পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৬
স্বৰ্গীয় সত্যনাথ বৰাৰ

ছিল। আসামৰ ৰাজনীতিজ্ঞ পুৰুষ স্বৰ্গীয় মাণিক চন্দ্ৰ বৰুৱা আৰু তেওঁৰ সোঁহাত স্বৰূপ ৰায় বাহাদুৰ ভুবনৰাম দাস এই অভ্যৰ্থনা কাৰ্য্যত প্ৰধান উদ্যোগী আছিল। সত্যনাথ বৰায়ো এই অনুষ্ঠানত যথাসাধ্য সহায় কৰিবলৈ আগুৱাই ফুৰিব লগা হৈছিল। লৰ্ড কাৰ্জ্জনক যিখন অসমীয়াত অভিনন্দন পত্ৰ দিয়া হৈছিল, তাক ঘাইকৈ বৰা ডাঙ্গৰীয়াই ৰচনা কৰি দিছিল, আৰু তেৱেই বিবিধ ঠাইৰ পৰা সমাগত সভ্য সকলৰ সভাত এই অভিনন্দন খন পাঠ কৰিছিল।

 বৃটিচৰ দিনত জগদ্বিখ্যাত ভাৰতীয় কবি ডাক্তৰ ৰবীন্দ্ৰনাথ ঠাকুৰ যেতিয়া গুৱাহাটীলৈ আহে তেতিয়া গুৱাহাটীৰ জুবুলি- গাৰ্ডেনত তেওঁক অভ্যৰ্থনা কৰিবলৈ এখন ডাঙ্গৰ সভা পতা হৈছিল আৰু সেই সভাৰ সভাপতি আছিল সত্যনাথ বৰা। আসাম এচোচিয়েচনৰ জিলা অফিচৰ বৈঠক, কলেজ আৰু স্কুলৰ ছাত্ৰৰে পতা সোৱৰণী সভা বা বছেৰেকীয়া সভা, কটন কলেজৰ অসমীয়া ছাত্ৰৰ সাহিত্য সভাৰ বছেৰেকীয়া অধিবেশন, গুৱহাটী উজান বজাৰৰ একতা সভা, লতাশীলৰ মাণিকবৰুৱা-মাইনৰস্কুলৰ মেনেজিং কমিটি, আসাম ক্লাব, কামৰূপ-নাট্য-সমিতিৰ হল কমিটি, লতাশীল কো- অপাৰেটিভ বেঙ্ক, সোণাৰাম এইডেড্‌ হাইস্কুলৰ মেনেজিং কমিটি, কামৰূপ ইণ্ডাষ্ট্ৰীয়েল কোম্পানী ইত্যাদি অনেক সভাসমিতিত সত্যনাথ বৰাৰ সংশ্ৰৱ আছিল। এইবোৰ

সমিতিত তেওঁ এক প্ৰকাৰ নহয় এক প্ৰকাৰ জঞ্জাল সহিছিল।