ধৰণৰ বুলিছিল। সংসাৰী জীৱনতো তেওঁ অমায়িক আৰু
উদাৰ চৰিত্ৰৰ আছিল। তেওঁ মিতব্যয়ী আছিল; পৰা পক্ষত
কোনো অলাগতিয়াল লেঠা লগা বা বেচি জঞ্জাল থকা
কাৰবাৰলৈ আগ নাবাঢ়িছিল। তেওঁ বৰ শান্তিপ্ৰিয় অথচ
ধীৰ, স্থিৰ, সৎসাহ, উৎসাহ আদি গুণেৰে সুশোভিত আছিল।
অসমীয়া সাহিত্যত তেওঁৰ ঠাই অতি ওখত। তেওঁৰ
‘সাহিত্য বিচাৰ’, ‘আকাশ ৰহস্য’ আৰু শেহৰ ‘বহল ব্যাকৰণ’
আদি কিতাপেই তাৰ সাক্ষী দিছে; আৰু তেওঁৰ নাম
যুগমীয়া কৰি থৈছে। তেওঁ সদাই Purityৰ পক্ষপাতি
আছিল। যেনে Purity of language, purity of
thought and purity of character এই সকলো বিধ
Purity তেই তেওঁ আদৰ্শ আছিল। তেওঁ তিনিও ভাষাতে
Master আছিল বুলি মই ডাঠি কব পাৰোঁ।
সত্যনাথ বৰা মনুষ্য হিচাবে এজন আদৰ্শ পুৰুষ আছিল শান্ত, ধীৰ, স্থিৰ, মিষ্টভাষী, সদালাপি, শিষ্টাচাৰী। অসমীয়া ভাষাৰ সাহিত্যিক হিচাপেও বিশেষ Philology, Astro- nomy, Grammar এই তিনি বিষয়ত তেওঁৰ ঠাই বৰ ওখ, আমাৰ আটাইতকৈ ওখ বুলি মই কব পাৰোঁ।
আসাম সাহিত্য-সভাৰ প্ৰাণদাতা উপযুক্ত সম্পাদক শ্ৰীযুত শৰৎচন্দ্ৰ গোস্বামীদেৱে কয় যে, “ইংৰাজী ১৯০১ চনত, গুৱাহাটীত, আমি স্কুলৰ ছাত্ৰ। এজন ধুনীয়া, বগা ওখ উকীল, গাত কলা, কেতিয়াবা মুগা বা বগা, চোগা