খাই সিহঁতে মোক নমৰা হৈছিল। ওজাদেৱে মৰাতো আয়ে
ওজাদেৱক মাৰি দিব বুলি ভাবিছিলোঁ; আৰু সেই বিশ্বাসতে
আইত গোচৰ দিছিলোঁ; কিন্তু আয়ে দেখোঁ ওজাদেৱক
মাৰক ছাৰি মোকেহে চকু পোন্দাই ধৰিছিল। মোক মৰা
বাবে তেখেতে ওজাদেৱৰ শলাগহে লৈছিল। মই ভাবিছিলোঁ
ওজাদেও গেৰা মহটো যেন শকত, আয়ে ভয় কবে, এইবাৰ
দেউতাকে কৈ দিম। কলোঁও কিন্তু আইতকৈ দেউতাৰ খং
চাৰ হল। মই কথা কবলৈহে পালোঁ, মোক আগৰ পৰা
ডবিয়াই খেদি দিলে। এইদৰে সিবিলাকৰ কোনোজনৰ ওচৰত
মুখ নাপাই সেই দিনাৰ পৰা ওজাদেৱৰ মাৰ-কিল সহি
থাকিবলৈ ধৰিলোঁ”। তেওঁৰ লৰাকাল আৰু ডেকাকাল
নামে দুটা কবিতাতো লৰালিৰ আত্মস্মৃতিৰ উল্লেখ আছে।
ৰাতি পুৱা ৰঙ্গা ৰদ পিঠিত লগাই,
তুলি থোৱা চেঁচা ভাত দুটামান খাই।
হাত মছি তপিলাত,
ছকঠীয়া লৈ গাত,
লগৰীয়াৰ লগ-লাগি ফুৰো নাছি বাগি,
এতিয়া দেখোন হলো বিষাদৰ ভাগি।
* * * * *
* * * * *
নিজান ভৰলু দাঁতি
বহি তাতে কাণ পাতি