সমললৈ যাওক

পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
স্বৰ্গীয় সত্যনাথ বৰাৰ


যাওঁতেই “গুঞ্জৰে অলি কুসুম কাননে” এই গানটি গাই গাই গৈছিল। তাৰ লগতে অৱশ্যে দুই এটি বঙ্গালী গানো গাইছিল। তেওঁৰ গানত সেই সময়ৰে পৰা ৰাপ আছিল আৰু তেওঁৰ মাত তেনে বেয়া নাছিল।

 সেই সময়ত ইণ্ডিয়ান জেনেৰেল ষ্টিম নেভিগেচন কোম্পানী আৰু ওপৰত উল্লেখ কৰা ৰিভাৰ ষ্টিম নেভিগেচন কোম্পানীৰ জাহাজ আৰু পানচৈ নাওঁৰ বাহিৰে জলপথে দি বঙ্গল দেশৰ ফালৰ পৰা ওপৰ অসম পৰ্য্যন্ত যাতায়াত কৰিবলৈ আৰু অন্য একো উপাই নাছিল। স্থলপথেও খোজকাঢ়ি বা কোনো জানোৱাৰৰ ওপৰত উঠি যাবলৈ উপায় নাছিল। আৰু কোনো ৰেলো নাছিল। এনে অৱস্থাত ডিব্ৰুগড়ৰ পৰা কলিকতালৈ যাবলৈ হলে কোনো জাহাজ বা নাৱত উঠি ধুবুৰী পৰ্য্যন্ত যাব লাগিছিল। ধুবুৰী পাই পুনৰ নাৱত উঠি যাত্ৰাপুৰলৈ গৈ যাত্ৰাপুৰত কি ধুবুৰী গ্ৰামত ৰেলত উঠি কাউনিয়াই দি কলিকতালৈ যাব পাৰিছিল। নতুবা ধুবুৰীত উজানৰ পৰা যোৱা জাহাজতে থাকি গোৱালন্দ পৰ্য্যন্ত জাহাজত গৈ তাৰ পৰা ৰেলত উঠি কলিকতা পাইছিল গৈ। গোৱালৰ পৰা কলিকতা ১৫২ মাইল। তেতিয়া এই ফেৰা বাট ৰেলত যাওঁতে বৰ কষ্ট নাছিল। সেই কাৰণে বেচি ভাগেই গোৱালন্দই দি কলিকতালৈ গৈছিল। কিন্তু যাত্ৰা- পুৰৰ ৰাস্তাই দি কলিকতালৈ গলে উঠা নমাত আৰু ঘাট পাৰ হোৱাত বৰ অসুবিধা আছিল, কিন্তু চমু; এদিনতে