পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ওপৰঞ্চি।

জোনাকী ২য় ভাগ ১৮২৪ শক

আত্ম-কাহিনী।

 শাস্ত্ৰত কয়, বোলে মনুষ্যৰ এশ বছৰে ব্ৰহ্মাৰ এবছৰ হয়। আমি একেবাৰে চাৰিমুখীয়া ব্ৰহ্মা হব নোৱাৰিলেও মনুষ্যত কৈ যে ওপৰ উঠিছোঁ ই নিশ্চয়। মনুষ্যৰ বাৰ মাহে বছৰ কিন্তু জোনাকীৰ ১৭ সোতৰ মাহে এবছৰ হল। ১৩০৯ অৰ মাঘত জোনাকীৰ জন্ম, এতিয়া ১৩১০ অব্দৰ আষাঢ়, এতিয়াহে আমাৰ লেখত বছেৰেক ভৰিল। আমাৰ এই দৰে দীৰ্ঘায়ু কৰা বাবে আমি আমাৰ গ্ৰাহকবিলাকৰ শলাগ লব নোৱাৰিলে, কিয়নো এনেকুৱা দীৰ্ঘায়ু কেৱল অকাল মৃত্যুৰ পূৰ্ব্ব লক্ষণ মাথোন। জোনাকী ওলাবৰ পূৰ্ব্বে মাহেকীয়া আলোচনীলৈ অসমীয়া মানুহৰ ইমান হেপাহ দেখা গৈছিল যে, তেতিয়া বোধ হৈছিল জোনাকী ওলালেই সকলোৱে আতোল তোল কৰিব। কিন্তু কাৰ্য্যত তেনেকুৱা নহল। কাৰ্য্যত দেখা গল যে, দূৰৈৰ পৰা চুমা যাচোঁতাৰ সংখ্যাই অসমত সৰহ। আচলমতে সাবটি ধৰোঁতাৰ সংখ্যা নিচেই তাকৰ। লেখত জোনাকীৰ গ্ৰাহকৰ সংখ্যা ন শ, কিন্তু ৰূপ