পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
জীৱন-চৰিত।


অপৰাধ ক্ষমা কৰি,  তুমি দয়াশীল হৰি
 মোক ৰক্ষা কৰিয়ো চৰণে॥
তোমাৰেসে অবিদ্যায়,  আমাক মুহিলে হৰি
 নাজানোহো তোমাৰ তত্ত্বক।
তোমাৰ চৰণে হৰি,  শৰণ পশিয়া সাৰ
 কৰিলোহোঁ তোমাৰ নামক।

নামঘোষা।


সাৰথি।

 ১৮৩৩ শকাব্দত সত্যনাথৰ সাৰথি প্ৰকাশিত হয়। সাৰথি গদ্য প্ৰৱন্ধৰ পুথি। গ্ৰন্থকাৰে পুথিৰ নাম সাৰথি ৰখাৰ আৰু কি উদ্দেশ্যেৰে এই পুথি যুগুত কৰিছিল তাৰ বিষয় নিজে এই দৰে অভিমত প্ৰকাশ কৰিছে। “উদ্গতি সাধন মনুষ্য জীৱনৰ মূল মন্ত্ৰ, আৰু সংসাৰখন কৰ্ম্মক্ষেত্ৰ। এই ক্ষেত্ৰত যি নিজৰ বুদ্ধিবলৰ আলম লৈ পুৰুষাৰ্থ কৰি সম্পদ লাভ কৰিব পাৰে আৰু ডাঙ্গৰ হয়, সি ধন্য, যি নোৱাৰে তাক কোনেও মানুহ বুলি লেখত নধৰে। কিন্তু সংসাৰ বৰ একাচেকা ঠাই। ই এটা যুদ্ধৰ বেঁহু, ইয়াত সদায় দল্দো‌প হেন্দোলদোপ্‌ লাগি আছে, ইয়াৰ ভিতৰত বাট আওবাট সৰ সুৰঙ্গা ভৰি আছে, তাত কোনটোৰে গলে কত ওলাব পাৰি তাক ঠাৱৰাবলৈ টান, সেই দেখি সৰহ-