পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জীৱন-চৰিত।

ৰাখিছিল। কেতিয়াও কাৰো ওপৰত অসন্তুষ্ট হবৰ কাৰণ নাছিল। কোনো অবস্থাতে তিতা মাত মাতিব নেলাগিছিল। ঈশ্বৰৰ অনুগ্ৰহতে হবলা ঘৰ খনত বিশেষ জঞ্জাল নাছিল। তেওঁ সদাই শাৰীৰিক পীড়া ভুগি অসুস্থ নহৈছিল। শয়ন ভোজনত নিয়মীয়া আছিল। আৰু আহাৰ নিৰ্দ্ধাৰিত সময়ত কৰিছিল। তেওঁ অযথা জুতিলগা আহাৰ কৰিবলৈ ভাল নাপাইছিল। অসমীয়া জুতিৰ আহাৰত তেওঁৰ বেচি ৰতি আছিল। কঠিন শয্যাত শয়ন কৰিছিল আৰু লাহবিলাসৰ ভাবে তেওঁক ছুব নোৱাৰিছিল। তেওঁৰ সাজপাৰ ধুন-পেছ নোহোৱা আৰু নিকা আছিল। কছাৰীলৈ যাওঁতে চোগা চাপকন আৰু আন সনয়ত বাজলৈ ওলাওঁতে চুৰিয়া, চোলা, চেলেং ব্যৱহাৰ কৰিছিল। ১৯১৭ চনত শিৱসাগৰলৈ আসাম এচোচিয়েচনৰ সভাপতি হৈ যাওঁতে তেওঁৰ সাধাৰণ সাজ- পাৰ দেখি দৰ্শক সকল আচৰিত হৈছিল। সত্যনাথ বৰাই দুখীয়াক যথাসাধ্য সহায় কৰিবলৈ, ৰাজহুৱা কামত যথাশক্তি দান দিবলৈ, মানুহৰ বিপদত উচিত বিবেচনা কৰিলে অৰ্থ সাহায্য কৰিবলৈ পিছ নুহুহকিছিল। তেওঁ অযথা মানুহৰ লগত বেচি ঘনিষ্ঠতা নাৰাখিছিল। তেওঁ এনেকৈ অতি সাৱধানে আৰু সুচল ভাবে চলাৰ কাৰণে জীৱনত সৰহ আলৈ অহুকাল পোৱা নাছিল। শ্ৰীযুত বেণুধৰ ৰাজখোৱা ডাঙ্গৰীয়াই কয় যে, “সত্যনাথ বৰাৰ অমায়িকতা আৰু সৰলতাত মুগ্ধ নোহোৱা মানুহ নাছিল। প্ৰকৃততে তেওঁৰ