পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জীৱন-চৰিত।


জুৱাচোৰ ইত্যাদিৰ চাৰি সীমাত ভৰি নিদিছিল। সেই বাবেই তেওঁৰ সহকৰ্ম্মী উকীল বাবু মহেন্দ্ৰ মোহন লাহিড়ীয়ে কয় যে, "He was most honourable in his profession" ন্যায়- পথে থাকি প্ৰথম শ্ৰেণীৰ উকীল হৈ তেওঁ যথেষ্ট উপাৰ্জ্জন কৰিছিল, আৰু সংসাৰ যাত্ৰাৰ সকলো সুখৰ আহিলা গোটাই লৈ সুকলমে জীৱন যাপন কৰিছিল।

 ১৯১৪ চনৰ পৰা আৰ্ল ল কলেজত সত্যনাথ বৰা আইনৰ অধ্যাপক নিযুক্ত হৈছিল আৰু কটন কলেজত অসমীয়াৰ অধ্যাপক আছিল। অধ্যাপক স্বৰূপে ছাত্ৰ সকলক তেওঁ হৃদয়গ্ৰাহী বক্তৃতা দিব পাৰিছিল, জটিল আওপকীয়া কথা- বোৰ উজুভাষাত বুজাব পাৰিছিল আৰু পাঠ্য বিষয়বোৰৰ সকলোবোৰ কথা চুক কাণ মাৰি তন্ন তন্নকৈ কব পাৰিছিল। তেওঁৰ শিক্ষাদান কাৰ্য্যত কৰ্ত্তব্যপৰায়ণতা, সময়নিষ্ঠা আৰু ঔৎসুক্যতাৰ বিষয় সকলোৱে এক মুখে শলাগ লৈছিল।

 কোনোৱে কোনোৱে স্কুল কলেজ শিক্ষা সাং কৰি অধ্যয়ন কৰা অভ্যাস একেবাৰে পৰিত্যাগ কৰে। কোনোৱে বা এই অভ্যাসৰ সলনি আন আমোদ-প্ৰমোদৰ অভ্যাস কৰি কোনোৱে বা নানা অসুচলৰ কাৰণে মন থাকিলেও অধ্যয়ন কৰা অভ্যাস ৰাখিব নোৱাৰে। সত্যনাথে অধ্যয়ন অভ্যাস অন্তিমকাললৈকে ৰাখিছিল। জীৱনৰ বয়স লাহ দিয়াত “থিয়লজি” বা তত্ত্বজ্ঞান সম্বন্ধীয় কিতাপ আগ্ৰহেৰে পঢ়িছিল। বাতৰি কাকতখনত নিতৌ এবাৰ চকু নুফুৰালে