সমললৈ যাওক

পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
জীৱন-চৰিত।


কামাখ্যা দেৱালয়ৰ ভুবনেশ্বৰী মন্দিৰৰ ওপৰৰ কলচীটো বহুত টকা খৰচ কৰি তেখেতে সোণেৰে বন্ধাই দিয়ে। যিদিনা কলচী লগোৱা কাম সমাধা হয়, সেইদিনা মন্দিৰৰ কলচী প্ৰতিষ্ঠাৰ হোম আদি নানা পৱিত্ৰ অনুষ্ঠান হয়। আৰু সেই অনুষ্ঠানলৈ গুৱাহাটীৰ গণ্যমান্য লোকসকল নিমন্ত্ৰিত হৈছিল। সোণাৰাম বৰাৰ সহধৰ্ম্মিণী বৰ ধৰ্ম্মপৰায়ণা আছিল। পূজাসেৱা, দেৱদেবীলৈ বলি বিধান আদি সততে দি আছিল। শেষত প্ৰায় ওঠৰ বছৰ কাশীবাস কৰি দেহত্যাগ কৰে। সোণাৰাম বৰাৰ ঘৰ আৰু সত্যনাথ বৰাৰ ঘৰ একে হাউলীতে আছিল।

সত্যনাথৰ ছাত্ৰ অৱস্থা।

 সত্যনাথ বৰাৰ ৪।৫ বছৰত বিদ্যাৰম্ভ হয়। এই কালত সত্যনাথে ওজাদেৱৰ হাতত কিদৰে মাৰ-কিল খাইছিল তাৰ বিৱৰণ এটি লিখকে লিখি থোৱা আছে, “তহানি লৰাকালত ক-খ পঢ়া অৱস্থাত ওজাদেৱে মাৰিছিল। প্ৰথম দিনা মাৰোতে ভাবিছিলোঁ,-এওঁ মোক মাৰিছেহে, মই আজি আইৰ আগত কৈ দিম, আয়ে এওঁক এশিকনি দিব, ককাইটিয়ে বা ভাইটিয়ে মাৰিলে মই আইত গোচৰ দিছিলোঁ, আৰু আয়ে অমুকক কিয় মাৰিছিলি বুলি সিহঁতক মাৰিছিল, আইৰ মাৰ