পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
স্বৰ্গীয় সত্যনাথ বৰাৰ


ফুৰা মানুহৰ স্বভাৱ তেনেকুৱা নহয়, সিহঁতৰ মানত গোটেই জগত স্বদেশ আৰু সকলো মানুহ আপোন।

 এদিন স্বৰ্গীয় হেমচন্দ্ৰ গোস্বামীয়ে সত্যনাথৰ আগত এই বুলি বেজাৰ কৰিছিল বাবে এতিয়াৰ অসমীয়া মানুহে নিলিখে, নিলিখিলে কেনেকৈ সাহিত্যৰ উগতি হব। তাৰ উত্তৰত সত্যনাথে কলে যে, দুই শ্ৰেণীৰ মানুহে লিখিব পাৰে, এক যি নানা ৰকম পুথি সৰহকৈ পঢ়ে আৰু এক যি নানা দেশ-ভ্ৰমণ কৰে, পাচত আমাৰ অসমীয়া মানুহে এটাও নকৰে। নপঢ়ে, অহৰীয়া সময় তাচ, পাশা খেদি কটাই। দেশ-ভ্ৰমণ কৰিবলৈ বহুতৰ ধনেই নাই আৰু যাৰ আছে তাৰ ইচ্ছা বা উৎসাহ নাই। তেওঁ সকলোকে সাধ্যাঅনুসাৰে দেশ-ভ্ৰমণ কৰিবলৈ কৈছিল আৰু দেশ-ভ্ৰমণ কৰা মানুহৰ লগত কথাবতৰা হৈ বৰ সন্তোষ পাইছিলে। ভ্ৰমণ সম্বন্ধে বহুত পুথিও তেখেতে পঢ়িছিল। দক্ষিণ মেৰু ভ্ৰমণ সম্বন্ধে পুথিখন গুৱাহাটীৰ কৰ্জ্জন হল লাইব্ৰেৰিলৈ তেখেতেই অনাই আৰু তেখেতেই সেই পুথি প্ৰথমে পঢ়ে। শ্ৰীযুত তৰুণৰাম ফুকন বিলাতৰ পৰা উলটি আহি সত্যনাথক দেখা কৰিবলৈ যোৱাত তেওঁ ফুকনক ইমানবিলাক কথা ইমান আগ্ৰহেৰে সুধিছিল যে, ডেকা ফুকনে তেওঁৰ এবাৰ বিলাতখন চাই আহহে ভাল বুলি কৈছিল।

 সত্যনাথ বৰাই নিজেও সাধ্য অনুসাৰে সুবিধা পালেই ভ্ৰমণ কৰিছিল। তেওঁ কলিকতাত থকাত ছাত্ৰ অৱস্থাতে