয়াছে যেন দেখি আলি।
শুখান পুখুৰি যেন পেট আছে খালি।

বীভৎস।

একো নেদেখন্ত কামাতুৰ ভৈল বৰ,
কন্যাক ধৰিবে মনে দিলন্ত লৱৰ।
খট্‌মট্‌ কৰি বাজে গলে মুণ্ড মাল,
কঙ্কালৰ সোলকি পৰিল বাঘ ছাল।
ভৈল উলঙ্গত তাকো নাচান্ত চাপৰি
দেখি পলাইবাক লৈলা কন্যাও লৱৰি।
হাসি লাজে আৰ হোন্ত ই গাছে সি গাছে
ভোল হুয়া শঙ্কৰৰ খেদন্ত পাচে পাচে।
 

ঘৃণা।

কোনো ঠাইত আছে পৰি মৰা গৰু এটা
আৰু পৰি আছে কত হাৰ গোটা গোটা।
গেলিছে মঙ্গহ তাৰ গোন্ধে প্ৰাণ উৰে,
তাতে পৰি বৰমাখি ভেন্‌ ভেন্ কৰে।
এফালে লাগিছে আহি খকুৱা শকুনি
খিকিন্দালি কৰি খায় মাংস টানি টানি।
কোনো ফালে পোক লাগি পিল পিল কৰে,
উৱঁলি মঙ্গহ কতো খহি খহি পৰে।

[ ৮৩ ]

আৰু আছে চুবা চুবি বিষ্ঠা কেউফালে
কেচা, পকা ধোৱা উৰা, ঘিণ লাগে চালে।

ৰৌদ্ৰৰস।

শুন অৰে যদুবংশী কৃষ্ণ দুৰাচাৰ,
কেন চুৰি কৰে নেস ভগিনী আমাৰ।
নুযুৰিলি কন্যা তই মোতো নুখুজিলি,
আবে কোন লাজে চাম্প দেশ যেন চিলি।
যেন ধোন্দা কাকে লৈয়া যায় সোন্দা কল,
খানিতেকে ৰহ আজি দিবো প্ৰতিফল।
আন নৃপতিৰ মতে আমাকে জোঙ্কাস,
ৰুক্মি কুমৰৰ তই আঁটা নতু পাস।
প্ৰমত্ত বাঘৰ আগে ঘোলাৱস গাৱ,
কৰ্শাল সৰ্পৰ যেন লাঞ্জে দেশ পাৱ।
মৰিবাক লাগিয়া যমত কৰ খেড়ি,
আজি তোক নামাৰি সেন্থৰে নযাও এৰি।
 ৰুক্মিণী হৰণ।

শান্ত বা বাৎসল্য ৰস।

লোকক দেখিয়া যান্ত তিনি চাৰি ভৰি,
মুখ চাই নিচিনি থাকন্ত যেন ভিৰি।
কৰ্দ্দমে লেপিত হুয়া আসন্ত উলটি
দেখি দুইকো দুই মাৱে ধৰন্ত সাৱটি।

[ ৮৪ ]

স্নেহে পীয়াৱন্ত স্তন পুত্ৰ মুখ চান্ত
মিলয় আনন্দ দেখি গজি আসে দন্ত।
কীৰ্ত্তন।

আজি বহু দিন মিতা,  তুমি সৈতে নাই দেখা
 ছিলা কৰবাত মনে মনে।
দেখিয়া তোমাৰ মুখ,  মনে বৰ পালোঁ সুখ,
 জুৰাল জীৱন এতক্ষণে॥
একে দিনে জনমিলোঁ,  একেলগে বৰ হলোঁ
 একেলগে কৰিছোঁ ধেমালি।
কেনে সুখে দুই জনে,  ফুৰিছিলোঁ বনে বনে
 মনত পৰেনে? সৰু কালি॥

ভক্তিৰস।

মই অনাথক দয়া,  কৰহু পৰমানন্দ
 দাস বুলি ধৰিয়া মনত,
 থৈয়ো নিজ ভৃত্যৰ সঙ্গত।
অঙ্গুলী মুখত কৰোঁ,  দান্তে তৃণ তুলি ধৰোঁ
 কেশ ছিণ্ডি দিওঁ চৰণত॥
অপৰাধ বিনাশন  তযু নাম নাৰায়ণ
 জানি নামে পশিলোঁ শৰণে।
 আন গতি নাহিকে মৰণে।

[ ৮৫ ]

অপৰাধ ক্ষমা কৰি,  তুমি দয়াশীল হৰি
 মোক ৰক্ষা কৰিয়ো চৰণে॥
তোমাৰেসে অবিদ্যায়,  আমাক মুহিলে হৰি
 নাজানোহো তোমাৰ তত্ত্বক।
তোমাৰ চৰণে হৰি,  শৰণ পশিয়া সাৰ
 কৰিলোহোঁ তোমাৰ নামক।

নামঘোষা।


সাৰথি।

 ১৮৩৩ শকাব্দত সত্যনাথৰ সাৰথি প্ৰকাশিত হয়। সাৰথি গদ্য প্ৰৱন্ধৰ পুথি। গ্ৰন্থকাৰে পুথিৰ নাম সাৰথি ৰখাৰ আৰু কি উদ্দেশ্যেৰে এই পুথি যুগুত কৰিছিল তাৰ বিষয় নিজে এই দৰে অভিমত প্ৰকাশ কৰিছে। “উদ্গতি সাধন মনুষ্য জীৱনৰ মূল মন্ত্ৰ, আৰু সংসাৰখন কৰ্ম্মক্ষেত্ৰ। এই ক্ষেত্ৰত যি নিজৰ বুদ্ধিবলৰ আলম লৈ পুৰুষাৰ্থ কৰি সম্পদ লাভ কৰিব পাৰে আৰু ডাঙ্গৰ হয়, সি ধন্য, যি নোৱাৰে তাক কোনেও মানুহ বুলি লেখত নধৰে। কিন্তু সংসাৰ বৰ একাচেকা ঠাই। ই এটা যুদ্ধৰ বেঁহু, ইয়াত সদায় দল্দো‌প হেন্দোলদোপ্‌ লাগি আছে, ইয়াৰ ভিতৰত বাট আওবাট সৰ সুৰঙ্গা ভৰি আছে, তাত কোনটোৰে গলে কত ওলাব পাৰি তাক ঠাৱৰাবলৈ টান, সেই দেখি সৰহ[ ৮৬ ] ভাগ মানুহে উৱাদিহ নাপায় সংসাৰ সোঁতত গা এৰি দি উটি যায় আৰু সোঁতে নি যতে তোলে ততে উঠে। কিন্তু সোঁত বুলিলেই নামনিলৈ বয়। এতেকে সোঁতত গা এৰি দিলে মানুহ নামনিৰ ফাললৈ যায় ওপৰলৈ উজাব নোৱাৰে। উদ্গতিৰ মন্দিৰ সোঁতৰ উজনিত, উজাই নগলে সেই বিনন্দবিলাস অময়া মন্দিৰত উঠিব নোৱাৰি। কিন্তু সোঁতত উজাই যোৱা টান কথা। সোঁতেৰে সৈতে যুদ্ধ নাপাতিলে সেই কাম সিদ্ধ নহয়। সেই দেখি মানুহে জীৱনটোক জীৱন-যুদ্ধ বোলে। যুদ্ধত সূচক সাৰথি নহলে জয়লাভ কৰিব নোৱাৰি, সেইদৰে জীৱন-যুদ্ধতো এজন সূচক সাৰথি নহলে জয়লাভ কৰিবলৈ টান। এই পুথিখনত জীৱন-যুদ্ধৰ আওভাও আঁতি-গুৰি আৰু কৌশলবিলাক বুজাই দিবলৈ চেষ্টা কৰা হৈছে, সেই দেখি ইয়াৰ নামো সাৰথি থোৱা হৈছে। পুথি খনত মনেৰে ভাবি ধৰা কথা লিখা হোৱা নাই। যি কথা নিজৰ জীৱনত ফলিয়াইছে আৰু আনৰ জীৱনতো ফলিওৱা দেখিছোঁ, তাকেহে মাথোন ইয়াত ঠাই দিয়া হৈছে।”

 সাৰথিৰ প্ৰৱন্ধবোৰ পোনতে উষাত প্ৰকাশ পাইছিল। গ্ৰন্থকাৰে কৈছে যে, তেতিয়া ইয়াৰ ভাষাত বহুত জোঁট আছিল, পিছত পুথি আকাৰে প্ৰকাশ কৰাত তাৰ ভাষাৰ জোঁট ভাঙ্গি লৰা বুঢ়াই অপ্ৰয়াসে বুজিবৰ অৰ্থে পোনাই দিয়া হৈছিল।

 এই পুথি ঘাইকৈ তিনি ভাগত বিভক্ত। আৰু ইয়াত [ ৮৭ ] তলত দিয়া বিষয়বোৰ আলোচনা কৰা হৈছে। বিদ্যা, পুথি অধ্যয়ন, বিশ্ব অধ্যয়ন, দেশ ভ্ৰমণ, চিন্তা, চৰিত্ৰ, দয়া, ন্যায়শীলতা, ক্ৰোধ, লোভ, অহঙ্কাৰ, মিছালি, চৰিত্ৰ শুধৰণৰ অন্যান্য বাধা, অন্যৰ প্ৰতি ব্যৱহাৰ, কৰ্ম্ম, শ্ৰম, উৎ- সাহ, অভ্যাস, ছেগ, হামাহি, প্ৰতিজ্ঞা, কৰ্ত্তব্যজ্ঞান, ধনৰ ব্যৱহাৰ, ৰাগীয়াল বস্তু, স্বাস্থ্য, বাসৰ ঠাই, বাসৰ ঘৰ, ভোজন, শয়ন, শৰীৰ আৰু বস্ত্ৰৰ শুদ্ধতা, ব্যায়াম ইত্যাদি।

 সাৰথি শুদ্ধ অসমীয়াত লিখা পুথি, ইয়াৰ ভাষাৰ শুদ্ধতা, ভাবৰ গভীৰতা, ৰচনা ৰীতিৰ স্বাভাবিকতা আৰু লিখাপদ্ধতিৰ সৰলতাই এই শ্ৰেণীৰ আন সকলো অসমীয়া পুথিকে চেৰ পেলাইছে বুলি কলে বোধকৰো অত্যুক্তি নহব। অসমীয়া সাহিত্যত অসমীয়া কথাৰ শুদ্ধতা ৰাখি ৰচনা কৰা কিতাপৰ কথা ওলালে সাধাৰণতঃ দুখন কিতাপৰ নাম যেনে তেনে ওলায়। এখন হৈছে কবিতাৰ পুথি সাহিত্য—পেঞ্চনাৰ মৌলবী মফিজুদ্দিন আহম্মদ ৰচিত “জ্ঞান-মালিনী” আৰু আনখন হৈছে “সাৰথি”। এই কিতাপ প্ৰকাশ হওঁতেই অসমীয়া ৰাইজে ইয়াক পঢ়িবলৈ ব্যগ্ৰ হৈ উঠিছিল। সাৰথিত সংস্কৃত শব্দৰ পৰিবৰ্ত্তে হেম কোষত থকা অসমীয়া শব্দৰ বহুল ব্যৱহাৰ আছিল। অসমীয়া আলোচনীয়ে গ্ৰন্থকাৰৰ শব্দ ব্যৱহাৰ সমৰ্থন কৰি বখানিছিল।

 সাৰথি প্ৰকাশ হৈ ওলোৱাৰ পৰা আজিলৈকে ই স্কুলত [ ৮৮ ] পাঠ্য পুথিৰূপে ব্যৱহাৰ হৈ আছে, কলিকতা বিশ্ববিদ্যালয়ৰ মেত্ৰিকুলেচন পৰীক্ষাতো পাঠ্য পুথিৰূপে ব্যৱহাৰ হৈছে। সাৰথিৰ ভাষাই পঢ়োতা আৰু লিখোঁতাৰ ওপৰত যথেষ্ট প্ৰভাৱ চলাইছে। ইয়াৰ কেতবোৰ বাক্য অসমীয়া লিখাৰুৰ ৰচনাত স্বভাৱতে ব্যৱহাৰ হব ধৰিছে, কেতবোৰ এনে ছুটি আৰু ভাবপূৰ্ণ বাক্য আছে যে, সেইবোৰ আজিকালি অসমীয়াতে চলিত বচন যেন হৈছে। তলত কেইটিমান তুলি দিয়াৰ লোভ সামৰিব নোৱাৰিলোঁ। “সংসাৰ একা চেকা ঠাই, একে উচালে জগতত কোনোৱ উদ্গতি কৰিব নোৱাৰে, শ্ৰম কুচিন্তাৰ পৰম ঔষধ, উদ্গতিৰ মোহন মন্দিৰ, পুথিৰ প্ৰধান বিশ্ব, ন্যায়ৱন্ত মানুহ তৰ্জ্জুৰ নিচিনা, সংসাৰ বহুৰূপী ইত্যাদি।” অসমীয়া সাহিত্যৰ বুৰঞ্জী লিখকে কয় যে, “সাৰথিৰ নিচিনা নিখুঁত অসমীয়া আৰু ওখ ভাবৰ পুথি আমাৰ জীৱন-যুদ্ধৰ সাৰথি”। শ্ৰযুত শৰৎচন্দ্ৰ গোস্বামী দেৱে কয় যে, “ইংৰাজী সাহিত্যৰ এডিচনৰ (Spectator) স্পেক্টেটৰৰ দৰে সত্যনাথৰ সাৰথিও চিৰকাল অসমীয়া সাহিত্যৰ আদৰৰ বস্তু হৈ থাকিব”।

[ ৮৯ ]
 

আকাশ ৰহস্য।

 আকাশ ৰহস্য পুথি ১৮৩৭ শকাব্দত প্ৰকাশ পায়। ইয়াত আকাশ বিজ্ঞানৰ গ্ৰহ নক্ষত্ৰৰ কথাবোৰ উজু ভাষাত লিখা আছে।

 সৌৰজগত, সৌৰজগতৰ উৎপত্তি, গ্ৰহৰ আহ্নিক আৰু বাৰ্ষিক গতি, গ্ৰহবিলাকৰ পিঠি ভাগৰ বিৱৰণ, সূৰ্য্য, উপগ্ৰহ বা চন্দ্ৰ, তৰাৰাজ্য, হাতীপটি, ধূমকেতু, নেজালতৰা আৰু পপীয়া তৰা, নীহাৰিকা ইত্যাদি বিষয়বোৰৰ আলোচনা আছে। প্ৰণেতাই এই পুথি লিখাৰ উদ্দেশ্য এইদৰে প্ৰকাশ কৰিছে। “আমাৰ দেশৰ লৰাই কলেজত সোমাই আকাশ বিজ্ঞানৰ গধুৰ পুথি হাতত নাপায় মানে গ্ৰহ-নক্ষত্ৰৰ বিষয় কোনো কথা শিকিবলৈ নাপায় আৰু কোনোবা লৰাই শিকিব খুজি- লেও তালৈ পুথি নাই। এই অসুচল গুচাৰৰ মনেৰে আকাশ ৰহস্য প্ৰকাশ কৰা হল। ইয়াৰ কথাবোৰ বিজ্ঞানৰ কথা হলেও লৰামতীয়া শিকাৰুৰ মন খোৱা কৰিবলৈ বিজ্ঞানৰ গহীন সাজ এৰি দি তাক সাহিত্যৰ সাজ দিয়া হৈছে, আৰু কথাবোৰ উজু ভাষাত মোৰ ভাঙ্গি বুজাবলৈ চেষ্টা কৰা হৈছে। ভূগোল ক্ষেত্ৰতত্ত্বৰ আভাস পোৱা লৰা মাত্ৰেই ইয়াক বুজিব পাৰিব বুলি আশা কৰা যায়।” বৰ্ত্তমান সময়ত কিতাপ ৰচনা কৰি সেই কিতাপ এজনৰ উদ্দেশ্যে উচৰ্গা বা অৰ্পণ কৰা এটা ধৰাবন্ধা ৰীতি যেন অনুমান হয়। সত্যনাথ বৰা এই ৰীতিৰ [ ৯০ ] বহিৰ্ভূত থাকিও আকাশ ৰহস্য পুথি তেখেতৰ স্বৰ্গীয় পিতৃ- দেৱ ৺দয়ানাথ বৰ বৰাৰ শ্ৰীচৰণত অৰ্পণ কৰিছিল। তেওঁ লিখি থৈ যোৱা কিতাপবোৰৰ ভিতৰত এই খনেই মাথোন উচৰ্গা কৰা কিতাপ। লিখকে কৈছে, “দেউতা, আপুনি মোক অজান লৰাকালতে এৰি থৈ গৈছে, সেই দিন ধৰি মই বহুত ঢৌ ধুমুহা পাৰ হৈ ডাঙ্গৰ দীঘল হলো; কিন্তু এই পৰিমিত আপোনাৰ চৰণত পূজা এভাগি দিবলৈ দিহা কৰিব পৰা নাছিলোঁ। আজি এই সামান্য ফুল পাহি অতি হাবিলা- হেৰে আপোনাৰ চৰণত অৰ্পণ কৰিলোঁ। অপুনি যেন ইয়াক ঘিণ নকৰি আপোনাৰ অভাজন পুত্ৰৰ পূজা বুলি সামৰি লয়। মই যদিও আপোনাৰ সম্পূৰ্ণ আখ্যা ধাৰণ কৰা নাই তেও মই আপোনাৰেই সন্তান “শ্ৰীসত্যনাথ”। আকাশ ৰহস্য পুথিত আলোচনা কৰা বিষয়ৰ আৰু দ্বিতীয় পুথি অসমীয়াত নাই। সত্যনাথৰ Astronomy চৰ্চ্চাত কেনে ৰাপ আছিল এই পুথিয়েই তাৰ সাক্ষী। গুৱাহাটীৰ চিনিয়ৰ মোক্তাৰ শ্ৰীযুত হৰকান্ত গোস্বামীৰ পৰা শুনা গৈছে যে, এদিন তেখেতৰ নিজ থকা ঠাই নহিৰা গাৱঁলৈ যাওঁতে কোনোবা এজনী গাঁৱলিয়া তিৰোতাই তাইৰ গিৰিয়েকে ভৰ দুপৰীয়া এটা পৰ্ব্ব- তৰ গুৰিৰ বাটত আকাশৰ পৰা আগতে পৰা এডোখৰ সৰু জলজলীয়া বগা শিল পোৱা বুলি কলে আৰু সেই বস্তুটোনো কি তাক গোসাঁই দেৱে জানেনে বুলি সোধাত গোসাঁয়ে ভেকাহি মাৰি নাজানো বুলি কৈ তাইৰ কথাৰ সাৰ্থকতা [ ৯১ ] নেদেখি সেই বিষয়ে বিশেষ একো ভূ-ভা নলৈ নিজ ঘৰলৈ গুছি গল। পিছত ঘৰৰ পৰা আহি কথা প্ৰসঙ্গত এই কথাটো উকীলখানাত উলিয়ালত সত্যনাথ বৰাই আকাশৰ পৰা কেতিয়াবা কেতিয়াবা কোনো বহুমূলীয়া পাথৰ পৰা কথাটো আগৰে পৰা জানি আৰু পাথৰ আদি তেনেকৈ পৰেনে নপৰে ইত্যাদিৰ সত্যতা সম্বন্ধে কটন কলেজৰ প্ৰফেচাৰ চুনীলাল দেৰ লগত পৰামৰ্শ কৰি শ্ৰীযুত গোসাঁই দেৱক গাৱঁলৈ সেই মানুহ জনীক বিচাৰি পাথৰ ডোখৰ লৈ আহিবলৈ বৰকৈ অনুৰোধ কৰিলে আৰু কথাটোৰ গুৰুত্ব সম্বন্ধে ভালকৈ বুজাই অনিচ্ছুক গোসাঁইদেৱক সাতবন কাতি কৰি থৈ কছাৰী-খোলা-থকা-দিনতো পুনৰায় সেই গাৱঁলিয়া তিৰোতাজনীৰ উদ্দেশ্যে নিজ গাৱঁলৈ যাব লগিয়াত পেলালে। যদিও সেহত গাৱঁলীয়া তিৰোতাজনীৰ কথাটো সন্ধান কৰি অমূলক বুলি জানি নৈৰাশ হৈ গোসাঁইদেৱে বৰা ডাঙ্গৰীয়াৰ মনৰ খুদুৱনি মাৰ নিয়ালে। এই কথাৰ পৰা সত্যনাথৰ আকাশ তত্ত্ব জানিবলৈ কেনে আগ্ৰহ আছিল তাক ভালকৈ জনা যায়।

কেন্দ্ৰ-সভা

 গুৱাহাটীৰ পৰা প্ৰকাশিত মাহেকীয়া আলোচনী জোনাকী কাকতত কেন্দ্ৰ-সভা নাম দি সত্যনাথ বৰাই সেই সময়ত সমাজৰ দোষাদোষ আলোচনা কৰি কেইটিমান প্ৰৱন্ধ লিখে। [ ৯২ ] এই প্ৰৱন্ধ কেইটি গোট কৰি মৃতকৰ পুত্ৰ অম্বিকানাথ বৰাই ১৯২৪ খৃষ্টাব্দত এই কিতাপ প্ৰকাশ কৰে। প্ৰকাশকে কৈছে, “কুৰি বছৰ আগেয়ে কেন্দ্ৰ-সভাৰ কথা নজনা লোক অসমত নাছিল। “জোনাকীত” যেতিয়া কেন্দ্ৰ-সভাৰ অধিবেশনৰ বিৱৰণ প্ৰকাশ হবলৈ ধৰে তেতিয়া কেন্দ্ৰ-সভাৰ বক্তৃতা, কেন্দ্ৰ-সভাৰ আলোচনা, অসমীয়া মানুহৰ মুখে মুখে হৈছিল।” কেন্দ্ৰ-সভা পুথিৰ প্ৰথম ভাগত অসমীয়া ন বোৱাৰী, অসমত স্ত্ৰীশিক্ষা, অসমৰ জন-সংখ্যা, কিমাশ্চৰ্য্যমতঃ- পৰম্ ইত্যাদি বিষয়ৰ বক্তৃতা আছে। দ্বিতীয় ভাগত খ্যাতিমতী বুঢ়ী, সুখৰ আৰ্হি, জীৱনৰ ছয় ঋতু, ভকতীয়া ব্যাকৰণ, নতুন বছৰ, বিদ্যাধৰ বৰ কাকতিৰ ফাকুৱা, বৰদৈচিলাৰ উপাখ্যান এই কেইটি ধেমেলীয়া উপাখ্যান আছে। সত্যনাথ বৰাই নিয়ম বান্ধি গহীন ভাবে চলা লক্ষণ দেখি বহুতৰ ধাৰণা আছিল যে, বৰা ডাঙ্গৰীয়াত ধেমেলীয়া কথা বা ৰসাল কথাৰ ঠাই নাই। তেওঁ ৰস বিহীন বা ধেমেলীয়া কথা উপভোগ কৰা আনন্দবিৰহিত পুৰুষ আছিল। কিন্তু কেন্দ্ৰ-সভা পুথিৰ প্ৰৱন্ধবোৰ পাঠ কৰিলে সেই ধাৰণা একেবাৰে অমূলক বুলি বিশ্বাস হয়। এনে কোনো পাঠক নাই যে, কেন্দ্ৰ-সভাৰ বক্তৃতাবোৰ পাঠ কৰি কিম্বা ধেমেলীয়া উপন্যাসবোৰত চকু ফুৰাই নেহাঁহোঁ বুলি কৃতসংকল্প হলেও নহঁহাঁকৈ থাকিব পাৰে।

