পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
স্বৰ্গীয় সত্যনাথ বৰাৰ

অভ্যৰ্থনা কৰিছিল। গুৱাহাটীৰ নতুন উকীল সত্যনাথ কেৱল যে কছাৰীৰ মোকৰ্দ্দমাৰ নিমিত্তেহে আছিল এনে নহয় প্ৰায় সকলোবোৰ কথাতে অসমীয়া মানুহে তেওঁৰ পৰামৰ্শ লৈছিল।

 ভৰলুমুখত সত্যনাথ বৰাৰ ইমান দিনে নিজৰ যি পুৰণি ঘৰ-দুৱাৰ আছিল সেইবোৰ ভাগি ছিগি গল। কেৱল পৈত্ৰিক বাৰী মাটি খিনিহে আছিল। তাত তেওঁ নতুনকৈ ঘৰ সজাই লৈ ওকালতি ব্যৱসায় আৰম্ভ কৰিলে। এই সময়তে তেওঁৰ বিবাহৰ প্ৰস্তাব হল। গুৱাহাটীৰ উজান বজাৰত ৺লক্ষ্মীলাল নামতীয়াল বৰুৱা মন্চুপৰ ঘৰ আছিল। লক্ষ্মীলাল বৰুৱা বৰ্ত্তমান ৰায় বাহাদুৰ কনকলাল বৰুৱা বি-এলৰ পিতৃ। তেওঁ- লোকৰ চাবেক ঘৰ শিৱসাগৰৰ নামতিদলত আছিল। মণি- ৰাম দেৱানৰ বিদ্ৰোহ কালত লক্ষ্মীলাল বৰুৱাৰ পিতৃ দুতিৰাম বৰুৱাৰ ওপৰত কিবা ৰাজনৈতিক সন্দেহ পৰে। আৰু সেই বাবে বৃটিচ গৱৰ্ণমেণ্টে দুতিৰামক নজৰবন্দীত (Intern) গুৱাহাটীত ৰাখে আৰু লগতে গোটেই ঘৰৰ ঘৰোৱাহ গুৱা- হটীয়া হয়হি। লক্ষ্মীলাল বৰুৱাৰ পাঁচজনী কন্যা আৰু দুটি পুত্ৰ আছিল। প্ৰথম কন্যাক ৺হোমশ্বৰ বৰুৱালৈ ( শ্ৰীযুত ভোলানাথ বৰুৱা বি টিৰ পিতৃ ) দ্বিতীয়া কন্যাক মহীনাৰায়ণ বৰালৈ, তৃতীয় কন্যাক অসমৰ ৰাজনীতিজ্ঞ পুৰুষ স্বৰ্গীয় মাণিকচন্দ্ৰ বৰুৱালৈ আৰু পঞ্চম কন্যাক শ্ৰীযুত ৰসিকলাল বৰুৱালৈ বিবাহ দিয়ে। চতুৰ্থা কন্যা ভুবনমোহিনীক