জোনাকী সম্পাদন আৰু অন্যান্য প্ৰৱন্ধ।
১৮৮৯ খৃষ্টাব্দত কলিকতা প্ৰবাসী অসমীয়া ছাত্ৰসকলে “জোনাকী” নামেৰে এখন উচ্চ ধৰণৰ মাহেকীয় আলোচনী কাকত প্ৰকাশ কৰে। এই কাকত বৰ উদ্যোগেৰে কেই- বছৰমান চলি আছিল। পিছত সেই কাকত মৰাত গুৱাহাটীত সেই জোনাকী আকৌ প্ৰকাশ কৰিবলৈ যত্ন কৰা হল। Advocate of Assamৰ সুযোগ্য সম্পাদক স্বাধীন- চেতা ৺মথুৰামোহন বৰুৱা তেতিয়া জীবিত আছিল। তেখেতৰ “ভিক্টোৰীয়া প্ৰেচ” নামেৰে এখন নিজৰ ছপাখানা আছিল। তাতে জোনকী প্ৰকাশ কৰিবলৈ যো-যা কৰে। ইফালে কাকতখনিৰ সম্পাদকৰ বাব সত্যনাথ বৰা বি-এল ডাঙ্গৰীয়াৰ গাত পৰে। গুৱাহাটীৰ শ্ৰীযুত দুৰ্গনাথ বৰুৱা মেনেজাৰ বা কাৰ্য্যাধ্যক্ষ নিযুক্ত হয়। “জোনাকী” খন এনেদৰে প্ৰায় ৪ বছৰ মান নিয়মিতভাবে আৰু অতি দক্ষ- তাৰে মাহে মাহে প্ৰকাশ পায়। তাত ৺সত্যনাথ বৰাই “আত্ম কথা” বা “সম্পাদকীয় কথা” লিখাৰ বাহিৰেও নিজৰ মৌলিক আৰু সামাজিক প্ৰৱন্ধ ভালেমান লিখে। জোনাকীখন সকলোৰ মাজত বৰ প্ৰিয় হৈ উঠিছিল। জোনাকীত প্ৰকাশিত প্ৰৱন্ধবোৰৰ সৰহভাগ মৌলিক আৰু গধুৰ ভাবৰ আছিল। সত্যনাথ বৰাই এই কাকতখনৰ সম্পাদকৰ কাম এনে সুন্দৰভাবে চলাইছিল যে, বৰ্ত্তমান