 কেন্দ্ৰ-সভা এখন কাল্পনিক সভা। ইয়াৰ ৰীতি-নীতি [ ৯৩ ] নিয়মপ্ৰণালী ডেকা-সভাৰ নিচিনা নহয়। তাঁত মেজ মাচিয়া বা বেঞ্চ নাই। সভ্য ডাঙ্গৰীয়া সকল মাটিৰ ওপৰত ঢাৰিপটি পাৰি লেপেটা কাঢ়ি বহে। ওচৰত পিকদান ধোৱাঁ খোৱা আদি লাগতিয়াল সকলো সামগ্ৰী যতোৱা থাকে। মুহূৰ্ত্তে মুহূৰ্ত্তে চাকৰে তামোল ধপাতৰ যোগান ধৰে। বয়সত ৫০ বছৰ বা তাৰ উৰ্দ্ধ নহলে কাকো কেন্দ্ৰ সভাৰ সভ্য পতা নহয়। ইংৰাজী শিক্ষাৰ পোহৰ পোৱা বিশ্ববিদ্যালয়ৰ দীক্ষা পোৱা নকৈ উঠি অহা অসমীয়া ডেকাবিলাকে বিবেচনা কৰে যে, অসমৰ বুঢ়া শ্ৰেণীৰ মানুহবিলাকে দেশৰ ফালে বা ভাষাৰ ফালে অলপো চকু মেলি নাচায়। সিবিলাকে “পোৱাবাৰ” মাৰি দিন নিয়ায়, এইবোৰ অসহনি কথা শুনি কেইজনমান প্ৰাচীন ডাঙ্গৰীয়াই দেশী লোকৰ অৱস্থা উন্নত কৰিবলৈ ককালত টঙ্গালি বান্ধি কেন্দ্ৰ-সভা স্থাপন কৰিছে। তেতিয়াৰ দিনত কোনো সভা গঠিত হোৱা নাছিল। সেই সময়ত অসমীয়া সমাজৰ নবোৱাৰী, স্ত্ৰীশিক্ষা সম্পৰ্কে চলিত দোষবোৰক কাল্পনিক কেন্দ্ৰ-সভা পাতি, সভাত বক্তা নিযুক্ত কৰি, বক্তাৰ মুখেৰে, নানা ৰহণ সানি শ্ৰোতাসকলক দোষৰ প্ৰতিকাৰৰ উপায়বোৰ প্ৰকাশ কৰাইছিল। সমাজৰ দোষ- বোৰ আঁতৰাই অসমীয়া সমাজক যেনে গঢ় গতি দিবলৈ ইচ্ছা কৰিছিল, সেই ভাবে বক্তাৰ মুখে কথাবোৰ প্ৰকাশ পাইছিল। ইয়াত বক্তাই বক্তৃতা কৰাৰ আগেয়ে থিয় হৈ দুবাৰ খেকাৰি লয়, এবাৰ মুখ মুচি লয়, চাৰিওফালৰ মানুহক চাই [ ৯৪ ] ককালত হাত দি সুপক্ক মুৰটি আগ বঢ়াই গম্ভীৰ সুৰে কবলৈ ধৰে। বক্তৃতাৰ মাজে মাজে চাপৰি পৰে আৰু সজ সজ শব্দ হয়।

 তাত বক্তাই ন বোৱাৰী সম্বন্ধে বক্তৃতা কয়, শাই আয়ে ভাবে “সেই জনী বোৱাৰী বেয়া। ভাতৰ ভতুৱা। তাই, অকাজ ভাগী, অবালচন্দ, আলাবাদু, তাই আকৰী, আজলী, লেতেৰী, তাই শাকিনী, হুতাশনী, কুলক্ষণী, তাই বাৰ বছৰতে পেট টেঙ্গৰী, তাই কথা কলে ভঙ্গা ঢোলত কোব মাৰে। কিন্তু শাহুৱে যদি বোৱাৰীক নিজৰ জীৰ নিচিনা মৰম কৰে, পেট বুজি খুৱাই, গা বুজি পিন্ধায়, শক্তি বুজি কাম কৰায়, নিজে মিঠা মুখে মাতি বন্দিবেটীক টান কথা কবলৈ লায় নিদিয়ে তেনেহলে বোৱাৰী গৃহস্থালিৰ লক্ষ্মী- স্বৰূপা হয়।” সেইদৰে স্ত্ৰীশিক্ষা সম্বন্ধে বক্তৃতাত কয় যে, আমাৰ মানুহে ভাবে “পঢ়িলে ছোৱালী ৰচকী আৰু লাহতী হয়, নিকা কাপোৰ নহলে মলিয়ন কাপোৰ নিপিন্ধে, আখলত তেলীচাই লাগিলে চাবোন খাৰণি লগায় আৰু উপন্যাস পঢ়ে আৰু বাতৰি কাকত পঢ়ে ইত্যাদি। দুপৰীয়া ডাঙ্গৰীয়া ওলাই গলে বৰুৱানী, ফুকননী, ৰাজখোৱানী, ভূঞানী, বৰানী আদি কৰি চুবুৰিত যিমান নী আছে আটাইবোৰ, ভকতনী বাই নামতী বাই আদি কৰি যতবিলাক বাই আছে আটাইবোৰ লগ লাগি বিৰাট সভা পাতি কাৰ নাকটো খৰা কাৰ চুলি এবেগতীয়া ইত্যাদি কথা পাতে।” [ ৯৫ ]

 কেন্দ্ৰ সভা পুথিৰ ছয় ঋতু প্ৰবন্ধত শাৰীৰিক ঋতুব ক্ৰমবোৰ পঢ়ি কোন পাঠকে “হাস্য সম্বৰণ” কৰিব পাৰে? শৰীৰৰ সৰ্ব্বপ্ৰথমে বৰ্ষাঋতু। কেচুৱা কালত মানুহে দিনটোৰ ভিতৰত এক কম একুৰিবাৰ ক্ষুদ্ৰশৌচ বা বৰশৌচ কৰি লেতেৰা হৈ থাকে। বৰ্ষাত মেঘৰ ঢেৰেকনি আছে, সেইদৰে কেচুৱাতে চেৰেঙ্গা কাণত তাল মৰা কান্দোন আছে। বৰ্ষাত নেৰা-নেপেৰা কেনকেনীয়া বৰষুণ, কেচুৱায়ো শাওন মাহৰ বৰষুণৰ নিচিনা সৰু সূতা কাটা যেন কুন-কুন, মুন–মুন কৰি কান্দি থাকে। পৃথিবীত বৰ্ষাৰ অধিকাৰ দুমাহ মাথোন কিন্তু শৰীৰত অনেক দিন। বৰ্ষা উকলি গলে শৰীৰত গ্ৰীষ্ম পৰে, অৰ্থাৎ লৰাই ফুকলীয়া অৱস্থা এৰাই চেমনীয়া হলে তাৰ তেতিয়া গ্ৰীষ্মকাল হয়। গ্ৰীষ্মকালৰ জহত মানুহে যেনে ছট্ফ‌টাই থাকে, চেমনীয়া লৰাও তেনে ছট্ফ‌টীয়া হয়। সি এক্ষন্তক শাঁত হৈ থাকিব নোৱাৰে, পোক লগা গৰুৰ নিচিনা ধৰফৰাই ফুৰে। চিঞৰি, চেকুৰি, জপিয়াই নিজে নিজে সি হাৰাশাস্তি হয়। গ্ৰীষ্ম ঋতুৰ ৰদ চোকা হয় আৰু ছাতি বা জাপি নোলোৱাকৈ কলৈকো যাব নোৱাৰি, চেমনীয়া লৰাকো লগৰীয়াৰূপী জাপি লগত নিদিয়াকৈ কলৈকো এৰি দিব নোৱাৰি। যৌবন জীৱনৰ বসন্তকাল, এই কালত পৃথিবী যেনে ফুলে পাতে জাতি- স্কাৰ হয়, মানুহৰ শৰীৰো সেইদৰে জাতিস্কাৰ হয়। বসন্তত কাঁইটীয়া বননিও শুৱনী হয়, তিনিশ বাৰে কুৰি খোৰোং থকা, [ ৯৬ ] ওঠৰ কুৰি টেমুনা ওলোৱা, ধোন্দোলা গছো ধুনীয়া হয়। সেইদৰে গাভৰু কলাত কুঁজা, কুঁজী, ফেঁচা, ফেঁচী, অন্ধলা, আন্ধলী, ধেন্দেলা, ধেন্দেলী, শেঙুনটেপা, শেঙুনটেপী, পেটুৱা, পেটুলী, খৰেখোৱা, ফাঁপৰে ধৰা ইত্যাদি নৰনাৰী সকলোৱে ন ৰূপ ধৰি চিলচিলীয়া হয়। তেজৰ বেগ তীব্ৰ হয় আৰু নতুন বৰণ ধৰে। বসন্ত ঋতুত পৃথিবীৰ জীৱজন্তু সকলো আনন্দত উথলি উঠে। যৌবনতো সেইদৰে মানুহ আনন্দত বিভোল হয়। বসন্ত উকলি গলে জীৱনত হেমন্তকাল পৰে। হেমন্ত ঋতুত পৃথিবীৰ তৰু, লতা, বন, পৰ্ব্বত সকলো হিমৰ তাপত নিশ্চল হয় আৰু বাঢ়ন এৰে। জীৱনৰ হেমন্তও ঠিক তেনেকুৱা। এই কালত মানুহৰ তেজ শক্তিৰ বঢ়া টুটা নাই, সকলো থিৰ মাৰে। শৰীৰৰ হেমন্ত বৰ দীঘল। হেমন্ত কালেই মানুহৰ কাৰ্য্যৰ কাল, হেমন্তকালেই জীৱনৰ প্ৰধান কাল। বসন্তৰ উদ্ধতালিৰ পাচত হেমন্তৰ গহিনালি উপস্থিত হয়। এই কালত মানুহ উতনুৱা গুচি গম্ভীৰ হয়, খৰ গুচি ধীৰ হয় আৰু উগ্ৰ গুচি মৃদু হয়। পৃথিবীত যেনেকৈ হেমন্ত কালত ছেগাচোৰোকা ৰদ আৰু বৰষুণ হৈ বতৰ ঘণেপতি পৰিবৰ্ত্তন নহয়, শৰীৰৰো সেইদৰে হেমন্ত কালত কোনোৰূপ পৰিবৰ্ত্তন নহয়। টপটপীয়া কালি লেৰেলা, এনেকুৱা পৰিবৰ্ত্তন জীৱনৰ গ্ৰীষ্ম বৰ্ষাতহে দেখা যায়। হেমন্তৰ অন্তত জীৱনৰ শৰৎ ঋতু পৰে। পৃথিবীত শৰৎ শুকনিৰ কাল। শৰীৰৰ শৰতো [ ৯৭ ] শুকনিৰ কাল। তেতিয়া শৰীৰৰ সকলোৱে শুকনি ধৰে। লোদাৰা হাত ভৰি শুকাই গৈ ঠাৰি যেন হয়, মঙ্গহ শুকাই সোতোৰা পৰে, চিকচিকীয়া দাঁত সৰি সোলা হয়, চুলি পকি বগা হয় আৰু নিপোটল গাল শুকাই গৈ মুখৰ দুই কাষত দুটি পুখুৰি ওলায়। চকু কোটৰত সোমায় আৰু ললিত মাতৰ সুৰ ভাগি কঠুৱা হয়। পৃথিবীৰ শৰৎ ঋতুত নৈ, বিল, পুখুৰি আদি শুকাই টটঙ্গা হয়, সেদইৰে শৰীৰৰো ৰস তেজ শুকাই যায়। শৰতৰ অন্তত শীত আৰম্ভ হয়। শৰীৰৰ এই ঋতুক মৃত্যু বোলে। মৃত্যুৰ শীতত তপত শৰীৰ ঠেৰেঙ্গা হয়, চলন্ত শৰীৰ অচল হয়” ইত্যাদি।


 

ভকতীয়া ব্যাকৰণ।

 ভকতীয়া ব্যাকৰণ প্ৰবন্ধত এজন ভকতে ব্যাকৰণনো কি তাক পদ গাই গাই আলোচনা কৰিছে। ভকতীয়া ব্যাকৰণৰ পদ কেইফাঁকিমান তলত তুলি দিয়া হল।

“শুনা শুনা শুনা শিশু শুনা পুতি মন।
থিৰ মনে শুনা কাক বোলে ব্যাকৰণ॥
ব্যা শব্দৰ অৰ্থ বিয়া, কৰাই কৰণ।
বিয়া কৰালেই শিক্ষা হয় ব্যাকৰণ॥
পণ্ডিতে উচ্চাৰে ব্যা অপণ্ডিতে বিয়া।
আচলতে ভেদাভেদ একো নাইকিয়া॥

[ ৯৮ ]

ব্যাকৰ্ণৰ আদিতে বৰ্ণ বগা নে কলীয়া।
ওৰণি গুচালে দেখি নিকা নে মলীয়া॥
স্বৰবৰ্ণ নাক মুখ চুলি আৰু কাণ।
ভৰি হাত ব্যঞ্জন বৰ্ণ মান অভিমান॥
বৰ্ণ আধ্যা পাৰ হলে সন্ধিত পৰিবা।
প্ৰথমে তেতিয়া দিশ ধুঁৱলি দেখিবা॥
স্বৰ সন্ধি বৰ টান স্বজন পালন।
গৃহস্থালি ৰক্ষা আৰু ধন উপাৰ্জ্জন॥


 

বহল ব্যাকৰণ।

 বহল ব্যাকৰণ সত্যনাথৰ বহুদিনীয়া পৰিশ্ৰমৰ ফল। ই এখন ৩০০শ পিঠিৰ অধিক ডাঙ্গৰ ব্যাকৰণ। ইয়াক লিখকে লিখি অন্তহে কৰিলে কিন্তু প্ৰকাশ কৰি অসমীয়া ৰাইজক বিলাবলৈ নৌ পাওঁতেই নিষ্ঠুৰ কালে অকস্মাৎ হৰি নিলে। প্ৰকাশক পুত্ৰদ্বয় শ্ৰীযুত অম্বিকানাথ আৰু জ্ঞাননাথে লিখিছে যে, “এই পুথি লিখি শেষ কৰি প্ৰেচত দি প্ৰায় এশ পিঠিমান ছপা হওঁতেই হঠাৎ গল আঘোণৰ মাহৰ ২৭ তাৰিখে দুপৰীয়া চিৰ শান্তিধাম লাভ কৰিলে।” অসমীয়া ভাষাই বহুতখিনি আগতকৈ উদগতি কৰিছে গতিকে এখন ডাঙৰ ব্যাকৰণৰ আৱশ্যক হৈছে, এই ধাৰণা সত্যনাথৰ সততে আছিল। তেওঁ এই কথা কেইবাজনো সাহিত্যিক [ ৯৯ ] বন্ধুৰ আগত প্ৰকাশ কৰিছিল। সেইবিলাক বন্ধুৱে বৰা ডাঙ্গৰীয়াকে সেই গুৰুতৰ কাম হাতত লবলৈ অনুৰোধ কৰে। বৰাদেৱে সাহিত্য সম্বন্ধীয় বহুত কথা প্ৰত্নতত্ত্ববিদ্‌ ৺হেমচন্দ্ৰ গোস্বামীৰ লগত সদাই পৰামৰ্শ কৰিছিল। সাৰথিখন উষাত প্ৰকাশ হোৱাৰ আগেয়ে ৺হেমচন্দ্ৰ গোস্বামী দেৱক চাবলৈ দিছিল। কটন কলেজত বৰা ডাঙ্গৰীয়াই যেতিয়া অধ্যাপক কাম ললে তেতিয়া অসমীয়া ছাত্ৰ সকলক অসমীয়া ভাষাৰ উন্নত ব্যাকৰণ সম্বন্ধে, অস- মীয়া ৰচনা সম্পৰ্কে আৰু বাক্যবিন্যাসৰ নিয়মপ্ৰণালী আৰু অসমীয়া ভাষাৰ জতুৱা ঠাচবোৰৰ বিষয় এটা দীঘলীয়া বহিত হাতে লিখা নোট কৰি নি ছাত্ৰ সকলৰ আগত বক্তৃতা দিছিল। কটন কলেজত অসমীয়া ভাষা সম্বন্ধে বক্তৃতা দিব লগীয়া হোৱাতো এনে এটি অভাবৰ কথা তেওঁৰ মনত খেলাইছিল বুলি অনুমান হয়। সি যি কি নহওক আমি পঢ়াকালত বৰা ডাঙ্গৰীয়াই বক্তৃতা দিয়া কথাবোৰৰ পৰা যুগুত কৰা আমাৰ এটি নিজা নোট বহি আছে। এই নোট বহিৰ বিষয়বোৰ আৰু বহল ব্যাকৰণৰ বিষয়বোৰ প্ৰায় একে। সেই বাবে আমাৰ অনুমান হয় যে, অসমীয়া ভাষাৰ এখন বৃহৎ ব্যাকৰণ ৰচনা কৰাৰ ভাব বৰা ডাঙ্গৰীয়াৰ বহুদিনৰ আগৰে পৰা আছিল। মুঠতে তেওঁৰ সাহিত্যিক বন্ধুসকলে কিতাপখনি শীঘ্ৰে উলিয়াই দিবলৈ বিশেষ অনুৰোধ আৰু তাগিদ কৰিছিল। [ ১০০ ]

 

 পিচত এই ব্যাকৰণ লিখা কাম শেষ কৰিবলৈ তেখেতৰ প্ৰায় এবছৰ লাগিছিল। কিয়নো তেখেতৰ পুত্ৰদ্বয়ে প্ৰকাশ কৰিছে যে, “পাচত গল বছৰি ( পিতৃদেৱে ) তেখেতে এই ব্যাকৰণ লিখিবলৈ আৰম্ভ কৰে। তাতে চকুৰ অলপ দোষ জন্মে আৰু এই পুথি লিখাৰ পৰা সেই ৰোগ বৃদ্ধি পাইছিল। সি যি কি নহওক কোনোমতে পুথিখনি লিখি শেষ কৰি গল। আগষ্ট মাহত ইয়াক প্ৰেচত দিয়া হয় আৰু ইয়াৰ কেঁচা ছপাও তেখেতে নিজে শুধৰাইছিল। এইদৰে ৯৬ পিঠিলৈকে তেখেতে চাই দিয়াত পুথি ছপোৱা হয়”। ভাষাত ব্যাকৰণৰ আৱশ্যক কি? কোনোৱে কব পাৰে যে, যাৰ যি ভাষা সি সেই ভাষাৰ ব্যাকৰণৰ একো প্ৰয়ো- জন বোধ নকৰে, ব্যাকৰণ নিশিকাকৈয়ে সেই ভাষাত সুন্দৰৰূপে কথা কব পাৰে। ইয়াৰ উত্তৰত সত্যনাথ বৰাই কয় যে, “এনে লোককো ব্যাকৰণ লাগে কিয়নো ব্যাকৰণ নপঢ়িলে ভাষাটোৰ ভিতৰুৱা গঠন শিকিবলৈ আৰু ভাষাটো শুদ্ধৰূপে লিখিবলৈ আন কোনো উপায় নাই। ব্যাকৰণ ভাষাৰ বিশ্লেষণ বা ভাঙ্গনি। ই ভাষা এটাক খণ্ড খণ্ড কৰি গঠন আৰু গঠনপ্ৰণালীটোক ভাঙ্গি চিঙ্গি ভিন ভিন কৰি দেখুইৱাই দিয়ে আৰু সেই ভিন ভিন খণ্ডবিলাকৰ ভিন ভিন নাম দিয়ে। যথাৰ্থ পক্ষত ব্যাকৰণে ভাষা নিশিকায়, ভাষাটো ফালি ছিৰি তাৰ ভিতৰ ডোখৰ কেনেকুৱা তাকে মাথোন দেখুৱাই দিয়ে।” যি এটা ভাষা নকৈ শিকিব [ ১০১ ] খোজে, সি সেই ভাষাৰ ব্যাকৰণ নিশিকিলে ভাষাটোৰ গোটেই তত্ত্ব লাভ কৰিব নোৱাৰে। মুখে মুখে ইংৰাজী শিকা মানুহৰ দুটা কথা যদি শুদ্ধ হয়, দুটা কথা অশুদ্ধ হয়, সি যি কথাটো ইংৰাজৰ মুখত এদিন শুনিছে তাকে মাথোন কব পাৰে, ভিন কথা সাজি কব নোৱাৰে। সেই দেখি ভিন জাতিৰ ভাষা শিকিবলৈ হলে সেই ভাষাৰ ব্যাকৰণ পঢ়িব লাগে, ব্যাকৰণ নপঢ়িলে এজন ইংৰাজ বা জাপানীয়ে বঙ্গলা বা অসমীয়া ভাষা শিকিব নোৱাৰে।

 সত্যনাথ বৰাই বহল ব্যাকৰণ কেৱল অসমীয়া লৰাৰ নিমিত্তে লিখা নাই, “ভিন জাতিৰ মানুহেও যেন ইয়াক পঢ়ি অসমীয়া ভাষাৰ সকলো তত্ত্ব অৱগত হব পাৰে, তালৈ চকু ৰাখিহে লিখা হৈছে” এনে কথা গ্ৰন্থকাৰে নিজে প্ৰকাশ কৰি গৈছে।

