পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১৩৬

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২২
স্বৰ্গীয় সত্যনাথ বৰাৰ


আনবোৰে ভাবিলে যে কথা সঁচাই। তেতিয়া ৰায় বাহা- দুৰ কৃষ্ণচন্দ্ৰ চৌধুৰী হাকিম আছিল। তেওঁকো নিমন্ত্ৰণ কৰিলোঁ। পিচত আমি ভাবিলোঁ কথা বিষম হল। এতিয়া কেনেকৈ কাম সিদ্ধি কৰোঁ। আমি উকীল উপেন্দ্ৰনাথ সেনৰ ভোজৰ আটাইবোৰ বস্তু শনিবাৰেই আয়োজন মাংসৰ যোগাৰ কৰিলো, পাত খৰিৰ যোগাৰ কৰিলোঁ, ৰান্ধনি বামুণ আৰু কাৰবাৰীৰো যোগাৰ কৰি পিছদিনা দেওবাৰে পুৱাই গাড়ী এখনত বস্তুবোৰ ভৰাই লৈ কুটা এডালো বিচাৰিব নলগাকৈ এটাইবোৰ বস্তু লৈ সত্যনাথ বৰাৰ ঘৰত ভোজ পাতি আমিও খাম আৰু আনকো খুৱাই লেঠা ভাল নোপোৱা সত্যনাথক লেঠাত পেলাই সকলোৱে ৰং চাম, এই স্থিৰ কৰি মই আগেয়ে গৈ ৮।৯ মান বজাত সত্যনাথক লগ ধৰি কলো যে, আটাইবোৰ উকীল আৰু হাকিম আজি গধূলিলৈ ইয়ালৈ ভোজ খাবলৈ আহিব। আজি খুৱাব লাগিব। সত্যনাথে প্ৰথমে ওঁহু বুলিলে পিছত আমাৰ একান্ত ইচ্ছা দেখি অলপ সম্মতিৰ ভাব দেখুৱাই “কৰ পৰা বস্তু হব, কৰ পৰা মানুহ হব” বুলি চিন্তান্বিত হল। এনেতে আমাৰ গাড়ী বয়-বস্তুৰে সৈতে পালেগৈ। গাড়ীৰ বস্তু দেখি সত্যনাথ নিমাত হল। অলপ তলকামাৰি থাকি মুখত হাঁহিৰে কলে, ‘বাৰু হওঁক তেন্তে’ এই বুলি আনন্দেৰে সকলো দিহা কৰিলে। তেওঁৰ চোতালত ৰন্ধা বঢ়া আৰম্ভ হল। আমি তেওঁৰ ওচৰ চুবুৰীয়াকো নিমন্ত্ৰণ কৰিবলৈ অনুৰোধ