পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪১
জীৱন-চৰিত।

একেদিনে শুৱনী হয়। তেতিয়া তাইৰ আৰু একো ‘অপযশ না থাকে। কিন্তু দুখৰ কথা যে, তেওঁলোকে কাপ চুঙ্গাত ভৰাই থৈ মুখেৰে দোষ ধৰাত লাগিছে।

 জোনাকী ওলাবৰ দিন ধৰি অসমীয়া প্ৰসিদ্ধ লিখক- বিলাকৰ ভিতৰত দুজন কি এজনৰ হে অনুগ্ৰহ আমি পাইছো। বাকীবিলাকে বহি কেৱল আমাৰ ৰং চাইছে। ই বৰ অদ্ভূত কথা। এইবিলাক অদ্ভুত কাণ্ড পাৰ হৈ, মৰমৰ ভনীৰ গৰিহণা খাই নিচল জোনাকী লেনাই ধেন্দাই আজিলৈকে জীয়াই আছে। আৰু সতৰ মহীয়া বছৰ পাৰ হৈ দ্বিতীয় বছৰত ভৰি দিছে। এই দ্বিতীয় বছৰত তাইৰ কপালত কি আছে তাক বছৰৰ অন্তত হে জনা যাব। সম্প্ৰতি পুতৌ কৰোঁতাবিলাকৰ ভৰিৰ ধূলি শিৰত লই তাই তাকে সংকল্পিত কাৰ্য্যত প্ৰবৃত্ত হল। দোষ ধৰোতাবিলাকক তাই কৰ ধৰি মিনতি কৰিছে। যেন সিবিলাকে তাইৰ প্ৰতি কোপ এৰি মৰমৰ ভনী বুলি সহায় কৰে। জোনাকীৰ একান্ত অভিলাষ এই যে, তাই সকলোৰে মৰম পায় আৰু মৰম পাবলৈ তাই সাধ্য অনুসৰি চেষ্টাও কৰিছে। কিন্তু দুৰ্ভাগী জোনাকীয়ে আশাৰ বিপৰীত ফল পাইছে। এতিয়া তাইৰ সান্ত্বনা এই যে, তাই সকলোকে সমানে সন্তুষ্ট কৰিব নোৱাৰি, ই বেদৰ বচন। যেন কষ্ট হোৱা গ্ৰাহক সকলেও সেই কথা এবাৰ গমি চালে জোনাকীৰ কপাল মুকলি হব পাৰে।