 বহল ব্যাকৰণ একেবাৰে সংস্কৃত ব্যাকৰণৰ আৰ্হিত লিখা ব্যাকৰণ নহয়। কিয়নো সত্যনাথ বৰাই সদাই বিশ্বাস কৰিছিল যে, অসমীয়া ব্যাকৰণ সংস্কৃত ব্যাকৰণৰ আৰ্হিৰে হব নোৱাৰে। সচৰাচৰ বহুত লিখকে অসমীয়া ব্যাকৰণ লিখোঁতে সংস্কৃত ব্যাকৰণৰ আৰ্হিলৈ লিখে। কিন্তু অসমীয়া ভাষা সংস্কৃত ভাষাৰ নিচিনা নহয় দেখি বৰা ডাঙ্গৰীয়াই বহল ব্যাকৰণ একেবাৰে সংস্কৃত আৰ্হিত লিখা নাছিল। বৰা ডাঙ্গৰীয়াই কয় যে, অসমীয়া ভাষাৰ গঠন আৰু গঠনপ্ৰণালী সংস্কৃত ভাষাতকৈ একেবাৰে ভিন। [ ১০২ ] “আখৰ যোটনিৰ নিয়ম ভিন। সংস্কৃত শব্দৰ সন্ধি হয়, অসমীয়াত নহয়। অসমীয়াত কেৱল সংস্কৃত শব্দৰহে সন্ধি কৰা হয়। সিও লিখোঁতাৰ ইচ্ছাধীন। সমাস অৱশ্যে অসমীয়াত আছে, কিন্তু তাৰ ব্যৱহাৰ সকলো ঠাইত হব নোৱাৰে। সংস্কৃতত “শিৰোভূষণ” বা “শিৰভূষণ” হয়, কিন্তু অসমীয়াত “মূৰৰ সাজ” হে হয় “মূৰ সাজ” নহয়। অসমীয়াত তদ্ধিত প্ৰত্যয় অলেখ, প্ৰায় শব্দটোৱে পতি প্ৰত্যয় ভিন ভিন হয়। সংস্কৃতত ইমানবোৰে তদ্ধিত প্ৰত্যয় আছে সে নাই কব নোৱাৰোঁ। অসমীয়াত কৃৎ প্ৰত্যয়ৰ সংখ্যাও কম নহয়। সংস্কৃতত সনন্ত ধাতু যঙন্ত ধাতু আছে, অসমীয়াত নাই। এতেকে অসমীয়া ব্যাকৰণ ঠিক সংস্কৃত ব্যাকৰণৰ আৰ্হিত হব নোৱাৰে। সেই দেখি অসমীয়া বৈয়াকৰণসকলে তদ্ধিত কৃৎ আদি প্ৰত্যয় ভিন ভিন কৰি দেখুৱাইছে, বহল ব্যাকৰণতে সেইদৰে ভিন ভিন কৰি দেখুৱা হৈছে।”

 আসমীয়া শব্দৰ উচ্চাৰণ সম্বন্ধে বহল ব্যাকৰণত বিশেষ একো নাই। বহল ব্যাকৰণে উচ্চাৰণ বিষয়ে বিস্তীৰ্ণভাৱে একো কোৱা নাই। হেমচন্দ্ৰ বৰুৱাই হোমকোষ অভিধানত অসমীয়া উচ্চাৰণ সম্বন্ধে লিখা নিয়ম প্ৰণালীকে অনুসৰণ কৰি চলিবলৈ বহল ব্যাকৰণে বিধান দিছে।

 বহল ব্যাকৰণত অসমীয়া খণ্ডবাক্যৰ বা জতুৱা ঠাঁচৰ ব্যৱহাৰ সম্বন্ধে কোৱা আছে। প্ৰচলিত ব্যাকৰণত এই বিষয় [ ১০৩ ] মাথোন সংক্ষেপকৈহে উল্লেখ আছে। বহল ব্যাকৰণৰ এই অধ্যায়টো বিশেষকৈ পাঠ কৰিব লগীয়া আৰু লিখক মাত্ৰেই ইয়াক মানি চলিব লগীয়া। বৰা ডাঙ্গৰীয়াই কৈছে যে, “ভাষাই পতি কোৱাৰ এটা সুকীয়া ধৰণ আছে। অসমীয়া ভাষাৰো এটা সুকীয়া ধৰণ আছে। সেই ধৰণটোক আমি অসমীয়া ভাষাৰ জতুৱা ঠাঁচ বুলিছোঁ। ঠাঁচ শব্দৰ অৰ্থ ঠাঁচা বা সাঁচ, কোনো বস্তু গঢ়িবলৈ হলে তাৰ এটা সাঁচ মাটিৰে গঢ়ি লোৱা হয়, আৰু তাত ঢালি সেই গঢ়ৰ বস্তু প্ৰস্তুত কৰা হয়। আসমীয়া ঠাঁচত বা সাঁচত বাক্য নাঢালিলে যথাৰ্থ অসমীয়া নহয়। বঙ্গলা চোক উঠেছে বা পেট নেবেছে এই দুই কথাৰ পৰিবৰ্ত্তে অসমীয়াত চকু উঠিছে, পেট নামিছে বুলিলে বাক্য দুটা অসমীয়া নহব, সিহঁতক অসমীয়া ঠাঁচত ঢলা নহল। আচল ঠাঁচত ঢালিলে সিহঁত চকু নামিছে আৰু পেট বৈছে হব। আজি কালিৰ দিনত কিন্তু এনেকুৱা কথা বহুত পোৱা যায়। সেই নিমিত্তে বহল ব্যাকৰণত অসমীয়া ভাষাৰ জতুৱা ঠাঁচ সম্বন্ধে লিখা হৈছে, আৰু কিছুমান উদাহৰণো দিয়া হৈছে।"

 প্ৰচলিত অসমীয়া ব্যাকৰণবিলাকত ক্ৰিয়াৰ কাল সম্বন্ধে অলপ অসঙ্গত কথা দেখা যায় বুলি বৰাদেৱে উল্লেখ কৰিছে। যেনেঃ—“পঢ়িছোঁ খাইছোঁ আদি ক্ৰিয়াৰ ৰূপক সেই ব্যাকৰণবিলাকত স্বৰূপ বৰ্ত্তমান ৰূপ বুলি কৈছে। পঢ়িছোঁ শব্দৰ অৰ্থ দুটা হব পাৰে, এই মুহৰ্ত্তত পঢ়ি আছোঁ, আৰু আগেয়ে [ ১০৪ ] কেতিয়াবা পৰিছোঁ। প্ৰথম অৰ্থত ক্ৰিয়াটোক এটা গুটীয়া ক্ৰিয়া বুলিব নোৱাৰি। ই দুটা ক্ৰিয়াৰ সানমিহলি পঢ়ি + আছোঁ = পঢ়িছোঁ, খাই + আছোঁ= খাইছোঁ। অসমীয়াত এনেকুৱা যুটীয়া ক্ৰিয়া আৰু আছে। যেনে; দে + আহি= দেহি; যা + আহি = যাহি। পঢ়ি সাধ্যাক্ৰিয়াৰ লগত আছোঁ সিদ্ধাক্ৰিয়া গোটখাই পঢ়িছোঁ ৰূপ সিদ্ধ হৈছে। এতেকে পঢ়িছোঁ। পঢ় ধাতুৰ এটা বিশেষ ৰূপ নহয়, আৰু তাৰ ভিন নামো হব নোৱাৰে। পঢ়িছোঁ কথাৰ দ্বিতীয় অৰ্থ কেতিয়াবাই পঢ়িছো, কিন্তু তাৰ ফল ভোগ আজিও কৰি আছোঁ। এই অৰ্থত পঢ়িছোঁ পঢ় ধাতুৰ এটা বিশেষ ৰূপ। তাক পূৰ্ণভূত কালৰ ৰূপ বুলিব পাৰি। প্ৰচলিত ব্যাকৰণ- বিলাকত এই কথাৰ কোনো উল্লেখ নাই। ৺হেমচন্দ্ৰ বৰুৱাৰ ব্যাকৰণত এই কথা অলপ উনুকিয়াইছে, কিন্তু কালটোৰ কোনো নাম দিয়া নাই, কেৱল বাক্যবিন্যাস প্ৰকৰণত এই ৰূপটো সেই অৰ্থতো ব্যৱহাৰ হয় বুলি লিখা আছে। আমি প্ৰথমে ধাতুৰ এইৰূপ দুটাক পৃথক কৰি দেখুইৱাই সুকীয়া ৰূপটোক পূৰ্ণভূতকালৰ ৰূপ বুলি লিখিবলৈ ওলাইছিলোঁ। কিন্তু তেনে কৰিলে অসমীয়া ব্যাকৰণত এটা বিশেষ পৰিবৰ্ত্তন ঘটোৱা হব, আৰু ইমান কালৰ পাচত তেনে পৰিবৰ্ত্তন কৰিলে ভাষাটোৰ অনিষ্ট হব পাৰে, গছৰ পুলি ঘনেপতি ঠাই সলাই ৰুলে সি উদগতি কৰিব নোৱাৰে, এনেটো আশঙ্কা কৰি অসমীয়া ভাষাৰ খ্যাতনামা অধিনায়ক [ ১০৫ ] স্বৰ্গীয় হেমচন্দ্ৰ বৰুৱাৰ অনুসৰণ কৰি আমিও কথাটো বাক্যবিস্যাসৰ অধ্যায়ত উনুকিয়াই থলোঁ।”

 “ণত্ব বিধিৰ ভিতৰতো এনেকুৱা অসঙ্গত কথা পোৱা যায়। ঋ, ৰ আৰু য-ৰ পাচত ণ মূৰ্দ্ধণ্য হয়। এইটো সংস্কৃত ব্যাকৰণৰ বিধি অসমীয়া ব্যাকৰণত গ্ৰহণ কৰা হৈছে। কিন্তু সেই তিনি আখৰ আৰু ন-ৰ মাজত ক বৰ্গ পবৰ্গৰ আখৰ বা য ব হ থাকিলেও ন মূৰ্দ্ধ্যণ্য হয়। ইও সংস্কৃত ব্যাকৰণৰ বিধি, কিন্তু এই বিধি আসমীয়া ব্যাকৰণত গ্ৰহণ কৰা হোৱা নাই; কিয় হোৱা নাই তাৰ কাৰণ পোৱা নাযায়। আৰু স্ত্ৰী প্ৰত্যয়ৰনি কেতিয়াও মূৰ্দ্ধণ্য নহয়, কিয় নহয়, কাৰণ পোৱা নাযায়। কিন্তু আগত কোৱা কাৰণেই এই অসঙ্গত কথাও বহল ব্যাকৰণত গ্ৰহণ কৰা হৈছে।” কিন্তু আজি- কালি কিছুমান ন লিখৰুৱে গাৰ বলেৰে ব্যাকৰণত কি সাহেৰে পৰিবৰ্ত্তন ঘটাব খোজে!—সেই কথা ভাবিলে ভয় লগা!

 ৺বৰা ডাঙ্গৰীয়াই কয় যে, “ব্যাকৰণ প্ৰণয়ন কৰা এটা টান কাম। ই হাতী মাৰি ভূৰুকাত ভাৰোৱা কাম। এটা দীঘল ডাঙ্গৰ ভাষাক তাৰ ডাল পাত সমন্বিতে এটা এশ বা ডেৰশ পতীয়া ব্যাকৰণত ভৰাব লাগে |” এই দুষ্কৰ কাম নিৰ্ভুলভাবে প্ৰথমবাৰেই সম্পন্ন হব বুলি ৰচয়িতাই পেটে পেটে আশঙ্কা কৰিছিল। আমি কব খোজো যে, বৰা ডাঙ্গৰীয়াৰ এই কাম প্ৰকৃততে নিৰ্ভুল হৈছে আৰু এনে গুৰুতৰ কাম তেখেতত বাজে আনে কিমান দূৰ সুচাৰুৰূপে [ ১০৬ ] কৰিব পাৰিলেহেঁতেন, সেই বিষয় বোধ কৰো সকলোৰে সন্দেহ আছে। বৰা ডাঙ্গৰীয়াৰ বহল ব্যাকৰণ অসমীয়া লিখক মাত্ৰৰে এখন Reference কিতাপ হৈছে। ই প্ৰচলিত অশুদ্ধ বাক্যৰ শুদ্ধ ভাঙ্গনি শিকাইছে; অসমীয়া খণ্ড বাক্যৰ বা জতুৱা ঠাঁচবোৰৰ প্ৰচলন কৰাইছে; পৰদেশী লোকক অসমীয়া ভাষাৰ বিশেষত্ব বুজাই দিছে আৰু অসমীয়া ভাষাৰ ব্যাকৰণ যে সংস্কৃত ভাষাৰ আৰ্হিত নহয় তাৰ সম্ভেদ দিছে; তদুপৰি অসমীয়া সাহিত্যৰ খ্যাতনামা অধিনায়ক হেমচন্দ্ৰ বৰুৱাই ভুলে চুকে যিবোৰ কথা আলোচনা নকৰাকৈ এৰি গৈছিল সেইবোৰৰো আলোচনা বৰাদেৱৰ বহল ব্যাকৰণে প্ৰচাৰ কৰি অসমীয়া ভাষাৰ আৰু অসমীয়া জাতিৰ স্বতন্ত্ৰতাৰ অকাট্য প্ৰমাণ দিছে।


চিন্তাকলি।

 চিন্তাকলি পুথি এতিয়াও প্ৰকাশিত হোৱা নাই। ইয়াক লিখকে যুগুত কৰি থৈয়েই চিৰ শান্তিধাম লাভ কৰিলে। “বাহী” আৰু “জোনাকী”ত প্ৰকাশিত তলত দিয়া গধুৰ বিষয়ক প্ৰবন্ধ কেইটিয়েই সাহিত্যৰূপী গছ জুপিত কলি পেলাইছিল। সুমৰণ, শান্তময়-দুষ্টময়, জীৱনৰ শান্তি- পৰ্ব্ব, শৰীৰৰ ছয়ঋতু, সংসাৰ, প্ৰবাহ, মানৱ মহত্ত্ব, জীৱনৰ অমীয়া, জ্ঞানৰ আহুকাল। জীৱনৰ শান্তিপৰ্ব্ব প্ৰবন্ধত [ ১০৭ ] সত্যনাথ বৰাই “লৰাকালটোক এটি দীঘল সামাজিক, ডেকা- কালটোক ভুৱা আৰু কেৱল বুঢ়াকালটোকহে বখানিব লগীয়া কাল বুলিছে। ভাটী বয়স জীৱৰ জিৰণিৰ কাল। জীৱনৰ মহাযুঁজৰ পাচত জীৱই তেতিয়া জীৰণি পায় আৰু আগে কৰা কামৰ লেখ জোখ লবলৈ আৰু ভাল বেয়া গমি চাবলৈ আজৰি পায়। এই কালটোক জীৱনৰ শান্তি- পৰ্ব্ব বুলিছে। আৰু লিখকে ইচ্ছা কৰিছে যে, জীৱনৰ ওৰেই এই শান্তিপৰ্ব্বৰ যেন ওৰ হয়। আকৌ যেন লোভ- মোহৰ ঢৌ ধুমুহাত পৰিব নালাগে। লোভ, মোহ, হিংসা, কুৰ্চ্চুত, কপত আদি ৰিপুবোৰে লৰাকালত দুৰ্ব্বল হৈ থাকি ডেকাকালত কিদৰে মানুহক জুমুৰি দি ধৰে আৰু নানা উদ্বহতি কৰে তাৰ এখন হুবহু চিত্ৰ এই প্ৰবন্ধত আঁক আছে।

 সংসাৰ-প্ৰবাহ প্ৰবন্ধ লিখকে সংসাৰৰ চিৰবাহী গৰল প্ৰবাহ আৰু চিৰবাহী অমৃত প্ৰবাহৰ কথা আলোচনা কৰিছে। এই দুই প্ৰবাহৰ লক্ষণ, আৰু বিবৰণ অতি প্ৰাঞ্জল ভাষাত বৰ্ণোৱা আছে। সংসাৰৰ যাত্ৰীবিলাকে কিদৰে গৰল প্ৰবাহৰ লক্ষণ বুজিব নোৱাৰি বা অমৃত প্ৰবাহত একেবাৰে গা এৰি দি নিকাৰ ভুঞ্জি অৱশেষত সংসাৰৰ গৰলময় বুলি ইহজীৱনৰ গধূলি চপায় লয়,তাৰ সুন্দৰ বিবৰণ আছে। আকৌ কিদৰে সংসাৰৰ যাত্ৰীয়ে নিজ সজ আৰু অসজ প্ৰবৃত্তিবোৰৰ যথাযোগ্য ব্যৱহাৰ কৰি [ ১০৮ ] সংসাৰ অদ্ভূত কৰি তুলিব পাৰে তাৰো দিহ৷ বা উপায়বোৰ নিৰ্দ্দেশ কৰি দিয়া আছে। এই প্ৰবন্ধৰ প্ৰাঞ্জল ভাষা আৰু তুলনামূলক বাক্যবোৰে পাঠক মাত্ৰৰে মন আকৰ্ষণ কৰে।

 জীৱনৰ অমিয়া প্ৰবন্ধত লিখকে মানৱ জাতিক সাধাৰণতঃ দুই শ্ৰেণীত ভগাইছে; এক শ্ৰেণীক নৰমণ্ডলিৰ ওন্দোলোৱা মুখ বা বেজাৰৰ দৃশ্যমান চিত্ৰ বুলিছে, আন শ্ৰেণীক বিকসিত কমলৰ নিচিনা উজ্জল বা প্ৰসন্ন বুলিছে। প্ৰথম শ্ৰেণীয়ে ভাবে “মধুৰ মাধুৰি মিছা, ফুলৰ লাবণ্যতা মিছা, মলয়াৰ স্নিগ্ধতা ফাঁকি, পুত্ৰ কন্যা ফাং, লাসবেশ বলিয়ালি, আনন্দ উৎসাহ উণ্ডদ্ভালি আৰু নিৰানন্দহে জীৱনৰ সাৰ। দ্বিতীয় শ্ৰেণীয়ে ভাবে বসুন্ধৰী সুখৰ আলয় আৰু সুখময় বিলাসৰ কানন। ইহঁতে বিপদৰে সৈতে লুকালুকি খেদে, শঙ্কটক নচুৱাই, আৰু শোক তাপ আদি তীক্ষ্ণ কাঁইটবোৰ মষিমূৰ কৰি সাংসাৰত পৰমানন্দে কাল কটায়। লিখকে আনন্দক জীৱনৰ অমিয়া বুলিছে। কৰ্ত্তব্য পালনক নিৰানন্দ-নাশী মহামন্ত্ৰ বুলিছে; আৰু জীৱনৰ অমীয়া উপভোগ কৰিবলৈ লিখকে বিধান দিছে। মানৰ মহত্ত্ব প্ৰবন্ধত মহৎ বা মহাপুৰুষ সকলে দয়া, সত্যবাদিতা, ন্যায় আদি মহত্ত্বৰ উপ- কৰণবোৰেৰে বিভূষিত হৈ কি দৰে মানৱ সমাজত ধৰম শিলা আৰু আন্ধাৰ জগতৰ ধ্ৰুৱতৰা স্বৰূপে বিদ্যমান থাকে, তাক দেখুৱাবলৈ কৰা যত্নত লিখক অৱশ্যে সফল মনোৰথ হৈছে। [ ১০৯ ]

 

জোনাকী সম্পাদন আৰু অন্যান্য প্ৰৱন্ধ।

 ১৮৮৯ খৃষ্টাব্দত কলিকতা প্ৰবাসী অসমীয়া ছাত্ৰসকলে “জোনাকী” নামেৰে এখন উচ্চ ধৰণৰ মাহেকীয় আলোচনী কাকত প্ৰকাশ কৰে। এই কাকত বৰ উদ্যোগেৰে কেই- বছৰমান চলি আছিল। পিছত সেই কাকত মৰাত গুৱাহাটীত সেই জোনাকী আকৌ প্ৰকাশ কৰিবলৈ যত্ন কৰা হল। Advocate of Assamৰ সুযোগ্য সম্পাদক স্বাধীন- চেতা ৺মথুৰামোহন বৰুৱা তেতিয়া জীবিত আছিল। তেখেতৰ “ভিক্টোৰীয়া প্ৰেচ” নামেৰে এখন নিজৰ ছপাখানা আছিল। তাতে জোনকী প্ৰকাশ কৰিবলৈ যো-যা কৰে। ইফালে কাকতখনিৰ সম্পাদকৰ বাব সত্যনাথ বৰা বি-এল ডাঙ্গৰীয়াৰ গাত পৰে। গুৱাহাটীৰ শ্ৰীযুত দুৰ্গনাথ বৰুৱা মেনেজাৰ বা কাৰ্য্যাধ্যক্ষ নিযুক্ত হয়। “জোনাকী” খন এনেদৰে প্ৰায় ৪ বছৰ মান নিয়মিতভাবে আৰু অতি দক্ষ- তাৰে মাহে মাহে প্ৰকাশ পায়। তাত ৺সত্যনাথ বৰাই “আত্ম কথা” বা “সম্পাদকীয় কথা” লিখাৰ বাহিৰেও নিজৰ মৌলিক আৰু সামাজিক প্ৰৱন্ধ ভালেমান লিখে। জোনাকীখন সকলোৰ মাজত বৰ প্ৰিয় হৈ উঠিছিল। জোনাকীত প্ৰকাশিত প্ৰৱন্ধবোৰৰ সৰহভাগ মৌলিক আৰু গধুৰ ভাবৰ আছিল। সত্যনাথ বৰাই এই কাকতখনৰ সম্পাদকৰ কাম এনে সুন্দৰভাবে চলাইছিল যে, বৰ্ত্তমান [ ১১০ ] সময়ৰ মাহেকীয়া আলোচনীবোৰত বৰ্ণবিন্যাস আৰু আখৰ যোটনি সম্বন্ধে যেনেবোৰ বেমেজালি দেখা যায়, তেনেবোৰ দোষে তেতিয়া জোনাকীক চুব নোৱাৰিছিল। কিয়নো বৰা ডাঙ্গৰীয়াই ৺হেমচন্দ্ৰ বৰুৱাকে এই দুই বিষয়তে authority মানি লৈ সেই সাঁচত অসমীয়া শব্দবোৰ ঢালিবলৈ যত্ন কৰিছিল। জোনকী কাকতখনি কেইবছৰমান চলি আকৌ মৃত্যুমুখত পৰে। “জোনাকী মৰিলনে কি?” “জোনাকী আকৌ নোলায় নে?” এনেবোৰ কথা জনসাধাৰণৰ মাজৰ পৰা ঘনাই উঠিবলৈ ধৰিলে, আৰু বহুতে প্ৰশ্ন কৰিবলৈ ধৰিলে। “জোনাকী কিয় মৰিল?” মানুহৰ এটা সাধাৰণ বিশ্বাস আৰু বিশ্বাসৰো যথেষ্ট কাৰণ আছে, যে অসমত কাকত পত্ৰ ঘাইকৈ অৰ্থৰ অভাৱত সৰহদিন টিকিব নোৱাৰে সত্যনাথ বৰাই কিন্তু জোনাকীৰ মৃত্যুৰ সেইটো কাৰণ নহয় বুলি কৈছিল। তেখেতে কয় যে, জোনাকীখন মৰাৰ একমাত্ৰ কাৰণ উপযুক্ত প্ৰৱন্ধৰ অভাৱ আৰু অসমীয়াব মাজত সুলেখাৰুৰ অভাৱ। যেই সেই ফপহুৱা কথা এসোপা প্ৰকাশ কৰি জোনাকীৰ পবিত্ৰ পিঠি কেইটি কলঙ্কিত কৰিবৰ তেখেতৰ সমূলি মন নাছিল। ইয়াৰ দ্বাৰা কাকতৰ সম্পাদক হৈ প্ৰৱন্ধবোৰ চালি জাৰি মনোনীত কৰোঁতে তেখেত কিমান কটকটীয়া আছিল তাক সহজেই বুজিব পাৰি। বহুত প্ৰৱন্ধ তেখেতে একেবাৰে নতুনকৈ লিখিছিল।

