পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
জীৱন-চৰিত।


যে ভাল হব তাত কোনো সন্দেহ নাই। সত্যনাথ বৰাৰ সহধৰ্ম্মিণীয়ে বৰাৰ গৃহস্থালিখন চলাইছিল। অসমীয়া তিৰোতৰ যি ঘৰ চলোৱা কাম, সেই কাম সুন্দৰকৈ চলাই শান্তিপ্ৰিয় সত্যনাথক শান্তি দিছিল। বাৰী পতাত সত্যনাথৰ পত্নী বৰ পটু আছিল। গোপিনী সবাহ ধৰি তেওঁ বৰ প্ৰীতি পাইছিল। সত্যনাথ বৰাৰ মৃত্যুৰ কেই মাহমান আগৰে পৰা তেওঁৰ সহধৰ্ম্মিণীৰ টান নৰীয়া হৈছিল। কিন্তু সত্য- নাথৰ মৃত্যুৰ দুমাহ পিছতহে কলিকতাত বৰ পুত্ৰ অম্বিকা- নাথৰ সুশ্ৰুষাত ৫২ বছৰ বয়সত প্ৰাণত্যাগ কৰিলে। মাতৃৰ অন্ত্যেষ্টিক্ৰিয়াদি কালীঘাটত গঙ্গাৰ পাৰত সমাপন হৈছিল।

 সত্যনাথৰ সাংসাৰিক জীৱনত দুটা আকস্মিক দুৰ্ঘটনা ঘটিছিল। ১৯০৬ খৃষ্টাব্দত সত্যনাথ বৰা এদিনাখন শ্ৰীযুত ৰাধানাথ ফুকন এম, এ বি, এল্ ডাঙ্গৰীয়াৰ লগত উজান বজাৰৰ water works চাবলৈ গৈছিল। সেই water works পৰ্ব্বতৰ পৰা ভৰি পিছলি পৰি তেওঁৰ সোঁ ভৰিখন ভাঙ্গে। এই ভৰি ভগা নৰীয়াত তেওঁ প্ৰায় ৬ মাহমান কষ্ট ভুগিছিল। ভগ। ভৰি যদিও যোৰা লাগিল তথাপি উঠঙ্গা হৈ থাকিল। আৰু এদিন তেওঁৰ এটি দুৰ্ঘটনা মিলিছিল। এদিন গধুলি তেওঁৰ ওচৰচুবুৰীয়া বন্ধু চিন্তাতৰঙ্গিনী, সীতাহৰণ কাব্য প্ৰণেতা শ্ৰীযুত ভোলানাথ দাসৰ ঘৰৰ পৰা আহোঁতে পিছল খাই পৰি তেওঁৰ সোঁ হাতখন গঠিৰ কাষত ভাঙ্গে। এই নৰিয়াতো তেওঁ দুমাহমান কষ্ট ভুগিছিল। ১৯১৬ চনৰ পৰা সত্যনাথৰ