সমললৈ যাওক

পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
জীৱন-চৰিত।


আছিল। তেওঁ সদাই নিয়মমতে বৰকৈ আটিপুটিকৈ চলি- ছিল। নিজে উপযুক্ত বিবেচনা কৰা কামত ভাবি চিন্তি খৰচ কৰিছিল। আলপীয়া ব্যঞ্জন আৰু তুৰুপীয়া বস্তু খাই বেচি সন্তোষ পাইছিল।

 বঙলাৰ দক্ষীণ ফালে সত্যনাথৰ শোৱা কোঠালি, উত্তৰৰ কোঠালি তেওঁৰ দুই পুতেকৰ শোৱা আৰু পঢ়া কোঠালি আছিল। আৰু মাজৰ কোঠালিত এখন ঘুৰণীয়া মেজ আছিল। চুকত দুটা আলমাৰী আৰু এখন “ৰেক” আছিল আৰু সত্য- নাথৰ এটি টিনৰ হাত বাকচ আছিল। লগতে দুই চাৰিখনমান কাঠৰ চকি আছিল। এইটিয়ে তেওঁৰ বিশ্ৰামৰ কোঠালি, আৰু সাহিত্য চৰ্চ্চাৰ স্থল আছিল। চুকৰ আলমাৰীত সত্যনাথে কিতাপ পত্ৰ থৈছিল আৰু তেওঁৰ হাত বাকচত কাগজ কলম চিঁয়াহী আৰু টোকা আছিল। কোঠালিটো সোমালেই আড়ম্বৰ বিহীন যেন বোধ হৈছিল। যিখিনি লাগতিয়াল ৰা নহলে নহয় এনে আসন-বসনৰ বাহিৰে আৰু ঘৰ সজাবলৈ থোৱা আন বস্তু তাত নাছিল। ঘৰ শুৱনি কৰিবলৈ বিশেষ কোনো চিত্ৰৰ আয়োজন নাছিল। ভিতৰৰ ফালে এটি ৰান্ধনি ঘৰ আৰু এটা বাহিৰা ঘৰ আছিল। বঙলাৰ সমুখত মুকলি চোতাল আৰু ঘাহনি। ঘৰৰ দাঁতিত দুজোপা সেৱালী আৰু নাহৰ ফুল। বৰ ঘৰৰ পৰা অলপ আঁতৰত আগচোতালৰ একাষে এটি চাৰিচলীয়া খেৰৰ ঘৰ। এই ঘটিয়ে সত্যনাথৰ চৰাঘৰ আৰু অলহী থকা ঘৰ। আলহী আহিলে নিজঞ্জাল