 সুকীয়া কিতাপ আকাৰেৰে প্ৰকাশিত নোহোৱা সত্যনাথ [ ১১১ ] বৰাৰ অন্যান্য গদ্য পদ্য প্ৰৱন্ধ কেইবাটিও আছে। সত্যনাথ বৰাৰ কবিতা ৰচনাত যে বিশেষ ৰতি নাছিল এনে নহয়। উলাহ, শান্তি আৰু আশা, লৰাকাল, ডেকাকাল, পূৰ্ণিমাৰ জোন, ধুমুহা বতাহ আদি কবিতাবোৰ সকলোৰে জনা আছে। এই পদ্য প্ৰৱন্ধবোৰ ঘাইকৈ জীৱনৰ আগছোৱাতে ৰচনা কৰা।

 ডেকাকালৰ কবিতাত সত্যনাথ তাহানি কলিকতাত প্ৰবাসী হৈ থাকোতে ইডেন গাৰ্ডেনত “যৌবন কাৰো চিৰকলীয়া নহয়”—এই চিন্তাৰ প্ৰবল নৈ অন্তৰত কেনেদৰে বৈছিল তাৰ সম্ভেদ আছে। সেইদৰে ধুমুহা বতাহ কবিতাত এডুখৰি মেঘে কুলি-কণী যেন হৈ আহি গোটেই আকাশ আবৰি বিজুলী আৰু ঢেৰেকনিৰে চাৰিও দিশ অন্ধকাৰ আৰু ধোঁৱাময় কৰি প্ৰকৃতিৰ ভীষণ মূৰ্ত্তিৰে প্ৰাণী মাত্ৰৰে ভয়ৰ সঞ্চাৰ কৰে আৰু ধুমুহাৰ ধুমধুমনিত মৰমৰ শব্দ হলে কুমাৰী ছোৱালীয়ে খুটা আৰু চতিত ধৰি নাইবা কথমপি বাজ হৈ চোতালত পিৰা পাৰি দি, ফণি থৈ বায়ুৰজাক কি দৰে স্তুতি আৰু আৰাধনা কৰে, তাৰ বিশদ বৰ্ণনা উপযোগী ভাষাৰে বৰ্ণোৱা আছে। তেখেতৰ ৰচিত বৈকুণ্ঠ বৰ্ণনা বোলা গদ্য প্ৰৱন্ধটিৰ পৰা খৃষ্টান, মোচলমান আৰু হিন্দুৰ বৈকুণ্ঠৰ ভাব সুন্দৰকৈ বুজিব পাৰি। ভবিষ্যজ্ঞান প্ৰৱন্ধত মানুহে ভবিষ্যত জানিবলৈ ব্যগ্ৰ হৈ কিদৰে ফেঁচাৰ মাত, শিয়ালৰ ডাক, কাউৰীৰ ৰমলিয়নি, শগুণৰ চিচিয়নি আদিত অযথা অমূলক বিমঙ্গলৰ [ ১১২ ] কথা মাতি আনি মনত সুমাই লয়, তাৰ সমালোচনা আছে, যদিও ভবিষ্যজ্ঞান সম্বন্ধীয় কাক চৰিত, জ্যোতিষ বচন আদি সংস্কৃতীয়া পুথিবোৰৰ সত্যতা সম্বন্ধে কোনো মতামত প্ৰকাশ কৰা নাই।

 
[ ১১৩ ]

তৃতীয় অধ্যায়।

⸻:*:⸻

( বিবিধ বিষয় )

সত্যনাথ বৰা আৰু ৰচনা ৰীতি।

 সত্যনাথ বৰাৰ গ্ৰন্থবোৰ আধ্যয়ন কৰিলে, তেওঁ লিখা প্ৰৱন্ধবোৰ পাঠ কৰিলে আৰু তেওঁ সম্পাদন কৰা জোনাকীখন পঢ়ি চালে এটা কথা দেখা যায় যে, লিখকৰ ৰচনা-ৰীতি আদিৰ পৰা অন্তলৈকে প্ৰায় একে আছিল। অসমীয়া লিখক সকলৰ মাজত সাধাৰণতঃ দুই শ্ৰেণী দেখা যায়। এক শ্ৰেণীয়ে ৰচনাত সংস্কৃতীয়া শব্দ বেচিকৈ ব্যৱহাৰ কৰে, এক শ্ৰেণীয়ে পৰা পক্ষত সংস্কৃত শব্দ ব্যৱহাৰ নকৰাকৈ চলিবৰ চেষ্টা কৰে। এই সম্বন্ধে আমি অসমীয়া ভাষাৰ অধিনায়ক ৺ হেমচন্দ্ৰ বৰুৱাই কোৱা কথাখিনি মানি চলিলে অসমীয়া ভাষাৰ প্ৰতি পৰম উপকাৰ কৰা হব।[] [ ১১৪ ]  প্ৰথম শ্ৰেণীৰ লিখকে সংস্কৃত শব্দ অলপ বেচিকৈ লিখাৰ কাৰণ মাথোন ইয়াকে দেখুৱাই যে, হেমকোষত থকা সকলে শব্দৰ প্ৰয়োগ সমানে আসামত। আটাই কেইখন জিলাত চলিব নোৱাৰে। তদুপৰি ৰচনাত সৌন্দৰ্য্য বা লালিত্য ৰক্ষাৰ অৰ্থে অসমীয়া শব্দ বাদ দি সংস্কৃতীয়া শব্দ ব্যৱহাৰ [ ১১৫ ] কৰা হয়। দ্বিতীয় শ্ৰেণীৰ লিখকে সংস্কৃতীয়া শব্দ বাদ দিওঁ বুলি বাদ দি অসমীয়া ৰচনা লিখাৰ যত্নত থাকে। ই সকলে কয় যে, আমাৰ ভাষা অসমীয়া-সংস্কৃতীয়া হে, আমাৰ ব্যাকৰণো সংস্কৃত ব্যাকৰণৰ সম্পূৰ্ণ আৰ্হিত নহয়। যদি সোপা সোপে সংস্কৃতীয়া শব্দ ব্যৱহাৰ কৰি অসমীয়া ৰচনা লিখা গল, তেন্তে অসমীয়া ভাষা বুলি এটা আৰু বেলেগ ভাষা নৰল। ইপিনে আমি ঘৰত পুৱাৰ পৰা গধূলিলৈকে ঘৰৰ পৰিয়ালে সৈতে এক প্ৰকাৰে কোৱা মেলা কৰি জীৱন যাপন কৰিলোঁ, কিন্তু হাতত কলম লৈ মুখখন সলাই আন কোনো মানুহে কোৱাৰ দৰে আমাৰ ৰচনা লিখিলোঁ। সেইবাবে অসমীয়া ৰচনাত অসমীয়া কথাৰে অসমীয়াত্ব ৰাখিব পাৰিলে অসমীয়া লিখকৰৰ অসমীয়াত্ব অটুট থাকে। সত্যনাথ বৰা তলৰ শ্ৰেণীৰ লিখক আছিল। তেওঁৰ জীৱনৰ আগছোৱাত লিখা ৰচনাত অলপ সংস্কৃতীয়া শব্দৰ ব্যৱহাৰ আছে। কিন্তু পিচৰ ছোৱাত সাৰথি প্ৰকাশ পোৱাৰ পৰা শুদ্ধ অসমীয়াৰ বাহিৰে আন একোকে নিলিখিছিল। তেওঁ লিখা ৰীতিত ইমান শুদ্ধ অসমীয়া ভাষা যে, অসমীয়া নজনা লোকে কোৱা শুনিছো, যে ইংৰাজী ৰচনা পঢ়োতে যেনেকৈ অভিধান চাব লাগে, তেনেকৈ বৰা ডাঙ্গৰীয়াৰ ৰচনাটো হেমকোষৰ পাত নুলুতিয়ালে নহয়। ভাষাৰ এনে শুদ্ধতা, পৱিত্ৰতা আৰু স্বভাবিকতা ৰক্ষা কৰা অসমীয়া লিখক সত্যনাথ ৰচনাৰ কথায় কথায় সত্যনাথহৈ জিলিকি আছে। সত্যনাথৰ ৰচনা [ ১১৬ ] সত্যনাথময় বুলিব পাৰি। দহবিধ ৰচনাৰ মাজত সত্যনাথৰ ৰচনা লুকাই সানমিহলি কৰি থওক, তৎক্ষণাত তাক সত্যনাথৰ বুলি বাচি উলিয়াই আনিব পৰা যাব। সত্যনাথে ৰচনাৰীতিত এনে শুদ্ধতা ৰক্ষা কৰি চলা দেখিয়েই কোনোৱে কোনোৱে তেওঁক অতিপাত নিকাপন্থীয়া (puritan) বুলিছিল। এই প্ৰসঙ্গত শ্ৰীযুত শৰৎচন্দ্ৰ গোস্বামী দেৱে কয় যে, “অসমীয়া ভাষা লিখা বৰা ডাঙ্গাৰীয়াৰ এটা প্ৰধান লক্ষ্য আছিল। আনকি এই বিষয়ত তেওঁ ইমান স্থিৰ আছিল যে, অসমীয়া শব্দ বা লিখাৰ ঠাঁচ এৰি লিখা দেখিলে ইমান বেজাৰ পাই- ছিল যে, অনেকে তেওঁক অতিপাত নিকাপন্থীয়া বুলি ভাব কৰিছিল।”

 সত্যনাথ বৰা উপমা বা তুলনাত সিদ্ধহস্ত আছিল। গধুৰ বিষয়ক কথাবোৰ প্ৰকাশ কৰোঁতে তেওঁ কেৱল অসমীয়া চহা বা ঘৰুৱা শব্দ ব্যৱহাৰতে লাগি থকা নাছিল। তেওঁৰ তুলনা কৰি লিখা বাক্যবোৰে পাঠকৰ মনত এটা হুবহু চিত্ৰ আঁকি তোলে আৰু লিখকৰ লেখনীৰ পাৰ্গতালি প্ৰকাশ কৰে যেনে –“দূৰৈৰ পৰ্ব্বত বিতোপন তাৰ অতলস্পৰ্শ গহ্বৰ, বিকটাকৃতি প্ৰস্তৰ, ভয়ঙ্কৰ সিংহ ব্যাঘ্ৰাদি জন্তুচয়। সকলোৱে শৈলজ তৰু-লতাৰ শ্যামল পল্লবৰাশিৰ মুখা লৈ মোহিনী মূৰ্ত্তি ধৰি থাকে”। “সংসাৰৰ আয়তন সাগৰৰ সদৃশ হলেও তাত ভীষণ লহৰি নাই, খৰতৰ স্ৰোত নাই, গগনভেদী হুঙ্কাৰ নাই, ভয়ঙ্কৰ গ্ৰাহ বা কুম্ভীৰ নাই, চাকনৈয়া নাই, ওভতনি নাই। [ ১১৭ ] সংসাৰ কেৱল সম্ভোগৰ উপবন, আনন্দৰ নন্দন কানন, সুখৰ কোমল শয্যা”। আৰু ‘সংসাৰ’ বহুৰূপী। তাত যেনে বিষাদৰ বিননি আছে, তেনে আনন্দৰ কিৰিলি আছে আৰু বিপদৰ কাঁইটনি আছে, সম্পদৰ ফুলনি আছে। এঠাইত ৰুগীয়াৰ কৰুণ বিননি শুনিবলৈ পালেও এঠাইত বলিষ্ঠ মল্লৰ সদম্ভ আস্ফোট দেখিবলৈ পোৱা যায়। “বতাহৰ গোঁগনি, নৈৰ খলকনি আৰু নাৱৰ নাচোনে এটা প্ৰলয় মিলাই দিলে। নৈখন যেন জুইলগা হাবিয়নি আৰু নাওখন যেন ফেঁচুচৰাই। সাগৰৰ পাৰৰ বালিৰ নিচিনা দিনে নিশায় ঢৌৰ ধুপালনি, মুকলি বকৰানিৰ গছৰ নিচিনা ধুমুহাৰ মোহাৰনি খাওঁতে খাওঁতে জীৱন লালকাল হল”। “মধুৰ মাধুৰী মিছা, ফুলৰ লাবণ্যতা মিছা, মলয়াৰ স্নিগ্ধতা ফাঁকি, পুত্ৰ কন্যা ফাং, লাসবেশ বলিয়ালি আৰু আনন্দ উৎসৱ উদ্ভন্দালি মাথোন। বসুন্ধৰী সুখৰ আলয় আৰু সুখময় বিলাসৰ কানন”। “বিনন্দীয়া বিশ্ব একে তিলে ছাঁ-বাজীৰ ছাঁৰ নিচিনা অন্তৰ্দ্ধান হব। তেতিয়া এই সুগভীৰ সাগৰ, শুৱনী নদী, আৰু ৰূপসী কানন নাথা- কিব। তেতিয়া কবিৰ কল্পনা উচটাবলৈ বননিত মনোৰম ফুল নাথাকিব। বৈজ্ঞানিক গবেষণা জগাবলৈ বিতোপন বিজুলী নাথাকিব আৰু দাৰ্শনিক চিন্তা উদগাবলৈ মায়া নাথাকিব। দাৰ্শনিক স্বয়ং লোপ পাব, বৈজ্ঞানিকৰ নাম নুমাব, কবিৰ বংশ ধ্বংস হব, মনুষ্য, শশু, পক্ষী, কীট-পতঙ্গ আদি প্ৰাণীচয়ৰ লীলা শেষ হব।” [ ১১৮ ]

 

৺সত্যনাথ বৰা আৰু হেমচন্দ্ৰ বৰুৱা

 সত্যনাথ বৰাই অসমীয়া ভাষা সম্বন্ধীয় সকলো কথাতে হেমচন্দ্ৰ বৰুৱাক মানি চলিছিল। হেমচন্দ্ৰ বৰুৱাৰ ব্যাকৰণ আৰু হেমকোষ ৰীতিমতে তেওঁ তন্ন তন্নকৈ পাঠ কৰিছিল। হেমচন্দ্ৰ বৰুৱাই ব্যাকৰণ ৰচনা কৰি আৰু হেমকোষ প্ৰণয়ন কৰি অসমীয়া ভাষাৰ নিমিত্তে যি পথ মোকলাই দি গল, সেই পথ তেওঁ সৰ্ব্বতোভাবে অনুসৰণ কৰি চলিছিল। সত্যনাথ বৰাই হেমকোষ অধ্যয়ন কৰিবলৈ প্ৰকাশ্যে সক- লোকে কৈছিল আৰু অসমীয়া ভাষা শিকিবৰ ঘাই উপায় ব্যাকৰণ আৰু অভিধান, এইমত তেওঁ সমৰ্থন কৰিছিল। সত্যনাথ বৰাই কেতিয়াবা ঘৰত এনেয়ে বহি থাকিলে হেমকোষ নাইবা Chambers's English Dictionary খনকে চাই থাকিছিল। এইবোৰ কাৰণৰ নিমিত্তে হেমচন্দ্ৰ বৰুৱাৰ হেমকোষৰ শব্দবোৰে তেওঁৰ ৰচনাত বিশেষ প্ৰভাৱ চলাইছিল। হেমচন্দ্ৰ বৰুৱাৰ অসমীয়া ৰচনা ৰীতি, অসমীয়া বাক্যবিন্যাস আদিত যেনে অভিমত আছিল, সত্যনাথ বৰাৰো ঠিক তেনেবোৰ ভাব আছিল। হেমচন্দ্ৰ বৰুৱাই অসমীয়া উচ্চাৰণ আৰু অসমীয়া বৰ্ণবিন্যাস আদিৰ কট্ক‌টিয়া নিয়ম বান্ধি দি গল মাথোন, সত্যনাথ বৰাৰ নিচিনা এজন লব্ধপ্ৰতিষ্ঠ লোকে সেইবোৰ নিয়ম পালন কৰি আৰু যথাযথৰূপে ব্যৱহাৰ কৰি হেমচন্দ্ৰৰ মতবোৰৰ সাৰ্থকতা [ ১১৯ ] বঢ়াই সুপ্ৰতিষ্ঠিত কৰিলে। হেমচন্দ্ৰ বৰুৱাই কৈ গৈছিল যে, অসমীয়া ভাষাৰ ক্ৰমোন্নতিৰ লগে লগে সেই ভাষাৰ ব্যাকৰণ আৰু সম্পূৰ্ণ কৰিব লাগিব। হেমচন্দ্ৰৰ মৃত্যুৰ পিচত তেওঁ ব্যাকৰণ সম্বন্ধে অসম্পূৰ্ণ কৰি এৰি যোৱা কথাবোৰ সম্পূৰ্ণ কৰিবলৈ অসমীয়া ভাষাত সমান বা ততোধিক অধিকাৰ থকা লোকৰ আৱশ্যক হৈছিল। অসমীয়া-ভাষা-বিজ্ঞানত-পৈণত সত্যনাথে বহল ব্যাকৰণ ৰচনা কৰি হেমচন্দ্ৰৰ অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিলে। হেমচন্দ্ৰ বৰুৱা অসমীয়া ভাষাৰ জন্মদাতা, সত্যনাথ বৰা অসমীয়া ভাষাক পালন কৰোঁতা। হেমচন্দ্ৰ অসমীয়া সাহিত্যৰ খ্যাতনামা অধিনায়ক, সত্যনাথ অসমীয়া সাহিত্যৰ বিজ্ঞ প্ৰবীণ নায়ক। হেমচন্দ্ৰ বৰুৱা অসমীয়া ভাষাৰ সুলিখক, সত্যনাথ অসমীয়া সাহিত্যৰ সুলিখক। হেমচন্দ্ৰ অসমীয়া ভাষাৰ ডক্তৰ জন্সন আৰু সত্যনাথ অসমীয়া সাহিত্যৰ এডিচন বুলিব পাৰি।


সত্যনাথ বৰা আৰু অসমীয়া ভাষা।

 সত্যনাথ বৰাই অসমীয়া ভাষাৰ চৰ্চ্চা হে কৰিছিল। তেওঁ অসমীয়া ভাষা লৈ বাদবিতণ্ডা নকৰিছিল। তেওঁ অসমীয়া সম্পৰ্কে পৰদেশীৰ লগত বিবাদ নকৰিছিল। অসমীয়া ভাষাক জন্ম দিবলৈ আনন্দৰাম ঢেকিয়াল ফুকনে [ ১২০ ] ৰজাঘৰৰ ভ্ৰম যি দৰে সংশোধন কৰিছিল, অসমীয়া ভাষাক পৰদেশীয়ে টনা আজোৰা লগাওঁতে হেমচন্দ্ৰই যেনেকৈ থপিয়া- থপি কৰিছিল, অসমৰ ৰাজনৈতিক আকাশৰ যুগল তৰা জগন্নাথ আৰু মাণিকচন্দ্ৰই অসমীয়াৰ হক ৰক্ষাৰ অৰ্থে যিদৰে হেচুকি ফুৰিছিল, নাইবা মৰিলেও মৰকামোৰ নেৰাৰ দৰে অসমীয়া ভাষালৈ কেপকেপাই থকা থোত মুখক শ্ৰীযুত লক্ষ্মীনাথ বেজবৰুৱাই যিদৰে ভোতা কৰিছিল, সেই দবে সত্যনাথে অসমীয়া ভাষা সম্পৰ্কে যুজবাজ কৰা নাছিল। ঢেকিয়াল ফুকন আৰু হেমচন্দ্ৰ বৰুৱাই ৰুই থোৱা অসমীয়া ভাষাৰ গছ-পুলিটিক সত্যনাথে প্ৰতিপালন কৰিছিল; গছ- পুলিটিক বিবিধ আৱৰণ দি নানা বিঘিনিৰ পৰা আঁতৰত ৰাখিছিল; আৰু কেতিয়ানো গছ-পুলিটি লহপহকৈ বাঢ়ি আহি ফুলেৰে জাতিকাৰ হৈ চাৰিও দিশ সৌৰভেৰে আমোদিত কৰিব তাকে বাট চাই আছিল।

 আমাৰ দেশত ভুলক্ৰমে ঠাই পোৱা বঙলা ভাষা যেতিয়া আঁতৰিল; “স্কুলত বঙ্গালী, কাছাৰিত বঙ্গালী, ডেকা- বিলাকৰ আলাপত বঙ্গালী, তেওঁলোকৰ চিঠিত বঙ্গালী আৰু সকলোৱে ৰঙ্গিণী বঙ্গীয়াক সঙ্গিনী কৰি লোৱা বুকুৰ কুটুম” বঙ্গভাবা যেতিয়া অসমীয়াৰ মাজৰ পৰা বাধ্য হৈ নিৰ্ব্বাসিত হল, তেতিয়া এই দেশৰ লিখক সকলৰ লেখনী বঙ্গলুৱা শব্দই কলঙ্কিত কৰি ভাষাটোক বিজাতৰীয়া কৰিবৰ উপক্ৰম কৰিলে। কেতবোৰ লিখকে বঙ্গলুৱা কথাৰে আৰু [ ১২১ ] বঙ্গলুৱা ভাৱেৰে অসমীয়া ৰচনা লিখি কৃতিত্ব দেখুৱাবলৈ যত্নবান হল। সত্যনাথে কিন্তু হেমকোষৰ অসমীয়া শব্দেৰে অসমীয়াৰ জতুৱা ঠাঁচেৰে, অসমীয়া খণ্ড বাক্যেৰে, পৰাপক্ষত সংস্কৃতীয়া আৰু বঙ্গলুৱা শব্দ বাদ দি নানা প্ৰৱন্ধ লিখি, কিতাপ ৰচনা কৰি, মুখেৰে বক্তৃতাত নিভাঁজ অসমীয়া শব্দৰ প্ৰয়ােগ কৰি অতিপাতকৈ সংস্কৃত শব্দ ব্যৱহাৰ কৰা অসমীয়া লিখাৰু সকলৰ চকু মােকলাই দিলে। তেওঁৰ কিতাপেৰে বিশেষকৈ সাৰথিৰে ছাত্ৰসকলৰ অসমীয়া ৰচনাত পৰিবৰ্ত্তন ঘটালে। তেওঁৰ অসমীয়া শব্দৰ প্ৰয়ােগেৰে লিখা অসমীয়া ভাষাই অসমীয়া লিখাৰু আৰু পাঠকৰ ওপৰত যথেষ্ট প্রভাৱ চলালে। শ্ৰীযুত শৰৎচন্দ্র গােস্বামীয়ে কয় যে, “অসমীয়া সাহিত্যই এই কথা পাহৰিব নােৱাৰে যে, সত্যনাথ বৰাৰ প্ৰভাৱ নোহােৱা হলে অসমীয়া বাক্যৰ ঠাঁচ আৰু বেছি পৰিমাণে বিজাতৰীয়া হলহেঁতেন”


