পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
জীৱন-চৰিত।


শুনিছিলো কলকলি প্ৰখৰ সোঁতৰ,
লৈছিলো সুশীতল বাও আনন্দৰ।

 পিছত আখৰ চিনি পাওঁতেই গুৱাহাটীৰ ছাত্ৰবৃত্তি স্কুলত সত্যনাথক নাম লগাই দিয়া হল। অসমৰ স্কুলবিলাকত তেতিয়া ভুলক্ৰমে বঙ্গলা ভাষাহে চলিছিল। অসমীয়া শিক্ষিত সমাজত কথাবাৰ্ত্তা পাতোতে নাইবা চিঠিপত্ৰ লিখোঁতে মাতৃভাষা অসমীয়া ব্যৱহাৰ কৰা অগৌৰৱৰ কথা বুলি ভাবিছিল। অসমীয়া লৰাই পোনতে আখৰ চিনিবলৈ তেতিয়া হেমচন্দ্ৰ বৰুৱাৰ ‘আদি পাঠ’ নাইবা পানীন্দ্ৰনাথ গগৈৰ ‘লৰাপাঠ’ নাপাইছিল। “শিশুশিক্ষা” আৰু “বৰ্ণ-পৰিচয়” কিতাপেৰে অসমীয়াই ক, খ, শিকিছিল। “লেখা-পঢ়া কৰে যেই গাড়ী ঘোড়া চড়ে সেই” অসমীয়া লৰাৰ মুখে শুনা গৈছিল। সত্যনাথেও এই বঙ্গলা ভাষাকে শিকি ছাত্ৰবৃত্তি স্কুলত কৃতিত্ব দেখুইৱাইছিল। ছাত্ৰবৃত্তি স্কুলখন তেতিয়া বৰ্ত্তমান গুৱাহাটীৰ কলেজিয়েট স্কুলৰ পশ্চিমৰ ফালে থকা দীঘলীয়া ঘৰটোত আছিল। এই স্কুলত তেওঁ এবছৰো কোনো শ্ৰেণীতে নৰৈ সুখ্যাতিৰে পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তেতিয়াৰ দিনত ভাল লৰাবিলাকক পৰীক্ষকে পৰীক্ষাত ভাল পালে কাগজ, কলম, পেঞ্চিল আৰু চিয়াহী বটা দিছিল। সত্যনাথে এনে বটা সততে পাই আছিল। তেওঁ মুঠে গাত এখন চেলেঙ নাইবা লৰা-কাপোৰ এডোখৰ লৈ স্কুল কৰিছিল। খোৱা-বোৱাত অতি কষ্ট পাইছিল। আনকি কেইবা দিনো