পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৮
স্বৰ্গীয় সত্যনাথ বৰাৰ

পলায়, খং উঠিলে খং জিমায়, নৰিয়া হলে ৰোগ সকাহ পৰে, মন চিন্তাযুক্ত হলে চিন্তা দূৰ হয়, নাইবা ইয়াৰ প্ৰভাৱত হিংসা কুৰ্চ্চট কপট ভাৱ আঁতৰি পলায় আৰু মনত সুখ-সৌন্দৰ্য আৰু পবিত্ৰ ভাবৰ উদয় হয়—এনে সাহিত্য চৰ্চ্চা কৰি মাতৃভাষাত বিবিধ কণ্ঠমালা গুঠি জীৱন যাপন কৰিবলৈ প্ৰত্যেক গুণী মানী অসমীয়াৰ প্ৰধান কৰ্ত্তব্য হব লাগে আৰু এনে বিধৰ কৰ্ত্তব্য সাধন কৰিহে ৺সত্যনাথ অসমীয়াৰ মানসপটত কোটী কলীয়া হৈ জিলিকি থাকিল।