পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৭
জীৱন-চৰিত।


বৰাৰ অন্যান্য গদ্য পদ্য প্ৰৱন্ধ কেইবাটিও আছে। সত্যনাথ বৰাৰ কবিতা ৰচনাত যে বিশেষ ৰতি নাছিল এনে নহয়। উলাহ, শান্তি আৰু আশা, লৰাকাল, ডেকাকাল, পূৰ্ণিমাৰ জোন, ধুমুহা বতাহ আদি কবিতাবোৰ সকলোৰে জনা আছে। এই পদ্য প্ৰৱন্ধবোৰ ঘাইকৈ জীৱনৰ আগছোৱাতে ৰচনা কৰা।

 ডেকাকালৰ কবিতাত সত্যনাথ তাহানি কলিকতাত প্ৰবাসী হৈ থাকোতে ইডেন গাৰ্ডেনত “যৌবন কাৰো চিৰকলীয়া নহয়”—এই চিন্তাৰ প্ৰবল নৈ অন্তৰত কেনেদৰে বৈছিল তাৰ সম্ভেদ আছে। সেইদৰে ধুমুহা বতাহ কবিতাত এডুখৰি মেঘে কুলি-কণী যেন হৈ আহি গোটেই আকাশ আবৰি বিজুলী আৰু ঢেৰেকনিৰে চাৰিও দিশ অন্ধকাৰ আৰু ধোঁৱাময় কৰি প্ৰকৃতিৰ ভীষণ মূৰ্ত্তিৰে প্ৰাণী মাত্ৰৰে ভয়ৰ সঞ্চাৰ কৰে আৰু ধুমুহাৰ ধুমধুমনিত মৰমৰ শব্দ হলে কুমাৰী ছোৱালীয়ে খুটা আৰু চতিত ধৰি নাইবা কথমপি বাজ হৈ চোতালত পিৰা পাৰি দি, ফণি থৈ বায়ুৰজাক কি দৰে স্তুতি আৰু আৰাধনা কৰে, তাৰ বিশদ বৰ্ণনা উপযোগী ভাষাৰে বৰ্ণোৱা আছে। তেখেতৰ ৰচিত বৈকুণ্ঠ বৰ্ণনা বোলা গদ্য প্ৰৱন্ধটিৰ পৰা খৃষ্টান, মোচলমান আৰু হিন্দুৰ বৈকুণ্ঠৰ ভাব সুন্দৰকৈ বুজিব পাৰি। ভবিষ্যজ্ঞান প্ৰৱন্ধত মানুহে ভবিষ্যত জানিবলৈ ব্যগ্ৰ হৈ কিদৰে ফেঁচাৰ মাত, শিয়ালৰ ডাক, কাউৰীৰ

ৰমলিয়নি, শগুণৰ চিচিয়নি আদিত অযথা অমূলক বিমঙ্গলৰ