পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
স্বৰ্গীয় সত্যনাথ বৰাৰ

গঢ়গতি লগাবলৈ সৰ্ব্বতোভাবে প্ৰাণপণে চেষ্টা কৰিছিল। তেওঁৰ ৰচিত পুথিবোৰ দেখি অসমীয়া লিখকৰ চকু গজিল যে, সংস্কৃত শব্দ পাৰ্য্যমানে পৰিত্যাগ কৰিও অসমীয়া ৰচনা যুগুত কৰিলে শুৱলা হয়। তেওঁৰ নিভাঁজ, নিখুত, বিশুদ্ধ অসমীয়া ৰচনাই আন অসমীয়া লিখকক বিজাতৰীয়া নহবলৈ সতৰ্ক কবি দিলে। শ্ৰীযুত শৰৎচন্দ্ৰ গোস্বামীয়ে সেই দেখি কব খোজে, “অসমীয়া সাহিত্যই এই কথা পাহৰিব নোৱাৰে যে, সত্যনাথৰ প্ৰভাৱ নোহোৱা হলে অসমীয়া বাক্যৰ ঠাঁচ আৰু বেচি পৰিমাণে বিজাতৰীয়া হলহেঁতেন।”

 অসমীয়া সাহিত্যৰ খ্যাতনামা অধিনায়ক হেমচন্দ্ৰ বৰুৱাই অসমীয়া ভাষাটোৰ উদগতি হলে এই ভাষাৰ ব্যাকৰণ সম্বন্ধে লৰচৰ কৰিব লাগিব বুলি কৈছিল। সত্যনাথে হেমচন্দ্ৰই কৰিবলগীয়া বাকী কাম বহল ব্যাকৰণ ৰচনা কৰি সমাধা কৰিলে। সেই বাবে হেমচন্দ্ৰই অসমীয়া ভাষাৰ অভিধান আৰু ব্যাকৰণ ৰচনা কৰি অসমীয়া জাতিৰ যেনে গৌৰৱৰ ভাজন হৈছে, সত্যনাথেও হেমকোষৰ শব্দবোৰৰ যথাবিধি ব্যৱহাৰ কৰি ব্যাকৰণৰ অঙ্গ পূৰ্ণ কৰি কম গৌৰৱৰ পাত্ৰ হোৱা নাই। ইংৰাজী সাহিত্যত ডাক্তৰ জন্সনে আৰু এডিচনে যি কাম কৰিলে অসমীয়া সাহিত্যতো আমাৰ দেশৰ অৱস্থা চাই হেমচন্দ্ৰ আৰু সত্যনাথে একে কামকে কৰিলে। সেই বাবে হেমচন্দ্ৰক অসমীয়া ভাষাৰ ডাক্তৰ জন্সন আৰু সত্যনাথক এডিচন বুলিলে বোধ কৰো অতিৰঞ্জিত নহব।