পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
জীৱন-চৰিত।

‘The Times of Assam’ নামেৰে ইংৰাজী বাতৰি কাকত ডিব্ৰুগড়ৰ পৰা প্ৰকাশ পায়। এই কাকত এতিয়ালৈকে জীৱিত আছে। Times of Assamত “Stray thoughts” নাম দি তেওঁ ওকালতী আৰম্ভ কৰা দিন ধৰি অন্তিমকালৰ আগলৈকে ইংৰাজীত আসাম সংক্ৰান্ত নানা বিষয় আলোচনা কৰিছিল। সাহিত্যিক হৈ ৰাষ্ট্ৰ কাৰ্য্য নীৰবে আলোচনা কৰা ইও এটি চিন।

 ইতিহাস প্ৰসিদ্ধ অসম দেশৰ বাণ ৰজাৰ নগৰ শোণিতপুৰৰ ( বৰ্তমান তেজপুৰ) পৰা “উষা” নামেৰে এখন উচ্চ ধৰণৰ মাহেকীয়া আলোচনীৰ জন্ম হয়। ব্ৰিটিচ আমোলত অসমীয়াৰ ভিতৰত সৰ্ব্বপ্ৰথম সাহিত্য পেঞ্চন ভোগ কৰোঁতা আৰু বিবিধ বিষয়ৰ বহুসংখ্যক পুথি ৰচোঁতা ৰায় চাহেব শ্ৰীযুত পদ্মনাথ গোহাঁই বৰুৱা এই কাকতৰ সুযোগ্য সম্পাদক আৰু একমাত্ৰ স্বত্ত্বাধিকাৰী আছিল। জোনাকী বন্ধ হল সঁচা। কিন্তু প্ৰকৃততে যি সকলৰ অসমীয়া ভাষালৈ অন্তৰৰ পৰা অনুৰাগ আছিল, সিবিলাকৰ লেখনী ক্ষান্ত নহল। সিবিলাকৰ লেখনী স্বাভাৱিক গতিত অনুক্ৰমে অগ্ৰসৰ হৈ আছিল। উষাৰ অৰুণ কিৰণত সত্যনাথৰ লেখনীও উদ্ভাসিত হৈছিল। সত্যনাথৰ চিন্তাশীল গধুৰ বিষয়ক প্ৰবন্ধবোৰে স্বভাৱ-সৰলা উষা কুমাৰীক সততে বিনয় মধুৰা কৰি তুলিছিল।

 “১৯০৯ খৃষ্টাব্দত কলিকতা বিশ্ববিদ্যালয়ৰ নতুন নিয়ম মতে অসমীয়া ভাষাই বি-এ আৰু এফ-এ পৰীক্ষাত ঠাই