পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৬
স্বৰ্গীয় সত্যনাথ বৰাৰ

সময়ৰ মাহেকীয়া আলোচনীবোৰত বৰ্ণবিন্যাস আৰু আখৰ যোটনি সম্বন্ধে যেনেবোৰ বেমেজালি দেখা যায়, তেনেবোৰ দোষে তেতিয়া জোনাকীক চুব নোৱাৰিছিল। কিয়নো বৰা ডাঙ্গৰীয়াই ৺হেমচন্দ্ৰ বৰুৱাকে এই দুই বিষয়তে authority মানি লৈ সেই সাঁচত অসমীয়া শব্দবোৰ ঢালিবলৈ যত্ন কৰিছিল। জোনকী কাকতখনি কেইবছৰমান চলি আকৌ মৃত্যুমুখত পৰে। “জোনাকী মৰিলনে কি?” “জোনাকী আকৌ নোলায় নে?” এনেবোৰ কথা জনসাধাৰণৰ মাজৰ পৰা ঘনাই উঠিবলৈ ধৰিলে, আৰু বহুতে প্ৰশ্ন কৰিবলৈ ধৰিলে। “জোনাকী কিয় মৰিল?” মানুহৰ এটা সাধাৰণ বিশ্বাস আৰু বিশ্বাসৰো যথেষ্ট কাৰণ আছে, যে অসমত কাকত পত্ৰ ঘাইকৈ অৰ্থৰ অভাৱত সৰহদিন টিকিব নোৱাৰে সত্যনাথ বৰাই কিন্তু জোনাকীৰ মৃত্যুৰ সেইটো কাৰণ নহয় বুলি কৈছিল। তেখেতে কয় যে, জোনাকীখন মৰাৰ একমাত্ৰ কাৰণ উপযুক্ত প্ৰৱন্ধৰ অভাৱ আৰু অসমীয়াব মাজত সুলেখাৰুৰ অভাৱ। যেই সেই ফপহুৱা কথা এসোপা প্ৰকাশ কৰি জোনাকীৰ পবিত্ৰ পিঠি কেইটি কলঙ্কিত কৰিবৰ তেখেতৰ সমূলি মন নাছিল। ইয়াৰ দ্বাৰা কাকতৰ সম্পাদক হৈ প্ৰৱন্ধবোৰ চালি জাৰি মনোনীত কৰোঁতে তেখেত কিমান কটকটীয়া আছিল তাক সহজেই বুজিব পাৰি। বহুত প্ৰৱন্ধ তেখেতে একেবাৰে নতুনকৈ লিখিছিল।

 সুকীয়া কিতাপ আকাৰেৰে প্ৰকাশিত নোহোৱা সত্যনাথ