সমললৈ যাওক

পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
জীৱন-চৰিত।


পাৰি। অসমীয়া নৱৰসৰ আস্বাদ দিবলৈ পুৰণি পুথিৰ পৰা উদ্ধৃত উদাহৰণবোৰ পুনৰ উল্লেখ কৰা হল।—

শৃঙ্গাৰ বা আদিৰস।

মনক হৰন্ত গোপ বধূ সমস্তৰ।
মুখত প্ৰকাশে আতি হাসি মনোেহৰ॥
দেখা তাসম্বাৰ সতিনীৰ ৰিষা এৰি।
পঞ্চম উৎসাহে গাৱে মাধৱক বেৰি॥
পুষ্পতলে বহে অতি নৃত্যত ভাগৰি।
আলিঙ্গিয়া কৃষ্ণক জিৰাৱে কণ্ঠে ধৰি॥
মদনে পীৰিত কতো বাতুল আকাৰ।
আগ বাঢ়ি যাচি মাঙ্গে ষোড়শ শৃঙ্গাৰ॥
দেখা দেখা হেৰা সখি কতো গোপিনীৰ।
কৃষ্ণ মুখ চুম্বিতে নয়নে বহে নীৰ॥
কামভাৱে ভজন্ত মাধৱে কত নাৰী।
জন্মে জন্মে হৈবে প্ৰভা তোমাৰ কিঙ্কৰী॥
কত গোপী মাধৱক নমিবাৰ ছলে।
চৰণত স্তন দিয়া মহাকাম ভোলে॥
কীৰ্ত্তন।

বীৰ ৰস।

মোক লাগি বান্ধৈ নকৰিবা চিন্তা ভয়,
কৈত শুনি আছা মোৰ আছে পৰাজয়।