সত্যনাথ বৰা আৰু ৰাষ্ট্রনীতি।

 সত্যনাথ বৰাই কেৱল সাহিত্যৰেই আলােচনা কৰা নাছিল। ৰাজনীতি আলােচনাতো তেওঁৰ ধাউতি একেবাৰেই নোহােৱা নাছিল। বাতৰি কাকতত জগতৰ ৰাজনৈতিক সকলৰ আলােচনা আৰু মতবােৰ সদাই সাৱধানে পঢ়িছিল। আৰু কোন পক্ষই কিদৰে আগুৱাব খুজিছে বা কি কৰিছে [ ১২২ ] তাক তেওঁ গমিপিতি চাইছিল। আৰু দেশত এই বিধৰ দেশহিতকৰ কামবোৰত যোগ দিছিল। সত্যনাথ কলিকতাত ছাত্ৰ হৈ থাকোঁতেই কলিকতাত বহা কংগ্ৰেচত আসামৰ নগাৱঁৰ পৰা তেওঁক ডেলিগেট বাচি দিয়ে। সেই কংগ্ৰেচত তেওঁ বক্তৃতাও কৰিছিল আৰু সেই বক্তৃতা তেতিয়াৰ কাকতত প্ৰকাশ পাইছিল। আসামৰ ৰাজনীতি ক্ষেত্ৰৰ দুটি যুগল তৰাই অসম আকাশত প্ৰভা বিস্তাৰ কৰিছিল। তেওঁলোক হৈছে জগন্নাথ বৰুৱা আৰু মাণিকচন্দ্ৰ বৰুৱা। ৰাজনীতি ক্ষেত্ৰৰ নায়ক মাণিকচন্দ্ৰ বৰুৱাক গোটেই দেশখনে মানি চলিছিল। সত্যনাথেও তেওঁৰ কামত সহায়তা কৰিছিল। তেতিয়াৰ দিনত ৰাজনৈতিক সকলে গৱৰ্ণমেণ্টক দেশৰ অভাৱৰ কথা জনাই, দেশবাসীৰ অন্যায় হোৱাৰ কথা থাকিলে তাৰ সমালোচনা কৰি প্ৰতিকাৰৰ চেষ্টা কৰিছিল মাথোন। আজি কালিৰ দৰে বিবিধ ৰাজনীতি ক্ষেত্ৰৰ বিবিধ পন্থী লোক নাছিল। সত্যনাথে দেশৰ অৱস্থা চাই ৰাজনীতিৰ আলোচনা কৰিছিল। আসাম এচোচিয়েচনৰ বিবিধ কাম সত্যনাথে কৰিছিল। আনকি মাণিকচন্দ্ৰ বৰুৱাৰ মৃত্যুৰ পিচত সত্যনাথক ৰাজনীতি ক্ষেত্ৰত একেবাৰে গা লাগি কাম কৰিবলৈ দেশবাসীয়ে নিমন্ত্ৰণ কৰিছিল। কিন্তু নিঞ্জালপ্ৰিয় সত্যনাথ সেইবোৰত সোমাবলৈ ভাল নেপালে। তেওঁ গুৱাহাটীত বহা অসাম এচোচিয়েচনেৰ অভ্যৰ্থনা সভাৰ সভাপতি আছিল। শিৱসাগৰত বহা [ ১২৩ ] আসাম এচোচিয়েচনৰ অধিবেশনত সভাপতি স্বৰূপে আনে নভবা নিশ্চিন্তা কেইটিমান দেশহিতকৰ কথা আলোচনা কৰি সকলোকে মুগ্ধ কৰিছিল। তদুপৰি আসাম এচোচিয়েচনৰ আটাইবোৰ বৈঠকত উপস্থিত থাকি তাৰ আলোচনাৰ ভাগ লৈছিল।

সত্যনাথ বৰাৰ ধৰ্ম্মমত।

 ধৰ্ম্ম সম্বন্ধে সত্যনাথ বৰা বৰ প্ৰশস্তমনা আছিল। তেওঁ মহাপুৰুষীয়া হৈ দামোদৰীয়াক বেলেগ সম্প্ৰদায় বুলি নাভাবিছিল। তেওঁ ধৰ্ম্মৰ অনুষ্ঠানবোৰ নিজে ঘৰত নাপাতিছিল। তেওঁ কোনো ধৰ্ম্ম বা সম্প্ৰদায়ৰ পক্ষপাতী হৈ সঙ্কীৰ্ণ ভাব নেদেখুৱাইছিল। তেওঁ হিন্দুৰ পূজা, সেৱা, দৌল, দুৰ্গোৎসব আদি উমৈহতীয়া উৎসববোৰত যোগদান কৰিছিল। নিজৰ অৱস্থা টনকিয়াল নহলে পূৰ্ব্বপুৰুষ সকলে পালি অহা পূজা-সেৱা যে কৰিবই লাগিব, এনে ভাব তেওঁৰ নাছিল। “অহিংসাসত্যমস্তেয়ং শৌচমিন্দ্ৰিয় নিগ্ৰহঃ” এনেভাবৰ ধৰ্ম্ম ভাবহে তেওঁৰ আছিল। মহাপুৰুষীয়া ধৰ্ম্মৰ বাহ্যিক আচাৰ মতে তিতাতিয়নিৰে চাউল সিজোৱা লোৱা, চুৱাঠাই সাত বেলি মচা, মাটিপানী জোখকৈ লোৱা ইত্যাদি বোৰ পালন কৰা শ্ৰেণীৰ লোক নাছিল। প্ৰকৃতপক্ষে কবলৈ গলে, তেওঁ নৈতিক জীৱন অতিবাহিত কৰিছিল; নৈতিক [ ১২৪ ] জীৱন অতিবাহিত কৰিব পাৰিলে সকলো সুখ সম্পদ বুলি ভাবিছিল। গঙ্গা গয়া আদি হিন্দু তীৰ্থবোৰ আগ্ৰহৰে ফুৰি আহিছিল। দুই পুত্ৰৰ বিবাহ উপলক্ষে তেওঁ নান্দীমুখ শ্ৰাদ্ধ আৰু হোমাদি কাৰ্য্য সমাপন কৰিছিল। তেওঁব সহধৰ্ম্মিণীয়ে মাজে সময়ে গোপিনী সবাহ পাতিছিল, আৰু মাজে মাজে ব্ৰহ্মভোজন কৰাইছিল। অসমীয়া সমাজত এনে কোনো লোক নাই বা নোলাব যে, সত্যনাথৰ ধৰ্ম্ম সম্বন্ধে সাম্প্ৰদায়িকতা ভাব আছিল বুলি কব পাৰে। মুঠতে সত্যনাথে অতি গুৰুভাবে নৈতিক জীৱন পালন কৰি ধৰ্ম্মকাৰ্য্যবোৰত নিৰপেক্ষ ভাবে যোগ দি জীৱন যাপন কৰিছিল।

 

লিখক সত্যনাথ আৰু বক্তা সত্যনাথ।

 লিখক স্বৰূপে সত্যনাথৰ যেনে নাম, বক্তা স্বৰূপেও তেওঁৰ কম নাম নাছিল। অসমীয়া, ইংৰাজী, বঙ্গালী এই তিনিও ভাষাতে তেওঁ বক্তৃতা দিব পাৰিছিল। শ্ৰীযুত ৰজনীকান্ত বৰদলৈয়ে কয় যে, সত্যনাথৰ কি ইংৰাজী, কি অসমীয়া, কি বঙ্গালী এই তিনিও ভাষাতে তেওঁৰ ব্যুৎপত্তি থকাৰ কথা এটায়ে জানিছিল। তেওঁ কি লিখাত, কি বক্তৃতাত উভয়তে এই তিনিও ভাষাতে বৰ পটু আছিল। সুন্দৰ উচ্চাৰণ আৰু Idiomৰে সৈতে আৱশ্যক মতে এই [ ১২৫ ] তিনিও ভাষাত অনৰ্গল শুদ্ধ ভাষাৰ বক্তৃতা দিব পৰা ক্ষমতা আছিল। ফৰিদপুৰত থাকোঁতে আন কি কে, জি, গুপ্তৰ নিচিনা জজ সাহেবেও তেওঁৰ সেই স্কুলত দিয়া বক্তৃতা শলাগিছিল। গুৱাহাটীত এনে এখন সভা-সমিতি নহৈছিল যি খনত সত্যনাথ বৰাই ইংৰাজীত বা অসমীয়াত অন্ততঃ লাগিলে দুই চাৰি আষাৰ কথা কব নালাগিছিল। অসমীয়া জনসমাজেও সভা-সমিতিত সত্যনাথ উপস্থিত থাকিলে বক্তাৰ আসনখন যেন তেওঁলৈ আচুতীয়াকৈ থোৱা হৈছিল এনে ভাব দেখুৱাইছিল। যেতিয়াই যত যেনেকৈ বক্তৃতা দিয়ে তাৰ পিছত মানুহে মুখে মুখে কয়, “বৰা ডাঙ্গৰীয়াৰ বক্তৃতা বাস্তৱিকে বৰ ভাল হৈছিল। বক্তৃতাত জানিব লগীয়া বা শিকিব লগীয়া বহুত কথা আছিল।” সত্যনাথে বক্তৃতা দিওঁতে ধীৰ সুস্থিৰ ভাবে থিয় দি, মৃদু মধুৰ ভাষাৰে সমজুৱা সকলক সম্বোধন কৰি কথা কোৱা দি বক্তৃতা দিছিল। বক্তৃতা দিওঁতে মূৰ দুপিওৱা আৰু উপযুক্ত ঠাইত হাতেৰে ভঙ্গী দিয়া তেওঁৰ অভ্যাস আছিল। ভাব- প্ৰৱণতাই তেওঁৰ বক্তৃতাক দূষিত নকৰিছিল।

সত্যনাথ বৰা আৰু ৰাজহুৱা কাম।

 কিছুমান মানুহৰ মাজত এনে এটা ধাৰণা আছে যে, সত্যনাথ বৰাই লেঠা বা জঞ্জাল ভাল নেপাইছিল। লেঠা বা জঞ্জাল থকা বিষয়ত কদাপি হাত নিদিছিল; লেঠা বা [ ১২৬ ] জঞ্জালত পৰিব লাগিব বুলি সকলোবোৰ লেঠা লগা কামৰ পৰা আঁতৰি ফুৰিছিল। সিবিলাকে কয় যে, মানুহক টকা ধৰে নিদিছিল, জানোচা মোকৰ্দ্দমা কৰি লেঠাত পৰিব লাগে; মাটি-বাৰী, বয়-বস্তু নকৰিছিল, জানোচা লেঠাত পৰিব লাগে; দহ জনক কোনো এটা ৰাজহুৱা কাম কৰিবলৈ পোনতে তেৱেঁই আগেয়ে কৈ নুফুৰিছিল, জানোচা নিজে সেই লেঠাত পৰিব লাগে ইত্যাদি। বৰা ডাঙ্গৰীয়া এজন শান্তিপ্ৰিয় লোক আছিল। নীৰবে নিজৰ কাম কৰি যথাশক্তি যি কৰিব পাৰিছিল তাতে সন্তুষ্ট আছিল। তেওঁ অমুকটো কৰিব লাগে বা সেইটো মই কৰিছোঁ বুলি নিজৰ ডঙ্কা নিজে বজাই ফুৰা বিধৰ লোক নাছিল। মানুহক টকা ধাৰলৈ নিদিছিল বুলিও সময়মতে উপযুক্ত বিবেচনা কৰিলে মানুহক এককালীন দান দি সহায় কৰাৰ কথা আমাৰ বহুত জনা আছে। ইফালে কেইবাজন ছাত্ৰকো তেওঁ সহায় কৰি পঢ়ুৱাইছিল। তেওঁৰ অৰ্থ সাহায্যেৰে উচ্চ শিক্ষা পাই গৱৰ্ণমেণ্টৰ উচ্চপদস্থ কৰ্মচাৰী হোৱা লোক এতিয়াও আছে। তেওঁ নিজে ধাৰলৈ টকা নিবিচাৰিছিল আৰু আনকো ধাৰলৈ দিবলৈ ইচ্ছা নকৰিছিল। কিয়নো তেওঁ ভাবিছিল যে, মানুহেৰে সৈতে টকাৰ লেন্‌দেন্‌ কৰিলে অনাহকত মনান্তৰ ঘটে। লেঠা বা জঞ্জাল সহিব নুখুজিছিল, যদিও ৰাজহুৱা কাম কৰিবলৈ তেওঁ কেতিয়াও পিছ পৰা নাছিল। তেওঁ অসমীয়া ভাষা উন্নতি-সাধিনী সভাৰ সম্পাদক হৈ কেইবা [ ১২৭ ] বছৰো কাম চলাইছিল। তেতিয়াৰ অ, ভা, উ, সা সভাৰ বহুত গুৰুতৰ কৰ্ত্তব্য আছিল। আজিৰ দিনৰ নিচিনা অৱস্থাৰ দৰে বা মাজে সময়ে দুটা এটা বৈঠক পাতি দুই চাৰি জনে সৈতে প্ৰৱন্ধ পাঠ কৰা ধৰণৰ নাছিল। কিয়নো তেতিয়া প্ৰথমতে অসমীয়া ভাষাটোৰ প্ৰচলন হৈছিল মাথোন, ভুলক্ৰমে ঠাই পোৱা বঙ্গলা ভাষাক আতঁৰাই অসমীয়া ভাষা প্ৰচলন কৰিবলৈ আদেশ দিবৰ বেচি দিন হোৱা নাছিল। অ, ভা, উ, সা সভাৰ গৱৰ্ণমেণ্টে ভাষা সম্বন্ধে বহুত কথাত মতামত লৈছিল। তেতিয়াৰ দিনত গুৱাহাটীত বহা সভা-সমিতিত সত্যনাথ বৰা সদাই হয় সভাপতি স্বৰূপে নাইবা বক্তা স্বৰূপে উপস্থিত হব লগীয়া হৈছিল, কিয়নো অসমীয়াৰ শিক্ষিত ডেকাৰ ভিতৰত সেই বিষয় ধাউতি থকা কেৱল সত্যনাথ। লেঠাৰ ভয়ত সত্যনাথে এইবোৰ বিষয়লৈ কেতিয়াও পিঠি দিয়া নাছিল। পৰা পক্ষত তেওঁ সকলো সভা সমিতিতে যোগদান কৰিছিল।

 ১৯১৬ খৃষ্টাব্দত আসাম এচোচিয়েচনৰ এটি ডাঙ্গৰ অধিবেশন গুৱহাটীতে বহিছিল। আসামৰ প্ৰায়বোৰ গণ্য- মান্য লোক উপস্থিত আছিল। বৰাদেৱে এই আসাম এচোচিয়েচনৰ অভ্যৰ্থনা সভাৰ সভাপতি বাব লৈছিল। এখন জিলালৈ গোটেইখন দেশৰ মানুহ নিমন্ত্ৰণ কৰি আনি আসাম সংক্ৰান্ত ৰাজনীতি আলোচনা কৰিবলৈ এখন সভা পাতি দিয়া আৰু অভ্যাগত জনক যথাসাধ্য সুশ্ৰুষা কৰি অতি [ ১২৮ ] সুচাৰুৰূপে এখন সম্মিলনৰ অধিবেশনৰ কাম সুকলমে সমাধা কৰা কম গুৰু লেঠাৰ বা জঞ্জালৰ কাম নহয়। এই অভ্যৰ্থনা সভাৰ সভাপতি স্বৰূপে প্ৰতিনিধি সকললৈ দিয়া আদৰণী বক্তৃতাও অতি উপাদেয় হৈছিল।

 ১৯১৭ খৃষ্টাব্দত ঐতিহাসিক তথ্যেৰে পৰিপূৰ্ণ আসাম দেশৰ গৌৰৱস্থল আহোম ৰাজধানী শিৱসাগৰত আসাম এচোচিয়েচনৰ এটা অতি আৱশ্যকীয় অধিবেশন বহে, এই অধিবেশনলৈ গোটেই অসম দেশে সভাপতি বাচি দিছিল ৺সত্যনাথ বৰাক। এখন দেশৰ এটি ৰাজনৈতিক অনুষ্ঠানৰ অধিবেশনত সভাপতি হৈ কেনেবোৰ গুৰুতৰ কথাৰ সিদ্ধান্ত, কৰিব লাগে তাক নজনা মানুহ নাই। লেঠা বা জঞ্জালৰ ভয়ত সত্যনাথ দেশৰ এই অনুষ্ঠানলৈ পৰাঙ্মুখ নহৈছিল। আসাম এচোচিয়েচনৰ এই অধিবেশনত সভাপতি স্বৰূপে দিয়া বক্তৃতা আমাৰ দেশৰ বাতৰি কাকতত বাদেও কলিকতাৰ Statesman ষ্টেট্‌চমে‌ন কাকতত প্ৰকাশ হৈছিল আৰু সেই বক্তৃতা প্ৰশংসা কাকতে পাত্ৰে, আৰু দহজনৰ মুখত প্ৰচাৰিত হৈছিল।

 আসাম সাহিত্য সভা যেতিয়া ১৯১৮ খৃষ্টাব্দত স্থাপিত হল তেতিয়াৰ কাৰ্য্যনিৰ্ব্বাহক সভা এতিয়াৰ দৰে যোৰহাটতে নিগাজিকৈ থকা নাছিল, যোৰহাটত তেতিয়া সাহিত্য সভাৰ অফিচ ঘৰ নাছিল, চন্দ্ৰকান্ত হল তেতিয়া সজোৱা নাছিল, কাৰ্য্যনিৰ্ব্বাহক সভাৰ সভ্য সকল জিলায় [ ১২৯ ] জিলায় আছিল। যি বছৰি যি ঠাইৰ সম্পাদক মনোনীত হয়, সেই ঠাইতে সাহিত্য সভাৰ অফিচ সম্পাদকৰ লগতে আছিল। ১৯১৯ খৃষ্টাব্দত এই আসাম সাহিত্য সভাৰ সম্পাদকৰ বাবো সত্যনাথে গ্ৰহণ কৰিছিল। বাণ ৰজাৰ ৰাজধানী শোনিতপুৰ বা তেজপুৰত আসাম সাহিত্য, সভাৰ চতুৰ্থ অধিবেশনৰ কাৰ্য্য স্বৰ্গীয় প্ৰত্নতত্ত্ব বিশাৰদ হেমচন্দ্ৰ গোস্বামীৰ সভাপতিত্বত সমাধা হৈছিল। সত্যনাথ বৰা সম্পাদক থকা দিনত সাহিত্য সভাৰ এই চতুৰ্থ অধিবেশন বহিছিল। যদিও বছেৰেকীয়া অধিবেশনৰ দিনা বৰা ডাঙ্গৰীয়াই শৰীৰৰ অসুস্থতাৰ কাৰণে নিজে তেজপুৰত উপস্থিত হব নোৱাৰিলে তথাপি তেওঁৰ যুটীয়া সহকাৰী সম্পাদক ৺ চন্দ্ৰনাথ শৰ্ম্মা আৰু শ্ৰীযুত জ্বলতিৰাম লহকৰৰ হাতত সকলো কাকত পত্ৰ পঠাই দি অধিবেশনৰ কাৰ্য্যত সহায় কৰিছিল। ইয়াৰ পাচত গোৱালপাৰা আৰু বৰপেটাত আসাম সাহিত্য সভাৰ পঞ্চম আৰু ষষ্ঠ অধিবেশন বহিছিল। সেই একে সময়তে আসাম এচোচিয়েচনৰ অধিবেশনো হৈছিল। সত্যনাথ বৰাই পুহমহীয়া দাৰুণ শীততো, ঘৰ এৰি এই অধিবেশনত উপস্থিত হবলৈ গোৱালপাৰা পাইছিলগৈ। অৱশ্যে এনেকৈ ঘৰ এৰি যোৱাত নানা লেঠা বা জঞ্জাল সহিব লগীয়া হৈহিল

 ১৯০১ খৃষ্টাব্দত লৰ্ড কাৰ্জ্জন যেতিয়া গুৱাহাটীলৈ আহে তেতিয়া তেওঁক অভ্যৰ্থনা কৰিবলৈ গুৱাহাটী তোলপাৰ লাগি [ ১৩০ ] ছিল। আসামৰ ৰাজনীতিজ্ঞ পুৰুষ স্বৰ্গীয় মাণিক চন্দ্ৰ বৰুৱা আৰু তেওঁৰ সোঁহাত স্বৰূপ ৰায় বাহাদুৰ ভুবনৰাম দাস এই অভ্যৰ্থনা কাৰ্য্যত প্ৰধান উদ্যোগী আছিল। সত্যনাথ বৰায়ো এই অনুষ্ঠানত যথাসাধ্য সহায় কৰিবলৈ আগুৱাই ফুৰিব লগা হৈছিল। লৰ্ড কাৰ্জ্জনক যিখন অসমীয়াত অভিনন্দন পত্ৰ দিয়া হৈছিল, তাক ঘাইকৈ বৰা ডাঙ্গৰীয়াই ৰচনা কৰি দিছিল, আৰু তেৱেই বিবিধ ঠাইৰ পৰা সমাগত সভ্য সকলৰ সভাত এই অভিনন্দন খন পাঠ কৰিছিল।

 বৃটিচৰ দিনত জগদ্বিখ্যাত ভাৰতীয় কবি ডাক্তৰ ৰবীন্দ্ৰনাথ ঠাকুৰ যেতিয়া গুৱাহাটীলৈ আহে তেতিয়া গুৱাহাটীৰ জুবুলি- গাৰ্ডেনত তেওঁক অভ্যৰ্থনা কৰিবলৈ এখন ডাঙ্গৰ সভা পতা হৈছিল আৰু সেই সভাৰ সভাপতি আছিল সত্যনাথ বৰা। আসাম এচোচিয়েচনৰ জিলা অফিচৰ বৈঠক, কলেজ আৰু স্কুলৰ ছাত্ৰৰে পতা সোৱৰণী সভা বা বছেৰেকীয়া সভা, কটন কলেজৰ অসমীয়া ছাত্ৰৰ সাহিত্য সভাৰ বছেৰেকীয়া অধিবেশন, গুৱহাটী উজান বজাৰৰ একতা সভা, লতাশীলৰ মাণিকবৰুৱা-মাইনৰস্কুলৰ মেনেজিং কমিটি, আসাম ক্লাব, কামৰূপ-নাট্য-সমিতিৰ হল কমিটি, লতাশীল কো- অপাৰেটিভ বেঙ্ক, সোণাৰাম এইডেড্‌ হাইস্কুলৰ মেনেজিং কমিটি, কামৰূপ ইণ্ডাষ্ট্ৰীয়েল কোম্পানী ইত্যাদি অনেক সভাসমিতিত সত্যনাথ বৰাৰ সংশ্ৰৱ আছিল। এইবোৰ

