পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
স্বগীয় সত্যনাথ বৰাৰ

শত্ৰু নাছিল। তেওঁক অজাত শত্ৰু বুলিব পাৰি। তেওঁৰ অটল দেশভক্তি আছিল। তেওঁৰ কাৰ্য্যপদ্ধতিত বিদ্বেষৰ ভাব নাছিল। সকলো সম্প্ৰদায়ৰ মানুহে তেওঁৰ পৰামৰ্শ লৈছিল। তেওঁ সৰবৰহী আৰু স্থিৰবুদ্ধি বুলি বিখ্যাত আছিল। দকৈ নভবাকৈ কোনো কথাতে ওপৰে ওপৰে মত নিদিছিল। বৰা ডাঙ্গৰীয়া দৰাচলে এজন সাধু পুৰুষ আছিল।” শ্ৰীযুত ৰজনীকান্ত বৰদলৈ দেৱে কয় যে, সত্যনাথ বৰা “অমায়িক আৰু উদাৰ চৰিত্ৰৰ আছিল; তেওঁ মিতব্যয়ী আছিল; তেওঁ বৰ শান্তিপ্ৰিয় অথচ ধীৰ, স্থিৰ, সৎসাহ আদি গুণেৰে সুশোভিত আছিল”।

 ওকালতি ব্যৱসায়ত সত্যনাথৰ কম যশস্যা নাছিল। আইন অধ্যয়নে মানুহৰ বুদ্ধি চোকা কৰে আৰু চিন্তা গধুৰ কৰে; ই তৰ্কত পণ্ডিত আৰু যুক্তিত জ্ঞানী কৰে; কি কথাৰে এজনক আক্ৰমণ কৰিব পাৰি আৰু কি কথাৰে এজনৰ পক্ষ সমৰ্থন কৰিব পাৰি, তাৰ সম্যক জ্ঞান জন্মায়; আনে নভবা নিচিন্তা কথাৰ হেতু উলিয়াব পৰা কৰে। সকলোবোৰ ব্যৱহাৰিক ব্যৱসায়ৰ ভিতৰত ওকালতি এটি মহৎ ব্যৱসায়। উকীল সত্যনাথ এই সকলো সজ গুণৰ আধাৰ আছিল। তেওঁ অযথা তৰ্ক বা জেৰা নকৰিছিল। তেওঁ গোচৰীয়া পদকীয়াক সঁচা মিছা ছৱাল জবাব কৰিবলৈ শিকাই নিদিছিল; জ্ঞান বিশ্বাসমতে যি গোচৰ মিছা বুলি জানিছিল সেই মোকৰ্দ্দমাৰ তেওঁ পক্ষ সমৰ্থন নকৰিছিল। তেওঁ অন্যায় মিছা জাল,