পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
স্বৰ্গীয় সত্যনাথ বৰাৰ


পৰীক্ষা দিয়া হল, কিন্তু ভাগ্যবশতঃ উভয়ে পাচ কৰিব নোৱাৰিলোঁ। তেতিয়া কলিকতাৰ কলেজত এনেই এবছৰ নিজ খৰছত থাকিব লগীয়া হোৱাত ৺সত্যনাথ বৰাই ফৰিদ- পুৰত কেইমাহমান মাষ্টৰি কাম সুখ্যাতিৰে কৰি আহি পৰীক্ষাৰ সময়ত কলিকতালৈ পুনৰ ঘুৰি আহি বি-এ পৰীক্ষা দি পাচ কৰিলে।

 এফ-এ শ্ৰেণীত পঢ়োতে ৺সত্যনাথ বৰা কলিকতাৰ চুক কোণ আৰু হোটেল আদিৰ খোজ খবৰ বেচিকৈ ৰাখিছিল। কলেজৰ পৰা ছুটি হৈ গলে গধূলি বেলিকা কলিকতাৰ মৈদান আৰু ইডেন গাৰ্ডেন আদিত ফুৰি চাকি ৰাতি হলে হোটেলত কফি আৰু চাহ খাই, ঘৰলৈ আহি ভাত-পানী খাই, পঢ়া-শুনাৰ চৰ্চ্চা কৰি শুই থাকিছিল। সময়ে সময়ে থিয়েটাৰ চাবলৈ গৈছিল। কলেজ বন্ধ হলে সময়ে সময়ে ৰবিবাৰ চায় তেওঁৰ লগত থকা অন্যবোৰ প্ৰায় অসমীয়া লৰাই তাচ খেলে। সত্যনাথ বৰাৰ কিন্তু সেইবোৰ কামত বৰকৈ ৰতি নাছিল। তেওঁ মিটিং আদিত আৰু অন্যান্য লেক্চা‌ৰ আদিত যোগ দিব ভাল পাইছিল আৰু অসমীয়া ভাষাত দুই চাৰি ফাকি ৰচনা কৰিবলৈ চেষ্টা কৰিছিল।

 ইং ১৮৮৩ চনত কলিকাতাত এখন ডাঙ্গৰ মেলা হৈছিল। সেই মেলাত নানা দেশীয় সূতা-নেতা, কাপোৰ- কানি, বাচন-বৰ্ত্তন, অস্ত্ৰ-শস্ত্ৰ আদি প্ৰজাক দেখুৱা হৈছিল। সেই মেলা সম্বন্ধে ৺ কৃষ্ণকান্ত গগৈ হাতী বৰুৱা নামেৰে