সমিতিত তেওঁ এক প্ৰকাৰ নহয় এক প্ৰকাৰ জঞ্জাল সহিছিল।

[ ১৩১ ]  ১৯১৩ খৃষ্টাব্দত প্ৰাচীন কামৰূপৰ ৰাজধানী প্ৰাগ্‌জ্যো‌তিষ পুৰত বুৰঞ্জী মূলক তথ্যৰ চৰ্চ্চাৰ কাৰণে, বুৰঞ্জী বহুল অসম দেশৰ ঐতিহাসিক তত্ত্ববোৰৰ উদ্ধাৰৰ কাৰণে, দেশত প্ৰত্নতত্ত্বৰ আলোচনাৰ বিস্তাৰৰ কাৰণে, দেশৰ প্ৰাচীন সম্পদবোৰ সংগ্ৰহ বা ৰক্ষাৰ কাৰণে আৰু ভবিষ্যতে আসামত যাতে এটি মিউজিয়েম্‌ স্থাপন কৰিব পৰা হয় তাৰ কাৰণে, কামৰূপ অনুসন্ধান সমিতি নামে এটি সমিতি স্থাপন কৰা হয়। গুৱহাটীত দীঘলী পুখুৰীৰ দক্ষিণ পাৰে এই অনুসন্ধান সমিতিৰ গৃহ এতিয়া অৱস্থিত। এই অনুসন্ধান সমিতিৰ আদিৰ পৰা অন্তলৈকে সত্যনাথ বৰা এজন মুখ্য সভ্য আছিল। তেওঁ এঘাৰজন সভ্যেৰে গঠিত কাৰ্য্য-নিৰ্ব্বাহক সমিতিৰ এজন প্ৰধান সভ্য আছিল, আৰু তেওঁৰ গাত আঠ দহ বছৰলৈ হিচাব পৰীক্ষকৰ বাব আছিল। এই সমিতিৰ অধিবেশনত তেওঁ নিজৰ সাত বন কাটি কৰি থৈও উপস্থিত নোহোৱাকৈ থকা নাছিল।

সত্যনাথ বৰা আৰু দহজনৰ কথা।

 গুৱাহাটীৰ সোণাৰাম এইডেড্‌ হাই স্কুলৰ হেডমাষ্টৰ শ্ৰীযুত নবকুমাৰ বৰুৱাই কয় যে, সত্যনাথ বৰা ১৯১৩ চনৰ পৰা ১৯১৮ চনলৈকে আৰু শুনাত তাৰ আগৰে পৰা এই হাইস্কুলৰ কাৰ্য্য-নিৰ্বাহক কমিটিৰ এজন বিশিষ্ট সভ্য আছিল। [ ১৩২ ] তেওঁ কোনোখন সভাতে অনুপস্থিত থকা নাছিল। উজান বজাৰৰ পৰা ভৰলুমুখলৈ সদাই খোজ কাঢ়ি সভাত উপস্থিত হবলৈকে আহিছিল। তেওঁ সভাত দিয়া মতামত যুক্তিপূৰ্ণ আৰু কাৰ্য্যকৰি আছিল। সত্যনাথ বৰাই সময়ে সময়ে ৰসিকতা কৰিব পাৰিছিল। যিদিনা আসামৰ ৰাজনীতিজ্ঞ পুৰুষ ৺ মাণিকচন্দ্ৰ বৰুৱা গুৱাহাটীত জীৱনলীলা সামৰিবলৈ মুঠতে মাথোন কেইঘণ্টামান বাকী আছিল, তেতিয়া কমিচনাৰ কৰ্ণেল পি, আৰ, টি, গৰ্ডনে তেওঁক চাবলৈ গৈ বৰুৱা কেনে আছে বুলি বাহিৰতে খবৰ ললে। ৰায় বাহাদুৰ কণকলাল বৰুৱা, সত্যনাথ বৰা, নবকুমাৰ বৰুৱা, ডাক্তৰ আৰু কেইজনমান মানুহ উপস্থিত আছিল; ডাক্তৰ জন ভিতৰলৈ গৈ ৰোগীক চাই আহি বৰ চিন্তান্বিত হৈ কলে, “যদি strength ৰাখিতে পাৰা যায়, তবে বাচলে বাচতেও পাৰে” মাণিক বৰুৱাৰ সেই অৱস্থাত সকলোৱে বিমৰিষ হৈ আছিল, ডাক্তৰ জনৰ এনে অৰ্থশূন্য প্ৰবোধ বাক্যবোৰত সত্যনাথে ঘপ্‌কৰে গহীন কৈ উত্তৰ দিলে, “কিয় এনেকৈ নকয় কেলৈ, যদি পৰমায়ু আছে জীয়াই থাকিব পাৰে”। সত্যনাথৰ এনে কথা শুনি কমিচনাৰকে আদি কৰি সকলোৱে বিমৰ্ষ অৱস্থাতে খিল্‌খি‌লাই হাঁহি পেলালে। সত্যনাথ বৰাক এদিনাখন এজন মানুহে কলে, “মই আজি ভাটীবেলা আপোনাৰ তালৈ যাব খোজোঁ”। তাৰ উত্তৰত বৰাই কলে, “গলেও যাব পাৰা”। মানুহজনে কিন্তু তেখেতৰ [ ১৩৩ ] কথাত সন্তোষ নাপাই কৈ ফুৰিলে যে, “মোক যাবা বুলি ডাঙ্গৰীয়াই নকলে”। কিন্তু মানুহজনে বুজিব নোৱাৰিলে যে, “তোমাৰ যদি আৱশ্যক আছে যাবা” এনেটো ভাবতহে বৰা ডাঙ্গৰীয়াই তেনেকৈ সামিধান দিছিল।

 গুৱাহাটীৰ চিনিয়ৰ উকীল ৰায় বাহাদুৰ কালীচৰণ সেন, বাবু ললিতমোহন লাহিৰী, মহেন্দ্ৰমোহন লাহিৰী আৰু সত্যনাথ বৰা এই কেইজনে প্ৰায় এক সময়তে ওকালতি আৰম্ভ কৰে আৰু তেওঁলোকৰ মাজত যথেষ্ট সৌহৃদ্য ভাব আছিল। ললিত বাবুৱে কয় যে, “মই জনাত সেই সময়ত উকীল ব্যৱসায়ত আমি বহুত টকা পাইছিলোঁ। সত্যনাথ বৰায়ো আমাৰ দৰেই টকা পাইছিল। পিছত বহুত ডেকা উকীল ওকালতিলৈ অহাতহে টকা কমি গৈছিল। আমাৰ সামনে সামনে কেনেকৈ ওকালতিত টকা পাইছিল তাৰ এটা কথা মোৰ মনত আছে। এবাৰ বিজনী ষ্টেট আৰু গাৰোপাহাৰ ষ্টেটৰ মাজত মাটিবাৰী সম্পৰ্কে এটা ডাঙ্গৰ দেৱানি মোকৰ্দ্দমা হৈছিল। ৰায় বাহাদুৰ কালীচৰণ সেন, মহেন্দ্ৰমোহন লাহিৰী, উপেন্দ্ৰনাথ সেন বিজনী ষ্টেটৰ ফালে গাইপতি ১০০০৲ কৈ বাইনা লৈ উকীল হৈছিল। গাৰো পাহাৰ ষ্টেটৰ ফালে মই আৰু সত্যনাথ বৰা দুয়ো ১০০০৲ কৈ বাইনা লৈ উকীল হৈছিলোঁ। পোৱাত টকা সমানে পাইছিলোঁ, যদিও গাৰোপাহাৰৰ impossible claimৰ গুণে বিজনী ষ্টেটৰ অৱশেষত জয় হৈছিল”।

[ ১৩৪ ]  বাবু মহেন্দ্ৰমোহন লাহিৰীয়ে কয়, “সত্যনাথ বৰাক মই বহুদিন আগৰে পৰা জানোঁ। সত্যনাথ বৰাই যি বছৰত গৈ কলিকতাৰ প্ৰেচিডেঞ্চি কলেজত ভৰ্ত্তি হৈ প্ৰথম বাৰ্ষিকত নাম লগায়, ময়ো সেই বছৰতে নগাৱঁৰপৰা এন্ট্ৰেঞ্চ পাচ কৰি গৈ কলিকতাত পঢ়োতে আসামৰ পৰা সত্যনাথ বৰা নামেৰে এজন লৰা আহিছে বুলি শুনি প্ৰেচিডেঞ্চি কলেজত প্ৰথমেই মোৰ লগত তেওঁৰ চিনাকী হয়। আমি তেওঁৰে সৈতে একেসময়তে আহি ওকালতিও আৰম্ভ কৰোঁ। আমি তেওঁৰ প্ৰকৃতি সুন্দৰকৈ জানোঁ। আমি প্ৰথমে উকীলবিলাকে প্ৰায় লগ লাগি ঠায়ে ঠায়ে ঘনাই picnic বা বনভোজ খাই ফুৰিছিলো। সত্যনাথ বৰাও আমাৰ লগত আছিল। এবেলি এঠাইত ভোজ খাই নাৱেঁৰে আহোঁতে আহোঁতে ৰাতি পুৱাই গৈছিল। সত্যনাথ বৰাহঁতে চকুৰ চিপ নমৰাকৈ নাৱত মেল পাতি আহিছিল, মোৰহে মাজে মাজে চকু লাগিছিল। সত্যনাথ বৰাৰ লগত আমি কেইবাটাও মোকৰ্দ্দমাত একেলগে মোকৰ্দ্দমা চলাইছোঁ। তেওঁ আমাকে প্ৰায় সকলোবোৰ চলাবলৈ এৰি দিয়ে, কেতিয়াও আমাৰ কথাত হকা বধা নজন্মায়। তেওঁ ভদ্ৰৰো ভদ্ৰ অতি ভদ্ৰ আছিল। কলিকতাত পঢ়া অৱস্থাত আৰু পিছৰ ডোখৰত তেওঁ ৰাগিয়াল বস্তু সেৱন কৰাৰ কথা আমাৰ কাণত নপৰাকৈ থকা নাই। কিন্তু গুৱহাটীত আহি তেওঁ সেই বিষয় এনেকৈ সংযত হল যে, আজি সেই কথা কবলৈ [ ১৩৫ ] গলে মানুহে প্ৰত্যয় কৰিবই নুখুজিব। তেওঁৰ মনৰ বল দৃঢ় আছিল। তেওঁ profession ত সদাই honourable আছিল, কেতিয়াও কোনো অৱস্থাতে meannessৰ আশ্ৰয় নলৈছিল। মিছা মোকৰ্দ্দমাত কিম্বা কোনো পক্ষক কুপৰামৰ্শ দিয়াত সত্যনাথ সদাই বিৰত আছিল, তেওঁ ন্যায়ভাবে সৎপথ অৱলম্বন কৰি পৰিশ্ৰম কৰি যি পাৰিশ্ৰমিক পাইছিল তাৰেই সন্তুষ্ট আছিল, তেওঁ কেতিয়াও লেঠা বা হেঙ্গাম ভাল নাপাইছিল। লেঠাৰ ভিতৰত সোমাব লাগিব বুলি বহুত কথাত তেওঁ আঁতৰি ফুৰিছিল। সত্যনাথে অলাগতিয়াল লেঠাত সোমাব নোখোজে দেখি এবেলি আমি ধেমালিৰ চলেৰে তেওঁক বৰ জব্দ কৰিছিলোঁ। সেই কথা মনত পৰিলে আমাৰ এতিয়াও হাঁহি উঠে। আমি তেতিয়া ডেকা উকীল, এতিয়াৰ দৰে দাৰি চুলি পকা বুঢ়া নহও। সত্যনাথক কলো, “আমাৰ লগত picnic খাই ফুৰা আমাক এবেলি নুখুৱা কিয়”? “খোৱা যদি খোৱাঁ মই সেইবোৰ যোগাৰ কৰিব নোৱাৰোঁ” তেওঁ এই বুলি কলে। এতিয়া দেখিলোঁ যে, তেওঁ লেঠাৰ ভয়ত আমাক নুখুৱায়। পিছত আমি আটাইবোৰ উকীল তেওঁক নজনোৱাকৈ যুক্তি কৰিলোঁ। জিৰ ৰায় বাহাদুৰ কণকলাল বৰুৱাও তেতিয়া আমাৰ লগতে উকীল আছিল। আমি কৰিলোঁ কি আটাইবোৰ উকীলক কলোঁ যে, কালিলৈ দেওবাৰে গধূলি সত্যনাথ বৰাই ভোজ পাতি তেওঁৰ ভৰলুমুখৰ ঘৰত খাবলৈ নিমন্ত্ৰণ কৰিছে। [ ১৩৬ ] আনবোৰে ভাবিলে যে কথা সঁচাই। তেতিয়া ৰায় বাহা- দুৰ কৃষ্ণচন্দ্ৰ চৌধুৰী হাকিম আছিল। তেওঁকো নিমন্ত্ৰণ কৰিলোঁ। পিচত আমি ভাবিলোঁ কথা বিষম হল। এতিয়া কেনেকৈ কাম সিদ্ধি কৰোঁ। আমি উকীল উপেন্দ্ৰনাথ সেনৰ ভোজৰ আটাইবোৰ বস্তু শনিবাৰেই আয়োজন মাংসৰ যোগাৰ কৰিলো, পাত খৰিৰ যোগাৰ কৰিলোঁ, ৰান্ধনি বামুণ আৰু কাৰবাৰীৰো যোগাৰ কৰি পিছদিনা দেওবাৰে পুৱাই গাড়ী এখনত বস্তুবোৰ ভৰাই লৈ কুটা এডালো বিচাৰিব নলগাকৈ এটাইবোৰ বস্তু লৈ সত্যনাথ বৰাৰ ঘৰত ভোজ পাতি আমিও খাম আৰু আনকো খুৱাই লেঠা ভাল নোপোৱা সত্যনাথক লেঠাত পেলাই সকলোৱে ৰং চাম, এই স্থিৰ কৰি মই আগেয়ে গৈ ৮।৯ মান বজাত সত্যনাথক লগ ধৰি কলো যে, আটাইবোৰ উকীল আৰু হাকিম আজি গধূলিলৈ ইয়ালৈ ভোজ খাবলৈ আহিব। আজি খুৱাব লাগিব। সত্যনাথে প্ৰথমে ওঁহু বুলিলে পিছত আমাৰ একান্ত ইচ্ছা দেখি অলপ সম্মতিৰ ভাব দেখুৱাই “কৰ পৰা বস্তু হব, কৰ পৰা মানুহ হব” বুলি চিন্তান্বিত হল। এনেতে আমাৰ গাড়ী বয়-বস্তুৰে সৈতে পালেগৈ। গাড়ীৰ বস্তু দেখি সত্যনাথ নিমাত হল। অলপ তলকামাৰি থাকি মুখত হাঁহিৰে কলে, ‘বাৰু হওঁক তেন্তে’ এই বুলি আনন্দেৰে সকলো দিহা কৰিলে। তেওঁৰ চোতালত ৰন্ধা বঢ়া আৰম্ভ হল। আমি তেওঁৰ ওচৰ চুবুৰীয়াকো নিমন্ত্ৰণ কৰিবলৈ অনুৰোধ [ ১৩৭ ] কৰিলোঁ। সত্যনাথে সকলোকে নিমন্ত্ৰণ কৰিলে। গধূলি হল, আমি নিমন্ত্ৰণ কৰি যোৱা উকীল, হাকিম আৰু অন্যান্য সকলো লোক উপস্থিত হৈ বৰ আনন্দৰে আৰু নানা হাঁহি খিকিন্দালি পাতি ভোজ খাই ৰাতি হোৱাত ঘৰ পালোঁহি। এই ভোজৰ সমস্ত খৰচ সত্যনাথে শেষত ৰং মনেৰে আদায় কৰি দিলে। সত্যনাথ বৰাৰ আমি আগৰে পৰা সাহিত্যত বৰ বেচি ধাউতি দেখি আহিছোঁ। “He was a true Assames in every inch."

 ধুবৰী সাহিত্য-সন্মিলনৰ বিখ্যাত অধিবেশনৰ সভাপতি আৰু অসমীয়া বহুসংখ্যক কিতাপ ৰচোতা শ্ৰীযুত বেণুধৰ ৰাজখোৱা ডাঙ্গৰীয়াই জনায় যে, “সত্যনাথ বৰাৰ অমায়িকতা আৰু সৰলতাত মুগ্ধ নোহোৱা মানুহ কোনো নাছিল। মই কোনো কালে তেওঁৰ খং দেখা নাছিলো। প্ৰকৃততে তেওঁৰ শত্ৰু নাছিল। তেওঁক সঁচাকৈ “অজাত শত্ৰু” বুলিব পাৰি। তেওঁৰ গাত সকলো সজগুণ আছিল বুলি কলেও বঢ়াই কোৱা নহয়। তেওঁৰ অটল দেশভক্তি আছিল। অসম আইৰ দুৰৱস্থা দেখি তেওঁ যেনেকৈ কান্দিছিল সেইদৰে কন্দা মানুহ বিৰল। বঙ্গালী, মাৰোৱাৰী আৰু আন আন পৰদেশী মানুহৰ মাজত থাকিও তেওঁ অসমীয়াৰ হক অটুট ৰাখিবৰ নিমিত্তে প্ৰাণ টাকি যত্ন কৰিছিল। সকলো সম্প্ৰদায়ৰ মানুহে তেওঁক অন্তৰেৰে ভাল পাইছিল। তেওঁৰ কাৰ্য্য-পদ্ধতিত বিদ্বেষৰ ভাব [ ১৩৮ ] নাছিল। এয়ে তেওঁৰ জীৱনৰ বিশেষত্ব আছিল। সকলো সম্প্ৰদায়ৰ মানুহে তেওঁৰ পৰামৰ্শ লৈছিল। মানুহে তেওঁক যেনেকৈ মৰম কৰিছিল তেনেকৈ শ্ৰদ্ধা আৰু ভক্তিও কৰিছিল। তেওঁ সৰবৰহী আৰু স্থিৰবুদ্ধি বুলি বিখ্যাত আছিল। কোনো কাৰ্য্যত তেওঁৰ চঞ্চলতা নাছিল। তেওঁৰ খোজ কাঢ়ন আৰু বাজুৱা ব্যৱহাৰ যেনে গহীন আছিল, ভিতৰুৱা চৰিত্ৰও তেনে গহীন আছিল। দকৈ নভবাকৈ তেওঁ ওপৰে ওপৰে কোনো কথা নকৈছিল। চাৰিও চুক নমৰাকৈ তেওঁ কোনো বিষয়তে মতামত নিদিছিল। বৰা ডাঙ্গৰীয়া দৰাচলতে এজন সাধু পুৰুষ আছিল। অসমীয়া সমাজত তেওঁ যি ঠাই মুকলি বা উদং কৰি গল, সেই ঠাই বোগতে পূৰ হোৱা টান।

 অসমীয়া সাহিত্যত বৰা ডাঙ্গৰীয়াৰ ঠাই ওখত। তেওঁৰ দেশভক্তি অতুলনীয়। অসমীয়া জাতি গঢ়িবৰ নিমিত্তে যি যি আহিলা পাতি লাগে, কলেজত পঢ়া কালৰে পৰা তেওঁ সেইবিলাক বাচিবৰ নিমিত্তে যত্ন কৰিছিল। অসমীয়া মানু- হৰ মুখে মুখে বঙ্গলুৱা গীত শুনি তেওঁ মনত বেজাৰ পাই অসমীয়া গীত ৰচিবলৈ উপায় চিন্তিলে। সৰ্ব্বসাধাৰণৰ মাজত যাতে অসমীয়া গীতত ৰাপ হয়, তাৰ নিমিত্তে তেওঁ এখনি গীতত পুথি লিখিবলৈ মন মেলিলে। যিবিলাক বঙ্গলুৱা গীত অসমীয়া মানুহে গাবলৈ ৰং পাইছিল, তেওঁ সেইবিলাক গীতৰ সুৰত অসমীয়া গীত ৰচিলে। আৰু কোনটো গীত কোনটো বঙ্গলুৱা সুৰেবে গাব লাগে, তাকো [ ১৩৯ ] সেই পুথিত লিখি দিলে। ফলতঃ তেওঁৰ সুৱলা কাপ পৰা ‘গীতাৱলী’ পুথি পালোহঁক। এই পুথিত যিবিলাক গীত আছে, সেইবিলাক নিচেই উজু ভাষাৰে শুৱলাকৈ লিখা হৈছিল। আমি বুকু ডাঠি কব পাৰো, মূল বঙ্গলুৱা গীততকৈও এইবিলাক অসমীয়া গীত বহুগুণে সুন্দৰ হৈছিল। এই পুথিৰ আবিৰ্ভাৱৰ কালৰ পৰা বৰ্ত্তমান অসমীয়া গীতিযুগৰ আৰম্ভ বুলি কলেও বঢ়াই কোৱা নহব। বৰা ডাঙ্গৰীয়াকে বৰ্ত্তমান অসমীয়া গীতৰ জন্মদাতা বুলিব লাগে। তাৰ আগেয়ে অসমীয়া গীতৰ বিষয়ে কথা ওলালে অসমীয়া মানুহেই ইতিকিং কৰিছিল। অসমীয়া শব্দেৰে শুৱলা গীত ৰচিব পাৰি বুলি, তাৰ আগেয়ে কাৰো বিশ্বাস নাছিল। ভাল সাহিত্য ৰচনাত যি যি উপাদান লাগে, বৰা ডাঙ্গৰীয়াৰ ‘সাহিত্য বিচাৰত’ তাৰ সুন্দৰ আলোচনা আছে। বৰা ডাঙ্গ- ৰীয়াই ‘বহল ব্যাকৰণ’ লিখি অসমীয়া ভাষা আৰু সাহিত্যৰ এটি ডাঙ্গৰ অভাৱ পূৰ কৰিলে। বৰা ডাঙ্গৰীয়াৰ হাতৰ পৰা যিবিলাক প্ৰৱন্ধাৱলী মাজে মাজে ওলাইছিল, সেই, বিলাকৰ পৰা জানিব পাৰি যে, তেওঁ এজন ওখ ধৰণৰ সাহিত্যিক আছিল। তেওঁ বাৰে বঙ্গলুৱা শব্দ ব্যৱহাৰ নকৰি- ছিল। তেওঁ ‘সাৰথি’ নামেৰে যি খনি বিতোপন পুথি লিখিলে সেই পুথিৰ দ্বাৰাই তেওঁৰ ভাষাৰ ঠগ কেনেকুৱা আছিল বুজিব পৰা যায়। ভাল অসমীয়া শব্দ থাকিলে,তাৰ সলনি

তেওঁ ধাৰে অনা শব্দ কোনো কালে ব্যৱহাৰ নকৰিছিল।” [ ১৪০ ]
 

