পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
স্বৰ্গীয় সত্যনাথ বৰাৰ


সত্যনাথৰ অন্তিম অৱস্থা

 সত্যনাথ বৰাৰ মৃত্যুৰ চাৰি পাঁচ বছৰ আগৰে পৰা শৰীৰ অসুস্থ হৈ আহিছিল। কিন্তু দেখাকৈ ঢাৰিপাটিত পৰি থাকিব লগীয়া কোনো ৰোগ হোৱা নাছিল। তেওঁ নিয়মমতে নিজ কৰ্ত্তব্য কৰি চলি ফুৰি আছিল। এই শৰীৰ অসুস্থতাৰ কাৰণে এবেলি ওৱাল্টায়াৰলৈ ফুৰিবলৈ গৈছিল। আকৌ মৃত্যুৰ তিনি চাৰি মাহমান আগেয়ে স্বাস্থ্যৰ কাৰণে চিলঙলৈ যাওঁ বুলিছিল। ইমান দিন দীপচকু ব্যৱহাৰ কৰা নাছিল। তেওঁ বহল ব্যাকৰণ লিখা সময়ৰ পৰা চকুত চচ্মা ব্যৱহাৰ কৰিব লগীয়া হৈছিল। সত্যনাথ বৰাই কটন কলেজত আৰু ‘ল’ কলেজত বক্তৃতা দিয়া কাম পোৱা অবধি তেওঁ আদালতৰ কাম বাদ দিছিল বুলিলে বেচি কোৱা নহব। মুঠতে আপীলৰ মোকৰ্দ্দমাৰ বাবেহে জজ কাছাৰীলৈ গৈছিল। শেষত তেওঁৰ শৰীৰ অগত্যা বেয়া হৈ অহাত কটন কলেজৰ অসমীয়া বক্তৃতা দিয়া বাব এৰি দিয়ে। কিন্তু ‘ল’ কলেজৰ কাম অন্তিম অৱস্থাৰ আগলৈকে কৰি আছিল।

 সত্যনাথৰ মৃত্যুৰ আগেয়ে দুই চাৰি মাহৰ পৰা তেওঁৰ সহধৰ্ম্মিণীৰ যোৱাথোৱা নৰিয়া হৈছিল। এই কেইদিন অৱশ্যে তেওঁৰ অলপ উদ্বিগ্নতা বা শান্তিৰ কাৰণ হৈছিল। সেই সময়তে এনে কথা কোৱা আছে যে, তেওঁ অভিলাষ কৰিছিল যেন সহধৰ্ম্মিণীৰ আগতে তেওঁৰ মৃত্যু ঘটে। সহধৰ্ম্মিণীৰ অৱস্থা আগতকৈ অলপ ভাললৈ আহিল। ১৯২৫ চনৰ