পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
জীৱন-চৰিত।

(বৰ্ত্তমান অম্বিকানাথ আৰু জ্ঞাননাথৰ মাতৃ) সত্যনাথ বৰা বি-এলে বিয়া কৰায়। সত্যনাথ বৰাৰ লৰাকালৰ অন্তৰঙ্গ বন্ধু শ্ৰীযুত নবীনৰাম ফুকনৰ উদ্যোগত তেওঁৰ বিয়াৰ শোভাযাত্ৰা অতি সমাৰোহে হৈছিল। আৰু তেওঁৰ বিয়াত অসমীয়া ডেকাই আনন্দ উপভোগ কৰাৰ খুহুতিয়া কথা আজিও লোকসমাজত চলিত আছে, যদিও সেইবোৰ ৰুচিভেদ্য হব বুলি উল্লেখ কৰা নগল। সত্যনাথ বৰাৰ লৰাকালৰ নানাবোৰ ধেমেলীয়া কথা আছে। ডেকাকালৰো ডেকা ধ্বনি লগা অনেক কথা শুনা যায়। যদিও সেইবোৰ বিষয় বহলাই নিলিখি মুঠতে ইয়াকে কব পাৰি যে, তেতিয়াৰ কালত বৃটিচ সভ্যতাৰ কেতবোৰ দোষে শিক্ষিত সমাজক কলঙ্কিত কৰিব খুজি ছিল। সত্যনাথেও তেনেবোৰ দোষৰ ঢৌৰ খুন্দা নোখোৱাকৈ থকা নাছিল। সেই বাবে সত্যনাথে নিজেও কৈছে যে, “লোভ মোহ আদি কৰি দুটা পিশাচে মোক জীৱনৰ আদিতে লগ ধৰিলে, লগ ধৰি যিটো প্ৰলয় ধুমুহা তুলি দিলে মন-সাগৰত একেবাৰে তোলপাৰ লাগি গল। মোৰ জীৱনটো যি ঢৌত পৰিল, তাৰ লগত ৰিজালে নৈৰ ঢৌ কি? একো একো ঢৌ হিমালয় সদৃশ, তাৰ গৰ্জ্জন আৰু আস্ফালন দেখি জীৱ ভয়ত বিতত্‌ হৈ পৰিল। ঢৌৰ কোবত সি এবাৰ হামথুৰি খাই পৰে, এবাৰ চিত হৈ পৰে, এবাৰ সিমূৰলৈ বাগৰি যায়, এবাৰ ইমূৰলৈ বাগৰি আহে। এইদৰে নিকৰুণ পিশাচ কেইটাই মোৰ নিমাখিত নিছলা জীৱটোক জুলুকি জুলুকিকৈ শিকালে।