 নগাৱৰ অষ্টম সাহিত্য সম্মিলনব উপযুক্ত সভাপতি আমাৰ ঔপন্যাসিক শ্ৰীযুত ৰজনীকান্ত বৰদলৈদেৱে কয় যে, সত্যনাথ বৰাৰ লগত সময়ে সময়ে একে মেচতে মই কলিকতাত আছিলোঁ। তেওঁ মোতকৈ বয়স আৰু পঢ়া উভয়তে চিনিয়ৰ আছিল। যি বছৰ মই এফ-এ পৰীক্ষা ৬৭নং মিৰ্জ্জাপুৰ ষ্ট্ৰীটত থাকি দিওঁ, সেই বছৰ ৺বৰা ডাঙ্গৰীয়াই বি-এল পঢ়িছিল। তাৰ পিছ বছৰত তেওঁ ফৰিদপুৰত স্কুল এখনলৈ বি-এল পৰীক্ষাৰ খৰচ গোটাবলৈ এবছৰৰ কাৰণে হেড্মা‌ষ্টাৰ হৈ গৈছিল। কলেজৰ জীৱনতো ৺ বৰা ডাঙ্গৰীয়া বৰ অমায়িক বিধৰ ডেকা আছিল। তেওঁ কাৰো লগত কোনো হাই দ্বন্দ্ব কাজীয়া কৰা নেদেখিলোঁ। তেওঁ সেই সময়তেই বৰ উদাৰ চৰিত্ৰৰ আছিল। তেওঁৰ তলৰ শ্ৰেণীৰ কোনোৱাই কোনো বিষয় শিকিব খুজিলে আগ্ৰহেৰে শিকাইছিল। তেওঁ বৰ তীক্ষ্ণ বুদ্ধিৰ আছিল আৰু কি ইংৰাজী, কি অসমীয়া, কি বঙ্গালী এই তিনিও ভাষাতে তেওঁৰ বিশেষ ব্যুৎপত্তি থকা কথা এটায়ে জানিছিল। তেওঁ কি লিখাত কি বক্তৃতা দিয়াত উভয়তে বৰ পটু আছিল। সুন্দৰ উচ্চাৰণ আৰু Idiomৰে সৈত আৱশ্যক মতে এই তিনিও ভাষাতে অনৰ্গল শুদ্ধ ভাষাৰে বক্তৃতা দিব পৰা ক্ষমতা আছিল। ফৰিদপুৰত থাকোঁতে আনকি কে, জি, গুপ্তৰ নিচিনা জজ চাহাবেও তেওঁৰ সেই স্কুলত দিয়া বক্তৃতা শলাগিছিল। তেওঁৰ ভাষাৰ জ্ঞান ওখ [ ১৪১ ] ধৰণৰ বুলিছিল। সংসাৰী জীৱনতো তেওঁ অমায়িক আৰু উদাৰ চৰিত্ৰৰ আছিল। তেওঁ মিতব্যয়ী আছিল; পৰা পক্ষত কোনো অলাগতিয়াল লেঠা লগা বা বেচি জঞ্জাল থকা কাৰবাৰলৈ আগ নাবাঢ়িছিল। তেওঁ বৰ শান্তিপ্ৰিয় অথচ ধীৰ, স্থিৰ, সৎসাহ, উৎসাহ আদি গুণেৰে সুশোভিত আছিল। অসমীয়া সাহিত্যত তেওঁৰ ঠাই অতি ওখত। তেওঁৰ ‘সাহিত্য বিচাৰ’, ‘আকাশ ৰহস্য’ আৰু শেহৰ ‘বহল ব্যাকৰণ’ আদি কিতাপেই তাৰ সাক্ষী দিছে; আৰু তেওঁৰ নাম যুগমীয়া কৰি থৈছে। তেওঁ সদাই Purityৰ পক্ষপাতি আছিল। যেনে Purity of language, purity of thought and purity of character এই সকলো বিধ Purity তেই তেওঁ আদৰ্শ আছিল। তেওঁ তিনিও ভাষাতে Master আছিল বুলি মই ডাঠি কব পাৰোঁ।

 সত্যনাথ বৰা মনুষ্য হিচাবে এজন আদৰ্শ পুৰুষ আছিল শান্ত, ধীৰ, স্থিৰ, মিষ্টভাষী, সদালাপি, শিষ্টাচাৰী। অসমীয়া ভাষাৰ সাহিত্যিক হিচাপেও বিশেষ Philology, Astro- nomy, Grammar এই তিনি বিষয়ত তেওঁৰ ঠাই বৰ ওখ, আমাৰ আটাইতকৈ ওখ বুলি মই কব পাৰোঁ।

 আসাম সাহিত্য-সভাৰ প্ৰাণদাতা উপযুক্ত সম্পাদক শ্ৰীযুত শৰৎচন্দ্ৰ গোস্বামীদেৱে কয় যে, “ইংৰাজী ১৯০১ চনত, গুৱাহাটীত, আমি স্কুলৰ ছাত্ৰ। এজন ধুনীয়া, বগা ওখ উকীল, গাত কলা, কেতিয়াবা মুগা বা বগা, চোগা [ ১৪২ ] চাপকান মূৰত উকীলৰ পাগ বা ‘চামলা’। ডেকা নে প্ৰৌঢ় মনত নাই, কাৰণ তেতিয়াৰ পৰা প্ৰায় মৃত্যুৰ দিনলৈ ৺সত্যনাথ বৰা ডাঙ্গৰীয়াক একে যেনেই দেখিছিলোঁ। মোৰ মনত বৰা ডাঙ্গৰীয়াৰ এয়ে প্ৰথম স্মৃতি। তাৰ পাছত দেখা শুনা অনেক দিন হৈছিল, বহুতো কথাবাৰ্ত্তা আলোচনা হৈছিল। কিন্তু লৰাকালতে যি ভয় মিহলি প্ৰগাঢ় শ্ৰদ্ধাৰে তেওঁক দেখিছিলোঁ, সেই ভাবটো তেওঁক দেখিলেই সদাই জাগি উঠিছিল।

 গুৱাহাটীৰ কাছাৰিত ব্ৰহ্মপুত্ৰৰ ফালে দুৱাৰমুখ থকা এখন এজলাচ আছিল। এতিয়াও কি জানি আছে। তেতিয়াৰ দিনত ৺ৰায় বাহাদুৰ মাধবচন্দ্ৰ বৰদলৈ ডাঙ্গৰীয়াই সেই এজলাচত বহি হাকিমি কৰে। আমি স্কুলৰ মাজৰ আধা ঘণ্টা ছুটিত কেতিয়াবা কাছাৰিৰ ফালে যাওঁ। এদিন দেৰটা দুটামান বজাত ৰায় বাহাদুৰ ডাঙ্গৰীয়াৰ এজলাচৰ দুৱাৰ মুখৰ খটখটিৰ এটা কি দুটা ধাপৰ তলত সেই ধুনীয়া বগা ওখ উকীল জনা, আৰু তেওঁৰ এখোজ পাছত লৰা এটি; লৰাটি ভয়, লাজ কি উৎসাহ কিবা এটা ভাবত তেওঁ প্ৰায় অস্থিৰ। অতি ভয়ে ভয়ে, অতি সন্তৰ্পণে কাগজৰ এটা টোপোলা সেই ধুনীয়া উকীল জনাৰ হাতত দিয়েই লৰাৰ পাচৰ ফালে পলায়ন; যেন কিবা এটা অতি সাংঘাতিক কাম কৰা হল। তাৰে তিনি চাৰি সপ্তাহৰ মূৰত ছপাৰ আখৰেৰে “জোনাকীৰ কোলাত সেই কাকতৰ [ ১৪৩ ] টোপোলাত থকা কথাখিনি হাঁহি মুখেৰে জিলিকি ওলাল। সেয়ে এই লিখকৰ সাহিত্যৰ চেষ্টা প্ৰকাশ কৰিবলৈ প্ৰথম উদ্যম।

 তাৰ পাচত মাহে মাহে জোনাকী ওলায়। আমি যে ইমান ব্যগ্ৰতাৰে জোনাকীলৈ বাট চাই থাকোঁ। তেতিয়াৰ দিনত আমি ৪৫্‌ টকা মাহিলী খৰচ কৰি গুৱাহাটীত আছিলোঁ। তাৰে পৰায়ে কিন্তু সকলোটিয়ে একোখনি জোনাকী লবলৈ খৰচ উলিয়াইহে এৰিছিলোঁ। এতিয়াও চাগৈ স্কুলৰ লৰাবিলাকে তেনেকৈ তেওঁলোকৰ মৰমৰ কাকত একোখনি লবলৈ দুখ কষ্ট ভুগিও পইছা কেইটা নুলিয়াই নাথাকে।

 বৰা ডাঙ্গৰীয়াৰ প্ৰশান্ত মূৰ্ত্তিৰ পৰা আৰু তেওঁৰ কথা বতৰৰ পৰা কোনোৱে ভাবিবই নোৱাৰিছিল যে, তেওঁ ধেমেলীয়া গীত বা প্ৰৱন্ধ লিখিবৰ লায়কৰ মানুহ। তেওঁৰ লিখিত কেইবাটাও তেনে গীত আৰু প্ৰৱন্ধ অসমীয়া সাহিত্য সমাজত সুপৰিচিত।

 বৰা ডাঙ্গৰীয়া অতি শান্তিপ্ৰিয় মানুহ আছিল। শ্ৰীযুত বিদ্যাধৰ বুজৰ বৰুৱা তেওঁৰ অতি আপ্ত বন্ধু। তেওঁ সদাই বৰা ডাঙ্গৰীয়াৰ বিষয় অনেক কথা কয়। তাৰে এটা মনত পাৰিছে। দীঘলী পুখুৰীৰ পাৰৰ ঘৰখনৰ অলপ বেমেৰামতি অৱস্থা, অৰ্থাৎ ডাঙ্গৰ ঘৰটোৰ মাজৰ বহা কোঠালিটোৰ চিলি- ঙৰ কাপোৰ এৰাই গৈছে। বুজৰ বৰুৱাই কলে, “বৰা, চিলিং [ ১৪৪ ] খন ভাল কৰি নোলোৱা কিয় হে?” তেওঁ হেনো উত্তৰ দিলে, “তুমিও ভাল, চিলিংখন ভাল কৰা অৰ্থ কমে-কমেও সাতোটা দিন ঘৰখনৰ বস্তু বাহানি মানুহ দুনুহৰ আলৈ অথানি। ইমান অশান্তি লৈ থাকিবা কেনেকৈ। মই কৰবালৈ সাত দিন মানলৈ যাবলগীয়া হওক ৰবা, সেই সময়তে ভাল কৰিবলৈ দি যাম”। তেওঁৰ শান্ত প্ৰকৃতিৰ ই এটা আৰ্হি বা উদাহৰণ।

 মাণিকচন্দ্ৰ বৰুৱা যেতিয়া ঢুকাল, তেতিয়া অসমৰ অনেক ৰাজনীতিত ফুৰি ফুৰা লোকে বৰা ডাঙ্গৱীয়াক এই ক্ষেত্ৰলৈ আহি কাম কৰিবলৈ অনুৰোধ কৰিছিল। তেওঁ সকলোকে স্পষ্ট উত্তৰ দিছিল যে, তেওঁৰ প্ৰকৃতি ইমানবোৰ হাই হুই হাহাকাৰ কৰি কাম কৰাৰ সম্পূৰ্ণ বিপৰীত। আৰু সেইবিলাক ক্ষেত্ৰলৈ গৈ কোনো প্ৰকাৰৰ নাম কৰাৰ আকাক্ষাও তেওঁৰ নাই।

 সত্যনাথ বৰা ঢুকাবৰৰ বেছি দিন হোৱা নাই। উকীল হিচাবে তেওঁৰ খ্যাতি গুৱাহাটীৰ বাৰ লাইব্ৰেৰীত এতিয়াও আছে। তাৰে প্ৰধান খ্যাতি এই যে, ওকালতি ব্যৱসায়ত কথা সঁচা মিছা ইফাল সিফাল প্ৰায়েই হয়, বৰাৰ বিষয়ে কিন্তু সকলোৱে কয় যে, তেওঁ এইবোৰৰ পৰা অতি ওপৰত আছিল।

 এই উপলক্ষে এটা কথা জানো। মোৰ শহুৰ ৺নাৰায়ণ চন্দ্ৰ ভট্টাচাৰ্য্য দলৈদেৱৰ বিৰুদ্ধে এসময়ত এটা ডাঙ্গৰ [ ১৪৫ ] মোকৰ্দ্দমা হৈছিল। তেওঁৰ অন্যতম উকীল আছিল ৺সত্যনাথ বৰা। দলৈদেৱে বৰাক তিনিশ টকা বায়না দিছিল। কিন্তু ভাগ্যক্ৰমে সেই মোকৰ্দ্দমা বিচাৰেই হব লগীয়া নহল। কাৰণ প্ৰথম তদন্ততে প্ৰমাণ হল যে, দলৈদেৱৰ বিৰুদ্ধে যিবিলাক অভিযোগ সেইবোৰ সম্পূৰ্ণ মিছা। বৰা ডাঙ্গৰীয়াই মোকৰ্দ্দমাৰ প্ৰথম তদ্বিৰ কৰাৰ বাহিৰে আন একো কৰিব লগীয়া নহল গতিকে তেওঁ তিনিশ টকা দলৈদেৱক ওলটাই দিলে। মই শহুৰৰ পৰা শুনিছোঁ যে, বৰকৈ ধৰাত হে হেনো তেওঁ কোনোমতে এশ টকা ৰাখিলে। কিন্তু তাৰ পাচত দুয়োৰে মাজত প্ৰগাঢ় বন্ধুত্ব হল; আৰু যদিও অনেক কথাত পৰস্পৰে পৰস্পৰৰ পৰা সহাই পাইছিল, টকাৰ লেন্‌-দেন্‌ দুয়োৰো মাজত আৰু নহল।

 কটন কলেজৰ আৰু ল কলেজৰ অধ্যাপক থকা কালৰ আচাৰ ব্যৱহাৰৰ পৰা অসমীয়া ডেকা সকলে তেওঁৰ ভদ্ৰ ব্যৱহাৰ আৰু কৰ্ত্তব্যনিষ্ঠাৰ ভাল পৰিচয় পাইছিল। তেওঁ কলেজলৈ কোনো দিন এক মিনিট পলমকৈ নগৈছিল; আৰু নিজৰ পঢ়োৱা কামখিনি অতি গম্ভীৰ আৰু সুস্থিৰ ভাৱে শেষ কৰিছিল।

 ইং ১৯১৭ চনত শিৱসাগৰত আসাম এচোচিয়েচনৰ অধিবেশন বহে। বৰা ডাঙ্গৰীয়া তাৰ সভাপতি। তেতিয়াৰ দিনত সভা-সমিতিত বৰ জকমকীয়া ইংৰাজী পোচাক পিন্ধি চাহাব হৈ যোৱাটো এটা দস্তুৰ আছিল। সভাপতিৰ [ ১৪৬ ] আড়ম্বৰহীন সাজপাৰ দেখি,— মোৰ মনত—পৰে বৰ বৰ চাহাবী পোচক পিন্ধা মানুহবিলাক যেন জঁয় পৰি গৈছিল। তাত তেওঁ যি ইংৰাজী অভিভাষণখনি পঢ়িছিল, তাত বৰা ডাঙ্গৰীয়াৰ মৌলিক চিন্তাৰ সুন্দৰ পৰিচয় পোৱা যায়। তেওঁ আনে নভবা নিচিন্তা অসমীয়াৰ দুখৰ হেতু কেইটামান আঙ্গুলিয়াই সকলোৰে চকুত পেলাই দিছিল।

 এই সময়তেই আসাম সাহিত্য সভা প্ৰথম স্থাপিত হয়। তাৰ ৭।৮ বছৰমান আগৰ পৰা “বাঁহী” আৰু “বান্ধবৰ” যুদ্ধ চলিছে। উজনি-নামনিলৈ এই বিবাদ দেখি বৰা ডাঙ্গৰীয়াই সদাই মৰ্ম্মান্তিক বেজাৰ পাইছিল। আমি কিন্তু ডেকা তৰপৰ মানুহে সাহিত্যত ইও এটা উপভোগৰ বস্তু বুলিহে ভাবিছিলোঁ। শিৱসাগৰত বহা আসাম এচোচিয়েচনৰ সম্মিলনৰ সময়তে যে সাহিত্য সভা স্থাপন হব লাগে এই পৰামৰ্শ হয় দুজন তিনিজন মানুহৰ ভিতৰত। কিন্তু তাৰ পূৰ্ব্বৰ পৰা এখন আসাম সাহিত্য সভা হোৱা যুগুত নে অযুগুত এই বিষয় ভিতৰি ভিতৰি বহুতো আলোচনা হৈছিল।

 ইং ১৯১৬ চনত ডিব্ৰুগড়ত যি আসাম এচোচিয়েচনৰ সম্মিলন বহে, তাতে এখন সাহিত্য সভা হয়। তাৰ সভাপতি আছিল বৰা ডাঙ্গৰীয়াই। কিন্তু সেই সভাত বেলেগে সমগ্ৰ আসামৰ কাৰণে এখন সাহিত্য সভা হবলৈ কোনো সিদ্ধান্ত নহল। বৰা ডাঙ্গৰীয়াই সদাই ভয় কৰিছিল যে, এখন তেনেকুৱা সভা হলে, বাঁহী আৰু বান্ধবৰ বিবাদৰ মূলটো আৰু [ ১৪৭ ] বহল হৈ যাব। সেই দেখি তেওঁ তেনে এখন সভাৰ আৱশ্যকতা বুজিও তাক পাতিবলৈ অতি সাৱধানে চলিবলৈ পৰামৰ্শ দিছিল। পাচত সকলোৱে জানে, যে গুৱাহাটীত কেন্দ্ৰ অফিচ থকা কালত তেওঁ এই সভাৰ প্ৰধান সম্পাদকৰ ভাৰ লৈছিল।

 তেওঁৰ শেষ ৰাজহুৱা কাম গুৱাহাটীত বহা সাহিত্য-সম্মিলনৰ আদৰণী সভাৰ সভাপতি বাব; ইং ১৯২৪ চনৰ বৰদিনৰ বন্ধত। তেওঁৰ ভগ্ন স্বাস্থ্য স্বত্ত্বেও এই কামত তেওঁ বৰ উৎসাহ দেখুৱাইছিল। আৰু সাহিত্য সভা অলপ দিনৰ ভিতৰতে বৰ ভাল অনুষ্ঠান হৈ উঠিছে বুলি বৰ আনন্দ প্ৰকাশ কৰিছিল।

 আজীবন সাহিত্য চৰ্চ্চা কৰি তেওঁ শেষ কাম যে সাহিত্যৰ কাৰণেই কৰিলে এই কথা বিধতাৰ ন্যায়বিচাৰৰ সূক্ষ্ম আৰ্হি যেন লাগে।

 “বহল ব্যাকৰণ” খন লিখি বৰা ডাঙ্গৰিয়াই বহুদিন নছপোৱাকৈ থৈ দিছিল। আন কি তেওঁ যে এখন ব্যাকৰণ লিখিছিল, তাকো অনেকে নাজানিছিল। নৰ্ম্মাল স্কুলত ভাষাজ্ঞান দিবলৈ ওখ খাপৰ ব্যাকৰণ নাই। সেই দেখি অসমীয়া ব্যাকৰণ সম্পৰ্কে ময়ো কিছুমান টোকা কৰি পঢ়াব লগীয়া হৈছিল, গুৱাহাটীলৈ আহিলে মই বৰা ডাঙ্গৰীয়াক প্ৰায় প্ৰতিবাৰেই দেখা কৰিছিলো। এবাৰ এইদৰে দেখা কৰোঁতে আমাক এখন ব্যাকৰণ লাগে সেই কথা ওলাল। তেওঁ যে সেই বিষয়ত অসুবিধা পাইছে, সেই কথাও ওলাল। [ ১৪৮ ] ক্ৰমে তেওঁ কলে যে তেওঁৰ ব্যাকৰণ এখন লিখা প্ৰায় অন্ত হৈছে। মই ব্যাকৰণ খন চাবলৈ বৰকৈ আগ্ৰহ প্ৰকাশ কৰাত দেখুৱালে। তেতিয়া অসমীয়া খণ্ডবাক্য ( Idiom )ৰ অধ্যায় লিখা হোৱা নাই; আৰম্ভ কৰা হৈছে মাত্ৰ।

 সেই কিতাপ ছপাবলৈ কোৱাত, তেতিয়া কলে যে, ব্যাকৰণ খনি তেতিয়াও সৰ্বাঙ্গ সুন্দৰ হোৱা নাই। তথাপি অভাৱ আৰু আমাৰ আগ্ৰহ চাই কিতাপখনি যিমান সোণকালে পাৰে প্ৰেচলৈ পঠাব। আৰু যদি দ্বিতীয় সংস্কৰণ কৰিবৰ সময় পায়, তেতিয়া তাক পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। বিধাতাই অৱশ্যে সেই সময় নিদিলে।

 নিখুঁত অসমীয়া ভাষা লিখা বৰা ডাঙ্গৰীয়াৰ এটা প্ৰধান লক্ষ্য আছিল। আন কি এই বিষয়ত তেওঁ ইমান স্থিৰ আছিল, আৰু অসমীয়া শব্দ বা লিখাৰ ঠাঁচ এৰি লিখা দেখিলে ইমান বেজাৰ পাইছিল যে, অনেকে তেওঁক অতিপাত “নিকাপন্থীয়া” (puritan) বুলি ভাৱ কৰিছিল। কিন্তু অসমীয়া সাহিত্যই এই কথা পাহৰিব নোৱাৰে যে, তেওঁৰ প্ৰভাৱ নোহাৱা হলে, অসমীয়া বাক্যৰ ঠাঁচ আৰু বেচি পৰিমাণে বিজাতৰীয়া হলহেঁতেন।

 পাছলৈ বৰা ডাঙ্গৰীয়াৰ লগত মই বহুতো চিঠি পত্ৰ ব্যৱহাৰ কৰিছিলোঁ। তাৰ কিছুমান সাহিত্য সভাৰ সম্পৰ্কীয়, কিছুমান নিজা। এইবিলাক প্ৰায়েই নানাবিধ সাহিত্য কথা আৰু অসমীয়া সাহিত্যৰ উন্নতিৰ অৰ্থে সজ উপদেশেবে [ ১৪৯ ] পৰিপূৰ্ণ। সাহিত্য সভাৰ অফিচত এনেকুৱা চিঠি কিছুমান ওলাব লাগে। মোৰ নিজ হাততো দুই চাৰিখন আছে। ইংৰাজী সাহিত্যত জন্চ‌ন্ আৰু এডিচন্ দুজন প্ৰখ্যাত লোক। জন্চ‌নৰ অভিধান এতিয়া কোনোৱে নাচায়। তেওঁৰ আন লিখাবিলোকো এই যুগত কোনোৱে অতি উচ্চ সাহিত্য বুলি নাভাবে। আৰু এডিচনতকৈয়ো ডাঙ্গৰ আৰু ভাল লিখক পাছৰ যুগৰ ইংৰাজী সাহিত্যত অভাব নাই। তেওঁ জন্চ‌ন আৰু এডিচন ইংৰাজী সাহিত্যৰ চিৰস্মৰণীয় লোক। এজন প্ৰথম অভিধান কৰ্ত্তা, আন জন সৰল আৰু নিভাঁজ ইংৰাজীত প্ৰথম প্ৰৱন্ধ লিখক।

