পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১০
স্বৰ্গীয় সত্যনাথ বৰাৰ

জীৱন অতিবাহিত কৰিব পাৰিলে সকলো সুখ সম্পদ বুলি ভাবিছিল। গঙ্গা গয়া আদি হিন্দু তীৰ্থবোৰ আগ্ৰহৰে ফুৰি আহিছিল। দুই পুত্ৰৰ বিবাহ উপলক্ষে তেওঁ নান্দীমুখ শ্ৰাদ্ধ আৰু হোমাদি কাৰ্য্য সমাপন কৰিছিল। তেওঁব সহধৰ্ম্মিণীয়ে মাজে সময়ে গোপিনী সবাহ পাতিছিল, আৰু মাজে মাজে ব্ৰহ্মভোজন কৰাইছিল। অসমীয়া সমাজত এনে কোনো লোক নাই বা নোলাব যে, সত্যনাথৰ ধৰ্ম্ম সম্বন্ধে সাম্প্ৰদায়িকতা ভাব আছিল বুলি কব পাৰে। মুঠতে সত্যনাথে অতি গুৰুভাবে নৈতিক জীৱন পালন কৰি ধৰ্ম্মকাৰ্য্যবোৰত নিৰপেক্ষ ভাবে যোগ দি জীৱন যাপন কৰিছিল।

 

লিখক সত্যনাথ আৰু বক্তা সত্যনাথ।

 লিখক স্বৰূপে সত্যনাথৰ যেনে নাম, বক্তা স্বৰূপেও তেওঁৰ কম নাম নাছিল। অসমীয়া, ইংৰাজী, বঙ্গালী এই তিনিও ভাষাতে তেওঁ বক্তৃতা দিব পাৰিছিল। শ্ৰীযুত ৰজনীকান্ত বৰদলৈয়ে কয় যে, সত্যনাথৰ কি ইংৰাজী, কি অসমীয়া, কি বঙ্গালী এই তিনিও ভাষাতে তেওঁৰ ব্যুৎপত্তি থকাৰ কথা এটায়ে জানিছিল। তেওঁ কি লিখাত, কি বক্তৃতাত উভয়তে এই তিনিও ভাষাতে বৰ পটু আছিল। সুন্দৰ উচ্চাৰণ আৰু Idiomৰে সৈতে আৱশ্যক মতে এই