পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
জীৱন-চৰিত।


১৩ ডিসেম্বৰৰ দিনা পুৱা সত্যনাথ তেওঁৰ থকা ঘৰৰ মাজৰ কোঠালিৰ মেজত আনদিনাৰ দৰে চাহ খাবলৈ বহে; তেতিয়া সাত বাজিছে, হঠাৎ সত্যনাথে কপালৰ দুই কুমে হাত দি মোৰ মূৰটোত কিবা হৈছে, মোৰ মূৰটোত কিবা হৈছে বুলি কেইবাবাৰো কলে, পিছত কপালত হাতখন মোহাৰি ২।৪ মিনিট মান সত্যনাথে চিত্তৰ অলপ অস্থিৰতাৰ ভাব দেখুৱাইছিল, ঘৰত হুৱাদুৱা লাগিল। সেই সময় তেওঁৰ দ্বিতীয় পুত্ৰ জ্ঞাননাথ গুৱাহাটীত আৰু প্ৰথম পুত্ৰ অম্বিকা- নাথ কলিকতাত। জ্ঞাননাথে ততালিকে ডাক্তৰৰ গুৰিলৈ মানুহ পঠালে। উজান বজাৰত থকা ডেকা উদ্যোগী ডাক্তৰ শ্ৰীযুত ভুবনেশ্বৰ বৰুৱা এম-বি তৎক্ষণাৎ উপস্থিত হলগৈ। সত্যনাথক দাঙ্গি নি ঢাৰিপাটিত দীঘলকৈ শুৱাই থলে। সত্যনাথ মাতবোল বিহীন হল, কেৱল মাথোন দীৰ্ঘনিশ্বাস টানি গভীৰ নিদ্ৰাত নিমগ্ন যেন হৈ ঢাৰিপাটিত পৰি থাকিল, তেতিয়া প্ৰায় পুৱা আঠ বাজিছে। সত্যনাথৰ ঘৰৰ ওচৰত আৰ্ল ল কলেজ। কলেজৰ ছাত্ৰ, প্ৰিঞ্চিপাল জে, বৰুৱা আদি কৰি আন আন অধ্যাপক সকল উপস্থিত হলহি। চহৰৰ আন আন বিজ্ঞ চিকিৎসক সকলো উপ- স্থিত হলহি। চহৰত সত্যনাথ বৰাৰ অৱস্থাৰ কথা ক্ৰমাত প্ৰচাৰ হবলৈ ধৰিলে। তেতিয়া প্ৰায় দিনৰ ১১ মান বাজিছে, সুবিজ্ঞ চিকিৎসক সকল সত্যনাথৰ চিকিৎসাত লাগিল। তেওঁলোকৰ অনুমানত সত্যনাথ “সন্যাস” ৰোগত