পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৯
জীৱন-চৰিত।


টোপোলাত থকা কথাখিনি হাঁহি মুখেৰে জিলিকি ওলাল। সেয়ে এই লিখকৰ সাহিত্যৰ চেষ্টা প্ৰকাশ কৰিবলৈ প্ৰথম উদ্যম।

 তাৰ পাচত মাহে মাহে জোনাকী ওলায়। আমি যে ইমান ব্যগ্ৰতাৰে জোনাকীলৈ বাট চাই থাকোঁ। তেতিয়াৰ দিনত আমি ৪৫্‌ টকা মাহিলী খৰচ কৰি গুৱাহাটীত আছিলোঁ। তাৰে পৰায়ে কিন্তু সকলোটিয়ে একোখনি জোনাকী লবলৈ খৰচ উলিয়াইহে এৰিছিলোঁ। এতিয়াও চাগৈ স্কুলৰ লৰাবিলাকে তেনেকৈ তেওঁলোকৰ মৰমৰ কাকত একোখনি লবলৈ দুখ কষ্ট ভুগিও পইছা কেইটা নুলিয়াই নাথাকে।

 বৰা ডাঙ্গৰীয়াৰ প্ৰশান্ত মূৰ্ত্তিৰ পৰা আৰু তেওঁৰ কথা বতৰৰ পৰা কোনোৱে ভাবিবই নোৱাৰিছিল যে, তেওঁ ধেমেলীয়া গীত বা প্ৰৱন্ধ লিখিবৰ লায়কৰ মানুহ। তেওঁৰ লিখিত কেইবাটাও তেনে গীত আৰু প্ৰৱন্ধ অসমীয়া সাহিত্য সমাজত সুপৰিচিত।

 বৰা ডাঙ্গৰীয়া অতি শান্তিপ্ৰিয় মানুহ আছিল। শ্ৰীযুত বিদ্যাধৰ বুজৰ বৰুৱা তেওঁৰ অতি আপ্ত বন্ধু। তেওঁ সদাই বৰা ডাঙ্গৰীয়াৰ বিষয় অনেক কথা কয়। তাৰে এটা মনত পাৰিছে। দীঘলী পুখুৰীৰ পাৰৰ ঘৰখনৰ অলপ বেমেৰামতি অৱস্থা, অৰ্থাৎ ডাঙ্গৰ ঘৰটোৰ মাজৰ বহা কোঠালিটোৰ চিলি- ঙৰ কাপোৰ এৰাই গৈছে। বুজৰ বৰুৱাই কলে, “বৰা, চিলিং