 অসমীয়া সাহিত্যতো ৺হেমচন্দ্ৰ বৰুৱা আৰু ৺সত্যনাথ বৰাৰ তেনে স্থান। কালক্ৰমত ৺হেমচন্দ্ৰৰ অভিধানতকৈ বহুতো উন্নত অভিধান ওলাব; কিন্তু অসমীয়া ভাষাৰ আধুনিক যুগৰ প্ৰথম গুৰিয়াল বুলি তেওঁৰ ঠাই অসমীয়া সাহিত্যৰ বুৰঞ্জীত কেতিয়াও নেহেৰায়। কালত ৺সত্যনাথ বৰাতকৈও নিভাজ অসমীয়া ভাষাত লিখিব পৰা ভাল প্ৰৱন্ধ লিখক ওলাব; কিন্তু এভিচনৰ Spectatorৰ দৰে, সত্যনাথৰ সাৰথিও চিৰকাল অসমীয়া সাহিত্যৰ আদৰৰ বস্তু হৈ থাকিব।”

 শ্ৰীযুত ভোলানাথ দাস ডাঙ্গৰীয়াই কয় যে, “তেওঁৰ নামৰ আৰু গুণৰ মিল আছিল; নামত যেনে সত্যনাথ, কামতো তেওঁ তেনে সত্যনাথ আছিল। তেওঁ কেতিয়াও মিছা কথা [ ১৫০ ] নকৈছিল আৰু লোকনিন্দা আদিত যোগ নিদিছিল। মিছা মোকৰ্দ্দমাত সহায় নকৰিছিল। সাক্ষী শিকোৱা অভ্যাস তেওঁৰ নাছিল। তেওঁৰ High blood pressure বেমাৰ আছিল, এই কথা তেওঁ কাকো কোৱা নাছিল; কাজেই ডাক্তৰৰ উপদেশ মতে প্ৰতিকাৰৰ চেষ্টাও নাছিল।

 High blood pressureৰ লক্ষণ কি সেই সম্বন্ধে তেওঁ মোক কেতিয়াবা সুধিছিল; আৰু মই যি জানোঁ কৈছিলোঁ। তেওঁৰ সদাই এটি আন্তৰিক ইচ্ছা আছিল যে, তেওঁ যেন কষ্ট পাই মৰিব নালাগে; হঠাৎ পৰিব লাগে আৰু মৰিব লাগে। তেওঁৰ সেই ইচ্ছা পূৰ্ণ হল। হঠাৎ অজ্ঞান হৈ পৰি কেই ঘণ্টামানৰ ভিতৰতে ইহ সংসাৰ এৰি গল।

 তেওঁ অসমীয়া ভাষানুৰাগী আছিল, তাৰ উন্নতিৰ অৰ্থে সদাই পুৰুষাৰ্থ কৰিছিল আৰু পুথিও লিখিছিল।”


সামৰণী।

 সত্যনাথ ঢুকাবৰ পাঁচ ছয় বছৰ হল; তেওঁৰ ভৌতিক দেহ পঞ্চভূতত কাহানিবাই মিলি গল; কিন্তু সত্যনাথৰ নাম আমাৰ মনত ৰৈ থাকিল। সত্যনাথে অসমীয়া সাহিত্যৰ কাৰণে কষ্ট স্বীকাৰ কৰিছিল, নিজ কাজ কাম কাতি কৰি থৈ মাতৃভাষাৰ চৰ্চ্চাত লাগিছিল। দেশৰ সজ অনুষ্ঠানবোৰত যোগদান কৰিছিল আৰু অসমীয়াত অমূল্য গ্ৰন্থ ৰচনা [ ১৫১ ] কৰিছিল। কোনো লােক গৱৰ্ণমেণ্টৰ উচ্চ পদস্থ কর্ম্মচাৰী হব পাৰে, কোনােৱে বা পদ্মপতি হৈ ধনৰ দৌল সজাব পাৰে, কিন্তু নিছলা সাহিত্যিকৰ এনে সৌভাগ্যৰ দশা নহলেও সাহিত্য চৰ্চ্চাৰ গুণত সিবিলাকৰ আদৰ যুগে যুগে বাঢ়ি যায়। যি জন সাহিত্যিক, যি তৰপৰ মানুহৰ মাজত জন্মগ্রহণ কৰে সেই তৰপৰ মানুহৰ উন্নতিৰ লগে লগে সাহিত্যিক জনৰো সম্বর্ধনা বাঢ়ি আহে; সাহিত্যিক ভিকহু হলেও জিলিকি থাকে ; সাহিত্যিকে দান কৰি যােৱা গ্ৰন্থবােৰ অধ্যয়ন কৰি কত জন জ্ঞানৱন্ত হয়। এটা জাতিৰ সন্তান-সন্ততিৰ শিক্ষাৰ অৰ্থে আপুৰুগীয়া জ্ঞানৰ সাহােন এৰি থৈ যাব পৰাটো কম গৌৰৱৰ কথা নহয়। অসমীয়া ভাষাৰ আদি অৱস্থাত কেনে ধৰণৰ পুথি ৰচিবৰ প্ৰয়ােজন হল, এই ভাষাৰ উপকৰণবােৰ কিদৰে ব্যৱহাৰ কৰিবৰ আৱশ্যক হল, অসমীয়া জাতুৱা ঠাঁচবােৰ ৰক্ষা কৰি নিভাঁজ অসমীয়া শব্দেৰে লিখা ৰচনাৰ অভাব কেনে বােধ কৰা হল আৰু ভাষাটোক বিজাতৰীয়া নকৰিবৰ অৰ্থে শুদ্ধতা আৰু পবিত্রতা ৰক্ষা কৰি লিখা পদ্ধতি কেনে সাৱধান ভাৱে গঢ়ি তুলিব লগীয়া হল—ইত্যাদি আটাইবােৰ কথাৰ অতুল সামঞ্জস্য ৰাখি সত্যনাথে ৰচনা কৰা অসমীয়া গ্রন্থবােৰ অসমীয়ালৈ ভবিষ্যতৰ কাৰণে বহুমূলীয়া সম্পত্তি হৈ সঞ্চিত থাকিল। সাহিত্য এনেহে পবিত্র বস্তু যে, ইয়াক অধ্যয়ন বা চর্চ্চা কৰিলে ভোক লাগিলে ভোক গুছে, পিয়াহ লাগিলে পিয়াহ [ ১৫২ ] পলায়, খং উঠিলে খং জিমায়, নৰিয়া হলে ৰোগ সকাহ পৰে, মন চিন্তাযুক্ত হলে চিন্তা দূৰ হয়, নাইবা ইয়াৰ প্ৰভাৱত হিংসা কুৰ্চ্চট কপট ভাৱ আঁতৰি পলায় আৰু মনত সুখ-সৌন্দৰ্য আৰু পবিত্ৰ ভাবৰ উদয় হয়—এনে সাহিত্য চৰ্চ্চা কৰি মাতৃভাষাত বিবিধ কণ্ঠমালা গুঠি জীৱন যাপন কৰিবলৈ প্ৰত্যেক গুণী মানী অসমীয়াৰ প্ৰধান কৰ্ত্তব্য হব লাগে আৰু এনে বিধৰ কৰ্ত্তব্য সাধন কৰিহে ৺সত্যনাথ অসমীয়াৰ মানসপটত কোটী কলীয়া হৈ জিলিকি থাকিল।

 

[ ১৫৩ ]

ওপৰঞ্চি।

জোনাকী ২য় ভাগ ১৮২৪ শক

আত্ম-কাহিনী।

 শাস্ত্ৰত কয়, বোলে মনুষ্যৰ এশ বছৰে ব্ৰহ্মাৰ এবছৰ হয়। আমি একেবাৰে চাৰিমুখীয়া ব্ৰহ্মা হব নোৱাৰিলেও মনুষ্যত কৈ যে ওপৰ উঠিছোঁ ই নিশ্চয়। মনুষ্যৰ বাৰ মাহে বছৰ কিন্তু জোনাকীৰ ১৭ সোতৰ মাহে এবছৰ হল। ১৩০৯ অৰ মাঘত জোনাকীৰ জন্ম, এতিয়া ১৩১০ অব্দৰ আষাঢ়, এতিয়াহে আমাৰ লেখত বছেৰেক ভৰিল। আমাৰ এই দৰে দীৰ্ঘায়ু কৰা বাবে আমি আমাৰ গ্ৰাহকবিলাকৰ শলাগ লব নোৱাৰিলে, কিয়নো এনেকুৱা দীৰ্ঘায়ু কেৱল অকাল মৃত্যুৰ পূৰ্ব্ব লক্ষণ মাথোন। জোনাকী ওলাবৰ পূৰ্ব্বে মাহেকীয়া আলোচনীলৈ অসমীয়া মানুহৰ ইমান হেপাহ দেখা গৈছিল যে, তেতিয়া বোধ হৈছিল জোনাকী ওলালেই সকলোৱে আতোল তোল কৰিব। কিন্তু কাৰ্য্যত তেনেকুৱা নহল। কাৰ্য্যত দেখা গল যে, দূৰৈৰ পৰা চুমা যাচোঁতাৰ সংখ্যাই অসমত সৰহ। আচলমতে সাবটি ধৰোঁতাৰ সংখ্যা নিচেই তাকৰ। লেখত জোনাকীৰ গ্ৰাহকৰ সংখ্যা ন শ, কিন্তু ৰূপ [ ১৫৪ ] উঠিল চাৰি শ। চাৰি শ ৰূপ উঠিছে বুলি আকৌ চাৰি শ গ্ৰাহকে ধন দিয়া বুলিও ভাবিব নালাগে, কাৰণ তাৰ ভিতৰত পাঁচ টকীয়া আৰু দহ টকীয়া দানৰ ধনো আছে। মুঠকৈ কব লাগিলে ন শ গ্ৰাহকৰ ভিতৰত ধন দিওঁতাৰ সংখ্যা তিনি শ মান হব পাৰে। বাকীবিলাক গ্ৰাহক কেৱল দূৰৈৰ পৰা চুম যচাৰ দল। কিন্তু পাঠক সকল, দূৰৈৰ চুমাই আমাৰ গা নুজুৰাই আমি বাতাহাৰী ঋষি বা অনাহাৰী ভগৱান নহঁও। আমাৰ এটি পেট আছে। সেই পেটটি ভৰাব নোৱাৰিলে আমি জীয়াই থাকিব নোৱাৰোহঁক। কোনো কোনো গ্ৰাহকে কয় বোলে জোনাকীৰ মোহিনী গুণ নাই। সেই দেখি হুনু তেওঁলোকে ধন দিবলৈ সম্মত নহয়। আমিও জোনাকীয়ে গ্ৰাহক মুহিবলৈ মোহিনীৰূপ ধৰিছে বুলি নকওঁ। জোনাকীৰ গাত বহুত ঘূণ বা দোষ থাকিব পাৰে কিন্তু তেনেকুৱা দোষ বা ঘূণ গুচাবৰ গৰাকী কোন? জোনাকী কাৰবাৰ সুকীয়া বস্তু নে? জোনাকীক দেখুৱাই কোনোবাই নিজৰ জোলোঙ্গা ভৰাব খুজিছে নে? জোনাকী সকলো অসমীয়াৰ উমৈহতীয় বস্তু। জোনাকী ধুনীয়া হলে অসমীয়াৰ আৰু গেন্ধেলী হলে অসমীয়াৰ অপযশ। জোনাকী যদি গেন্ধেলী হৈছে তেনেহলে তেওঁলোকে ধুনীয়াকৈ নলয় কিয়? লৰা লেতেৰা হলে মাক বাপেকে ধুই পখালি সুন্দৰ কৰে। টেটুত টিপি সংহাৰ নকৰে। অসমৰ খ্যাতনামা লিখাৰুবিলাকে যদি সকলোৱে কাপ ধৰে তেনেহলে জোনাকী [ ১৫৫ ] একেদিনে শুৱনী হয়। তেতিয়া তাইৰ আৰু একো ‘অপযশ না থাকে। কিন্তু দুখৰ কথা যে, তেওঁলোকে কাপ চুঙ্গাত ভৰাই থৈ মুখেৰে দোষ ধৰাত লাগিছে।

 জোনাকী ওলাবৰ দিন ধৰি অসমীয়া প্ৰসিদ্ধ লিখক- বিলাকৰ ভিতৰত দুজন কি এজনৰ হে অনুগ্ৰহ আমি পাইছো। বাকীবিলাকে বহি কেৱল আমাৰ ৰং চাইছে। ই বৰ অদ্ভূত কথা। এইবিলাক অদ্ভুত কাণ্ড পাৰ হৈ, মৰমৰ ভনীৰ গৰিহণা খাই নিচল জোনাকী লেনাই ধেন্দাই আজিলৈকে জীয়াই আছে। আৰু সতৰ মহীয়া বছৰ পাৰ হৈ দ্বিতীয় বছৰত ভৰি দিছে। এই দ্বিতীয় বছৰত তাইৰ কপালত কি আছে তাক বছৰৰ অন্তত হে জনা যাব। সম্প্ৰতি পুতৌ কৰোঁতাবিলাকৰ ভৰিৰ ধূলি শিৰত লই তাই তাকে সংকল্পিত কাৰ্য্যত প্ৰবৃত্ত হল। দোষ ধৰোতাবিলাকক তাই কৰ ধৰি মিনতি কৰিছে। যেন সিবিলাকে তাইৰ প্ৰতি কোপ এৰি মৰমৰ ভনী বুলি সহায় কৰে। জোনাকীৰ একান্ত অভিলাষ এই যে, তাই সকলোৰে মৰম পায় আৰু মৰম পাবলৈ তাই সাধ্য অনুসৰি চেষ্টাও কৰিছে। কিন্তু দুৰ্ভাগী জোনাকীয়ে আশাৰ বিপৰীত ফল পাইছে। এতিয়া তাইৰ সান্ত্বনা এই যে, তাই সকলোকে সমানে সন্তুষ্ট কৰিব নোৱাৰি, ই বেদৰ বচন। যেন কষ্ট হোৱা গ্ৰাহক সকলেও সেই কথা এবাৰ গমি চালে জোনাকীৰ কপাল মুকলি হব পাৰে।

[ ১৫৬ ]

আচল নকল।

 আসাম সাহিত্য সভাৰ সম্পাদক শ্ৰীযুত পূৰ্ণানন্দ পাঠক বি, এলৰ পৰা পোৱা ⵓ—

ডাঙৰীয়া,

 এই সভাৰ কাৰ্য্য কি প্ৰণালীত আৰম্ভ কৰা যুগুত সেই সম্বন্ধে আপোনালৈ মোৰ মতামত লিখি পঠিয়াম বুলি মই কথা দিছিলোঁ, আজি সেই কথামতে এই চিঠি লিখা হল।

 ভাষাৰ আদি মূল হৈছে অভিধান আৰু ব্যাকৰণ, কিন্তু অসমীয়া ভাষাত এই দুয়ো বিধৰেই অভাব। এতেকে এই অভাব কেনেকৈ গুচাব পাৰি আদিতে আমি তাৰে উপায় চিন্তিব লাগে অভিধানৰ অভাব ‘হেমকোষে’ পূৰণ কৰিছে, কিন্তু সেই কোষত প্ৰচলিত শব্দ এটাইবিলাক পোৱা নাযায়। এই নিমিত্তে কিছুমান দিনৰ আগে গুৱাহাটিৰ অ, তা, উ, সা, সভাই ‘হেমকোষত’ নথকা প্ৰচলিত শব্দ বহুত গোটাইছিল। সেই শব্দবিলাক ‘হেমকোষত’ সুমাই কোষখন ডাঙ্গৰাব পাৰিলে ভাল। কিন্তু তেনে কামত সৰহ ভগনৰ প্ৰয়োজন হব। সেই নিনিত্তে মোৰ বিবেচনা মতে গোটোৱা শব্দবিলাক ‘হেমকোষৰ’ পৰিশিষ্ট স্বৰূপে বেলেগে এখন কিতাপ কৰি ছপাবলৈ কাৰবাৰ কৰিব লাগে। এই পৰিশিষ্ট ছপাওঁতে কিমান ধন লাগিব সম্প্ৰতি তাৰ এটা হিচাপ কৰি সভাৰ বছেৰেকীয় অধিবেশনত এই খৰচ কোনে দিবলৈ গাত লয় স্থিৰ কৰা উচিত। সভ্য সকলৰ বছেৰেকীয়া [ ১৫৭ ] বৰগনিৰ ধনেৰে কিতাপ ছপাবলৈ হলে ধন তোলাত বহুত দিন লাগিব, আন কি শেষত কামটো নহবও পাৰে। মোৰ অনুমানত ১৪।১৫ জন সভ্যই মন কৰিলে পৰিশিষ্ট ছপাব পাৰিব। সম্প্রতি গুৱাহাটীৰ অঃ আঃ উঃ সাঃ সভাৰ সম্পাদক পৰা গোটোৱা শব্দবিলাক খুজি আপােনাৰ হাতলৈ নি এজন জনা লােকৰ দ্বাৰাই ছপাৰ খৰচৰ হিচাপটো ঠিক কৰাই ৰাখক।

 ব্যাকৰণ যি আছে তাতো বহুত কথা পাবলৈ নাই। এখন বহল ব্যাকৰণ লিখিবলৈ কোনে গাত লয়, সেই কথাও সভাৰ বছেৰেকীয়া অধিবেশনত স্থিৰ কৰা উচিত। মােৰ বিবেচনাত এখন নতুন ব্যাকৰণ লিখিবলৈ টান হলেও হেমচন্দ্র বৰুৱাৰ ব্যাকৰণ বহলাবলৈ বৰ টান নহ’ব। সেই ব্যাকৰণ তেওঁৰ দৰে বহলাবলৈ গৰাকীয়ে সম্মতি দিয়েনে নিদিয়ে, আৰু দিলেও আয় উৎপন্ন সম্বন্ধে কি বন্ধবস্তত দিব, তাক এতিয়াই ঠিক কৰি থব লাগে, কাৰণ তেনেহলে বছেৰেকীয়া অধিবেশনত লিখক থিৰ কৰিবলৈ শুৱলা হব।

 পুথি, গীত, সাধুকথা আদি সংগ্ৰহ কৰা কাৰ্য্য এতিয়াৰ পৰাই আৰম্ভ কৰিব পাৰি। কিন্তু কামৰ ভাৰ সৰ্ব্বসাধাৰণৰ গাত থৈ দিলে, সিদ্ধ হােৱাৰ আশা কম। কাৰ্য্য-নিৰ্বাহক সভাই আলচ কৰি এনে কামত ৰতি থকা ঠায়ে ঠায়ে কেইজনমান যোগ্য মানুহ বাচিলৈ সম্প্রতি তেওঁবিলাকৰ পুৰণি পুথি, গীত আৰু ফঁকৰা গােটাবলৈ সভাৰ নামত অনুৰােধ কৰা [ ১৫৮ ] উচিত, আৰু যেতিয়াই যিমানখিনি গোট খায় তাক এটা নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত পঠিয়াবলৈ কথা বান্ধি দিয়া উচিত।

 সম্প্ৰতি সভাৰ ভঁড়ালত ধন নাই। গতিকে আন কোনো কাম এতিয়া হাতত ল’ব নোৱাৰি, ধন গোট খালে, পাচত সেই বিষয়ে বিবেচনা কৰা যাব পাৰে।

 

গুৱাহাটী,
২৮।৭।১৮।

স্বাক্ষৰ —শ্ৰীসত্যনাথ বৰা।

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )

 
  1. যদিও অসমীয়াৰ সংস্কৃতেই গুৰি আৰু সংস্কৃত অতি উত্তম ভাষা তেওঁ অসমীয়া ভাষা লিখোতে যেতিয়লৈকে আমাৰ মনৰ ভাব বুজাৰৰ কাৰণে অসমীয়া ভাষাত চলি থকা কোনো এটা শব্দ পোৱা যায়, তেতিয়ালৈকে অচলিত সংস্কৃত শব্দ লিখা অযুগুত। কিন্তু যেতিয়া দেখা যায় যে, কোনো এটা ভাষা প্ৰকাশ কৰিব পৰা শব্দ আমাৰ ভাষাত নাই, তেতিয়া সময় মতে সংস্কৃতৰ পৰা, তাত নহলে আন ভাষাৰ পৰা শব্দ ধাৰ কৰাত একে দোষ দেখা নাযায়, আৰু তেনে কৰাৰ পৰা ভাষা ভাল আৰু চহকীহে হয়। কিন্তু এই কথালৈ মন নকৰি এতিয়া অনেক নলেখাৰুৱে পণ্ডিতালি দেখাবৰ ইচ্ছাৰে অসমীয়া লিখাত পাচিয়ে পাচিয়ে সংস্কৃত শব্দ সুমাই মনেৰে ভাবে যে, তেওঁ- বিলাকৰ লেখা বৰ শুৱলা হৈছে, কিন্তু সেইবিলাকে ভাবি চাব লাগে যে, হীৰা মুকুতাবিলাক যদিও বৰ ভাল আৰু বহমূলীয়া বস্তু তেওঁ সেইবিলাক কত কিৰূপে পিন্ধিব লাগে তালৈ নেচাই নাক, কাণ, চুলি ইত্যাদি সকলো ঠাইত আৰি ললে যি জনে সেই কাৰ্য্য কৰে, তেওঁ ধুনীয়া নহৈ আপোনাক বীভচ মাথোন দেখাব; আৰু সকলোৱে তেওঁক চহকী বোলাব খোজা চহা বুলি হাঁহিব।
     বিশেষ শব্দবিলাক আমাৰ মনৰ ভাববিলাকৰ বাহন মাথোন। যেনে এটি বাহন নহলে কোনো ভাব মনৰ পৰা বাহিৰ হব নোৱাৰে, এই কাৰণেই শব্দৰ আৱশ্যক হয়। তাত যেনেকৈ আমি উঠি ফুৰিব পৰা কোনো এটা আমাৰ সুকীয়া বাহন থাকেঁতে আনৰ বাহন মত। অযুগুত, তেনেকৈ মনৰ ভাব প্ৰকাশ কৰিব পৰা আমাৰ আপোনাৰ শব্দ থাকোঁতে লোকৰ শব্দ ধাৰ কৰাও অনুচিত; ডেকা লেখাৰুসকলে এইটি কথা মনত ৰাখিব লাগে।”

    হেমচন্দ্ৰ বৰুৱা।