পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩০
স্বৰ্গীয় সত্যনাথ বৰাৰ

খন ভাল কৰি নোলোৱা কিয় হে?” তেওঁ হেনো উত্তৰ দিলে, “তুমিও ভাল, চিলিংখন ভাল কৰা অৰ্থ কমে-কমেও সাতোটা দিন ঘৰখনৰ বস্তু বাহানি মানুহ দুনুহৰ আলৈ অথানি। ইমান অশান্তি লৈ থাকিবা কেনেকৈ। মই কৰবালৈ সাত দিন মানলৈ যাবলগীয়া হওক ৰবা, সেই সময়তে ভাল কৰিবলৈ দি যাম”। তেওঁৰ শান্ত প্ৰকৃতিৰ ই এটা আৰ্হি বা উদাহৰণ।

 মাণিকচন্দ্ৰ বৰুৱা যেতিয়া ঢুকাল, তেতিয়া অসমৰ অনেক ৰাজনীতিত ফুৰি ফুৰা লোকে বৰা ডাঙ্গৱীয়াক এই ক্ষেত্ৰলৈ আহি কাম কৰিবলৈ অনুৰোধ কৰিছিল। তেওঁ সকলোকে স্পষ্ট উত্তৰ দিছিল যে, তেওঁৰ প্ৰকৃতি ইমানবোৰ হাই হুই হাহাকাৰ কৰি কাম কৰাৰ সম্পূৰ্ণ বিপৰীত। আৰু সেইবিলাক ক্ষেত্ৰলৈ গৈ কোনো প্ৰকাৰৰ নাম কৰাৰ আকাক্ষাও তেওঁৰ নাই।

 সত্যনাথ বৰা ঢুকাবৰৰ বেছি দিন হোৱা নাই। উকীল হিচাবে তেওঁৰ খ্যাতি গুৱাহাটীৰ বাৰ লাইব্ৰেৰীত এতিয়াও আছে। তাৰে প্ৰধান খ্যাতি এই যে, ওকালতি ব্যৱসায়ত কথা সঁচা মিছা ইফাল সিফাল প্ৰায়েই হয়, বৰাৰ বিষয়ে কিন্তু সকলোৱে কয় যে, তেওঁ এইবোৰৰ পৰা অতি ওপৰত আছিল।

 এই উপলক্ষে এটা কথা জানো। মোৰ শহুৰ ৺নাৰায়ণ চন্দ্ৰ ভট্টাচাৰ্য্য দলৈদেৱৰ বিৰুদ্ধে এসময়ত এটা ডাঙ্গৰ মোক-