সত্যনাথ বৰাই “লৰাকালটোক এটি দীঘল সামাজিক, ডেকা-
কালটোক ভুৱা আৰু কেৱল বুঢ়াকালটোকহে বখানিব
লগীয়া কাল বুলিছে। ভাটী বয়স জীৱৰ জিৰণিৰ কাল।
জীৱনৰ মহাযুঁজৰ পাচত জীৱই তেতিয়া জীৰণি পায় আৰু
আগে কৰা কামৰ লেখ জোখ লবলৈ আৰু ভাল বেয়া
গমি চাবলৈ আজৰি পায়। এই কালটোক জীৱনৰ শান্তি-
পৰ্ব্ব বুলিছে। আৰু লিখকে ইচ্ছা কৰিছে যে, জীৱনৰ
ওৰেই এই শান্তিপৰ্ব্বৰ যেন ওৰ হয়। আকৌ যেন লোভ-
মোহৰ ঢৌ ধুমুহাত পৰিব নালাগে। লোভ, মোহ, হিংসা,
কুৰ্চ্চুত, কপত আদি ৰিপুবোৰে লৰাকালত দুৰ্ব্বল হৈ থাকি
ডেকাকালত কিদৰে মানুহক জুমুৰি দি ধৰে আৰু নানা
উদ্বহতি কৰে তাৰ এখন হুবহু চিত্ৰ এই প্ৰবন্ধত আঁক
আছে।
সংসাৰ-প্ৰবাহ প্ৰবন্ধ লিখকে সংসাৰৰ চিৰবাহী গৰল প্ৰবাহ আৰু চিৰবাহী অমৃত প্ৰবাহৰ কথা আলোচনা কৰিছে। এই দুই প্ৰবাহৰ লক্ষণ, আৰু বিবৰণ অতি প্ৰাঞ্জল ভাষাত বৰ্ণোৱা আছে। সংসাৰৰ যাত্ৰীবিলাকে কিদৰে গৰল প্ৰবাহৰ লক্ষণ বুজিব নোৱাৰি বা অমৃত প্ৰবাহত একেবাৰে গা এৰি দি নিকাৰ ভুঞ্জি অৱশেষত সংসাৰৰ গৰলময় বুলি ইহজীৱনৰ গধূলি চপায় লয়,তাৰ সুন্দৰ বিবৰণ আছে। আকৌ কিদৰে সংসাৰৰ যাত্ৰীয়ে নিজ সজ আৰু অসজ প্ৰবৃত্তিবোৰৰ যথাযোগ্য ব্যৱহাৰ কৰি